Wednesday, January 22, 2020

পেৰেণ্টিং

হোৱাটচ এপ আৰু ফেচবুক মেচেঞ্জাৰত মোৰ কেইবাটও সৰু সৰু গ্ৰুপ আছে, তাত আমি মনে মিলা মানুহ কিছুমান মিলি কিবা কিবি কথা পাতো, ধেমালি কৰোঁ। কেতিয়াবা নিজৰ সমস্যাবোৰৰ কথা কও, বন্ধু বান্ধৱৰ সহায় বিছাৰো। তেনে এটা গ্ৰুপতে এজন বন্ধুৱে আজি এটা বাৰ্তা দিলে, তেও আজি মনটো বেয়া। কাৰণ তেও লক্ষ্য কৰিছে তেও আজিকালি ক্ৰমাৎ খিংখিঙিয়া হৈ পৰিছে, কিবা ভাল নলগা হৈছে। আৰু তেও আজি নিজৰ একমাত্ৰ মৰমৰ ছোৱালীজনীক সৰু কথা এটাতে বৰকৈ খং কৰিলে। সৰু ছোৱালী, তেওৰ এজনীয়ে ছোৱালী। চাকৰিৰ বাবে তেও বহু সময় ঘৰৰ পৰা আঁতৰত থাকিব লাগে। স্বাভাৱিক ভাৱেই তাইক তেও অলপ বেছিকৈ মৰম কৰে। তাইক তেও আজিলৈকে আচলতে কেতিয়াও খঙেই কৰি পোৱা নাই, টানকৈ কথা এষাৰো কৈ পোৱা নাই। দেউতাকৰ খং দেখি তায়ো ভয় খালে, কান্দিলে। তেওৰ পত্নীয়েও ইমান সৰু এটা কথাত ছোৱালীজনীক খং কৰাৰ বাবে তেওক দোষ দিলে। তেওৰ নিজৰো লাগিল তেও আচলতে উৰহৰ খং ভগাধাৰিত জাৰিলে। বন্ধুজন মৰ্মাহত হৈ আছে, নিজকে দোষী অনুভৱ কৰিছে।

আমি মিলি তেওক কিবা কিবি ক’লো, আচলতে সমাধান দিয়া নাই, কথা বতৰাৰ মাজেৰ আমি আমাৰ নিজৰো কিছুমান সমস্যাৰ সমাধানৰ অন্বেষণহে কৰিলো। সেইকথা খিনিকে অলপ বহল ভাৱে আলোচনা কৰিব খুজিছো।

মোৰ এজনী ছোৱালী। স্বাভাৱিক ভাৱেই তাইক মৰম কৰোঁ, এই মুহুৰ্তত মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ মানুহ তাই। তাইৰ ভাল বাবে সকলো পিতৃৰ দৰেই মই যিকোনো ত্যাগ কৰিবলৈ প্ৰস্তুত। সকলো বাপেকেই কৰে, তাত বিশেষ কব লগীয়া একো নাই।



কিন্তু মই আচলতে কেনেকুৱা বাপেক? ভাল নে? মই সঠিক ভাৱে পিতৃৰ দ্বায়িত্ব পালন কৰিব পাৰিছোনে? সন্তানৰ জীৱনত দেউতাকৰ প্ৰভাৱ যিদৰে আচলতে পৰিব লাগে, মোৰ প্ৰভাৱ মোৰ একমাত্ৰ ছোৱালীজনীৰ আগত ঠিক সেইদৰে পৰিছে নে? মই নিজকে তাইৰ বাবে যিমান প্ৰয়োজনীয় বুলি ভাৱো, তাই মোক তাইৰ বাবে সিমান প্ৰয়োজনীয় বুলি ভাৱেনে? মই ভাল বুলি ভৱা কথাবোৰ তাইৰ সময়ত তাইৰ বাবে ভাল হৈ থাকিবগৈ নে? মই কিবা প্ৰকাৰে তাইৰ ওপৰত মোৰ আকাংখ্যাৰ বোজা জাপি দিছো নেকি? আজিৰ দিনত প্ৰায় সকলো পিতৃ মাতৃয়েই এনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হয়, নিজৰ মাজতে।

