Wednesday, January 22, 2020

= ভেন গঘ, উদয়ভানু, স্কাৰলেট অ'হাৰা ইত্যাদি=

এবাৰ ফেচবুকতে লিখিছিলো, বালি আৰু শিলগুটিৰ সাধু বুলি! নিজৰ জীৱনটো বালিৰে ভৰাই পেলোৱাৰ বাবে দুখো কৰিছিলো! কিন্তু কালি হঠাত পাহৰি যোৱা কথা এটা মনত পৰিল। মনে মিলা মানুহৰ লগত কথা পাতিলে কিছুমান দৰকাৰী কথা মনত পৰে। পাবলেহে টান তেনে মানুহ।
মোৰ এজন মামা আছিল, মাৰ সৰু ককায়েক, আজি তেও ঢুকোৱা বহু বছৰেই হ’ল। পাতনি নেমেলাকৈ কব খুজিলে, আপাতঃ দৃষ্টিত তেও এজন বিফল মানুহ আছিল, টকা পইচা, সামাজিক প্ৰতিষ্ঠা, সকলো ফালৰ পৰাই। সকলোৱে জানিছিল তেও অসম্ভৱ ধৰণে প্ৰতিভাশালী মানুহ, কিন্তু তেও সেই প্ৰতিভা নিজৰ তথা পৰিয়ালৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব নেজানিছিল। আমাৰ অঞ্চলটোত তেওক প্ৰায় সকলোৱে চিনি পাইছিল, কাৰণ তেও ডিগ্ৰীবিহীন হোমিঅপেথী ডাক্তৰ আছিল, আৰু একেবাৰে দুখ নোপোৱাকৈ বেজী দিব জানিছিল। বহু কঠিন অসুখো তেও চিকিৎসা কৰি ভাল কৰিছিল বুলি আজিও কোনো কোনোৱে কয় পিছে সেই কামটোও তেও ব্যৱসায় হিচাপে নল’লে বা লব নুখুজিলে। কেতিয়াবা এনে লাগে যেন, তেও এই পইচা ঘটা কামটোকে মনে প্ৰাণে ঘৃণা কৰিছিল। সেই কামটোত তেও অলপো সময় বা শক্তি খৰছ কৰিবলৈ বেয়া পাইছিল। দৰিদ্ৰতালৈ তেওৰ কেতিয়াও কোনো অভিযোগ নাছিল, আৰু তাৰ ফলত বাকীবোৰে কষ্ট পাইছিল। কিন্তু তেওলোকৰ প্ৰতিও তেও উদাসীনেই আছিল যেন লাগে।



মানুহজন মুলতঃ এজন শিল্পী আছিল। তেও কোনো বিখ্যাত শিল্পকৰ্ম সৃষ্টি কৰা নাছিল বাবে তেওৰ সেই পৰিচয় মানুহৰ অজ্ঞাত, কিন্তু আমি তেওক ওচৰৰ পৰা পোৱা মানুহখিনিয়ে জানিছিলো। তেওৰ সৰু সুৰা দৈনন্দিন কামবোৰতে শিল্প জিলিকি উঠিছিল। কামবোৰ পিছে তেও এবাৰেই কৰিছিল, একেটা কামকে বাৰে বাৰে কৰি তেও ভাল নেপাইছিল। এবাৰ যদি নৃসিংহৰ মুখা সাজিলে, তাৰ পিছৰ বাৰ তেও ওচৰে পাজৰে পোৱা বস্তুবোৰেৰে এখন সুন্দৰ তানপুৰা সাজিলে। (তানপুৰা সাজিবলৈ চাপৰিত মৰি পৰি থকা গৰুৰ হাড় আনি তাক চুচি মাজি ফৰিঙা সজাৰ বাবে তেও বহু গৰিহণাও খাইছিল)। তেও কামবোৰ আনে কৰা ধৰণে কৰি ভাল নেপাইছিল, তেওৰ প্ৰতিটো কামতে কিবা এটা উদ্ভাৱন আছিল, এবাৰ এটা যঁতৰ সাজিছিল, তাত একেলগে কেইবাটাও মহুৰা ফুৰাব পাৰি। বাঁহৰ বিচনী এখন সাজিলেও গাঁঠনিত সাধাৰণতে ব্যৱহাৰ হোৱা চানেকী বিলাক ব্যৱহাৰ নকৰি নিজে কিবা এটা নতুন কৰিছিল। গান গাইছিল, গছ পুলি ৰুইছিল, অসমত যিমান বিধৰ টেঙা পোৱা যায়, সকলো বিধ টেঙাৰ পুলি লগাইছিল ঘৰত। আৰু সেইবোৰ কৰিবলৈ তেও বাগানৰ চাকৰি এৰি দিছিল, পৈতৃক ব্যৱসায়ত হাত নিদিছিল, ল’ৰা –ছোৱালীৰ পঢ়া শুনা, পিন্ধা উৰাৰ খবৰ নেৰাখিছিল। মুঠতে শিল্পীৰ মাজত দেখা পোৱা সকলো ইডিঅ’চিংক্ৰেচী তেওৰ গাত ভৰি ভৰি আছিল।

