Wednesday, January 22, 2020

স্বাস্থ্য ৰক্ষা!

বয়স হোৱাৰ সকলোতকৈ নিৰ্ভৰযোগ্য চিন হ’ল – স্বাস্থ্যৰ প্ৰতি সজাগতা। বয়স বাঢ়ি অহাৰ লগে ৰাইজে অসু্খ বিসুখ হওক বা নহওক, স্বাস্থ্য বোলা বস্তুটোক লৈ বেছিকৈ মাথা মৰা দেখা যায়। শকত হৈছো নে ক্ষীণাইছো, বিপি, চুগাৰ ঠিকে ঠাকে আছেনে নাই, চাল সোঁতোৰা পৰিছে নেকি? ডিহাইডেছন হৈছে নেকি? সুষম খাদ্য, তেল কম , চেনী কম!

মুঠতে ডেকা আৰু বুঢ়াৰ মাজত সেইটোকে মুল পাৰ্থক্য বুলি কব পাৰি। ডেকাকালত মানুহে স্বাস্থ্য ধ্বংস কৰিবলৈ পাৰেমানে সকলো কৰে, আৰু বুঢ়া বয়সত সেই ভগ্ন স্বাস্থ্য উদ্ধাৰ কৰিবলৈ। যিদিনাৰ পৰাই আপুনি স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰা আৰম্ভ কৰে, সেইদিনাৰ পৰাই, লাগিলে আপোনাৰ বয়স যিয়েই নহওক, আপুনি বুঢ়া হোৱা বুলি ধৰিব পাৰি। কথাটোত আন এটা যুক্তিও আছে, স্বাস্থ্যৰ প্ৰতি মন কৰিলেই আপুনি ডেকা কালত কৰিবলৈ মন যোৱা প্ৰায় সকলো কামেই বাদ দিব লাগিব, গতিকে প্ৰেক্টিকেলী আপুনি বুঢ়া হবই লাগিব।


কথাটো মতো জানো, আজিকালি মোৰো স্বাস্থ্য ভাল কৰিব মন যায়। ৰঙা টী ছাৰ্ট পিন্ধিলেই যে বয়স ৰৈ নেথাকে মই নুবুজা নহয়! সেয়ে নতুন বছৰ নৌ- আহোতেই, মই স্বাস্থ্য ৰক্ষা সম্পৰ্কে অলপ ৰিছাৰ্চ কৰা আৰম্ভ কৰিলো। স্বাস্থ্য ৰক্ষাৰ নিয়মবোৰ গোটাই পিতি লৈ, একোটাকৈ ৰিজলিউচন গঢ়ি, এক জানুৱাৰীৰ পৰাই ‘লাগু’ কৰি দিয়া ভাল হব। এইবাৰ ফটাঢোলৰ সম্পাদকীয়তো স্বাস্থ্য ৰক্ষাৰ কথা পঢ়িলো। নাই এই কথাই কথা নহয়, ৰাইজে বুঢ়া থেৰা, কণা কুঁজা যি বোলে বোলক। মই স্বাস্থ্য ৰক্ষা কৰিহে এৰিম।