আজিকালি আমাৰ পৰিয়ালবোৰ সৰু হ’ল- আমি সন্তানক বেছি গুৰুত্ব দিব পৰা হ’লো। আমাৰ সময়বোৰ পৃথক আছিল, মানুহবোৰৰ বহুতো সন্তান আছিল, সকলোৱে নিজ নিজ মতে গঢ় লৈছিল। Parenting বোলা কথাটো মানুহে শুনাই নাছিল, কপালত যি আছে হবই বুলি ভাৱি আৰামত দিন কটাইছিল।

কিন্তু আজিকালি আমি তেনে কৰিব নোৱাৰো, কৰা উচিতো নহয়। আমাৰ মা-দেউতাই চেকনীৰ আগত বিদ্যা বোলা আপ্তবাক্যশাৰী বিশ্বাস কৰিছিল। ল’ৰাই পঢ়াত বেয়া কৰিছে- এচাৰি, বদমাছি কৰিছে- এচাৰি, কথা শুনা নাই - এচাৰি। মোৰ নিজৰ সৰুকালটোৰো ভালেমান এচাৰিৰ কোবেৰে গঢ়া (অৱশ্যে আন বহুততকৈ কম)। আমাৰ পিতৃ মাতৃ নিশ্চিত ভাৱে আমাৰ শত্ৰু নাছিল, গতিকে সেই এচাৰিৰ কোববোৰৰো উদ্দেশ্য এটাই আছিল- মোৰ ভাল হওক।

আজিকালি সন্তানক মাৰপিট প্ৰথাটো হঠাত একেবাৰে উঠি গ’ল। ভাল কথা, এটা শিশুক মাৰ পিট কৰা কথাটো কোনো পধ্যেই সমৰ্থন যোগ্য নহয়, কেতিয়াবা ডাঙৰ আঘাতো হবগৈ পাৰে। আমাৰ সময়ত হোৱা দেখিছোও। আমি অলপ শিক্ষিতো হ’লো, মাৰপিট কৰি ল’ৰা –ছোৱালীক শুদ্ধ পথলৈ আনিব নোৱাৰি বুলি আমি বুজি উঠিলো। আমাৰ সময়তো বাপেকৰ গৰু পিটন খাই সকলো ল’ৰা “লাইনত” আহি যোৱা নাছিল। আমি সামাজিক ভাৱে আগতকৈ উন্নত হ’লো। হোৱা উচিত।

আকৌ আগৰ প্ৰশ্নটোলৈ ঘুৰি আহো। সকলো পিতৃ মাতৃয়েই বুজি পায়, Parenting এটা অতি কঠিন আৰু দক্ষতা থাকিব লগীয়া কাম, কিন্তু দুৰ্ভাগ্যক্ৰমে আমি কোনো প্ৰশিক্ষিত parents নহয়। এই কঠিন কামটো কেনেকৈ কৰিব লাগে, কেনেকৈ ল’ৰা-ছোৱালীৰ সঠিক তত্বৱধান লব লাগে, সেই কথাটো আমাক কোনেও নিশিকাই। আমি বিয়া পাতো, এদিন অতি আনন্দেৰে এটি সন্তানে আমাৰ কোলা শুৱনি কৰে। সেই সন্তানটো ভৱিষ্যত গঢ়িবলৈ আমি আহোপুৰুষাৰ্থ কৰোঁ, কিন্তু সেই কামটো কেনেকৈ কৰিব লাগে আমি নেজানো। মই ছোৱালীজনীৰ সৰু থাকোতে দুই এখন কিতাপ পঢ়িছিলো, কিন্তু কোনোখনতেই কথটো একদম পোনে পোনে কোৱা নাই, মানে পেৰেণ্টিং শিকা আৰু ৰেচিপি শিকা একে কাম নহয়। প্ৰত্যেকটি শিশুৰে নিজস্ব বৈশিষ্ট থাকে, নিজস্ব প্ৰতিভা থাকে, সেয়ে শিশুক কেনেকৈ ডাঙৰ কৰিব লাগে তাৰ নিয়মবোৰ মিলাই এখন হাতপুথি তৈয়াৰ কৰা আসম্ভৱ। তেনে কি কৰিম আমি, যদি আমাৰ পেৰেণ্টিং ভুল হৈ যায়, তেনে সিহতৰ ভৱিষ্যতেই গন্দগোল হৈ যাব দেখোন। কেনে পেৰেণ্টিং ভুল, কেনেটো শুদ্ধ। কোনে জানে মোৰ বন্ধুজনে যে আজিলৈকে নিজৰ ছোৱালীজনীক এবাৰো টানকৈ এষাৰ কথা কোৱা নাই, সেইটোৱেই হয়তো এটা ভুল পেৰেণ্টিং।