আজি তেওলৈ মনত পৰাৰ মূল কাৰণটো হ’ল কালিৰ কথা বতৰা খিনি। আজিকালি প্ৰায়ে এনে ভাৱ হয়, ভাল খিনি নেপালেও, তেওৰ কেইবাটাও বেয়া গুণ মোৰ গাতো আছে। শৈশৱ কৈশোৰত যিকেইজন মানুহে মোৰ ওপৰত আজীৱন থাকি যোৱাকৈ প্ৰভাৱ পেলাইছিল, তাৰ মাজত মোৰ স্বৰ্গগত মামা ৺ ইন্দ্ৰেশ্বৰ (অকণ) বৰদলৈ অন্যতম।

বেছিকৈ নিজৰ আগৰ জীৱনৰ কথা কবলৈ ইচ্ছা জগা বোলে বুঢ়াহোৱাৰ লক্ষণ। মই সেয়ে সজ্ঞানে এনে কথাৰ পৰা আঁতৰি থাকিব খোজো, বিশেষকৈ লেখনিত। কিন্তু আজি কম বুলি ভাৱিছো, কাৰণ এয়া কেৱল মোৰে কাহিনী নহয় ।

ভাল নে বেয়া নেজানো, এটা অভ্যাস গঢ়ি উঠিছিল সৰুতেই। বাচ বিছাৰ নোহোৱাকে কিতাপ পঢ়িছিলো। কিছুমান কিতাপ হয়তো বয়স আৰু মানসিক পৰিপক্কতাৰ জোখাৰে মোৰ বাবে উপযুক্ত নাছিল, কিন্তু মই গো গ্ৰাসে গিলি দিছিলো, দৰকাৰ হ’লে লুকাই চুৰকৈ। 

তাৰে মাজত দুখন উপন্যাসৰ কথা ক’ম, এখন হ’ল মামণি বাইদেউৰ “উদয়ভানু চৰিত্ৰ” আৰু আনখন কোনে লিখা পাহৰিলো, ভেন গঘৰ জীৱনৰ ওপৰত লিখা “সিহঁতৰ সোণালী দেহা”। এতিয়া অনুভৱ কৰো, দুইখন উপন্যাসেই মই সেই বয়সত পঢ়িব নেলাগিছিল। সকলো কথা বুজিও নেপাইছিলো। কিন্তু দুইখন উপন্যাসে মোক জোকাৰি পেলাইছিল।