মোৰ ৰিচাৰ্ছৰ পৰা যিটো ফলাফল পোনতেই পকা কঁঠাল সৰা দি ঢুপুচকৈ সৰি পৰিল, সেইটো হ’ল খাদ্য। আমাৰ খাদ্য, মানে খাদ্যাভ্যাসেই সকলো অনৰ্থৰ মুল। ‘মানুহ খাইহে মৰে, নেখাই নমৰে’, বুলি জনাশুনা কেইবাজন লোকেও মোক ক’লে! মানে স্বাস্থ্য ৰক্ষা কৰিবলৈ হ’লে পোনতে খাদ্যাভ্যাস সলনি কৰিব লাগিব। এই মাছে মঙহে, ঘীউয়ে-মৌৱে, গাহৰিয়ে-সাঁজে, হাঁহে-কোমোৰাই, তণ্ডুৰীয়ে-বিৰিয়ানিয়ে চাৰিবেলা চাৰিসাজ দবাই থাকিলে স্বাস্থ্য গোল্লাই যোৱা নিশ্চিত, বুলি মোৰো মনে ধৰিলে।
পিছে খাদ্যনো কেনেকৈ খাব লাগে? উপায় বিছাৰি গুগল মাৰিলো। গুগল চাৰ্চত মোৰ সমস্যাখিনি লিখি শেষ নহ’লেই, কেইবিলিয়ন মান ৰিজাল্ট ওফৰাজেঙৰ দৰে ওলালহি। বলে পৰা খিনি ঘুকটি চাই যি বুজিলো- স্বাস্থ্যসন্মত খাদ্যভ্যাসৰ মূলমন্ত্ৰ এষাৰেই-

“Have breakfast like a king, lunch like a prince, and dinner like a beggar” – পূৱাৰ জলপান ৰজাৰ দৰে খাওক, দুপৰীয়াৰ সাঁজ ৰাজকুমাৰৰ দৰে, আৰু ৰাতিৰ সাঁজ ভিক্ষাৰীৰ দৰে।

চাওকচোন, ইমান সহজ উপায়টো চকুৰ আগতে পৰি আছিল, মইনো তেল তেলকৈ মেল খাই থকা টেলেকা চকুকেইটাৰেও দেখিব নেলাগেনে? ধনে ধনে বুলি জগতে ভ্ৰমিলো, মোবাইলতে আছিলে ধনে হে গুৰু শংকৰ!

বাৰু যি কি নহওক, দেখিলো যে অৱশেষত। এতিয়া মোৰ স্বাস্থ্য কোন মাইকা লালে ঘটাই চাওচোন! ৰজাৰ দৰে ব্ৰেকফাষ্ট, ৰাজকুমাৰৰ দৰে দুপৰীয়াৰ সাজ আৰু ভিক্ষাৰীৰ দৰে ৰাতিৰ সাঁজ খাবহে লাগে। নিউ য়ে’ৰ ৰিজলিউচন লিখিব পৰা হলোৱেইচোন!

কিন্তু ৰবচোন! এক মিনিট! ৰজাৰ দৰে? অঁ!!! ৰজা বা ৰাজকুমাৰে নো কি খায় কেনেকৈ খায়, মই কি জানো? কেনেকে জানিমনো? মইনো ৰজাটো দেখিম ক’ৰ পৰা? আজিকালি ৰজা আছে জানো? সকলোফালে গণতন্ত্ৰ, ধনতন্ত্ৰ, ধৰ্মতন্ত্ৰ, লোলতন্ত্ৰ, চেকুলাৰতন্ত্ৰ, তালিবানতন্ত্ৰ, খাৰুৱাতেলতন্ত্ৰ, নিউক্লীয়েৰবোমাতন্ত্ৰ, হুজুগতন্ত্ৰ, সেইবোৰৰ হে জয়জয় ময়ময়। ৰজাকেইটা ডাইনোচ’ৰ বিলুপ্ত হোৱাদি নোহোৱা হ’ল। যদি চুকে কোণে পৰি কৰবাত এক-আদটা আছেই, সেইকেইটাও তেনেই চেফেৰা লাগিল। সম্ৰাট ঔৰংগজেৱৰ বংশৰ লোকে ভিক্ষা কৰি খোৱা বুলি বাতৰি এটাও দেখিছিলো। নাই নাই, মোক তেনে ৰজা নেলাগে, একদম সঁচা সঁচি ৰজা, ৰাজকুমাৰ আৰু ভিক্ষাৰীৰ খাদ্যাভ্যাস লাগিব। ভিক্ষাৰী ৰজা, বা ৰাজকীয় ভিক্ষাৰী, সেইবোৰ নেলাগে, এইবোৰ কনফিউজিং বস্তু।
কিন্তু পাম ক’ত! ৰজা ৰাজকুমাৰ তো নায়েই, গুৱাহাটী চহৰখনত ভিক্ষাৰীও দেখিবলে নোহোৱা হ’ল। ইমান অচ্ছেদিনত ভিক্ষাৰী বা তিস্থি থাকেই কেনেকৈ। ট্ৰেফিক চিগনেলত অৱশ্যে শাৰী পিন্ধা পুৰুষ দুজনামানে ভিক্ষা খোজে, পিছে তেওলোকক দেখিলেই দুই নম্বৰী যেন লাগে! অৰ্থাৎ পেটৰ ভোকত ভিক্ষা কৰি ফুৰা মানুহযেন নেলাগে। সঁচাকৈ কৈছো, কৰবাত কেনেবাকে ৰজা এটাও লগ পাই যাব পাৰো, কিন্তু জেনুইন ভিক্ষাৰী বিছাৰি পোৱা অসম্ভৱ!