আমি পিতৃ মাতৃ সকলৰো বুদ্ধিমত্তা, শিক্ষা, সংবেদনশীলতাৰ মান পৃথক, প্ৰত্যেক শিশুৰো প্ৰয়োজন পৃথক, কি কৰিব লাগে নেলাগে, তাৰ কোনো নিৰ্দিষ্ট নীতি নিৰ্দেশনাও নাই, তেনেস্থলত আমি কি কৰিম, কোন পথ লম? আৰু এই কামটো এবাৰ ভুল হ’লে পিছত শুধৰোৱাৰ সুবিধাও নাই।

এনেক্ষেত্ৰত আমি পিতৃ-মাতৃয়ে কি কৰোঁ, আমি আমাৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকে পেৰেণ্টিং বুলি ধৰি লও। আমি নিজৰ জ্ঞান বুদ্ধি আৰু সীমাবদ্ধতাৰ সৈতে আমাৰ সন্তানৰ বাবে যিহকে ভাল বুলি অনুভৱ কৰো, তাকে কৰো। আৰু এই স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত খং ৰাগো আছে। মোৰ পিতৃ-মাতৃয়েই তাকে কৰিছিল, মোক যদি গৰু পিটন দিছিল, তাৰ কাৰণ আছিল, সেই সময়ত মোৰ ব্যৱহাৰে তেওলোকৰ খং উঠাইছিল, মই অলপ বিদ্ৰোহী হৈছো বুলি তেওলোকৰ ভাৱ হৈছিল, আৰু মাৰ পিট বা খঙেৰেহে মোক নিয়ন্ত্ৰণ কৰা সম্ভৱ বুলি তেওলোকে বিশ্বাস কৰিছিল।

আৰু মই ভাৱো, পৃথিৱীৰ সকলো পিতৃ মাতৃয়েই তাকে কৰে। এই স্বাভাৱিক ব্যৱহাৰ, মানৱীয়, সামাজিক বা আইনী দৃষ্টিৰ পৰা কিমান ভাল বেয়ুা সেয়া আলোচনা নকৰো, কিন্তু আজিৰ তাৰিখতো parenting বাবে আমাৰ ওচৰত স্বাভাৱিক প্ৰতিক্ৰিয়াৰ বাদে আন বৰ বেছি ৰাষ্টা নাই, আৰু থাকিলেও আমি প্ৰায়ে আমাৰ মানৱীয় স্বভাৱ অনুযায়ী সেইবোৰ প্ৰায়ে পাহৰি আমাৰ স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সহায় লও।

