Wednesday, January 22, 2020

= নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬; মই যিদৰে বুজিছো=

॥ আগকথা॥

দুদিনমান আগতে মোৰ টাইমলাইনত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে এক ফেচবুক প'ল আপডেট কৰিছিলো। ইচ্ছা আছিল সামগ্ৰিক ভাৱে মোৰ বন্ধু বান্ধৱ সকলৰ ( যিসকল সচেতন আৰু অসমপ্ৰেমী মানুহ বুলি মই নিশ্চিত) মাজত বিধেয়ক সম্পৰ্কে এক স্পষ্ট ধাৰণা লোৱা। হয় মোৰ বন্ধু বান্ধৱ সকলে হয়তো সমগ্ৰ অসমৰ জনসংখ্যাক প্ৰতিনিধিত্ব নকৰে, কিন্তু মোৰ হিচাপত মোৰ বন্ধুসকল সাক্ষৰ আৰু সচেতন লোক সকলৰ এক "ৰিপ্ৰেজেণ্টেটিভ চেম্পল"- আজিও তেনেকৈ ভাৱো। তাত কোনো আলোচনা কৰাৰ মন নাছিল, কিন্তু শেষত গৈ আলোচলা হ'লগৈয়ে। কিন্তু মোৰ বন্ধুসকলৰ ৯২% ই এই বিধেয়কৰ বিৰূদ্ধে মত ৰাখিলে, সি আজিৰ অসমীয়াৰ প্ৰতিক্ৰিয়াৰ প্ৰাকচিত্ৰ আছিল বুলি এতিয়া কবলৈ মোৰ কোনো আক্ষেপ নাই।

এইটো পোষ্ট আলোচনাৰ বাবে দিছো। বিধেয়ক খন সম্পৰ্কে এক স্পষ্ট আৰু শুদ্ধ ধাৰণা প্ৰতিষ্ঠিত হোৱা উচিৎ! ইয়াত মোৰ যিখিনি ভুল আছে, যুক্তিৰে উপস্থাপন কৰক, মই সংশোধন কৰিবলৈ সাজু আছো। কিন্তু যদি কোনোবাই ইয়াৰ মাজত মোৰ বাংলাদেশী মুছলমান সমৰ্থকৰ ৰূপ দেখা পাই, তেনে অনুগ্ৰহ কৰি মোৰ বিৰূদ্ধে বিহীত ব্যৱস্থা লওক, ইয়াত তৰোৱাল নুঘুৰাব।

নিৰপে‍ক্ষতা আপে‍ক্ষিক বস্তু, জানো। মোৰ নিৰপেক্ষতা সদায় অসম আৰু অসমীয়াৰ ওচৰে পাজৰে থাকে, অস্বীকাৰ নকৰো। গতিকে স্পষ্টৰূপে আৰু যুক্তিৰে আলোচনা কৰক, ই বৰ প্ৰয়োজনীয় কাম এতিয়া। কিবা যুক্তিসংগত ভুল ওলালে এই পোষ্টতে এডিট কৰি সংশোধন কৰিম।

×××××
প্ৰথমতেই বিধেয়কখন পোনে পোনে লিখি দিব খুজিছো, অসমীয়ালৈ অনুবাদ কৰি

×××××××

# নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ ৰ অসমীয়া অনুবাদ (লোকসভাত উত্থাপন কৰা ৰূপত)#
বিধেয়ক নং ১৭২/২০১৬

নাগৰিকত্ব আইন ১৯৫৫ ৰ সংশোধনী ৰূপে  ভাৰতীয় প্ৰজাতন্ত্ৰৰ ৬৭তম বৰ্ষৰ সংসদৰ দ্বাৰা তলত দিয়াৰ দৰে অধিনিয়মিত কৰা হওক যে,

১(১) এই অধিনিয়ম নাগৰিকত্ব (সংশোধনী) আইন-২০১৬ বুলি চিহ্নিত হব (সংক্ষিপ্ত শিৰোনাম আৰু আগকথা)

(২) কেন্দ্ৰীৰ চৰকাৰে ৰাজপত্ৰত ঘোষণা কৰা দিনাৰ পৰাই এই আইন বলবৎ হব;

২। ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ (ইয়াৰ পাছৰ পৰা মূল আইন বুলি উল্লেখিত), ২য় শাখা, অণুশাখা (১), অনুচ্ছেদ (খ) ৰ পিছত তলত দিয়া অংশ অন্তৰ্ভুক্ত কৰা হওক,

" আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ, হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানধৰ্মী সংখ্যালঘু লোকসকল, যিসকলক "পাছপৰ্ট আইন (ভাৰতলৈ আগমনৰ বাবে)-১৯২০-ৰ অনুচ্ছেদ 'গ'; ভাগ (৩)ৰ অনুভাগ (২)" বা "বিদেশী আইন- ১৯৪৬" ৰ পৰা ৰেহাই দিয়া হৈছে, তেওলোকক অবৈধ অনুপ্ৰবেশকাৰী হিচাপে গণ্য কৰা নহব।

(২য় অনুচ্ছেদৰ সংশোধন)

৩। মূল আইনৰ ৭(ঘ) ভাগত, অনুচ্ছেদ (ঘ) ৰ পাছত তলত দিয়া দফাটো অন্তৰ্ভুক্ত কৰা হব,
"প্ৰবাসী ভাৰতীয়ৰ কাৰ্ডধাৰকসকল, যিসকলে এই আইনৰ বা আন কোনো ভাৰতীয় আইনৰ কোনো ধাৰা উলংঘন কৰিছে, বা..."

৪। মুল আইনৰ তৃতীয় অনুসূচীৰ 'ঘ' অনুচ্ছেদত তলত দিয়া দফা অন্তৰ্ভূক্ত কৰা হওক,
" আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টানধৰ্মী সংখ্যালঘু লোকসকলৰ বাবে, এই অনুচ্ছেদৰ বাবে প্ৰয়োজন হোৱা সময়সীমা "কমেও ১১ বছৰ"ৰ ঠাইত " কমেও ৬ বছৰ" বুলি ধৰা হব।

××××××

বিধেয়কখনৰ লিখিত ৰূপ এইটোৱেই, কোনোবাই বুজাত অসুবিধা পালে তলত দিয়া লিংকৰ পৰা সম্পুৰ্ণ বিধেয়কখন ইংৰাজীত পঢ়ি লব পাৰিব।

দেখাত সৰু যেন লগা এই বিধেয়কখনে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এখন গুৰুত্বপূৰ্ণ আইনত কিছুমান গুৰুত্বপূৰ্ণ সংশোধনী আনিব খুজিছে। মূল আইনখনৰ বিষয়ে চমূকৈ আলোচনা কৰা হওক।
১৯৫৫ চনত নাগৰিকত্ব আইনখনে কোন আৰু কিদৰে ভাৰতীয় নাগৰিক হব পাৰে তাৰ নিৰ্দেশণা দিয়ে। সংবিধানমতে তলত যিকোনো উপায়েৰে ভাৰতীয় নাগৰিক হব পাৰি,

১) জন্মঃ- ভাৰতত জন্মগ্ৰহণ কৰিলে

২) উত্তৰাধীকাৰঃ- মাক দেউতাক ভাৰতীয় হ’লে

৩) পঞ্জীয়নঃ- নাগৰিকত্বৰ বাবে আবেদন কৰি মঞ্জুৰ হ’লে

৪) প্ৰাকৃতিকৰণঃ- বহু বছৰ ভাৰতত বসবাস কৰা আৰু আন কোনো দেশৰ নাগৰিকত্ব নোহোৱা হ’লে

৫) অঞ্চল অধিগ্ৰহণঃ- ভাৰতে কোনো দেশ বা অঞ্চল জয় কৰিলে।

নাগৰিকত্ব সংশোধনী বিধেয়ক খনে এই নাগৰিকত্ব আইনত কিছু সংশো‌ধনী আনিব খুজিছে। মুল সংশোধন কেইটা হ’ল এনেধৰণৰ,