তেনে মোৰ স্বাস্থ্য ৰক্ষাৰ কি হব? ৰজা, ৰাজকুমাৰ আৰু ভিক্ষাৰীয়ে কি খাই নেজানিলে মই কেনকৈ ঠিক কৰিম মই পূৱা গধুলি কি খাম? পাৰ লাগিবৰ সময়তেই মোৰ স্বাস্থ্য ৰক্ষাৰ নাঁও ডুবে চোন! বৰ বেয়া কথা হ’ল নহয়!!


××××
নিজৰ গুণ গৰিমাৰ কথা নিজে কবলৈ বেয়া! কিন্তু সত্য কথা নকৈ নোৱাৰি, মোৰ সুতীক্ষ্ন বুদ্ধিমত্তা দেখি মই কেতিয়াবা নিজেই বাহ বাহ দিবলৈ বাধ্য হও! আজিও তেনে হ’ল!

মোৰ এই আত্মশ্লাঘাৰ কাৰণ জানিবলৈ হ’লে আপুনি আৰু অলপ কষ্ট কৰি পঢ়িব লাগিব। আগৰচোৱা পঢ়ি আপোনাৰ মনত নিশ্চয় প্ৰশ্ন জাগিছে যে, ৰজা, ৰাজকুমাৰ আৰু ভিক্ষাৰীৰ খাদ্যভ্যাসৰ কোনো বিশ্বাসযোগ্য ৰেফাৰেন্স নেপায় মই নিউ য়ে’ৰ ৰিজলিউচন লোৱাৰ ধাণ্ডা বাদ দিলো নেকি? নে মোৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আকৌ ‘অচেতন’ হৈ গ’লো? কি হ’লগৈ শেষত?

মই কৈছোৱেই নহয়, মই ইমান পৰিমৰা বিধৰ প্ৰাণী নহয়। ৰেফাৰেন্স নেপালো বা নেদেখিলো বুলিয়েই মোৰ দৰে বুদ্ধিমান মানুহজনে ৰজা আৰু ভিক্ষাৰীয়ে কি খাই বিছাৰি উলিয়াব নোৱাৰিম নে? পাৰিলো, অলপ চিন্তা চৰ্চা কৰিয়েই ৰজা ৰাজকুমাৰ আৰু ভিক্ষাৰীৰ খাদ্যাভ্যাস সম্পৰ্কে এটা যুক্তি সংগত, বিশ্বাসযোগ্য ধাৰণা তৈয়াৰ কৰিবলৈ সক্ষম হ’লো। তাকে কবলৈ গৈ আছো।

প্ৰথমতে ধৰিলো ৰজাক! তেও কি খাই জনাৰ আগতে মানুহজনৰ ব্যক্তিত্ব সম্পৰ্কে এটা ধাৰণা থকা প্ৰয়োজন। মোৰ গিনিপিগ হোৱা সেই ৰজাজনৰ বয়স ৬০ আৰু ৭০ ৰ মাজত, সভা শুৱনি ব্যক্তিত্ব, পকা ডাঢ়ি, গুৰুগম্ভীৰ খোজকাটল! একদম সঁচা সঁচি ৰজা। এতিয়া সেইজন মানুহে খাব কি? সেইটো জনাৰ আগতে আমি ৰজাজনক আৰু অলপ বিশ্লেষণ কৰিব লাগিব।

