Wednesday, January 22, 2020

ভাষাৰ দূৰ্বলতা

কোনো এটা ভাষা দূৰ্বল বা সৱল বুলি কোৱা ভুল।যদি এটা জনসমুদায়ে হাজাৰ বছৰ ধৰি এটা নিৰ্দিষ্ট ভাষাৰে কাম চলাই জীয়াই আছে, তেনে সেই ভাষাটো দূৰ্বল বা সবল বুলি আজি কোৱা নিৰৰ্থক।


কিন্তু অজিকালি ভাষাৰ উপযোগীতা কেৱল দৈনন্দিন প্ৰয়োজন পূৰণ কৰাতে সীমাৱদ্ধ হৈ থকা নাই। যি সময়ত এক বিশেষ জনসমূদায়ে বিভিন্ন ভাষাৰ বিভিন্ন সমল চুই চাব পৰা হৈছে, সেই সমূদায়ে আশা কৰে যে তেওলোকৰ মাতৃভাষাও আন বৃহৎ ভাষাবোৰৰ দৰে ব্যাপক ভাৱে ভাৱব্যঞ্জক হওক। এটা সময়ত মই নিজেও অনুভৱ কৰিছিলো যে মোৰ মনৰ কথাখিনি উপযুক্ততাৰে আনৰ আগত উপস্থাপন কৰিবলৈ মোক কেইবাটাও ভাষাৰ (বা সেইবোৰৰ মিক্সাৰ) প্ৰয়োজন হয়। নহ'লে মোৰ কথাখিনি কৃত্ৰিম শুনাই, তাৰ গ্ৰহণ যোগ্যতা কমি যায়। আৰু তাকে কৰিলেও ৰাইজে ভাষা খিছিৰি কৰি জাতিটোক ডুবালি বুলি গালি দিয়ে। সেইটো ভাল কথা নহয়ো।


মই মাজে মাজে কিবা লিখো, আৰু যি লিখো অসমীয়াতে লিখো, কেতিয়াবা কিবা এটা ভাৱ প্ৰকাশ কৰিবলৈ শব্দ বা প্ৰতিষ্ঠিত প্ৰকাশভংগী বিছাৰি হাবাথুৰি খাও।

কথা হ'ল, দোষটো কিন্তু অসমীয়া ভাষাৰ নহয়, দোষটো মোৰ। মই কেতিয়াবা আগতে আপত্তিও কৰিছো যে অসমীয়া ভাষাত নাটকীয়তা বা Inferred meaning দিব খুজিলে বৰ অদ্ভূত যেন লাগে। নাটক, চিনেমাত সেয়ে এটা অৱাস্তৱ ভাষা ব্যৱহাৰ হয়। কিন্তু সেয়া সত্যও নহয় উচিতো নহয়।
অসমীয়া ভাষাক আটাইতকৈ কৌশলী ভাৱে ব্যৱহাৰ কৰা মানুহজন আছিল ড° ভূপেন হাজৰিকা, মোৰ মতে। তাৰ পাছত আহিব ৰসৰাজ বেজবৰুৱা আৰু ড° ভৱেন্দ্ৰনাথ শইকীয়া চাৰৰ নাম(মোৰ হিচাপতহে দেই, তৰোৱাল নুঘুৰাব)।

বিশ্বৰ শক্তিশালী (expression ৰ ক্ষেত্ৰত) ভাষা বুলিলে আমি ইংৰাজী আৰু স্পেনিছকে বুজো, লগতে ফৰাছী( অন্ততঃ আমাৰ দৰে মানুহৰ জ্ঞানেৰে)। কিন্তু মোৰ আজিৰ অনুভৱ মতে ইংৰাজীৰ (বাকী কেইটা পঢ়িব নেজানো দেই) expression power কেৱল ইয়াৰ শব্দ আৰু ব্যাকৰণ ভাণ্ডাৰত নাই, আছে সৰল ভাষা শব্দৰ বুদ্ধিদীপ্ত প্ৰয়োগত।

ভাষা বুদ্ধিদীপ্ত হব যদিহে,

১) এই নিৰ্দিষ্ট ধৰণৰ প্ৰয়োগৰ গ্ৰহণযোগ্যতা প্ৰতিষ্ঠিত হয়,

২) লেখকে ভাষা প্ৰয়োগৰ ক্ষেত্ৰত পৰীক্ষণ কিছুমান কৰে, আৰু সেই শৈলীৰ সৈতে পাঠক চিনাকী হয়।

মই আশা কৰোঁ‌, আমাৰ নিৰ্দিষ্ট শব্দ আৰু ব্যাকৰণ সম্ভাৰেৰেই আমি অসমীয়া ভাষা প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান প্ৰয়োগ কৰোঁ‌, চাও পাঠকে সেইবোৰ গ্ৰহণ কৰে নে নকৰে।

মই নিজস্ব ভাৱে কেতিয়াবা অসমীয়া ভাষাৰ অপৰম্পৰাগত শৈলী কিছুমান প্ৰয়োগ কৰি চাইছো, বেয়া লগা নাইচোন। আৰু যেতিয়া পাঠকে বুজি পোৱ যেন লাগে, বৰ মুকলি অনুভৱ কৰো।

(এই লেখাটোতে চেষ্টা এটা কৰিছো, কঠিন বস্তু এটা সৰল ভাষাৰে কবলৈ )

No comments:

Post a Comment