Wednesday, January 22, 2020

=দৈহিক=

কামনা বাসনা অপৱিত্ৰ বস্তু! মানুহৰ গাত থকা কামনা বাসনা আচলতে একপ্ৰকাৰৰ ৰোগ!! যৌনতাৰ কথা কোৱা পাপ!! মহিলাৰ বাবেটো একেবাৰেই নিষিদ্ধ!! মহিলাৰ ভিতৰত কেৱল বেশ্যাৰ হে কামনা বাসনা থাকিব পাৰে!!

ৰব, এয়া বাতুলামি নহয়, বৰঞ্চ অসমীয়া সমাজৰ এক অলিখিত নিয়ম! আৰু এই শুচিবায়ুগ্ৰস্ততা ই বৰ বেয়াকৈ চুই গৈছে অসমীয়া সাহিত্যকো। আন কলাকো! ন্যুড অঁকা অসমীয়া শিল্পীক চৰিত্ৰহীণ বুলি ভৱা হয়, তেনে আৰ্টৰ প্ৰদৰ্শনী নহয়। অৱশ্যে মাজে মাজে দুই এটা ব্যতিক্ৰম দেখা পাও, আজি তেনে এক সাহসী ব্যতিক্ৰম দেখা পালো এই মাহৰ 'সাতসৰী'ত প্ৰকাশিত জুৰী বৰা বৰগোঁহাইৰ "দৈহিক" নামৰ গল্পটোত।

কিন্তু যৌনতা সচাকৈয়ে পাপ নে? যৌনতাৰ কথা পতাতো সঁচাকৈয়ে Taboo জানো? আমিনো কোনে নেজানো যে, ভোক- পিয়াহ, উশাহৰ দৰেই যৌনতাও মানুহৰ এক প্ৰাকৃতিক প্ৰবৃতি, তাক নস্যাৎ কৰি কৰা এই তথাকথিত শুচিবায়ুগ্ৰস্ততা একধৰণৰ হিপ'ক্ৰেছী নহয় নে? মোৰ বোধেৰে হয়। আমি যদি খাদ্যৰ অভাৱৰ বাবে হোৱা মানুহৰ কষ্টক লৈ গল্প উপন্যাস লিখিব পাৰো, তেনে যৌনতাৰ অভাৱক লৈ কিয় নোৱাৰো? এই সাহস কৰিছে জুৰী বৰা বৰগোঁহায়ে।

দুগৰাকী বিবাহিতা মহিলা, সদ্য বিবাহিতা গাঁৱলীয়া মহিলা দুইগৰাকীৰে স্বামী মাহ মাহ ধৰি কামৰ প্ৰয়োজনত আঁতৰত থাকে। তাৰে এগৰাকীয়ে আন এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰে, ইগৰাকীয়ে গম পাই! প্ৰথমতে আশ্চৰ্য, তাৰ পাছত লাহে লাহে ইৰ্ষাৰ দাবানলে দহি পেলাই মানুহগৰাকীক। আৰু বহু দিন নিজৰ মাজতে যুঁজ বাগৰ কৰি এদিন নায়িকাইে আনগৰাকীৰ পৰা সেই যুৱকজনক ধাৰলৈ খোজে, এৰাতিৰ বাবে।

জুৰীৰ লিখনি সম্পৰ্কে আলোচনা কৰাৰ ধৃষ্টতা নকৰো, কেৱল কম, এটি নিটোল গল্প, তেওৰ আনবিলাক গল্পৰ দৰেই। কিন্তু যিটো বিষয় তেও বাচি লোৱাৰ সাহস কৰিছে, তাৰ বাবে তেও ধন্যবাদৰ পাত্ৰ। পাঠক হিচাপে মই গল্পটোত এক সুক্ষ্ম মানৱীয় আবেদন আৰু সততা বিছাৰি পালো। মোৰ মনত কিছু প্ৰশ্ন জাগিল, যিবোৰ প্ৰশ্ন মই আগতে নিজকে কৰিবলৈ সাহস কৰা নাছিলো। হয়তো সেই শুচিবায়ুগ্ৰস্ততাই মোকো চুইছিল অলপ। সেয়ে পাঠক হিচাপে মোৰ বাবে 'দৈহিক' এক সফল গল্প।

অসমীয়া সাহিত্যৰ মংগল আৰু স্থায়িত্বৰ বাবেই কিছুমান জেওৰা ভাঙিবৰ হ'ল।

বি. দ্ৰ. :- যিসকল পাঠকে এনে গল্পত সুৰসুৰনি তোলা মছলা বিছাৰি পায়, তেওলোকক কও, আপোনালোকে Erotica বা Pornography কাক কয় নেজানেই। আজিকালি ইণ্টাৰনেট হ'ল- হাতৰ মুঠিতে সকলো পোৱাৰ ব্যৱস্থা হ'ল- নিজকে অলপ আপডেট কৰক হে!

No comments:

Post a Comment