ক) আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী সকলো লোকে ভাৰতৰ নাগৰিকত্বৰ যোগ্য হব। মন কৰিব লগা কথা হ'ল যে, ইয়াত অনুপ্ৰবেশকাৰী বুলি লিখা হোৱা নাই। গতিকে এই বিধেয়ক মতে বৰ্তমানেও সেই দেশবোৰত বাস কৰি থকা এই কেইটা ধৰ্লোমাৱলম্বী লোক সকলো ভাৰতীয় নাগৰিকত্বৰ বাবে মনোনীত হব বুলি কব পাৰি।

খ) মূল আইনখনৰ মতে প্ৰাকৃতিকৰণৰ দ্বাৰা ভাৰতীয় নাগৰিক হোৱাৰ বাবে কমেও মানুহজন ভাৰতত ১১ বছৰ লোক সকলৰ বাবে সেই সীমা ৬ বছৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ ৰাখিছে।

গ) ভাৰতীয় আইন মতে কোনো অপৰাধমূলক কামত লিপ্ত প্ৰবাসী ভাৰতীয় সকলৰ নাগৰিকত্ব নাকচ কৰাৰ প্ৰস্তাবো ৰখা হৈছে।

ঘ) এই বিধেয়কখন কেৱল অসমত নহয়, সমগ্ৰ ভাৰততে প্ৰযোজ্য হব।

বিধেয়ক সম্বন্ধে লোকসভাৰ ৱেবচাইটত প্ৰকাশিত আলোচনাখিনিঃ-

ক) এই বিলখনে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কথা কৈছে, সেয়ে ই পোনে পোনে সংবিধানৰ দফা ১৪ (সমতাৰ অধিকাৰ) উলংঘন কৰিছে। এই বিধেয়ক গৃহীত হবলৈ হ’লে সংবিধান সংশোধনৰ প্ৰয়োজন হব।

খ)এই বিলখন গৃহীত হ’লে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা উপৰোক্ত ছয় ধমাৱলম্বী সকলো অবৈধ বিদেশী নাগৰিকে কেৱল আশ্ৰয় পোৱাই নহয়, এজন বৈধ ভাৰতীয় নাগৰিকৰ সকলো সা সুবিধা লাভ কৰিব।

তাৰোপৰি,

গ) এই বিধেয়কখনে মুলতঃ ভাৰতত বাস কৰা হিন্দু বাংলাদেশী সকলক সহায় কৰিব, বাকী ধৰ্মাৱলম্বী সকলৰ সংখ্যা জনগাঁঠনি সলনি কৰি দিব পৰাকৈ ডাঙৰ নহয়।(এইটো অতি গুৰুত্বপূৰ্ণ কথা)

ঘ) ইছলাম, ইহুদী, বা আন ধৰ্মাৱলম্বী সকলে এই বিধেয়কৰ সুবিধা নেপাব, অৱশ্যে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ বাকী সা-সুবিধা খিনি পাই থাকিব।

এই বিধেয়কখন ০৮/০১/২০১৯ তাৰিখে লোকসভাত উত্থাপন হয় আৰু মৌখিক ভোটত গৃহীতো হয়। অৱশ্যে বিভিন্ন কাৰণত ০৯/০১/২০১৯ তাৰিখে ৰাজ্যসভাত শাসনাধিস্থ দলে এই বিধেয়কখন ভোটৰ বাবে আগনবঢ়ালে, গতিকে এই মুহুৰ্তত বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱা নাই। বিধেয়কখন উত্থাপন হোৱাৰ সময়চোৱাত অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়, আনকি কোনো কোনো ঠাইত প্ৰতিবাদকাৰীয়ে গণতান্ত্ৰিক প্ৰতিবাদৰ সীমাও উলংঘন কৰা দেখা যায়। অসমৰ বৌদ্ধিক জগত, মেডিয়া, ছাত্ৰ-ছাত্ৰী আদি প্ৰায় সকলোৱেই বিধেয়কখনৰ বিৰোধিতা কৰা দেখা যায়। এই সময়চোৱাত মন কৰিব লগা কথা দুটামান হ’ল,

১) অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আশ্চৰ্যজনক ভাৱে নীৰৱতা অৱলম্বন কৰে, আনকি ৰাজহুৱা অনুষ্ঠান বিলাকৰ পৰাও আঁতৰি থাকে। ইয়াৰ বাবে সামগ্ৰিক ভাৱে তেওৰ ৰাজনৈতিক ভাৱমূৰ্তিৰ বিস্তৰ ক্ষতি হোৱা বুলি অনুমান কৰিব পাৰি।

২) অসমত আজিলৈকে অবৈধ বাংলাদেশী বিতাৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে, সেইসকলো বিলাকতে নিৰন্তৰ ভাৱে বাধা প্ৰদান কৰি অহা ৰাজনৈতিক নেতা বা সংগঠন সমূহে এই প্ৰতিবাদ কাৰ্যসূচীত অতি সক্ৰিয়তাৰে ভাগ লোৱা দেখা পোৱা গ’ল।

৩) এই বিধেয়ক উত্থাপনৰ সময়চোৱাতে কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ অসমৰ মূখ্যমন্ত্ৰীৰ সুৰক্ষা উপদেষ্টাক বদলি কৰে। আৰু নতুন সুৰক্ষা উপদেষ্টা ৰঞ্জিত কুমাৰ পচন্দে দ্বায়িত্ব গ্ৰহণ কৰাৰ কিছুসময়ৰ পাছতে ড° হীৰেন গোঁহাই, অখিল গগৈ, মনজিত মহন্ত আদি উল্লেখযোগ্য ব্যক্তিৰ বিৰুদ্ধে পুলিচে এফ আই আৰ দাখিল কৰে। দুইটা ঘটনাৰ মাজত যোগসূত্ৰ থকা বুলি অনুমান কৰিব পাৰি। এই পদক্ষেপৰ বাবে অসমীয়া বিদ্বৎ সমাজ আৰু মেডিয়াই বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা গৈছে।

=বিজেপিৰ বক্তব্য=

লোকসভাত এই বিধেয়কখন দাখিল কৰি দিয়া ভাষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বাৰম্বাৰ অসমৰ নাম লোৱাৰ পৰা বুজিব পাৰি যে চৰকাৰ এই বিধেয়কৰ প্ৰভাৱ অসমতে সকলোতকৈ বেছিকৈ পৰিব বুলি নিশ্চিত। কাৰণ ভাৰতৰ পশ্চিম সীমান্তত ইতিমধ্যেই পাকিস্তান বা আফগানিস্তানৰ পৰা অহা, আনকি বাংলাদেশী ভগনীয়া সকলক সংস্থাপন দিয়াৰ প্ৰক্ৰিয়া চলি আছে, আৰু তাত বৰ বিশেষ প্ৰতিক্ৰিয়াও হোৱা নাই। বিজেপিয়ে এই বিধেয়কখনক খিলঞ্জীয়া অসমীয়াৰ ৰক্ষাকৱচ বুলি বাৰে বাৰে কৈ আহিছে, যদিও অসম বা উত্তৰ-পূৱৰ ৰাইজে তেওলোকক বিশ্বাসত লব পৰা নাই। যোৱা নিৰ্বাচনত অসমত বিজেপিৰ জয়ৰ এটা মুল কাৰণ হ’ল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিজেপি জয়ী হ’লে সকলো বাংলাদেশী অসমৰ পৰা যাব লাগিব বুলি ঘোষণা কৰিছিল, কিন্তু প্ৰকৃতাৰ্থত তেওলোকে বৰ বিশেষ প্ৰচেষ্টা হাতত লোৱা দেখা নগ’ল। বিজেপি আজিও সৰহসংখ্যক অসমীয়াৰ বাবে আচহুৱা ৰাজনৈতিক দলেই হৈ আছে, তাক অস্বীকাৰ কৰা বিজেপিৰ বাবেই ভুল হব।

