Wednesday, January 22, 2020

==এডাল মালা আৰু এজন ওখ মানুহ==

এসময়ত এখন প্ৰাচীন ফুলনি আছিল, অতি প্ৰাচীন। তাত নানান ৰঙৰ ফুল নিজ ইচ্ছাৰে নিজ সময়মতে ফুলি আছিল। ফুল দেখি ভোমোৰাও আহিছিল, কেতিয়াবা উদঙীয়া গৰু সোমাইছিল, কোনোবা হিংসাকুৰীয়া মানুহে কেতিয়াবা এনেই কোবাই ফুলনিখন তহিলং কৰিছিল। এসময়ত এনে এটা দিন আহিল যে, অত্যাচাৰীবোৰে ফুলবোৰক নিজৰ মতে ফুলিবলৈকে নিদিয়া হ’ল- এটাই বোলে ধেই এইটো ৰঙ ভাল নহয়, তই ৰং সলাই বগা হ। আন এটাই বোলে ইমান অকণমানি ফুল হলে কিডাল হব। ডাঙৰ হব লাগে, ইমাআআআআন... ডাঙৰ হব পাৰিলেহে ফুল, নহ’লে কিটো হব? ফুলবোৰে বুজিয়েই নোপোৱা হ’ল- কি ভাল কি বেয়া। বহুদিন ফুলবোৰ আনৰ ইচ্ছা আকাংখ্যা পুৰা কৰিয়ে চলি আছিল। উত্থান পতন বহুত আহিল, কিন্তু শেষত যেনেকৈয়ে নহওক, ফুলবোৰে এসময় নিজৰ ইচ্ছাৰে ফুলাৰ অধিকাৰ পালেগৈ।

এজন বৰ ওখ মানুহ আছিল, পৃথিৱীৰ সকলোতকৈ ওখ মানুহ। কিছুমানে মিলি তেওক দ্বায়িত্ব দিলে বোলে- নাই, ফুলসোপা এনেকে থকা ভাল হোৱা নাই। তুমি ফুলবোৰেৰে এধাৰ মালা গাঁঠা। মানুহজন কিন্তু বৰ হিম্মত থকা মানুহ আছিল, মালা গাঁঠিম বুলি থিৰ কৰিলে যি, এদিন গাঁঠিহে এৰিলে। বৰ জাকত জিলিকা, দহো ৰাইজে জনা মালা এডাল হ’লগৈ সেইডাল। দুই এপাহ ফুলে অৱশ্যে মালাত নোলমো, অকলেই ফুলিম বুলি হেঁহো নেহো কৰিছিল; কিন্তু ওখ মানুহজনৰ একে ধমকিতে চুপ থাকিল। গৰিষ্ঠসংখ্যক ফুলেই মালাডালৰ অংশ বুলি পৰিচয় দিবলৈ ভাল পোৱা হ’ল। মালা ডাল হোৱাত বৰ ভাল হ’ল। সকলোৱে সজ সজ বুলিলে।



পিছে মালা গঁঠা কামটো নিখুঁত নাছিল। হবই বা কেনেকৈ? দহো ফুলৰ দহো মত। আজিলৈকেনো কোনেনো এটাও খুঁত নোহোৱাকৈ মালা গাঁঠি পাইছে? সৰু সুৰা গন্দগোল থাকেই। ফুলনিখনৰ ফুলবোৰ নানান আকাৰ, ৰঙ আৰু গোন্ধৰ আছিল। সকলো ফুল মিলাই মালাডাল গঁঠা হ'ল। শেষত পিছে মালাডালত দুই এপাহ সৰু ফুল ডাঙৰ ফুলৰ তলত লুকাই পৰিল, সেইপাহ ফুল আছে নে নাই ধৰিবলৈকে অসুবিধা হ’ল। বা উজ্জ্বল ৰঙা ৰঙৰ ফুলপাহৰ কাষতে থকা পাতল সেউজীয়া ফুলপাহ সহজে ৰাইজৰ চকুত নপৰা হ'ল। যদিও সৰু ফুল দুই এপাহৰ সেই কথাটো অলপ অসন্তোষ আছিল, তেওলোকে কিন্তু মালাডাল লৈ গৌৰৱেই কৰিছিল।

লেঠা লগালে মালাডালৰ মালিকসকলে।

মালিকসকলে এসময়ত ভাৱিলে, এই যে ফুলবোৰৰ নানান ৰঙ, নানান গোন্ধ, এই কথাটোৱে মালাডালৰ সৌস্থৱ বিনষ্ট কৰিছে। সকলো ফুলৰ ৰঙ আৰু গোন্ধ একে হব লাগে। বচ ভৱামতেই কাম, সকলো ফুলৰ ওপৰত নিজৰ পচণ্ডৰ শক্তিশালী এক্ৰিলিক ৰঙ লগোৱা হ’ল। ফুলবোৰৰ প্ৰকৃতিক গোন্ধ আঁতৰাই, উগ্ৰ কৃত্ৰিম সুগন্ধি ছটিয়াই দিয়া হ’ল। মালাডাল একেৰঙী আৰু একে গোন্ধৰ হৈ পৰিল।
মালিকসকলে নিজৰ 'কলাকাৰী দেখি নিজেই বাহ বাহ বুলিলে। ডাঙৰ পাৰ্টি হ’ল, খানা-পীনা চলিল। পিছে উগ্ৰ সুগন্ধি আৰু ৰাসায়নিক ৰঙৰ প্ৰকোপত ফুলবোৰ লাহে লাহে মৰহি যাব খুজিলে। মালিকসকলৰ কিন্তু সেইবোৰ খবৰ নাই, একেৰঙী মালাডাল লৈ তেওলোকে আনন্দেৰে থাকিল।
কিছুদিন পাছত মালাডালৰ মালিক সলনি হ’ল. ফুলবোৰে ভাৱিলে, এইবাৰ পৰিস্থিতি সলনি হব, আমাৰ ভালৰো ভাল দিন বোৰ দেখিম আৰু। আমি আকৌ নিজৰ ৰঙ আৰু সুগন্ধি ঘুৰাই পাম।

