Wednesday, January 22, 2020

=কভী কভী লগতা হেঁ=

আজি গধূলি বিশেষ কৰিব লগা কাম নাছিল। দিনৰে ডাইল, ভাজি আছেই, ভাত কেইটা পাতি দিলেই হ'ল। গতিকে এনেই থকাতকৈ নতুন ধৰ্ম এটাকে প্ৰৱৰ্তন কৰি পেলালো।

আচলতে আজিকালিৰ এই ধৰ্মক লৈ চলি থকা খাম খেয়ালিবোৰ মোৰ ভাল লগা নাই, সেয়ে সেই খামখেয়ালিবোৰ আৰু বেছি বঢ়াবলৈ, মই এই নতুন ধৰ্মটো প্ৰৱৰ্তন কৰিলো। বৰ সুন্দৰ, সস্তা আৰু টিকাও ধৰ্ম, আপোনালোকে গ্ৰহণ কৰিলে আৰাম পাব।

সবিশেষ নকও, কিন্তু এটা কথা জানি থওক, মই আজি প্ৰৱৰ্তন কৰা ধৰ্মটোৰ ভগৱানজনৰ নাম "কণপাই"। আৰু ধৰ্মটোৰ নাম "কণপাইজম!"

হাঁহিছে কিয়? কি হ'ল? - ভগৱানৰ এনেকুৱা নাম থাকিব নোৱাৰে নেকি? ভগৱানৰ নাম সংস্কৃত, আৰৱী, হিব্ৰু, বা লেটিন ভাষাতেই হব লাগিব বুলি কি কথা আছে? মই নিজে বুজা ভাষাটোত ভগৱানৰ নাম ৰাখিছো, তাতে কি হ'ল আপোনাৰ?


বাদ দিয়ক সেইবোৰ!! 'কনপাইজম' মজাৰ ধৰ্ম, লাহে লাহে গম পাব। এই ধৰ্মৰ ফল'ৱাৰ সকলে বিশেষ কষ্ট কৰিব নেলাগে, মাত্ৰ কেইটামান সৰু সুৰা কাম বা অভ্যাস কৰিলেই তেওলোকে "কণপাই" ভগৱানক সন্তুষ্ট কৰি চিৰকালৰ বাবে 'ওপৰ বৰচাপৰি গাঁৱ'ত স্থান লাভ কৰিব পাৰিব। আকৌ নুসুধিব, ওপৰ বৰচাপৰি গাঁও কি? সেইখন কনপাইজমৰ মতে স্বৰ্গ, বেহেস্ত, হেভেন। তাত এই স্বৰ্গ, বেহেস্ত, হেভেনত কৈয়ো বেছি সা সুবিধা থাকিব, ফেচিলিটি থাকিব। গ্ৰাহক আনিব লাগিব তো, সেয়ে দুদিনমান লোকচান হ'লেও আমি আনতকৈ বেছি ফেচিলিটি দিম।

কনপাইজম ফ'ল' কৰা সকলে কি কি কৰিব লাগিব, নকৰিব লাগিব, সেইবোৰ লাহে লাহে কৈ থাকিম। কিন্তু সদ্যহতে তেওলোকে 'ফেচবুক'ত জমনি জমনি আপডেট মাৰি থাকিলেই হ'ল। কণপাই ধৰ্মৰ সৈতে মিল থকা ৰাজনৈতিক দলৰ চামচা বুলি দেখ দেখকৈ ওলাই পৰা আপডেট মৰাসকলক কণপাইজমত 'ঘৰিয়াল' বুলি কোৱা হব, যাৰ অৰ্থ আজিকালিৰ ধৰ্মবোৰৰ মতে সাধু, সন্ত, মচীহা, বা চে'ইণ্ট!

আমি প্ৰথমতে বেছি মানুহক দীক্ষা নিদিও, আসন সীমিত। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চাৰ্ভ বেচিচত দীক্ষা দিয়া হব।

কণপাইজমৰ মূল লক্ষ্য, এইখন পৃথিৱীৰ সকলো ঠাইতে তে কণপাইজম ধৰ্ম প্ৰতিষ্ঠা কৰা, আৰু যিসকলে আপত্তি কৰে, বা আন ধৰ্ম মানে, তেওলোকৰ এথনিক ক্লীনজিং কৰা। এই এথনিক ক্লিনজিঙৰ বাবে গাঁও কী গাঁও জ্বলাই দিয়া, গৰ্ভৱতী মহিলাৰ পেটত তৰোৱাল ভৰাই মাক-পুতেক দুইটা চাফা কৰি দিয়া, যিকোনো বয়সৰ মহিলাক ধৰ্ষণ কৰা, পুৰুষ সকলৰ কোনো বিছাৰ নোহোৱাকৈ ডিঙি কটা, আন ধৰ্মৰ উপাসনা স্থানবোৰ ডাইনামাইট দি ভঙা, চচিয়েল মেডিয়াত কণপাইজমৰ বিৰূদ্ধে কোৱা সকলক দিনে ৰাতিয়ে অভদ্ৰ ভাষাৰে ট্ৰল কৰি থকা আদিক 'পোহাৰী চুপতি" বুলি গণ্য কৰা হব। 'পোহাৰী চুপতি' মানে কি বুজা নাই নেকি? পোহাৰী চুপতি মানে ক্ৰুছেদ, জিহাদ, ধৰ্মযুদ্ধ।

অৱশ্যে সেইবোৰ কৰিব নোৱাৰিলেও একেটা কথাকে গোঁৱাৰ গোবিন্দৰ দৰে খামোছ মাৰি, যুক্তি বুদ্ধি পৰিহাৰ কৰিব পাৰিলেও কণপাইজমত ভাল পদৱী পোৱাৰ সুবিধা ৰখা হৈছে।

বেছি নকও বাৰু, সময় চাই শৰ মৰা কণপাইজমৰ মূল মডা‍ছ অপাৰেণ্ডি। আজিয়ে সকলো কৈ দিলে, শতৰুৱে চল পাব।

এই কণপাইজম ধৰ্ম প্ৰচাৰ কৰাৰ দ্বায়িত্ব মই প্লাৱন ৰ সৱল কান্ধত দিব খুজিছো। মই নিজেও প্ৰচাৰ কৰিব পাৰিলোহেতেন, কিন্তু কৰিবৰ মন যোৱা নাই,

কাৰণ,

#কভী_কভী_তো_লগতা_হেঁ_চালা_আপুন_হী_কণপাই_হেঁ 

No comments:

Post a Comment