অসমৰ ৰাইজে সেই সময়ত মন নকৰিলে যদিও বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰতে লিখা আছিল যে তেওলোকে ভাৰতক সকলো হিন্দুৰ বাবে প্ৰকৃতিক আবাস (Natural Home) কৰিব খোজে। তাৰ বাদেও বিজেপিৰ সমুখত আন এক বৃহৎ প্ৰত্যাহবান আছিল, সেয়া হ’ল এ ইউ ডি এফ বা বদৰুদ্দিন আজমলৰ উত্থান। অসমৰ বৰ্তমান ১১ খন জিলাত মুছলমান ধৰ্মী সংখ্যাগৰিষ্ঠ হৈ পৰিছে আৰু তেওলোকৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই বৃদ্ধি কিন্তু থলুৱা অসমীয়া মুছলমানৰ বাবে হোৱা নাই, হৈছে সন্দেহজনক বাংলাদেশী মুছলমানৰ বাবে। কোনেও মুখ ফুটাই নকলেও এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। সন্দেহজনক বাংলাদেশীৰ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে অসমৰ জনগাঁঠনি সম্পুৰ্ণ ৰূপে ওলট পালট কৰি পেলাইছে। আৰু এই মুছলমান বাংলাদেশীৰ হাতলৈ বেছিকৈ ৰাজনৈতিক ক্ষমতা যোৱা অসমৰ ভৱিষ্যতৰ বাবে অশনি সংকেত, তাত কোনো সন্দেহ নাই। অসম আন্দোলনৰ মূল কাৰক আচলতে এইটোৱেই আছিল।

বিজেপি চৰকাৰে অবৈধ বাংলাদেশীৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে পোন প্ৰথমে NRC সহায় লব খুজিলে। অসম চুক্তিৰ অন্যতম অংগ হলেও আগতে এই কামটো ভালদৰে হোৱা নাছিল, মুলতঃ অবৈধ মুছলমান বাংলাদেশীৰ পৃষ্ঠপোষক কিছুমান ৰাজনৈতিক নেতা আৰু ছাত্ৰ সংগঠনৰ বাধাৰ বাবে। পিছত বিষয়টো মাননীয় উচ্চতম ন্যায়ালয়ৰ হাতলৈ যায় আৰু বিজেপি চৰকাৰৰ সক্ৰিয় সহযোগত এন আৰ চিৰ কাম আৰম্ভ হয়। কিন্তু শেষৰ ফালে বিজেপি চৰকাৰে বুজি উঠে যে এন আৰ চিয়ে সন্দেহজনক অবৈধ মূছলমান বাংলাদেশীক চিনাক্ত কৰাত বিশেষ সফল হোৱা নাই। তেওলোকৰ আশংকা সম্পুৰ্ণ শুদ্ধ বুলি প্ৰমাণিত কৰি মাত্ৰ দহলাখ মানুহ এন আৰ চি ৰ পৰা বাদ পৰিছে, যিসকল মুলতঃ বাংলাদেশী মূলৰ হিন্দু। এসময়ত কংগ্ৰেছৰ আশীষধন্য মুছলমান বাংলাদেশীৰ সমৰ্থক সকলে এই এন আৰ চিৰ প্ৰক্ৰিয়াটোক Hack কৰিবলৈ সক্ষম হয় আৰু মাত্ৰ কিছুলোকক বাদ দি প্ৰায়বিলাক সন্দেহজনক মুছলমান বাংলাদেশীৰ নামেই এন আৰ চিত অন্তৰ্ভূক্ত হয়।
ইয়াৰ পৰা বিজেপিৰ দুটা লোকচান হয়,

ক) বদৰুদ্দিন আজমল আৰু মুছলমান বাংলাদেশীক বাধা দিয়াৰ প্ৰচেষ্টা বিফল হয়

খ) হিন্দু বাংলাদেশীসকলৰ নাম এন আৰ চিৰ পৰা বাহিৰ হোৱাত তেওলোকৰ হিন্দুত্বৰ এজেণ্ডাও ক্ষতিগ্ৰস্ত হয়।

গতিকেই তেওলোকে লৰালৰিকৈ (অৱশ্যে কাম আগৰ পৰাই চলি আছিল, প্লেন বি হিচাপে) এই বিধেয়কখন উত্থাপন কৰে। আনকি বিধেয়কখনৰ প্ৰস্তুতকালত কাৰ্কযৰী সমিতি খনৰ মাজতো বহু মতানৈক্য দেখা গৈছিল। অসমৰ পৰিস্থিতিত হব পৰা প্ৰতিক্ৰিয়াৰ পুৰ্বানুমান কৰিয়েই বহুতে এই বিধেয়কৰ পৰা বাংলাদেশক বাহিৰ কৰাৰ প্ৰস্তাৱ ৰাখিছিল, যিদৰে শ্ৰীলংকাক আঁতৰাই ৰখা হৈছে। পশ্চিম সীমান্তৰ ভগনীয়া সকলক লৈ কাৰো কোনো আপত্তি নাছিল। কিন্তু ভোটৰ জোৰতে সমিতিত এই বিধেয়ক চূড়ান্ত ৰূপ দিয়া হয়। এই বিধেয়কৰ জড়িয়তে বিজিপিয়ে তেওলোকৰ হিচাপত এন আৰ চিৰ দুয়োটা মূল বিফলতা আঁতৰাবৰ প্ৰচেষ্টা কৰে। আনকি সদনৰ বিতৰ্ক কালতো বিজেপিৰ সহযোগী কিছু দলেও এই বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পৰামৰ্শ দিয়ে আৰু বিধেয়ক সংশোধনীৰ প্ৰস্তাৱ ৰাখে ( দ্ৰষ্টব্যঃ- লোকসভাত বিজু জনতা দলৰ আলোচনা)

বিজেপিয়ে বৰ্তমান এই বিধেয়ক খন বিৰোধিতা কৰা লোকসকলক অবৈধ বাংলাদেশীৰ সমৰ্থক বুলি অভিহিত কৰিব বিছাৰে। তাৰ কাৰণো নোহোৱা নহয়। তেওলোকে গুৰুত্ব দিয়া কথাটো হ’ল- বদৰুদ্দিন আজমল আৰু অবৈধ বাংলাদেশী মূছলমানৰ আগ্ৰাসনে অসমীয়া জাতীয় অস্তিত্ব বিপদাপন্ন কৰিব, আৰু তাত কাৰো কোনো দ্বিমত নাই। গতিকে এই বিধেয়কৰ বিৰোধিতা কৰা মানেই বাংলাদেশী মূছলমানক বৰপীৰা পাৰি দিয়া।

আজমলৰ আগ্ৰাসন অসমীয়াৰ বাবে ভাবুকি, সেয়া সত্য; কিন্তু সেই আগ্ৰাসন এই বিধেয়কে কেনেকৈ ৰোধ কৰিব, সেয়া স্পষ্ট নহয়।

=অসমৰ ৰাইজে কিয় বিধেয়কখনৰ বিৰোধিতা কৰিছে?=

সামগ্ৰিক ভাৱে চাবলৈ গ'লে, এজন সাধাৰণ অসমীয়াৰ চকুত এই বিধেয়কখনৰ কেইটামান স্পষ্ট দূৰ্বলতা মন কৰিব পাৰি।

