Wednesday, January 22, 2020

আমিষ


প্ৰথমতে আন এখন চিনেমাৰ কথা কও, কিছুবছৰৰ আগতে ওলাইছিল চিনেমাখন, নাম আছিল A Serbian Film. ভাল নে বেয়া নকও, অফবীট চিনেমা আছিল। “থীম” আছিল আণ্ডাৰগ্ৰাউণ্ড পৰ্ণ। তেতিয়া আছিল টৰেণ্টৰ যুগ, ডাওনলোড কৰি, ঘৰৰ সকলোকে শুবলৈ পঠাই, দূৱাৰ বন্ধ কৰি চিনেমাখন চাবলৈ লৈছিলো। অলপ চোৱাৰ পাছত কিবা এক অদ্ভূত অনুভৱে ক্ৰিয়া কৰিছিল মনত, চিনেমাখন চোৱাৰ বাবে নিজকে দোষী বুলি অনুভৱ কৰিছিলো। আধাতে বন্ধ কৰি শুবলৈ উঠি গৈছিলো, কিন্তু টোপনি অহা অসম্ভৱ আছিল, অস্থিৰ হৈছিলো, হতাশাত ভুগিছিলো, খং উঠিছিল। আৰু সেই খঙৰ ভমকতে শোৱাৰ পৰা উঠি আহি চিনেমাখন ডিলিট কৰিছিলো, যাতে ভৱিষ্যতে কেতিয়াও ভুলতো চাব লগা নহয়, চিনেমাখনৰ নামটোও চাবৰ মন নাছিল। কিন্তু চিনেমাখনৰ আৱেশৰ পৰা মুক্ত হব নোৱাৰিছিলো, পাহৰিব পৰা নাছিলো। কিছুদিনৰ মূৰত আকৌ ডাওনলোড কৰিছিলো। আকৌ চাইছিলো, সেইবাৰ পাৰিছিলো।

কথাখিনি কব লগা হ’ল কাৰণ মই বহুতো এনে ধৰণৰ চিনেমা চাইছো, “টেক্সাছ চেইনশ্ব মাছেকাৰ”ৰ দৰে বীভৎস ৰসাত্মক চিনেমা হেলাৰঙে উপভোগ কৰিব পৰা মানুটোৱে কিয় চিনেমাখন চাব নোৱাৰিছিলো? হেনিবেল, আদি চিনেমাবোৰ উপভোগ কৰাত মোৰ একো অসুবিধা নাই। তেন্তে এ চাৰ্বিয়ান ফিল্ম চাই মই কিয় ইমান প্ৰতিক্ৰিয়া কৰিছিলো? আকৌ মই পিছত কিয় চালোগৈ? সেইটো মোৰ বাবে বহুদিনলৈকে এটা অবুজ সাঁথৰ হৈ আছিল। পিছত অনুভৱ কৰিলো, সেই চিনামখনৰ মোৰ দেহ মন, ৰুচিবোধক জোকাৰি গৈছিল, সেয়ে প্ৰথমতে মোৰ ঋণাত্মক প্ৰতিক্ৰিয়া হৈছিল। কিন্তু চিনেমাখন যে আকৰ্ষণীয় আছিল, তাত কোনো সন্দেহ নাই।



আমিষ চালো। প্ৰথমতে কাহিনীটোৰ কথা নকও, সেই বিষয়ে ইতিমধ্যে বহুত আলোচনা হৈছে, পিছলৈ আহিম। আগতে বাকী দিশবোৰ আলোচনা কৰোঁ।