সেয়ে আজিৰ তাৰিখত মই ভাৱো, যিটো কথা মই আৰু বন্ধুজনেও আলোচনা কৰিছো, যে যিহেতু আমাৰ উদ্দেশ্য কেৱল সন্তানৰ মংগল, গতিকে আমাৰ দুই এটা পেৰেণ্টিং ভুলে আচলতে সমগ্ৰ প্ৰক্ৰিয়াটোত বৰ বেছি প্ৰভাৱ পেলাব নোৱাৰে। তাৰোপৰি বহু কথা আনুস্থানিক শিক্ষা আৰু পৰিবেশেও নিৰ্ধাৰণ কৰেগৈ। অন্তৰত সততাৰে নিজৰ স্বাভাৱিক প্ৰতিক্ৰিয়াৰে সন্তানক পালন কৰাৰ বাদে আৰু কোনো বেছি গ্ৰহণযোগ্য পেৰেণ্টিং মেথড আমি সদ্যহতে বিছাৰি পোৱা নাই।

আকৌ এটা বেলেগ সমস্যা আহে ল’ৰা-ছোৱালীবোৰ অলপ ডাঙৰ হৈ অহাৰ পাছত, যেতিয়া সন্তান আৰু পিতৃ-মাতৃৰ মাজত প্ৰজন্ম ব্যৱধান ক্ৰমান্বয়ে স্পষ্ট হৈ আহে। সিহঁত আৰু আমাৰ কেচুৱা হৈ নেথাকে, আমি মৰমেৰে আৱৰি ৰাখিলেও সিহঁতে অলপ মুকলি বতাহ বিছৰা হয়। আমাৰ এনে লাগে সিহঁতে নেজানি ভুল কৰি আছে, সিহঁতৰ ভৱিষ্যত ধ্বংস হৈ যাব বুলি আমি শংকিত হও। আৰু মাজতে আমাৰ ইগোতো আঘাত হয়, সকলো দিছোৱেইচোন তহঁতক, বেয়া ব্যৱহাৰো নকৰো, যিমান পাৰি তহতৰ সৈতে বন্ধু হবলৈকে চেষ্টা কৰি আছো, নিজৰ সকলো শক্তি তহতৰ ভালৰ কাৰণে লগাই দিছো, আৰু কি কৰিব পাৰোঁ। তথাপিও তহতে আমাৰ মৰমক বান্ধোন বুলি ভাৱিছ! মৰমক উপেক্ষা কৰিছ? উপহাস কৰিছ! কেতিয়াবা আমাৰ মনলৈ হতাশা আহে।

কিন্তু আজিৰ ইনবক্স আলোচনাৰ সিদ্ধান্ত মৰ্মে, এইটোও এক প্ৰাকৃতিক প্ৰক্ৰিয়াই বেছি ভাৱি লাভ নাই। আমাৰ মা দেউতাও আমাক লৈ হতাশ হৈছিল, আমাৰ ল’ৰা-ছোৱালীবোৰো সিহতৰ সন্তানক লৈ প্ৰজন্ম ব্যৱধানৰ হতাশাত ভুগিব।

কথাবোৰ জানো, বুজো, কিন্তু বাস্তৱত আকৌ স্বাভাৱিক প্ৰতিক্ৰিয়াৰে কাষ চাপো। বেত চিনি পাৱ? আজিৰ পৰা টিভি মোবাইল চোৱা বন্ধ! নপঢ়ি নুশুনি গৰু গাধ হবি!! কি কৰি খাবি খাবি? আনৰ ঘৰত বাচন ধুই, হাল কোৰ বাই খাবলৈয়ো সেইবোৰ কামো নেজান? শেষ কৰিলি মোৰ জীৱন! এইবোৰ দিন দেখিবলৈকে তহঁতক তুলি তালি ডাঙৰ কৰিলো?

লাইট কিয় জ্বলি আছে ৰূমত?একেলগে ফেনো চলাইছ আৰু কম্বলো লৈছ কিয়? বাপেৰৰ ধনৰ গছ নাই, সদায় কে এফ চি, স্বুইগী খাই থাকিবলৈ। এই মৰ চেঁচা কল্ড ড্ৰিংক সোপা খাই পানী লাগিলে মোৰহে জঞ্জাল বাঢ়িব। ভৰ দুপৰীয়া হলহি, আজি শুই উঠিবিনে?

আৰু কেতিয়াবা চাতৌপ!! চাতৌপ!

চৰৈৱতী

No comments:

Post a Comment