কি যে অদ্ভূত মানুহ এই চিত্ৰকৰ বোৰ। কেনেকৈ নিজকে ইমান তিল তিলকৈ শেষ কৰিব পাৰে? ইমান প্ৰতিভা অথচ অকণো বুদ্ধি নাই। মই ইমান সৰু ল’ৰাটোৱেই বুজিছো, হৰেণ বোলাতো বেয়া মানুহ, গতিকে উদয়ভানুয়ে তাৰ লগ এৰি দিব লাগে। সিয়ে সদায় উদয়ভানুক মদ খুৱায়, তাৰ বাবে মাকে কষ্ট পায়। মাকৰ কথা শুনিব খুজিলেও এই হৰেণটোৱে আহি সকলো গন্দগোল কৰি দিয়ে। (শে‍ষৰ ফালে হৰেণৰ পকেটত গোলাপৰ পাহিৰ অৰ্থটো নুবুজিলোৱে) আৰু এই উদয়ভানুটোৱে তাকে নুবুজে। মদ নোখোৱা সময়খিনিত ভাবিলেই বা মাকৰ কথা শুনিলেই হ’লচোন। ঘিন লাগি গৈছিল উদয়ভানুলৈ। আকৌ কিবা অদ্ভূত ভালো লাগিছিল, স্কাৰলে’ট অহাৰা কোন বিছাৰি ঘুৰ্মুটিয়াই ফুৰিছিলো। সেই উদয়ভানুয়ে চিনাকী কৰি দিয়া –GONE WITH THE WIND আজিও মোৰ প্ৰিয়তম সাহিত্যৰ অন্যতম। মই মোৰ চৰিত্ৰৰ স্বাৰ্থপৰ দিশটোত স্কাৰলেট অ’হাৰাক দেখা পাও। সি অন্য এক বিষয়।

উদয়ভানু বাৰু কাল্পনিক চৰিত্ৰ, এই ভেন গঘটো? ইমান ভাল ছৱি যদি আঁকিবই পাৰে, বিখ্যাতো, তেওৰ ছৱি ইমান দামত বিক্ৰী হয় (অৱশ্যে ছৱি কেইখন চাই একো ভাল লগা নাছিল মোৰ, তেনেকুৱা ‘বেলিফুল’ ময়ো আঁকিব পাৰো দেখোন), তাৰ পাছতো যিকোনো উপায়েৰে নিজকে ধ্বংস কৰিবলৈ, অশান্তিত থাকিবলৈ অৰহৰ প্ৰচেষ্টা। প্ৰেম কৰিবলৈয়ো বেশ্যাকহে পায়গৈ, ভাল ‍ছোৱালীয়ে প্ৰেম নিবেদন কৰিলে পলাই যায়। চিঃ কটা। নিজৰ কাণ কাটি দিয়ে, আৰু শেষত আত্মহত্যা কৰি সকলো খতম। কিডাল নো হ’লগৈ। কাৰ কি লাভ হ’ল? কেইদিন মান আৰু জীয়াই থাকিলে আৰু ভাল ভাল (?) ছৱি আঁকিব পাৰিলেহেতেন, পইচাও ঘটিব পাৰিলেহেতেন। আৰু সেই পইচাৰে ধুনীয়া ছোৱালী এজনী বিয়া কৰাই আৰামত সংসাৰ কৰিব পাৰিলেহেতেন। কি যে বুৰ্বক মানুহ!!

আৰু এটা লেখাৰ কথা মনত পৰিল লিখি থাকোতেই, প্ৰান্তিকত ওলাইছিল। আঁদ্ৰে বঁট আৰু ডালিৰ চাৰিয়েজমৰ ওপৰত। উৰাই ঘুৰাই পঢ়িছিলো। মোৰ ডালিক ভাল লাগিছিল, তেও ভেন গঘৰ দৰে বুৰ্বক নাছিল।