প্ৰথমতেই কব লাগিব script ৰ কথা। এনে কম্পেক্ট আৰু বুদ্ধিদীপ্ত স্ক্ৰীপ্ট অসমীয়া নেলাগে ভাৰতীয় চিনেমাতে বিৰল। এটা কঠিন মনস্তত্বাত্বিক বিষয় এটাৰ ওপৰত ইমান স্পষ্ট আৰু গতিময় চিত্ৰনাট্য দেখিলেই বুজা যায়, পৰিচালক আৰু চিত্ৰনাট্যকাৰৰ চিনেমাৰ “ভাষা”টোৰ ওপৰত সাংঘাটিক দখল আছে। চৰিত্ৰ বিলাক উপস্থাপন কৰিবলৈ একেবাৰে কম সময় লৈছে। এজন দৰ্শকৰ বাবে মূল চৰিত্ৰ কেইটা বুজি উঠিবলৈ আৰম্ভনিৰ মাত্ৰ কেইটামান মিনিটেই যথেষ্ট। পাৰ্শ্চ চৰিত্ৰবোৰো বেছি সময় খৰছ নকৰাকৈয়ে সাৱলীল আৰু স্পষ্ট ভাৱে প্ৰতিষ্ঠা কৰিছে। উদাহৰণ তেনেই কম সময়ৰ বাবে ওলোৱা দিলীপ চৰিত্ৰটোৰ ব্যক্তিত্ব আৰু গুৰুত্ব অতি সফলতাৰে উপস্থাপন কৰা হৈছে। দৰ্শকৰ বাবে বাস্তৱৰ পৰা অধিবাস্তৱিক দৃশ্যলৈ (যেনে সপোনৰ দৃশ্যটো) ‘ট্ৰেনজিচন’ সুগম। মোৰ দৰে সাধাৰণ দৰ্শকৰ দৃষ্টিত মাত্ৰ এটা দৃশ্যত চিত্ৰনাট্য অলপ দূৰ্বল যেন লাগিল- যি মুহুৰ্তত সুমনে ৰেষ্টোৰাঁত বহি প্ৰথম বাৰৰ বাবে স্বীকাৰ কৰে!

সংলাপত অতি নাটকীয়তা পৰিহাৰ কৰা হৈছে। সি মোৰ বাবে এক ভাল লগা অভিজ্ঞতা। অসমীয়া নাট বা চিনেমাত অতি নাটকীয় আৰু ‘লাৰ্জাৰ ডেন লাইফ’ সংলাপ, অতিমাত্ৰা ‘প্ৰজেকচন’ এক বহুদিনীয়া ৰোগ, তাৰ বাবে বহু ক্ষেত্ৰত স্বাভাৱিক অভিনয় সম্ভৱেই নহয়। হিন্দী বা উৰ্দু ভাষাত আকৌ সেই প্ৰজেকচন ভালেই লাগে। অসমীয়াত কিন্তু অসহ্য হয়, প্ৰত্যেক ভাষাৰে এক নিজস্ব সুৰ আৰু প্ৰকাশভংগী থাকে। দুই এখন অসমীয়া চিনেমাত সদ্যহতে এই সুৰটো ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হৈছে। চিনেমাৰ খনৰ অভিনেতা সকলৰ ইমান স্বাভাৱিক অভিনয়ৰ কৃতিত্ব বহু খিনি সংলাপলৈ যাব। তথাপিও সংলাপত আৰু অলপ উন্নতিৰ থল আছিল যেন লাগিল।

