Wednesday, January 22, 2020

চিনেমাৰ বিষয়ে দুটামান কথা

কিতাপ এখন পঢ়োতে skip কৰিব পাৰি, সেই সুবিধাটো আছে। পাঠকৰ গ্ৰাহ্য ক্ষমতা আৰু সোৱাদ অনুসৰি সকলো পাঠকেই skip কৰে। আগতে পঢ়ি থাকোতে স্কিপ কৰা কামটো চুৰি যেন লাগিছিল, নিজৰ পঠন ক্ষমতা বা ধৈৰ্যৰ ওপৰত সন্দেহ হৈছিল।

কিন্তু পিছত চমাৰচেট মমে লিখা পঢ়িলো, বোলৰ স্কিপ কৰাতো নিয়মেই, ব্যতিক্ৰম নহয়। পঢ়াত গতি বজাই ৰখা বেছি গুৰুত্বপূৰ্ণ, ডিটেইলচ নহয়। আৱশ্যক হলে ঘুৰি আহিও পঢ়িব পৰা যায়। কথাখিনি জানি পুৰণিকলীয়া দোষবোধ এটাৰ পৰা মুক্ত হলো।যিকোনো পাঠকৰ বাবেই সাধাৰণতে যিকোনো লিখাতে স্কিপ কৰিব লগীয়া অংশ থাকে, সেয়া লেখকৰ দোষ নহয়, পাঠকে লিখাতো কিদৰে গ্ৰহণ বা হজম কৰিব বিছাৰে, তাৰ দোষ।



কিন্তু চিনেমাত সেই সুবিধাটো নাই। চিনেমা এক কঠিন শিল্প। চিনেমা চাই থাকোতে এজন দৰ্শকে স্কিপ কৰিব লগা সৰু অংশ এটা আহিলেও, উপভোগত যতি পৰে, চিনেমাখনৰ টোটেল মাৰ্কো কমি যায়। সেয়ে মই হল বা টিভিতকৈ ইউটিউব, নেটফলিক্স, বা নহলে ডাওন লোড কৰা চিনেমা চাইহে সুবিধা পাও।

মোৰেই হয়তো দূৰ্বলতা, আজিলেকে পৃথিৱীত যিমান ক্ৰিটিকেলী এক্লেইমড, ৰিভলিউচনেৰী, পাথ ব্ৰেকিং, ক্ৰান্তিকাৰী, কলাত্মক চিনেমা চাইছো, সকলোতে মই স্কিপ কৰিব লগা সময় এটা নহয় এটা পাইছোৱেই। কেইখনমানতটো কেইটামান সুৰসুৰি দিয়া দৃশ্য বাদ দি প্ৰায় গোটেইখনেই স্কিপ কৰিছো বুলিব পাৰি।

তাতকৈ বহু ব্যৱসায়িক চিনেমাত উশাহ ঘুৰাবলৈকে সময় নোহোৱা টাইট স্ক্ৰিপ্ত দেখিছো। এটাও সুৰুঙা নথকা চিত্ৰনাট্যৰে কলাত্মক চিনেমা বনোৱাত তো একো অসুবিধা থাকিব নেলাগে, মোৰ অনুমান
(মোৰ চিনেমাৰ জ্ঞান শূন্যৰ ওচৰে পাজৰে, সীমিত অভিজ্ঞতাৰে কোৱা কথা দেই)

No comments:

Post a Comment