এইখিনিতে এটা স্বীকাৰোক্তি, মোৰ আৰ্ট এপ্ৰিচিয়েচনৰ ষ্টেণ্ডাৰ্ড এতিয়াও সেই সয়মতকৈ বেছি আগবঢ়া নাই। এতিয়াও কোনো কোনো বিখ্যাত আৰ্ট দেখিলে লাগে- অলপ চেষ্টা কৰিলে ময়ে আঁকিব পাৰিলোহেতেন এইখন। বাহিৰত অলপ ইণ্টেল দেখুৱাই থাকো আৰু। কিন্তু নুবুজিলেও বা সোৱাদ লব নেজানিলেও আৰ্টে মোক আকৰ্ষণ কৰে। আজি কালি আৰু বাঢ়িছে! সলনি সেইখিনেয়ে হৈছে। আৰ্ট এপ্ৰিচিয়েচনৰ ওপৰতো কিছু কথা কবৰ মন আছে, পিছত কম কেতিয়াবা।
সেই সময়তে মই ঠিক কৰিছিলো, জীৱনত যি কৰো কৰিম, কিন্তু উদয়ভানু নহও, ভেন গঘো নহও, আন নেলাগে মোৰ মামাৰ দৰেও নহও। আৰু সেই সিদ্ধান্তটো জোৰ কৰি মোৰ মনত সুমুৱাই দিছিলে মামাই নিজে।

উদয়ভানু বা ভেন গঘক ইমানেই বেয়া পাইছিলো কাৰণেই নেকি, বা তেওলোকৰ বিৰূদ্ধে প্ৰতিবাদ ৰূপেই হয়তো, মই নিজেও ছৱি আঁকিবলে আৰম্ভ কৰিছিলো। যতে পাও ততে ছৱি আঁকিছিলো। কৰবাত পঢ়িছিলো, ছৱি অঁকা শিকিবলৈ প্ৰথমে অনুকৰণ কৰিব লগে। গতিকে “ছোভিয়েট দেশ” আলোচনীত থকা বিখ্যাত পেইণ্টিংবোৰ চাই চাই আঁকিবলৈ যত্ন কৰিছিলো। ভাগ্য ভাল সেইবোৰ ৰাছিয়ানে নেদেখিলে, নহ’লে মোৰ পাছত কেজিবি লগাই হত্যা কৰোৱালেহেতেন।

তাৰ উপৰিও মোৰ মহৎ শিল্পকৰ্মবোৰৰ ভিতৰত আছিল, পাহাৰ আৰু নদীৰ ওপৰত উদিত সূৰ্য, নাৰিকল গছেৰে এটা দ্বীপ আৰু অজানা সুন্দৰী নাৰীৰ পৰট্ৰেইট। মোৰ সেই শিল্পকৰ্মবোৰে যদিও শিল্প বোলা বস্তুটোকে দূৰ্ঘোৰ অপমান কৰিছিল, তথাপিও সেই কামবোৰ কঁৰোতে মই মন্ত্ৰমুগ্ধ হৈ আছিলো। ছৱি এখন আঁকি মোৰ কেতিয়াও শে‍ষ নহৈছিল। কিবা কিবি লগাই থাকিবলৈ, আৰু ভাল কৰিবলৈ মন গৈ থাকিছিল। বহু কেইবছৰ চেষ্টাৰ মুৰত দুই এখন ছৱি হয়তো চাব পৰা হৈছিলগৈ। দুই এক বন্ধু বান্ধৱে, শিক্ষকে উৎসাহ দিছিল।