অভিনয়ৰ কথা সকলোৱে কৈছেই- লীমা দাস অনন্য, জুমি, আৰু দিলীপৰ চৰিত্ৰৰ ৰূপায়নো অতি সুন্দৰ। সুমন আৰু ইলিয়াছৰ অভিনয়, বিশেষকৈ সংলাপ প্ৰক্ষেপনত দুই এটা সৰু সুৰা বিসংগতি ধৰা পৰিল। কিন্তু সামগ্ৰিক ভাৱে কবলৈ গ’লে ‘আমিষ’ৰ অভিনয়ে এশৰ ভিতৰত আশীৰ পৰা নব্বৈলৈকে নম্বৰ পাব। ইয়ো এক অতি উৎসাহজনক কথা। অভিনেতা নিৰ্বাচন অতি গুৰুত্ব সহকাৰে কৰা হৈছে, আৰু প্ৰতিটো দৃশ্য, প্ৰতিটো ভংগীমাত পৰিচালকে সুক্ষ্ম দৃষ্টি ৰাখিছে বুলি ধৰিব পাৰি। কিন্তু কেৱল পৰিচালকৰ বাবেই অভিনয় ভাল হব বুলি কব নোৱাৰি, আচলতে পৰিচালকৰ অতিমাত্ৰা হস্তক্ষেপে কেতিয়াবা অভিনয়ত ঋণাত্মক প্ৰভাৱো পেলাব পাৰে। মলয়া গোস্বামীয়ে ‘অগ্নিস্নান’ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা নাপাই, সেইবছৰ ‘পৰমা’ৰ বাবে ৰাখীয়ে পোৱাৰ কাৰণ ইয়েই বুলি বহু সমালোচকে কোৱা মনত পৰে। ‘আমিষ’ পৰিচালকে সেই সীমা অতিক্ৰম কৰা নাই, অভিনয়ৰ ক্ষেত্ৰত তেও প্ৰায় অভিভাৱকৰ দ্বায়িত্বহে লৈছে, আৰু অভিনেতা সকলক নিজস্ব অৱদান দিয়াৰ সম্পূৰ্ণ সুযোগ দিছে বুলি অনুমান কৰিব পাৰি।

সংগীত আৰু আৱহ সংগীত বুদ্ধিদীপ্ত, কেমেৰাৰ ব্যৱহাৰ অতি সুন্দৰ। কেমেৰাৰ ব্যৱহাৰত পৰিচালক আৰু চিনেমাটোগ্ৰাফাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। কলাত্মক চিনেমাত, আনকি বহু বিখ্যত চিনেমাতো মাজে মজে কেমেৰা ব্যৱহাৰত জড়তা চকুত পৰে; ‘আমিষ’ৰ কেমেৰাত এক মুহুৰ্তৰ বাবেও স্থবিৰতা চকুত নপৰিল। দুই এটা দৃশ্যত হেণ্ড হেল্ড কেমেৰা বুদ্ধিদীপ্ত ভাৱে ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো শ্বটৰ কম্পজিচন যথেষ্ট ভাৱি চিন্তি, চিত্ৰনাট্যৰ প্ৰয়োজন বুজি কৰা হৈছে। ঠিক তেনেকৈ শব্দগ্ৰহণ আৰু সম্পাদনাতো আমাৰ দৰে দৰ্শকক অসুবিধা দিব পৰা কোনো বিসংগতি চকুত নপৰিল।
আৰু এটা কথা নকলে আলোচনা আধৰুৱা হব, চিনেমাখনত দুটা ‘একচন’ৰ দৃশ্য আছ‍ে, দুইটা অতি সাৱলীল ভাৱে কৰিঅ’গ্ৰাফ কৰা হৈছে। প্ৰায়বোৰ অসমীয়া চিনেমাৰ অকচনৰ দৃশ্য নাটকতকৈয়ো বেয়া ,আনকি ব্যৱসায়িক চিনেমাতো। এই দৃশ্য দুটাৰ প্ৰতি ইমান সুক্ষ্ম দৃষ্টি ৰখা কথাটোৰ পৰা বুজিব পাৰি, পৰিচালকৰ চিনেমাখনৰ প্ৰতি কিমান সততা আছে।