ক) এই বিধেয়ক খনে সাধাৰণ মানুহৰ মাজত এক খেলিমেলিৰ সৃষ্টি কৰিছে। অসমত মানুহে কোনো বাংলাদেশী নিবিছাৰে, সেইটো শেষ কথা। আজমলৰ লগতে সকলো বাংলাদেশীৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক শক্তি দেখি খিলঞ্জীয়া অসমীয়া সকল শংকিত। তেওলোকক চৰকাৰখনে ৰোধ কৰিব বুলি অসমবাসীয়ে আশা কৰে। কিন্তু এই বিধেয়কখনে দেখোন তাৰ বিপৰীতে কিছুমান বাংলাদেশীক থাপিবহে বিছাৰিছে, তাকো ধৰ্মৰ ভিত্তিত? ১৯৭১ চনৰ আগলৈকে অহা বাংলাদেশীসকলৰ বোজা ইতিমধ্যে অসমে ল’লেই, এতিয়া ২০১৪ চনলৈকে অহা খিনি কিয় লব? অসমৰ পৰা বাংলাদেশী ওলাই যাব লাগে, যি ধৰ্মৰে নহওক কিয়! সেয়া প্ৰত্যেকজন সাধাৰণ অসমীয়াৰে প্ৰথম ইচ্ছা। তাৰ বিপৰীতে এই বিধেয়কখন হ’লে ২০১৪ চনলৈকে এক বিশেষ ধৰ্মৰ বাংলাদেশীৰ অতিৰিক্ত বোজা লব লগা হব বুলি অসমৰ সাধাৰণ মানুহৰ ধাৰণা। হয় নতুনকৈ মানুহ নাহে, কিন্তু ১৯৭১ চনৰ পাছত অহা এজনো অবৈধ বিদেশীৰ বোজা অসমে লব নোখোজে। এই পৰিপ্ৰেক্ষিতত চৰকাৰে এই বিষয়টো ৰাইজক বুজাই দিয়া বা ৰাইজৰ আস্থা লাভ কৰাত সম্পূৰ্ণ বিফল হ’ল।

খ) অসমৰ হিন্দু খিনিৰ হিন্দুত্বৰ ধাৰণা আৰু উত্তৰ ভাৰত বা আন অঞ্চলৰ একে ধাৰণাটোৰ মাজত পাৰ্থক্য আছে, চৰকাৰে সেইকথাটো একেবাৰে আওকাণ কৰি আছে। বাবৰি মছজিদ ভঙা বা তেনেধৰণৰ মৌলবাদী কাৰ্যকলাপেৰে অসমৰ হিন্দুসকলৰ আস্থা লাভ কৰা কঠিন। অসমৰ মানুহখিনিয়ে এই মৌলবাদী হিন্দুত্ব অসমৰ ওপৰত জাপি দিব খোজাৰ বাবে সন্তুষ্ট নহয়। হিন্দুত্ব কাৰ্ডটো পোনে পোনে অসমত নচলে, সেই কথাটো আজিও বিজেপিয়ে বুজি উঠা নাই। বাবৰি মছজিদ ভাঙি ৰাম মন্দিৰ সাজিলেই অসমৰ সকলো হিন্দুৱে বিজেপিক ভোট দিব বুলি ভৱা ভুল। মোৰ হিচাপত আচলতে ভোট কমিবহে।

গ) বৰ্তমান অসম তথা উত্তৰ পূৱৰ ৰাজ্যবিলাকে যি প্ৰতিবাদ কৰিছে, তাৰ ৰাজনৈতিকৰ সমান্তৰাল ভাৱে এটা সাংস্কৃতিক কাৰণো আছে। এই বিধেয়কখনে সেই দিশটো একেবাৰে আওকাণ কৰা বুলি ভাৱ হয়।

অসম প্ৰবজনেৰে গঠিত হোৱা ৰাজ্য, কিন্তু আজিলৈকে সকলো প্ৰবজনকাৰীয়েই নিজ স্বকীয়তা বিসৰ্জন দি এটা সুকীয়া পৰিচয়ত বিলীন হৈ যোৱাৰ বাবেই অসমীয়া বুলি এটা জাতি লগতে সংস্কৃতি, ভাষা আৰু আবেগ গঢ়ি উঠিছে। এই অসমীয়া আবেগটো বহুত বেছি সংবেদনশীল, যিদৰে একেদৰে গঠন হোৱা আমেৰিকাৰ বাবে আমেৰিকান আবেগটো। কিন্তু অসমলৈ শেহতীয়াকৈ প্ৰব্ৰজন কৰা বাঙালীসকলে (হিন্দুৱেই হওক বা মুছলমানেই হওক) নিজকে হেৰুৱাই এই অসমীয়া পৰিচয়টোৰ সৈতে মিলি যোৱাৰ প্ৰচেষ্টা কৰা নাই। বৃটিছৰ সময়ত অহা কিছু বাঙালী লোকে অসমীয়াৰ হাজাৰ বছৰীয়া পৰম্পৰাক নস্যাৎ কৰাৰ চেষ্টা কৰাৰ কথা অসমীয়াই পাহৰা নাই। বহুতে ভাৱে যে বাঙালী সকলে কেৱল অসমৰ সম্পদ লুণ্ঠন কৰি জীয়াই থাকিব খোজে, এই ঠাইখনৰ প্ৰতি তেওলোকৰ কোনো সদিচ্ছা নাই। তেওলোকে সদায় নিজকে অসমীয়াতকৈ সকলো দিশতে ওপৰৰ প্ৰাণী বুলি ভাৱে। আৰু এই ধাৰণাটো সলনি কৰিবলৈ বাঙালী সকলেও বৰ বেছি প্ৰচেষ্টা কৰা দেখা পোৱা নেযায়। বাঙালীসকলৰ জাতি-ভাষা প্ৰেম অতুলনীয়। তেওলোক যতেই নেথাকক, তেওলোকৰ আত্মপৰিচয় সগৌৰৱে প্ৰকাশ কৰি ভাল পায়। গতিকে নিজৰ সকলো এৰি অসমীয়া নামৰ এটা পৰিচয় গঢ়ি তোলা মানুহখিনিৰ সৈতে তেওলোকৰ এটা সংঘাত স্বাভাৱিক ভাৱেই সদায়েই চলি আহিছে। সাম্প্ৰতিক কালতো ইউনিকোডত অসমীয়া লিপিৰ বিলুপ্তি, অসমৰ চাকৰি বাকৰিত বাঙালী লোকৰ সংখ্যাধিক্য, জানি শুনি শংকৰদেৱক চৈতন্য দেৱৰ শিষ্য বুলি বুকু ফুলাই কৈ ফুৰা, (যাৰ জন্ম গুৰুজনাতকৈ ৭৩ বছৰ পিছত হৈছিল), কবিগুৰু ৰবীন্দ্ৰনাথৰ সৈতে বেজবৰুৱাৰ সংগ্ৰাম, কেৱল অসমৰ খিলঞ্জীয়াৰ বাবে থকা অনুসূচিত জাতি জনজাতি সুবিধাবিলাকৰ মাজত বাংলাভাষীলোকৰ স্থানলাভ আদিয়েও এই ক্ষেত্ৰত অৰিহণা যোগাইছে। বিজেপিৰ চৰকাৰ খনে এইটো কথা অনুধাৱন কৰাত ভুল কৰিলে। এইক্ষেত্ৰত আমি পাহৰিলে নহব যে, যদিও ভাৰত বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল, ভআৰতৰ ৰাজ্যসমূহৰ গঠন কিন্তু ভাষাৰ ভিত্তিত হৈছিল। যি অসমীয়াই সকলো বিদেশীকে বঙাল বুলি কৈছিল, তেওলোকে কেৱল হিন্দু ধৰ্মৰ নামত বাঙালীসকলক আপোন কৰি নলয়। কেন্দ্ৰ চৰকাৰে সেই কথাটো বুজিব বুলি আশা কৰিব নোৱাৰি, ইয়াক ৰাজ্যিক বিজেপিৰ বিফলতা বুলিব পাৰি।

ঘ) এই বিধেয়কখন গৃহীত হ’লে কিমান মানুহে নাগৰিকত্ব পাব, সেই সংখ্যাটো সকলোতকৈ বৃহৎ খেলিমেলি। বিধেয়কখন বিৰোধিতা কৰা সকলে এই সংখ্যাটো এক বৃহৎ সংখ্যা বুলি কব খোজে, য'ত চৰকাৰ এই বিষয়ত একেবাৰে নিমাত।