তেওৰ বয়স আৰু কামৰ হেঁচা দেখি আজিকালি প্ৰচলিত নিয়ম অনুসৰি তেওৰ ব্লাড প্ৰেছাৰ, চুগাৰ, ইউৰিক এচিড, কলেষ্টেৰল আৰু ফেটি লিভাৰ থাকিবই থাকিব। এবাৰ মাইল্ড হাৰ্ট এটেকো নিশ্চয় হৈছিল। তদুপৰি গাঁঠিৰ বিষ, মুৰ ঘুৰণি, পালপিটেচন এইবোৰো থাকিবই। আৰু তেও সপ্তাহত কমেও দুবাৰকৈ বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ নিশ্চয় লব। নে মই নোহোৱা নোপজা কথা কৈছো? আৰু সেইকেইজন ডাক্তৰে ৰজাক কি কি খাবলৈ দিব মই নজনা নহয়!

আমিষ খোৱা বন্ধ, ‘ৰেড মীট’ৰ নাম লোৱাই বন্ধ! হাই প্ৰটিন, হাই ফেট, তেল মছলা, চয়াবিন, আলু, মাটিৰ তলত হোৱা সকলো পাচলি, তিতা কেৰেলা, বাঁহগাজ, মচুৰ ডাইল, নিমখ, চেনী, সকলো ধৰণৰ গাখীৰৰ প্ৰডাক্ট, তামোল, চিগাৰেট সকলো বন্ধ! মুঠতে মানুহে খাই ভাল পোৱা সকলো খাদ্য তেওৰ বাবে নিষিদ্ধ হব! এচামুচ অ’টচ! দুটুকুৰা চালাড- চালাড বেছি খাব নোৱাৰে, গেচ হব! আধাকাপ চুপ, এখন শুকান ৰুটি! বচ আৰু একো নাই!

মোৰ বিশ্লেষণত জ্বল জ্বল পট পটকৈ ওলাই পৰিল যে, মানুহে খোৱা বস্তুবোৰৰ ৯০% ই ৰজাৰ বাবে নিষিদ্ধ। যি কেইটাৰ অনুমতি আছে, সেই কেইটাও সাধাৰণতে মানুহে খোৱা পৰিমাণটোৰ দহ ভাগৰ এভাগ মানকৈ হে খাব পাৰিব।

গতিকে মই ঠিক কৰিলো, ৰাতিপূৱা শুই উঠি মই সেইজন ৰজাৰ দৰে খাম! আধাবাটি অ’টচ, নিমখ চেনী একো নিদিয়াকৈ, আৰু আধাকাপ ৰঙা চাহ! খাই উঠি ৰজাৰ দৰে উগাৰ এটা মাৰিম।
পূৱাৰ সাজৰ যোগাৰ হোৱাৰ পাছত এইবাৰ ৰাজকুমাৰলৈ মন মেলিলো, দুপৰীয়া চোন তেওৰ মতেই খাব লাগিব। ৰাজকুমাৰৰ খাদ্যাভ্যাস বিছাৰি উলিয়াবলৈ অৱশ্য বৰ বেছি এটা কষ্ট নহ’ল! আজিকালি ৰজা নেদেখিলেও, ৰাজকুমাৰৰ অভাৱ নাই। আজিকালি গুৱাহাটীত ৰজা বাপেকৰ পইচাৰে কিনা মটৰ বাইক, স্কৰপিঅ’ আদিত ৰাজকুমাৰ পিয়াপি দি থাকে, তিনি চাৰিজনীকৈ ৰাজকুমাৰী চলাই খায়। আৰু তেওলোকৰ খাদ্যাভ্যাস অনুমান কৰিবলৈ মোৰ দৰে তীক্ষ্ন বুদ্ধিৰ আৱশ্যকেই নাই!