শেষত কাহিনীটোলৈ আহোঁ। হয়, সাংঘাটিক শ্বক ভেলু আছে কাহিনীটোৰ। আমি মূলতঃ কাহিনীৰ বাবেই চিনেমা চাও, বাকী সকলো আচলতে কাহিনীটো যথাযথ ভাৱে উপস্থাপন কৰাৰ কিছুমান আহিলাহে। কাহিনীটৰ বিষয়ে বৰ বেছি লিখিলে স্পইলাৰ এলাৰ্ট দিব লাগিব, সেয়ে চিনেমাখন নোচোৱা সকলে যিমানখিনি ইতিমধ্যে জানিছে, আলোচনা সিমানতে সীমাৱদ্ধ ৰাখিম বুলি ভাৱিছো। কিন্তু এটা কথা কাহিনীটোৰ বিষয়ে মোৰ বহুত কথা কব লগা আছে, পিছত নিশ্চয় কেতিয়াবা আকৌ লিখিম।
দুটা দিশ আছে কাহিনীটোৰ, এটা সম্পূৰ্ণ মানৱীয়, স্বাভাৱিক, সামাজিক প্ৰেম কাহিনী, আৰু এটা ভয়ংকৰ Taboo; হয়তো মানুহে ভাৱিব পৰা সকলোতকৈ ডাঙৰ Taboo নৰ মাংস ভক্ষণ। ‘আমিষ’ত এই দুইটা দিশৰে অভূতপূৰ্ব সংমিশ্ৰণ দেখা গৈছে। মই দেখি থকা বহুতো আলোচনাত সেই Taboo অংশখিনি কথাহে আলোচনা কৰা হৈছে। সি স্বাভাৱিক। কিন্তু তাৰ মাজেৰেই যি এক ৰোমাণ্টিক যাত্ৰা দেখুৱা হৈছে, সি অনন্য; কিন্তু কোনেও বৰ বিশেষ গুৰুত্ব দিয়া দেখা নাই তাত। মানে আমি চিনেমাখনৰ শ্বক ভেলুৰ পৰা ওলায়ে আহিব পৰা নাই। তাক মই আমিষৰ সফলতাহে বুলিম।
প্ৰথমতে টেবু দিশটোৰ কথা আলোচনা কৰোঁ। নৰমাংস ভক্ষণৰ ওপৰত আজিলৈকে বহু চিনেমা আৰু গল্প উপন্যাস লিখা হৈছে, কলাৰ নৱৰসৰ ভিতৰত বীভৎস ৰসো অন্যতম। কিন্তু একেই টেবুৰ ওপৰত নিৰ্মান কৰা Raw ৰ দৰে চিনেমাৰ সৈতে ‘আমিষ’ৰ আকাশ পাতাল পাৰ্থক্য আছে। Raw এখন হ’ৰৰ চিনেমা আৰু ‘আমিষ’ এখন ৰোমাণ্টিক চিনেমা। ‘আমিষ’ত তেজ দেখুৱাই হোৱা নাই, প্ৰচলিত ধাৰণাৰ বিপৰীতে। পৰিচালকে অতি বুদ্ধিদীপ্ততাৰে আমিষক এখন হ’ৰৰ চিনেমা হৈ যোৱাৰ পৰা ৰক্ষা কৰিছে। হেনিবেল, বা চাইলেন্স অৱ দা লেম্বৰ সৈতেও আমিষ পৃথক। আজিলৈকে মই এই টেবু বিষয়টোৰ চিনেমা চাইছো , সেইবোৰত নৰমাংস খোৱাৰ নানান কাৰণ দেখুৱা হৈছে, চাইকিক ডিজৰ্ডাৰ, জেনেটিক সমস্যা, বিকৃত কামনা, সহ্যৰ সীমা পাৰ হোৱা ভোক, কিন্তু কোনো চিনেমাতে প্ৰেমক ইয়াৰ কাৰণ হিচাপে দেখুৱা মনত পৰা নাই, ‘আমিষ’ৰ বাদে। মই ভাৱো সমগ্ৰ পৃথিৱীৰ কলামোদীকে জোকাৰি যাব পৰা এটা নতুন ধাৰণা ব্যৱহাৰ কৰা হৈছে আমিষত। (অৱশ্যে এই মন্তব্য কেৱল মই চোৱা বা চাব পৰা চিনেমাবোৰক লৈহে সীমাবদ্ধ)।