ঙ) চৰকাৰে বাৰে বাৰে বুজাই আছে যে- এইখন বিধেয়ক কেৱল অসমত নহয়, সমগ্ৰ ভাৰততে প্ৰযোজ্য হব। হয়, এই বিষয়ে কোনো দ্বিমত বা সন্দেহ নাই। কিন্তু আন ৰাজ্যৰ তুলনাত অসমত এই বিধেয়কৰ কি প্ৰভাৱ পৰিব? এই হিচাপটো চৰকাৰে পোনপটীয়াকৈ ৰাইজৰ আগত তুলি ধৰিব পৰা নাই। এই বিধেয়ক সম্বন্ধে ভাৰতৰ আন ৰাজ্যত কোনো প্ৰতিবাদ হোৱা নাই, কেৱল অসমতে কিয় হৈছে? ইউৰোপতো বহু বাংলাদেশী আছে, সেইবুলি সেইবোৰ দেশত থকা বাংলাদেশীক ৰাজনৈতিক অধিকাৰ দিয়া হৈছেনে? গুজৰাটত থকা হোৱা এজন ভগনীয়া শিখ আৰু অসমত থকা এজন অবৈধ বাংলাদেশীৰ ইচ্ছা, ক্ষমতা, সাহস আৰু উচ্চাকাংখ্যা একে নহয়! বাংলাদেশী সকল অসমক চলে বলে কৌশলে নিজৰ কৰিব বিচাৰে, কেৱল সন্মানেৰে জীয়াই থকাই তেওলোকৰ উদ্দেশ্য নহয়। সেইবাবেই অসমৰ ৰাইজে এদিন বিদেশী বিতাৰণৰ বাবে আন্দোলন কৰিব লগা হৈছিল, গুজৰাটে কৰা নাই।

চ) এই বিধেয়কখন গৃহীত হ’লে অবৈধ মুছলমান বাংলাদেশী, যাৰ গৰিষ্ঠ সংখ্যকেই ইতিমধ্যে এন আৰ চি ত নাম সুমুৱাইছে, তেওলোক কেনেদৰে নিয়ন্ত্ৰণলৈ আহিব? এই সম্পৰ্কে কোনো স্পষ্ট ধাৰণা অসমৰ মানুহৰ মনত নাই, বিধেয়কখনতো নাই। কোনো অসমীয়াই নিবিচাৰে যে অবৈধ বাংলাদেশী মুছলমানে এদিন অসমখন গ্ৰাস কৰক। এই বিধেয়খনে তেওলোকক নিয়ন্ত্ৰণ কৰা সম্পৰ্কে কোনো স্পষ্ট ধাৰণা দিব পৰা নাই। যদি দিব পাৰিলেহেতেন, যদি অসমৰ মানুহে বুজি পালেহেতেন কিদৰে এই বিধেয়কখনৰ দ্বাৰা সেই ১১খন জিলাত আকৌ খিলঞ্জীয়াৰ সংখ্যা গৰিষ্ঠতা ঘুৰি আহিব, তেনে হয়তো দহ লাখ হিন্দু বিদেশীক গ্ৰহণ কৰাৰ কথাও এবাৰ চিন্তা কৰিলেহেতেন।

ছ) অসমৰ মানুহৰ কিছুমান গুণ আছে যিবিলাক আজিকালিৰ যুগত বুৰ্বকামি বুলিয়ে কব পাৰি। অসমীয়া মানুহ আবেগিক, ব্যৱসায় বুদ্ধি কম, অসমীয়া মানুহ হেপ্পী গ’ লাকী ধৰণৰ, অসমীয়া মানুহে সহজে আনক বিশ্বাস কৰে, অসমীয়া মানুহে সকলোকে মৰম কৰি সুখে শান্তিৰে থাকিব খোজে, অসমীয়া মানুহ কৰ্ম বিমুখ, অসমীয়া মানুহে সবলজনৰ ভৰিৰ তলুৱা চেলেকা আৰু দুৰ্বলজনক গচকি পেলোৱা, এই দুইটা কামেই সমানেই বেয়া পায়, অসমীয়া মানুহৰ Ego বেছি, ইত্যাদি। অসমৰ অতি সৰল সমাজব্যৱস্থা আৰু উভৈনদীকে ভৰি থকা সম্পদেই অসমীয়া মানুহক এনে চৰিত্ৰ প্ৰদান কৰিছে। অসমীয়া মানুহ জীৱিকাৰ বাবে আঁতৰলৈ যাবৰ প্ৰয়োজন নহয়, অসমীয়া মানুহৰ ভড়াল নাই কাৰণ তেওলোকে আকাল কি চিনিয়ে নেপায়। সেয়া অতীজৰ কথা। কিন্তু বৰ্তমানে অসমৰ সম্পদ কমি আহিছে, সকলো ব্যৱসায় বাণিজ্য, চাকৰি বাকৰিৰ এক বৃহৎ শতাংশ ইতিমধ্যে অনা-অসমীয়াৰ হাতলৈ গৈছেই। গতিকে অসমীয়া মানুহ শংকিত হৈ আছে। তাতে অসমীয়াৰ মাজত আজি কোনো শক্তিশালী, বিশ্বাসযোগ্য সৎ নেতাৰ অভাৱ। এনে পৰিস্থিতিত অসমৰ ৰাইজে স্বভাৱসূলভভাৱে উগ্ৰ প্ৰতিক্ৰিয়া কৰিব বুলি বিজেপিৰ চৰকাৰখনে অনুমান কৰিব নোৱাৰিলে। অসমৰ ৰাইজক বুজাত তেওলোকে একেবাৰে ভুল কৰিলে।

ঝ) এই বিধেয়কখনৰ সকলোতকৈ বৃহৎ বিফলতা হ’ল- এই বিধেয়কখনে আনকি বদৰুদ্দিন আজমল, আচাদুদ্দিন অৱৈছী আদিৰ দৰে লোকৰ প্ৰতি অসমীয়া ৰাইজৰ মনত এক সমবেদনাৰ সৃষ্টি কৰিলে, কাৰণ আজি তেওলোকে অসমীয়াৰ সামগ্ৰিক চিন্তাধাৰাৰ অনুকূলে মাত মাতিছে। তাৰোপৰি প্ৰায় নিশ্চিহ্ন হৈ পৰা, আৰু এসময়ত অবৈধ মুছলমান বাংলাদেশীৰ মুল পৃষ্ঠপোষক কংগ্ৰেছ দলেও নিজৰ স্থিতি সৱল কৰিবলৈ সুযোগ পালে। ২০১১ চনৰ বিধানসভা নিৰ্বাচনত অসমে তৰুণ গগৈৰ চৰকাৰখনক নিৰংকুশ সংখ্যগিৰষ্ঠতা দিয়াৰ এক অন্যতম কাৰণ আছিল বদৰুদ্দিন আজমলৰ বিৰূদ্ধে তেওৰ মুকলি স্থিতি। আনকি কেন্দ্ৰৰ হেঁচাতো তেও সৈমান হোৱা নাছিল। তাৰ পাছৰ নিৰ্বাচনতো বিজেপি জয়ী হোৱাৰ অন্যতম কাৰণ সেইটোৱেই আছিল। কিন্তু আজি এই বিধেয়কখনৰ পাছত কিছু অসমীয়াৰ মাজত স্বাভাৱিক ভাৱেই এনে ভাৱো উঠা দেখা গৈছে- “ বিজেপিতকৈ আজমলেই ভাল দেখোন, এই সময়ত অসমীয়াৰ ৰাইজৰ হকে মাত মাতিছে।" ই হব পাৰিছে কেৱল বিজেপিৰ অসমীয়া ৰাইজৰ আস্থা লাভ কৰাৰ অক্ষমতাৰ বাবে।