পিছে নেচেল। নতুন মালিকে আকৌ বুজিলে, মানে আগতেই বুজিছিল চাগে, ফুলবোৰেহে আন কিবা ভাৱি আছিল- আগৰ মালিকৰ ভুল আছিল ৰং আৰু গোন্ধ নিৰ্বাচনত। বাকী উদ্দেশ্য ঠিকেই আছিল। গতিকে এইবাৰ তেওলোকে নিৰ্দেশ দিলে- আগৰ ৰঙ গুচাই নতুনকৈ তেওলোকৰ পচণ্ডৰ ৰঙ ঘঁহিব লাগিব। আগৰ সুগন্ধিটো ভুল আছিল, তেওলোকৰ সুগন্ধিহে ভাল। ভৱামতই কাম- আগৰ ৰঙৰ ওপৰত টাৰ্পিনটাইন তেল ঘঁহি ঘঁহি গুচাই, চিৰিচ কাগজ মাৰি, তাৰ ওপৰত নতুন মালিক পক্ষৰ ৰঙ লগোৱাৰ প্ৰচেষ্টা চলিল, ডেকা গাভৰুৰ মাজত নতুনকৈ জনপ্ৰিয় হোৱা, টিভিত সদায় দেখুৱাই থকা এটা সুগন্ধি উৱাদানিকৈ স্প্ৰে' কৰা হ'ল।

এই কামবোৰ কৰি থাকোতে কোনেও মনেই নকৰিলে যে ফুলবোৰ এপাহ এপাহকৈ মৰহিবলৈ আৰম্ভ কৰিছে। ডাঙৰ ফুল, বেছি সুগন্ধ থকা ফুল, সৰু ফুল, অনুজ্জ্বল ফুল, নিৰ্বিচাৰে সকলো ফুল মৰহিবলৈ ধৰিছে। নতুন ৰূপৰ নতুন সুগন্ধৰ মালা দুনীয়াক দেখুৱাবলৈ উত্ৰাৱল হৈ থাক মালিকে কথাটো মনেই নকৰিলে, কৰাৰ সময়ো নাছিল।

সোনকালেই আকৌ চাগে মালিক সলনি হব, নহবও পাৰে। যদি সলনি হয় তেনে আকৌ কি ৰঙ আহে কি ঠিক? নতুন মালিকৰ বা পচণ্ডৰ ৰং কি, তাকে লৈ ফুলবোৰৰ অলপ টেনচন নোহোৱা নহয়!
আজিকালি ফুলবোৰে নিজৰ মাজতে কথা পাতি ভাৱে, হয়তো নিজস্ব বৈশিষ্ট থকাটোৱেই তেওলোকৰ সকলোতকৈ ডাঙৰ ভুল আছিল।

ফুলবোৰ আচলতে ইউনিফৰ্ম হব লাগিছিল, মিলিটাৰীৰ দৰে। চাৱধান, বিচ্ৰাম, কদম তোল, কদম থাম, চিধে চল, বাজু শস্ত্ৰ, ...................................... ফায়াৰ!!

****


বি. দ্ৰ. :- হিন্দী  ব্যংগ বৰ বেছি পঢ়া নহয়, সুবিধাও নাই। কিন্তু 'ফটাঢোল' আলোচনীৰ অনুবাদ শিতানৰ যোগে বেছ কিছু হিন্দী ব্যংগৰ সৈতে পাঠক হিচাপে পৰিচয় হল। হিন্দী ব্যংগৰ কিছু বৈশিষ্ট আছে, যেনে ধৰক এক শিশুসুলভ সৰলতা, অধিক ৰূপকধৰ্মীতা, আদৰ্শবাদী ৰাজনৈতিক সচেতনতা, সাধুধৰ্মীতা ইত্যাদি। পিছে এইবোৰ সকলো বিশ্লেষণ মোৰ নিজৰ বুধি-বিবেচনামতেহে দেই, পণ্ডিতসকলে কি কয় নেজানো। আৰু সেই বিবেচনামতেই হিন্দী ব্যংগৰ কৌশলত এটি সৰু লেখা আগবঢ়ালো। বক্তব্য সুস্পষ্ট কৰাত অলপ ত্ৰুটি ৰৈ যোৱা যেন মই নিজেও দেখিছো, এইবাৰ কৌশলতহে বেছি জোৰ দিয়া হ'ল। ৰাইজে ভাল পালে আকৌ ভৱিষ্যতে চেষ্টা কৰা যাব।

No comments:

Post a Comment