মই আমিষৰ কাহিনীটো নানান ধৰণে চাবলৈ চেষ্টা কৰিছো। চিনেমাখন চাই থাকোতে মোৰ কেতিয়াবা এনে লাগিছে, নৰমাংসৰ কথাটো এক মেটাফ’ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি? বহু সময়ত তেনেকুৱা লাগিছেও। কোনোবাই মাংস খাই ভাল পাই বুলিয়ে তেওৰ দিনে ৰাতিয়ে, অনবৰতে মাংস খাবলৈ প্ৰচণ্ড ভোক লাগি থাকিব নেকি? যদি আমি ইয়াক শাৰীৰিক প্ৰয়োজনৰ মেটাফ’ৰ বুলি ধৰোঁ, তেনে ই সম্ভৱ। কোনোবা কিবা কাৰণত অনবৰত শাৰীৰিক সম্পৰ্কৰ কাৰণে ব্যাকুল হৈ থাকিব পাৰে। কিন্তু কিছুমান দৃশ্যত লাগিছে, মেটাফ’ৰ নহয়, আচলতে সেই টেবুটোকে পোনে পোনে দেখুৱা হৈছে।

সেইখিনি মোৰ সীমাবদ্ধতা মই স্বীকাৰ কৰিছো। হয়তো আৰু দুই এবাৰ চালে ভালকৈ বুজিব পাৰিম। মোৰ চাবলৈ ইচ্ছা আছে। পৰিচালকক কেনেবাকৈ এবাৰ লগ কৰি কথা পতাৰো ইচ্ছা আছে।
আমি অসমীয়া দৰ্শকখিনিৰো বহু ক্ষেত্ৰত দূৰ্বলতা নথকা নহয়, আমি কিছুমান সীমাৰ মাজত থাকি ভাল পাও; সি ভাল নে বেয়া বিতৰ্কৰ বিষয়। কিন্তু তাৰ বাবে আমাৰ ব্যৱসায়িক কলা-সাহিত্যৰ ক্ষেত্ৰখনত সম্পৰীক্ষাৰ অভাৱ হৈছে বুলি অনুভৱ হয়। আমি এটা ষ্টেৰিঅ’টাইপৰ মাজতে সোমাই থাকো, নতুন কিবা আনিবলৈ, কৰিবলৈ, আমি বাংলা, হিন্দী, ইউৰোপ, দক্ষিণ আমেৰিকা, আৰু আজিকালি কোৰিয়া, জাপানৰ ফালে মুখ মেলি চাই থাকিব লাগে। তেওলোকে নতুন কিবা কৰিলে, আমি তাকে অসমীয়াত ব্যৱহাৰ কৰি গৌৰৱ কৰোঁ, কিন্তু অসমৰ পৰা যদি কোনোবাই নতুন কিবা কৰিব খোজে, আমি আমাৰ ষ্টেৰিঅ’ টাইপৰ গইনা লৈ তেওক অস্বীকাৰ কৰো, নিঃশেষ কৰো। ‘ ক্ৰিটিকেলী এক্লেইমড’ চিনেমাৰ পৰিচালক অনুৰাগ কাশ্যপে চিনেমাখন আগবঢ়াই দিয়া কেইটামান মন্তব্য লিখা উচিত বুলি ভাৱিলো, কাৰণ মই সেই কথাকেইটাৰ সৈতে সম্পূৰ্ণ সহমত। অনুৰাগ কাশ্যপৰ মতে,

- আমিষৰ ধাৰণাটো একেবাৰে “ইউনিক”, তুলনাহীন, অনন্য

- ভাৰতত এনে চিনেমা আজিলৈকে নিৰ্মাণ কৰা হোৱা নাই

- আমিষৰ কাহিনী একেসময়তে অতি পৰিচিত আৰু ভাৱাতীত ভাৱে অদ্ভূত।

আনটো দিশৰ কথা বৰ বেছি আলোচিত হোৱা নাই। ‘আমিষ’ত প্ৰেম আছে, কিন্তু বহুতে আমিষত প্ৰেমৰ নাম গোন্ধেই নাই বুলিও কৈছে। মোৰ অনুভৱ সুমনৰ প্ৰেম আছিল, স্বাভাৱিক শৰীৰি প্ৰেম, নিৰ্মালিয়ে সঁহাৰি দিছিল, কিন্তু নিৰ্মালিৰ প্ৰেম নাছিল। নিৰ্মালিয়ে হয়তো বেছি জীৱনত এনেকুৱা আকৰ্ষণ দেখিছে। কিন্তু পিছলৈ নিৰ্মালিৰো প্ৰেম হৈছিল, সকলো নিঃশেষ হৈ কৰি প্ৰেমেৰে সমৃদ্ধ হৈছিল তেও।