ঞ) এই সমগ্ৰ প্ৰক্ৰিয়াটোত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড আছিল সৰ্বানন্দ সোণোৱাল; হিমন্ত বিশ্ব শৰ্মাক অসমবাসীয়ে ভাল পালেও সদায় সন্দেহৰ চকুৰে চায়। মূখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়া কিবা কাৰণত বিজেপিয়ে এই ঘটনা ক্ৰমত মৌন হৈ থকাই উচিত বুলি ভাৱিলে, সোণোৱাল ডাঙৰীয়াইও কেন্দ্ৰৰ আদেশ পালন কৰিলে বোধহয়। শেষ কথা হ'ল বিজেপিয়ে এই ট্ৰাম্পকাৰ্ড ব্যৱহাৰ নকৰিলে। সৰ্বানন্দ সোণোৱালৰ ভাৱমুৰ্তিক ব্যৱহাৰ কৰিলে হয়তো আজি বিজেপি এনে সৰ্বাত্মক বিৰোধৰ মুখামুখী হব লগা নহ'লহেতেন, হলেও অলপ কম হ'লহেতেন। এই লেখকৰ বোধেৰে ই বিজেপিৰ আন এক ষ্ট্ৰেটেজিক বিফলতা।

=সমাপ্তিত=

আমাক কোনো বিদেশী নেলাগে, সেইটো বহুবাৰ কোৱা হ’ল- কেনেকে চিনাক্ত কৰে, কেনেকে বহিষ্কাৰ কৰে সেইবোৰ ভাৱি উলিয়াবলৈকে চৰকাৰখন পতা হৈছে। যদি পৰা নাই তেনে সেয়া চৰকাৰৰ বিফলতা। কাইলে বিষম পৰিস্থিতি হ’লে হয়তো বিজেপিয়ে কব, আমি চেষ্টা কৰিছিলো, তোমালোকেহে বাধা দিলা। সেইটোও সত্য।

অসমৰ সমস্যাবোৰৰ ৰূপ সদায়ে আঞ্চলিক, সৰ্বভাৰতীয় প্ৰেক্ষাপটত সেইবোৰ আলোচনাও কৰিব নোৱাৰি, সমাধানো কিৰব নোৱাৰি। গতিকে আমি নিজৰ সমস্যা নিজেই সমাধান কৰিব লাগিব। সেইবাবে এই মুহুৰ্তত অসমীয়াৰ বাবে এক সুস্থ, সৱল আৰু নিস্বাৰ্থ জাতীয়তাবাদৰ কোনো বিকল্প নাই। আৰু তাৰ নাম এজিপি নহয়, হোৱা হ’লে আমাৰ সৌভাগ্য হ’লহেতেন।

আৰু বহুত লিখিব লগা আছিল, কিন্তু ফেচবুকত কিছু সীমাবদ্ধতা আছে। বিষয়টোৰ এক সুস্থ আৰু যুক্তি সংগত আলোচনা আশা কৰিলো।


NB:- This was one of my highest shared posts in Facebook.


‌ফেচবুকৰ ম ন্তব্য

ইমান পুংখানুপুংখ ভাৱে,সবিস্তাৰে বিধেয়কখন সন্দৰ্ভত যিখিনি কথা লিখিছে,ইয়াৰদ্বাৰা বহুতৰে মনত থকা কিছু দ্বিধা বা প্ৰশ্ন আঁতৰ হ'ব ৷ এই লেখাতো কাকতত প্ৰকাশ হ'ব লাগে ৷

Very detailed and simply explained. Thanks

Especially like the point that it's because of BJP's wrong handling of the issue that some known sympathiser of Bangladeshi are now getting chance to behave like Jatiyatabadi. The entire narrative has now been shifted to a few thousands of Hindu Bangladeshi instead of lakhs of illegal Muslim infiltrators, thanks to BJP's wrong handling of this issue.

যুক্তিপূৰ্ণ আলোচনা এটাৰ জৰিয়তে বিধেয়ক খনৰ সম্পৰ্কে থকা দোমোজা আঁতৰ কৰিব বুলি আশা ৰাখিলো ৷

১। JPC ৰ নিৰ্দেশনা মতে অবৈধ বাংলাদেশীক সংস্থাপন অসমৰ কম জনবসতি অঞ্চলত চৰকাৰে কৰিব লাগিব। অৰ্থাত ৰজাঘৰীয়াই দাবী কৰা সেই ১৭ বিধানসভা আসনত "খিলঞ্জীয়া অসমীয়া প্ৰতিনিধিত্ব নকৰিবওঁ পাৰে। তেনে স্থলত ভৱিষ্যতে ৰাজনৈতিক অধিকাৰ খিলঞ্জীয়াৰ হাতত নাথাকিব। ঠিক ত্ৰিপুৰা সদৃশ ।
২। অসমীয়াৰ সংজ্ঞা নিৰূপন নকৰাকৈ কেৱল "অাসামী" বুলিলে বিদেশীওঁ "আসামী"তে পৰিব। সেয়ে অসম চুক্তিৰ clause 5 ক উলাই কৰিব নোৱাৰি।
৩। খিলঞ্জীয়া সম্পৰ্কে বিল খন নিমাত।
৪। কেৱল আশ্বাস দিছে ভাষা, জাতি সুৰক্ষাৰ কোনো নিৰ্দিষ্ট কাৰ্যপন্থা নাই চৰকাৰৰ।

সুন্দৰ বিশ্লেষণ । আপুনি সকলো পক্ষকে সামৰি সুন্দৰ বিশ্লেষণাত্মক তথ্য আগবঢ়ালে। কেইজন মানে আকৌ আপোনাক বিধেয়কৰ বিষয়ে কিছুমানে পঢ়িব কয় ! শ্বেয়াৰ কৰিছো।

অভিজিত দা, এই বিশ্লেষণাত্মক লেখা সময়ৰ তাগিদা আছিল। বহুজন উপকৃত হ'ব।

Thank you dada. Bor dorkar asil Kotha khini eneke bixodbhabe likhatu...