তেনেতে মোৰ ভাৱ হ’ল- বহুত প্ৰেক্টিছ হ’ল, এতিয়া ভালকৈ শিকিব লাগে কামটো। কাৰণ মই নিজে বুজিছিলো যে মই আঁকি আছো যদিও, কামটো বৰ ভালকৈ কৰিব পৰা নাই। ভালকৈ কৰিবলৈ হ’লে শিকিব লাগিব। মোৰ আশাই পোখালি মেলিছিল, মই ছৱি শিকিম, মই পেৰিছলৈ যাম, তাত গৈ ষ্ট্ৰীট আৰ্টিষ্টবোৰৰ লগত দুদিন মান কটাম। নিজে ভেন গঘ নহও যদিও, ভেন গঘ টাইপ মানুহবোৰক ওচৰৰ পৰা চাম, দুই এদিন তেওলোকৰ সৈতে থাকিম, আৰু বিৰাট ধুনীয়া ধুনীয়া ছৱি আঁকিম।
এইটো অৱশ্যে মোৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিছিল বুলি ক’লে ভুল হব, আৰু বহুত কিবা কিবি কৰিবৰ মন আছিল, কিন্তু এই কামটোৱে মোক কেনেবাকৈ সুখী কৰিব পাৰিব বুলি ভাৱিছিলো।
আমাৰ গাঁৱত কোনো আৰ্টিষ্ট নাছিল, যি দুই এজনে ছৱি আঁকিছিল, তেওলোকে শ্ৰীকৃষ্ণ, শংকৰদেৱ, বা জ্যোতিপ্ৰসাদৰ ছৱি অঁকাতহে জোৰ দিছিল, আৰু সেইমতে চিনাকীও পাইছিল। কিন্তু মই গুৰিতেই আধাকেচেলুৱাকে ভেন গঘৰ লগ লগা বাবে মোৰ সেইবোৰ অঁকাৰ মন নাছিল। এবাৰ এখনেই শ্ৰীকৃষ্ণই বাঁহী বজাই থকা ছৱি আঁকিছিলো, সেইখনতকৈ বেয়া ছৱি মই জীৱনত অঁকা নাই।
তেতিয়ালৈ মই অকলে চিটি বাছত উঠি যোৰহাট চহৰলৈ আহিব পৰা হৈছিলো। যোৰহাটত সেই সময়ত কেইবাখনো ভাল আৰ্ট স্কুল আছিল। কিন্তু সমস্যাটো হ’ল- সেইবোৰ স্কুল সদায় দেওবাৰেহে হয়, আৰু দেওবাৰে আমাৰ ফালৰ পৰা বাছ একেবাৰে কম, প্ৰায় নচলেই বুলিব পাৰি। গতিকে মোৰ বাবে সেই স্কুল কেইখনত ছৱি শিকা প্ৰায় অসম্ভৱ। নিৰাশ মনেৰে আকৌ আগৰ অনুশীলনলৈকে ঘুৰি গ’লো। ৰঙৰ দামে সমস্যা নকৰিলে মই আৰু বহুত ছৱি আঁকিলোহেতেন চাগে।


ছৱিৰ মান যিয়েই নহওক লাগে, ছৱি অঁকা কামটো মই বৰ ভাল পাইছিলো, এতিয়াও পাও। ছৱিৰ পৰীক্ষাটো মোৰ প্ৰিয় পৰীক্ষা আছিল। মই ছৱিৰ পৰীক্ষাত সদায় প্ৰশ্নত সোধাতকৈ বেছি উত্তৰ আঁকিছিলো। ভূগোল আৰু বিজ্ঞানৰ পৰীক্ষাত উত্তৰৰ কাষতে পেনৰে হ’লেও ছৱি আঁকি দিব লগা, সেই সকলোৱে বেয়া পোৱা নিয়মটো আকৌ মোৰ প্ৰিয় নিয়মহে আছিল। পাৰিলে মই বুৰঞ্জীতো কণিষ্কৰ মুৰ নাইকিয়া মুৰ্তিটো আঁকিলোহেতেন।

মনত আছে, সপ্তম মানৰ বৃত্তি পৰীক্ষাত এটা প্ৰশ্ন আছিল- এটা ভাটৌ চৰাই আঁকিব লাগে। মই আধাঘণ্টাতে বাকৌ প্ৰশ্নবোৰ শেষ কৰি বাকী আঢ়ৈ ঘণ্টা কেৱল ভাটৌকে আঁকিলো। ভেন গঘৰ নাম শুনা মানুহ মই, ভাটৌ আকিবলে ক’লে বুলিয়ে মই অকল ভাটৌকে আঁকিম নে? মোৰ ছৱিখনত কেৱল ভাটৌ নাছিল, সম্পুৰ্ণ পাৰিপাৰ্শ্বিকতা মই ডাঙি ধৰিছিলো। এজন চাৰে ছৱিখন চাই সুধিছিল,

- “ভাটৌটো ক’ত আঁকিলি?”