সেয়াই প্ৰকৃত কথা, আমিষৰ কাহিনীত বহুতো স্তৰীয় আবেদন আছে। প্ৰত্যেকেই নিজৰ মতে বুজিব পৰাৰ সুবিধা আছে, নুবুজাৰো পথ আছে। এখন কলাত্মক চিনেমাৰ বাবে সেয়া এক বৃহৎ গুৰুত্বপূৰ্ণ কথা বুলি কব পাৰি।

শেষত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ বিষয়ে কব খুজিছো- হয় ‘আমিষে’ এনে চূড়ান্তভাৱে বিপৰীতমুখী প্ৰতিক্ৰিয়াই পাব বুলি আশা কৰা যায়। ভাৰতীয় দৰ্শকৰ এক বৃহৎ অংশ আজিও ‘ আমিষ’ৰ দৰে কাহিনী এটাৰ বাবে সাজু হৈ উঠা নাই। মই নিজকো সেই দৰ্শক সকলৰ মাজতে ৰখাত আপত্তি নাই। হয়তো ‘চাইলেন্স অৱ দা লেম্বচ’ হিন্দীত নিৰ্মাণ কৰিলে চুপাৰ ফ্লপ হ’লহেতেন। আমাৰ দৰে দৰ্শকৰ দোষ নহয়। চিনেমা চাবলৈ শিকা দিনৰে পৰা ‘মহাভাৰত’, ‘ৰামায়ন’’ আৰু ‘শ্বোলে’ৰ ৰিমেক দেখুৱাই দেখুৱাই আমাৰ ৰুচিবোধ সীমিত কৰি পেলোৱা হৈছে। নাচ গান নেথাকিলে চিনেমাই নহয় যেন লগা হৈছে।

সেই ৰুচিবোধ সলনি কৰা আৱশ্যক, আৰু আমাৰ সেই ৰুচিবোধক ‘আমিষে’ জোকাৰি গৈছে। সেয়েই ‘আমিষ’ৰ সকলোতকৈ ডাঙৰ সফলতা।

You can Love Aamis, or Hate it, but you can’t ignore Aamis.



পৰিশিষ্ট:- ১৯৭৪ চনত ‘দা টেক্সাছ চেইনশ্ব’ মেচেকাৰ’ চিনেমাখন ওলাইছিল। ব্যৱসয়িক হৰৰ (Slasher brand) চিনেমাৰ ধাৰণাটো ভাঙি চিন্ন ভিন্ন কৰি পেলাইছিল চিনেমাখনে, মানে মানুহে সহ্য কৰিব পৰাতকৈ বহু বেছি নৃশংসতা আছিল তাত। যদিও ব্যৱসায়িক ভাৱে অতি সফল আছিল, চিনেমাখনে সমালোচক সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, কোনোবাই কৈছিল - the film paved the way for horror to be used as a vehicle for social commentary, আনহাতে কোনোবাই কৈছিল - cheap, grubby and out of control. ‘আমিষ’ৰো বিপৰীত মুখী প্ৰতিক্ৰিয়াৰ পৰা আচৰিত হব লগা একো নাই, অৱশ্যে আজিৰ পৰিপ্ৰেক্ষিতত ‘আমিষ’ৰ পৰা বৰ বেছি ব্যৱসায়িক সফলতা আশা কৰা ভুল হব। সদ্যহতে ‘ৰত্নাকৰ’ আৰু ‘কাঞ্চনজংঘা’ই ভাল ব্যৱসায় কৰিছে, আমি কিছুদিনলৈ তাকে লৈ সন্তুষ্ট হোৱা ভাল।

No comments:

Post a Comment