আপোনাৰ পৰা মই আশা কৰি আছিলো এনে এটি লিখনি । আপোনাক ধন্যবাদ দিছো ।


  • সুন্দৰ পৰ্যালোচনা ৷ অসমীয়া মানুহৰ এইবাৰৰ আবেগ পূৰ্বতৈ বহু তীব্ৰ ৷ ইয়াৰ মূল কাৰণটো যদিও বহু ক্ষেত্ৰত ৰাজনৈতিক বা খিলঞ্জীয়াৰ অধিকাৰ কেন্দ্ৰীক, প্ৰধানত: ইয়াৰ মূল কাৰণ অসমীয়া মানুহে নিজৰ ভাষাটোক খুব ভাল পোৱা কথাটোহে ৷ অসম আৰু অসমীয়া ভাষা আমাৰ পৰিচয় ৷ অসমত থাকি লুঙি পিন্ধাত অসমীয়াৰ আপত্তি নাই, অসমত থাকি দূৰ্গা পূজা পতাতো আপত্তি নাই ৷ গীৰ্জাত দেওঁবৰীয়া প্ৰাৰ্থনা কৰা বা খ্ৰীষ্টমাছ উদযাপনতো আপত্তি নাই ৷ মুছলমান বা বেংগলীয়ে বিধান সভাত আসন শুৱনী কৰাটো বোধহয় আপত্তি নাই ৷ কিন্তু অসমত থাকি অসমীয়া ভাষা আৰু সংস্কৃতিক উলাই কৰাটো অসমীয়াই কোনোকালে মানি ল'ব নোৱাৰে ৷ অসমত বাংলা ভাষাৰ প্ৰচলন বৃদ্ধি হোৱা মানে সেই মানুহখিনি অসমীয়াৰ পৰিবৰ্তে বাংলাদেশী বুলি নিজেই পৰিচয় দাঙি ধৰি অসমীয়াৰ গৌৰবোজ্জল ইতিহাসক অবজ্ঞা কৰা বুলি গণ্য কৰে অসমীয়াই ৷ তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বাংলাদেশী মূলৰ মানুহখিনিয়ে (হিন্দু বা মুছলিম যিয়েই নহওক) বাংলাভাষাৰ মাধ্যমেৰে এক আত্মীয়তাৰ ভাব প্ৰকট কৰে ৷ য'ত বাংলাভাষী হিন্দু বেংগলী আছে, ত'ত বাংলাভাষী মুছলমানো একে ঠাইতে সহবস্থান কৰে ৷ এই যোগসুত্ৰ বা সহবস্থানৰ একমাত্ৰ কাৰণ হ'ল বাংলা ভাষা ৷ এই ভাষাটোৱে বাংলাদেশমূলৰ মানুহখিনিক অসমীয়া মূলসুতিৰ মানুহখিনিৰ পৰা ক্ৰমান্বয়ে আতৰাই লৈ গ'ল ৷ ইয়াত অনুঘটকৰ কাম কৰিছিল কংগ্ৰেছে ৷ অসমৰ আজিৰ এই পৰিস্থিতিৰ বাবে একমাত্ৰ কংগ্ৰেছেই জগৰীয়া ৷ কিন্তু বিধিৰ কি বিপাক, আজি কংগ্ৰেছে সকলো পুৰণি কৃতিত্ব আওকান কৰি এক কৌশলগত জাতীয়তাবাদী ভাবধাৰাৰে পুনৰ খোপনী পোতাৰ পাং পাতিছে ৷ এই সমগ্ৰ পৰিঘটনা যদি সুক্ষ্মভাবে গমি পিতি চোৱা যায়, এই সংঘাটৰ অবসানৰ এটাই পথ অসমীয়াৰ সন্মুখত খোল খাই আছে যিটো কাৰো বাবে সুখকৰ নহ'ব, সেয়া হ'ল কটা-মৰা বা হিংসাৰ মুকলি প্ৰকাশ ৷ হঠকাৰী ৰাজনৈতিক নেতা কেইজনমানৰ বাবে অসমত আহি থকা দিনত তেজৰ নদী ব'ব ৷

    কিন্তু একে সময়তে সকলোৰে অগোচৰে অসমত বসবাস কৰি থকা বিহাৰী বা মাৰোৱাৰী বা আন ভাৰতীয় মুলৰ বনিক আৰু আন্ত:প্ৰবজনকাৰী বৃহৎ তথাকথিত অসমীয়া বা অসম নিবাসী শ্ৰেণী এটাই অসমৰ এই জলন্ত পৰিস্থিতিত নিৰাপদ দুৰত্বত অবস্থান কৰি সুযোগৰ সন্ধানত আছে ৷ আৰু এটা কথা, যিহেতু অসমীয়াই গত্যন্তৰহীন ভাবে আহি থকা দিনত হিংসুক হোৱাৰ বাট এটা ৰাজনৈতিক নেতাৰোৰে খুলি দিছে, সেয়ে আলফাৰ দৰে সংগঠন পুনৰ চৰ্চালৈ আহিছে ৷ হয়তু আহি থকা দিনত অসমে বহুত কিবা কিবি হেৰুৱাব, কিন্তু মই ভাবো এই সমগ্ৰ ঘটনা প্ৰবাহে অসমীয়াক পুনৰ এটা শক্তিশালী জাতি হিচাপে গঢ়ি তুলিব, যাৰ বাবে অত্যুৎসাহী পূৰ্ববংগীয় মুলৰ বেংগলী আৰু মুছলমানখিনি আটাইতকৈ নিগৃহিত বা ভুক্তভোগী হ'ব ৷

  • সকলো দিশ সামৰি কৰা এক অতি সুন্দৰ বিশ্লেষণ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত মই আজিলৈকে পোৱা আটাইতকৈ উত্তম আলোকপাত। শ্বেয়াৰ কৰিব পাৰোঁনে?
  • Geeta Dutta May like to go through. Abhijit did a great job .

  • #Abhijit_Kalita: ডাঙৰীয়া প্ৰথমে আবেগ বৰ্জিতভাৱে নিৰপেক্ষ ৰূপত লিখনীটো প্ৰস্তুত কৰা বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । এনেকুৱা সুস্থভাৱে কথাবোৰ মুকলিকৈ আলোচনাৰ, ৰাইজৰ জনোৱাৰ আগতীয়াকৈ প্ৰয়োজন আছিল যদিও চৰকাৰ একেবাৰে নিৰৱে থাকিল। ইয়াৰ বিপৰীতে বিলখনৰ বিৰোধিতাৰে কাহানিবাৰ পৰাই আৰম্ভ হৈচিল প্ৰতিবাদ । জনাই নজনাই ভুলে শুদ্ধই বহুকথা ৰাইজৰ মাজত প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিছিল । এতিয়া ই এক জাতীয় আন্দোলনৰ ৰূপ ল'লেই, গতিকে সকলো অনিশ্চিত হৈ পৰিল । ভা:জ:পা:-ৰ পৰিকল্পনাগত যিবোৰ দুৰ্বলতাৰ কথা আপুনি উল্লেখ কৰিছে তাতো মোৰ দ্বিমত নাই । আৰু এটা দুৰ্বলতা মোৰ দৃষ্টিত আহিছে (ভুল নে শুদ্ধ নাজানো) - ৰাজনৈতিক ভাৱে খিলঞ্জীয়াৰ অভেদ্য দুৰ্গৰ কথা কোৱা হৈছে তাত অন্ততঃ দুটা-তিনিটামান সমষ্টি অন্ততঃ খিলঞ্জীয়া মুছলমানৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগিছিল মূলত অসমৰ বাবে । কিয়নো বাস্তৱ ক্ষেত্ৰত অসমীয়া সমাজে এই খিলঞ্জীয়া মুছলমান সকলক ভাল পাই, এওঁলোকক লৈ শংকিত নহয় । এইটো হয়তো ভাজপা-ই নকৰিব তেওঁলোকৰ দলগত নীতিৰ পৰিপন্থী বা সাংবিধানিক অসুবিধা থকা বাবে । থকাহেতেন কিন্তু অসমীয়া সমাজে বেয়া নাপালে হয়, ধৰ্ম নিৰপেক্ষতাৰ গৰিমাত আঘাট নহ'ল হেতেন আৰু ৰাইজো কিছু হ'লেও সন্তুষ্ট হ'লহেতেন ।
  • Ujjwal Kumar Gohain

    সুন্দৰ, বিশ্লেষণাত্মক আৰু প্ৰাসংগিক হৈছে ৷ মোৰ FB বন্ধু Devasish Gogoi এ share কৰাৰ বাবে মই ইমানদিনে বিচাৰি থকা এনে এটা Post আপোনাৰ যোগে পঢ়িবলৈ পালোঁ ৷ নাগৰিকত্ব ( সংশোধনী ) বিধেয়ক, ২০১৬ক বিৰোধিতা কৰা বা সমৰ্থন কৰা বহুতেই এই বিধেয়ক খনৰ বিষয়ত একেবাৰে অজ্ঞ ৷ মই ভাবো আপোনাৰ এই বিশ্লেষণাত্মক লিখনিয়ে সকলোকে নিশ্চয় উপকৃত কৰিব ৷
    মই বহু আগতেই Netত এই বিধেয়ক খন পঢ়িছোঁ ৷

    এই বিধেয়ক খনে ভৱিষ্যতে হানি কৰিব পৰা কিছুমান স্পৰ্শকাতৰ বিষয় সমূহ উপেক্ষা কৰি ইমান সংক্ষিপ্ত আকাৰত প্ৰকাশ কৰিলে যেন ভাৰত এখন উন্নত ৰাষ্ট্ৰ আৰু ইয়াত মানৱ সম্পদৰ অভাৱ বা তেনেই জনসংখ্যা কম !