আছিল তাত ভাটৌ, কিন্তু অলপ লুকাই আছিল, আঁৰ বেৰকৈ আছিল। ভাটৌৱে ইমান গা দেখুৱাই নেথাকে নহয়। কিন্তু সেইবুলি মই ইমান বুৰ্বকো নহয় যে, ভাটৌ আঁকি আঁকি বাকী প্ৰশ্নবোৰৰ উত্তৰ নকৰিমেই, জীৱনত ভেন গঘ নহও বুলি আগতেই সিদ্ধান্ত লোৱা আছে । ভেন গঘ নহলো, মই বৃত্তি পালো, যোৰহাট জিলাৰ ভিতৰত সপ্তম স্থান লাভ কৰি, সগৌৰৱে মাহে ১৫ টকাৰ জলপানিৰ অধিকাৰী হ’লো আৰু ওচৰৰে হাই স্কুলত অষ্টম শ্ৰেণীত নাম লগালো। তাৰ পাছতেই কোনোবাই লাহেকৈ ‍‍ষ্টেণ্ড কৰিব লগা দ্বায়িত্বভাগ কেনেবাকৈ মোৰ গাত জাপি দিলেহি। (এইখিনি বেলেগ কথা- লিখিছো আগতে “ মই মেট্ৰিকত ষ্টেণ্ড নকৰাৰ কাহিনী” বুলি)

তাৰ এবছৰ মান আগতেই এটা ঘটনা হ’ল। আগতে মামা প্ৰায়ে আমাৰ ঘৰলে আহে, আগফালে চাইকেল খন থৈ, একেখন চকীতে বহে। মায়ে খালি চাহ একাপ দিয়ে। তেও বহুত কথা কয়, প্ৰায়বোৰেই নুবুজো, কিন্তু শুনি ভাল লাগে। কোনোবা বাংলা উপন্যাসৰ কথা পাতে। কিবা কিবি সজা ভঙাৰ কথা পাতে। এদিন মাক ক’লে

- তহঁতৰ ঘৰত চিলিং এখন লাগে, মই বাঁহেৰে বৈ দিম।

দিলেও, তেনে বাঁহৰ চিলিং মই কেতিয়াও কতো দেখা নাই। বহুবছৰ থাকিল, কিছুদিনৰ আগতে ঘৰটো আকৌ সজোৱাৰ সময়লৈকে চিলিংখন ভালেই হৈ আছিল। সেই চিলিংখনৰ ওপৰত মোৰ অলপ গোপন ঠাই আছিল, মই চিলিং খনত বগাই ফুৰিছিলো।

ইতিমধ্যে মোৰ চিত্ৰকলাৰ সাধনাও দুৰ্বাৰ গতিত চলি আছিল। যোৰহাট চহৰতগৈ ছৱি শিকা মোৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কথা হোৱা বাবে, মই আন এক উপায়ৰ সন্ধানত আছিলো। কেনেবাকৈ যদি মা-দেউতাক মই ভাল ছৱি আঁকো বুলি বিশ্বাস জন্মাব পাৰোঁ, তেনে হয়তো তেওলোকে মোক অষ্টম মানৰ পৰা যোৰহাটত হোষ্টেলত থাকি পঢ়াৰ অনুমতিও দিব পাৰে! তেতিয়া মোক কোনে ৰাখে? মই ক’লেতো কেতিয়াও নুশুনে, কিন্তু যদি কেনেবাকৈ ‘মামা’ ই কথাটো কয় তেনে কিবা এটা হবগৈ লাগে। আমাৰ বংশ পৰিয়ালত কলা সম্পৰ্কীয় বিষয়বোৰত শেষ সিদ্ধান্ত সদায় মামাৰে আছিল। গতিকে মামাক ইম্প্ৰেছ কৰিব পৰাকৈ কেইখন মান ছৱি অঁকাৰ যো-জা চলিল। এখন পেনচিল স্কেটচ, এখন অইল আৰু এখন পানীৰঙৰ। আৰু এইকেখন বেষ্ট অৱ দি বেষ্ট হব লাগিব। আঁকি অটালো, মই সন্তুষ্ট!
তেনে এদিন মামা আহিল। তেও আমি ল’ৰা ছোৱালী বোৰৰ লগত বৰ বেছি কথা নেপাতে, আচলতে পাত্তাই নিদিয়ে বুলি কব পাৰি। ভনীয়েকৰ লগততে তেও মনখুলি কথা পাতে। সেইদিনা মামা অহাৰ পৰাই মোৰ বুঁকু দুৰু দুৰু কঁপিব ধৰিলে, আজিয়েই পৰীক্ষা হব। মামাই যদি ছৱি কেইখন ভাল দেখে, আৰু প্ৰশংসা সূচক দুই এটা বাক্য কয়, তেনে বাকীখিনি মই বলাব পাৰিম। জাগি জাগিয়েই সপোনো দেখিলো,

মামাই মোৰ ছৱিকেইখন চাই জঁপিয়াই উঠিছে, সুধিছে “এইকেইখন সঁচাকৈয়ে তই আঁকিছ নে?” মাক কৈছে- “ই সাংঘাটিক আৰ্টিষ্ট হব, তঁহতে ইয়াক ভালকৈ ছৱি অঁকা শিকা।“ মাই মোক কোলাত তুলি লৈছে।

সপোন এৰি অলপ সাহস বান্ধিলো। এয়া পৰীক্ষাৰ ঘড়ী। ছৱি কেইখন লৈ লাহে লাহে মামাৰ কাষ চাপিলো। তেও মাক কিবা কিবি কৈ আছে।

- “সৰুমামা! মই ছৱি কেইখন মান আঁকিছিলো, কেনেকুৱা হৈছে চাওকচোন!”

মামাই হুঁ বুলি কিবা শব্দ এটা কৰিলে। মোৰ ফালে কেৰাহিকৈ এবাৰ চাই আকৌ ভনীয়েকৰ কথা পতাত ব্যস্ত হ’ল। মই হতাশ হ’লো- তেওৰ কোনো আগ্ৰহেই নাই ছৱি কেইখন চাবলৈ। হাত মেলি লোৱাও লোৱাও নাই। মই কাষতে থকা টেবুল এখনত ছৱি কেইখন থলো! নাই তেতিয়াও মামাৰ ভ্ৰুক্ষেপ নাই। মই আঁতৰি গ’লে চাব নেকি বাৰু? চাবও পাৰে। মই চুচুক চামাক কৈ আঁতৰি দুৱাৰৰ ওচৰত থিয় হ’লো। নাই, তেও যেন পাহৰিয়ে গ’ল মোৰ ছৱি কেইখনৰ কথা! কিবা কৈছে- হাঁহিছে।

অলপ পাছত মোৰ খং উঠিল। অপমানিত বোধ কৰিলো মই। মোৰ নাকটো সৰুৰে পৰা অলপ বেছি দীঘল। মই ইমান আশাৰে দেখুৱাবলৈ নিলো, এবাৰতো চাব পাৰিলেহেতেন! নেলাগে যাঃ, দৰকাৰ হ’লে ছৱি অঁকাই বাদ দিম। আৰু কাকো অনুৰোধ নকৰো মোৰ ছৱি চাবলৈ। উচাৎ মাৰি গৈ দুৱাৰ বন্ধ কৰি ৰূমত সোমালোগৈ। মামাৰ মাতটোকে শুনিবলৈ মন নোযোৱা হ’ল। বিচনাত পৰি থাকিলো, খং আৰু ক্ষোভত একাকাৰ হৈ। 