    দ্বিতীয়তে অবৈধ অনুপ্ৰৱেশকাৰী আৰু বহি ৰাষ্ট্ৰৰ পৰা আবেদন কৰা ইচ্ছুক নিপীড়িত বিদেশীৰ মাজত কোনো পাৰ্থক্য নাৰাখিলে ৷

    তৃতীয়তে যিসকল ইতিমধ্যে অসম বা ভাৰতত অবৈধ ভাবে অনুপ্ৰবেশ কৰি আছেহি সেইসকলক কেনেদৰে চিনাক্ত কৰিব যে তেওঁলোক প্ৰকৃততে নিপীড়িত হয়নে নহয় ৷ বা যি সময়ত তেওঁলোক অনুপ্ৰৱেশ কৰিছিল, সেই সময়ত সেই নিৰ্দিষ্ট বহি ৰাষ্ট্ৰত তেনে নিপীড়ন হৈছিল নে ইত্যাদি ইত্যাদি ৷
    → যদি ৰাষ্ট্ৰই মানৱতাৰ খাতিৰত এই সকলক নাগৰিকত্ব প্ৰদান কৰিবই বিচাৰিছে, তেনেহলে জনসংখ্যাৰ অনুপাতে ইহঁতক বিভিন্ন ৰাজ্যত সংস্থাপন কৰিব নে ?

    এই বিধেয়ক খন অসম্পূৰ্ণ হোৱাৰ লগতে ইমানেই ছিদ্ৰ আছে যে অসম নালাগে, এদিন গোটেই ভাৰতৰ বাবেই বিপদ হব ৷

    সেয়ে আপোনালৈ অনুৰোধ থাকিল যাতে বিধেয়ক খনত থকা এনে আঁসোৱাহ বোৰ পাৰিলে বিশ্লেষণ কৰি আপোনাৰ লিখনিৰ দ্বাৰা দাঙি ধৰিব ৷

    শেষত আপোনাৰ অজ্ঞাতে আপোনাৰ Wallত অনুপ্ৰৱেশ কৰাৰ বাবে ময়ো ক্ষমাৰ প্ৰাৰ্থী ৷
  • মই ভাবো , চৰকাৰে সময় থাকোতেই অসমৰ সকলো দল-সংগঠন, ৰাজনৈতিক নেতা , বুদ্ধিজীৱী আৰু সমাজৰ সকলো স্তৰৰ ব্যক্তি সকলৰ সৈতে আলোচনা কৰিব লাগে । এদিন , দুদিনত নহ'লে ১০/১৫ দিন ধৰি আলোচনা কৰি এই সমস্যাৰ সমাধানৰ সূত্ৰ এটা উলিয়াব লাগে । আমি সকলোৱে আবেগ, স্বভিমান পৰিহাৰ কৰি এই আলোচনা কৰিব লাগে । এই আলোচনাত ধৰ্ম বিষয়টো সম্পূৰ্ণ ভাবে বাদ দিব লাগে আৰু অসমীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষাৰ বিষয়টো মূল বিষয় হ'ব লাগে , দৰকাৰ হ'লে দ্বি-নাগৰিকত্ব বিষয়েও আলোচনা হ'ব লাগে । মানৱতাৰ দিশটো অলপ গুৰুত্ব দি অলপমান এৰাধৰা কৰি আলোচনা কৰিব লাগে । নহ'লে কেন্দ্ৰীয় চৰকাৰে যি তৎপৰতা দেখুৱাইছে , বিল খন আইনত পৰিণত কৰিব যেন লাগিছে । দল-সংগঠন সমূহেও সময় থাকোঁতে আবেগ পৰিহাৰ কৰি চৰকাৰৰ সৈতে সোনকালে আলোচনাত বহিবলৈ লাগে নহ'লে পৰিস্থিতি আৰু ভয়াবহ হ'ব । কাৰণ আমি সকলোৱে জানো , বিল খন আইনত পৰিণত হ'লে অহা কেইবছৰমানৰ ভিতৰতে আমি অসমতে ভাষিক স্ংখ্যলঘু হম। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে একো নেথাকিব । আমি এইটোও ভালদৰে জানো অসমৰ পৰা অবৈধ বিদেশী খেদাটো ইমান সহজ কাম নহয়। মোৰ ব্যক্তিগত অনুভৱ , আন্দোলনৰ মাধ্যমেৰে নহয় , আলোচনাৰ মাধ্যমেৰে এই সমস্যাৰ সমাধানৰ উপায় ওলাব । অসমত বহুত আন্দোলন দেখিলোঁ কিন্তু সমস্যাৰ সমাধান নেদেখিলো । আপোনাক বহুত ধন্যবাদ জনালো এই সুন্দৰ বিশ্লেষণৰ বাবে ।
  • অভিজিত, এক নিৰপেক্ষ বিশ্লেষণ আগবঢ়োৱাৰ বাবে তুমি ধন্যবাদৰ পাত্ৰ। আচলতে ৰাজ্যিক চৰকাৰে কামটো বহুত অধ্যয়ন কৰি সতৰ্কতা সহ কৰাহ'লে পৰিস্থিতি ইমান বিষম নহ'ল হেঁতেন

  • @Abhijit Kalita nice explanation. time to think with cool mind instead of emotion. with due permission can I share in my wall? #Thank you

  •  Hemanta Kakati

    বৰ ভাল লাগিল অভিজিত৷ সুন্দৰ বিশ্লেষন৷ লেখাটো সেইখন মান বাতৰি কাকতলৈ পঠাই দিয়া৷ সমগ্ৰ অসমৰ মানুহে পঢ়ক, যদিহে প্ৰকাশ কৰে৷

    গোটেই পৰিঘটনাটো ময়ো পৰ্য্যবেক্ষন কৰি তোমাৰ লগত একমত হৈছো৷ সমস্যাবোৰ গম পাইছোঁ, কিন্তু সমাধান সূত্ৰ ক'ত? সেইটোও এটা গুৰুত্বপূৰ্ণ কথা৷

    মই ভাবো কোনো কালেই বাংলাদেশী বোৰ অসমৰ পৰা বিতাৰিত নহয়৷ কাটাতাৰৰ বেৰ হেনো এতিয়াও পাৰ হয়৷ চতুৰ ৰাজনীতিবিদ সকলৰ পাশাখেল চলিয়েই থাকিব৷ অসমৰ ডেম'গ্ৰাফী বদলি কৰিব পৰা শক্তি হ'ল আজি বাংলাদেশীৰ৷ কিছু মানুহৰ মনত কাট্টাৰ হিন্দুত্ববাদৰ আগমন হোৱাত এই কথাটোৱেও সহায়ক হৈছে৷ সমাধান সূত্ৰ কোনো গনতান্ত্ৰিক পদ্ধতিৰে অনাটো প্ৰায় অসম্ভৱ যেনেই লাগে৷ অসমীয়া মানুহৰ কৰ্মবিমুখতা, আৰু সহজে প্ৰলোভিত হোৱা স্বভাৱ ইয়াৰ ঘাই অন্তৰায়৷ ৱৰ্ক পাৰমিট এণ্ড ন' চিটিজেনশ্বিপ, চৰকাৰী সা সুবিধা কৰ্তন, বাধ্যতামূলক জনসংখ্যা নিয়ন্ত্ৰনৰ আচনি - এই ধৰনৰ শক্তিশালী চৰকাৰী হস্তক্ষেপে হয়তো সমস্যাটো কিছু পৰিমানে উপশম কৰিব পাৰিব৷ স্বাৰ্থলোভী ৰাজনীতিবিদ সকল দিচপুৰ আৰু দিল্লীৰ সংসদত থকালৈ বিশেষ আশা কৰাটোও নিৰৰ্থক৷ যি দেখিছো আকৌ আশীৰ দশকৰ ভয়াবহ পৰিস্থিতি ঘুৰি আহিব পাৰে৷ সদ্যহতে বিলখন ঠাণ্ডা বস্তাত পেলাই থৈ নতুনকৈ চিন্তা ভাৱনা কৰা দৰ্কাৰ৷


    No comments:

    Post a Comment