কিমান দেৰি হ’ল জানো! গম পালো, মামা যাবলৈ ওলাইছে। তেওৰ চাইকেল খন মোৰ কোঠাৰ গাতে লগাই ৰাখি থোৱা আছিল, তেও চাইকেল খন পোনাই লোৱাৰ শব্দ শুনিলো, চিটটো হাতেৰে ঢকিয়াই পৰিষ্কাৰ কৰিলে। হঠাৎ কিবা পাহৰাৰ দৰে মামাই মাক মাতিলে,


- “পোনাটি, শুনচোন!” (মাৰ ডাক নাম)

মা ওলাই আহিল।

- “ই পঢ়া শুনাত কেনেকুৱা?”

- “সকলোৱে ভাল বুলিয়ে কয় দেখোন। পৰীক্ষাও ভালেই কৰে! চাওচোন কি কৰেগৈ আগলৈ!”

- “ময়ো কোনোবাই কোৱা শুনিছো, ভাল ৰিজাল্ট কৰিছে বোলে। তই এটা কাম কৰ- তাৰ মুৰৰ পৰা এই ছৱি অঁকাৰ ভূতটো গুছা, আৰু তাক পঢ়া শুনাত মন দিবলৈ ক! এইখন দেশত ছৱি আঁকি থাকিলে ভিক্ষা কৰি খাব লাগিব। এইবোৰ অদৰকাৰী কামত লাগি থাকিলে তাৰো কষ্ট হব, তহতেও শান্তি নেপাবি। পঢ়ি শুনি ভাল চাকৰি এটা কৰিলে পাছত বহুত সময় পাব, ছৱি আঁকিবলে, গান গাবলে। তাৰ ছৱি কেইখন যেনেকুৱাই নহওক, তাক ছৱি অঁকাৰ ভূতে পাইছে। এইটো বৰ বিপদৰ কথা। সাৱধান হবি। মই বহু দিনৰ পৰা দেখি আছো, তাৰ কেৱল ছৱি অঁকাতহে মন। মই পাত্তা দিলে বেছি উৎসাহ পাব বুলি মই নেদেখা ভাও ধৰি থাকো। হাত খন বেয়া নহয় তাৰ, কিন্তু এইবোৰ কৰি একো লাভ নাই, একেবাৰে লাভ নাই...শেষত নিজৰো কষ্ট.....আনৰো!! তই বুজাবি তাক!!”

মই হতবাক হৈ মনে মনে শুনি থাকিলো। যিজন মানুহে নিজৰ জীৱনত কেতিয়াও ধনী হৈ সুখে শান্তিৰে থাকিবলৈ লেশমানো চেষ্টা নকৰিলে, তেও আকৌ মোক “ডাঙৰ মানুহ” হোৱাৰ পথ দেখুৱাই গ’ল। সেই সময়ত মোৰ মানসিক অৱস্থা কেনে আছিল নেজানো, কিন্তু মই লগে লগে শপত খালো, 

“আৰ্টিষ্ট হবলৈ আৰু কেতিয়াও চেষ্টা নকৰো। জীৱনত কেৱল দৰকাৰী কামবোৰ কৰিম।“

মই এইটো পথ লোৱা বাবে বা সেই সময়ত বিদ্ৰোহ নকৰা বাবে, সকলো বৰ সুখী হ’ল। মায়ো বৰ ডাঙৰ মানুহ হব নোৱাৰিলেও নিজৰ ভৰিত থিয় হব পৰা হলোগৈ। ভেন গঘক দেহ মনৰ পৰা আঁতৰাই ইঞ্জিনিয়াৰিং ড্ৰয়িঙত ধৰিলো। অৱশ্যে ভালেই কৰিলো যেন লাগে আজি! ছৱি অঁকাৰ সৰু ইচ্ছাটোক হত্যা কৰি মই নিজৰ আৰু বহুতৰ আন বহু ডাঙৰ ডাঙৰ আশাক জীৱন দিলো।

No comments:

Post a Comment