ৰাজকুমাৰৰ প্ৰিয়তম খাদ্য এবিধ বটলত পোৱা পানীয়, সেইকণ দিব্যবস্তু পেটত পৰিলে, সকলোৰে নিজকে ৰাজকুমাৰ যেনেই লাগে। এবিধ বস্তু তেওলোকে ঘৃণা কৰে, সেয়া হ'ল ঘৰত ৰন্ধা খাদ্য। যিমানেই সোৱাদ লগা, পুষ্টিকৰ খাদ্য নহওক কিয়, ঘৰত ৰন্ধা খানা বুলিলেই তেওলোকৰ এলাৰ্জী। তেওলোকৰ প্ৰধান খাদ্য হ’ল- চাকনা, মানে সিবিধৰ লগত কোৱা যিকোনো বস্তু। শেষনিশা ‘নামকে ৱাস্তে’ এচামুচ বিৰিয়ানি বা মাটন কচা মুখত দিয়েই, টইলেটত গৈ “ওৱাক” কৰি দিয়া তেওলোকৰ খাদ্যাভ্যাসৰ অন্যতম বৈশিষ্ট। কিছুমান হাই লেভেলৰ ৰাজকুমাৰে কিবা কিবি পাওডাৰো খায় বা জইণ্ট মাৰে ( মানে ভাং খোৱা বুলি ক’লে কিবা ঘৰত ৰন্ধা ভাত খোৱা যেন লাগে যে)
গতিকে ময়ো দুপৰীয়াৰ সাজ ৰাজকুমাৰৰ দৰেই খাম বুলি ভাৱিছো। ঘৰতে এটা ৱাইন কেবিনেট বনাই বটল সাজু ৰাখিম। খোৱাৰ সময় হ’লেই জামাটো, স্বুইগি, মেক-ডি, ডমিনোজ, পিজা হাটৰ পৰা পৰা অনলাইন অৰ্ডাৰ কৰিম, বন্ধু বান্ধৱ মাতিম। হনী সিঙৰ গান বজাম, আৰু পাৰ্টি চুৰু! একেবাৰে ৰাজকুমাৰৰ দৰে দুপৰীয়াৰ সাজ খাম, সদায়, অকণো হেৰফেৰ নকৰাকৈ।


ৰাজকুমাৰৰ ক্ষেত্ৰত বেছি অসুবিধা নহ’লেও, ভিক্ষাৰীৰ খাদ্য বিছাৰ কৰি মই বৰ হাবাথুৰি খাব লগা হ’ল! প্ৰেক্টিকেলী ভিক্ষাৰী , লগ পোৱা বা বিশ্লেষণ কৰাৰ কোনো উপায়ে নেদেখি, মই অতি কষ্টৰে কিতাপত পঢ়া মতে এজন কাল্পনিক ভিক্ষাৰী সাজি লব লগা হ’ল। 

মোৰ কল্পনাৰ ভিক্ষাৰীজন এনেকুৱা, তেওৰ নাই মানে একোৱেই নাই। নিজে কাম কৰি, খেতি খোলা কৰি খাবলৈ তেওৰ মাটিও নাই, পইচা পাতিও নাই, শিক্ষা দীক্ষাও নাই আৰু সকলোতকৈ ডাঙৰ কথা, ইচ্ছাও একেবাৰে নাই। তেওৰ দৃঢ় বিশ্বাস তেওক আৰু তেওৰ পৰিয়ালক জীয়াই ৰখা তেও বাস কৰা সমাজখনৰ দ্বায়িত্ব, তেওৰ নহয়।


সেইজন ভিক্ষাৰীৰ জীৱনটো কেনেকুৱা হব? প্ৰথম কথা, তেওৰ এন BPL কাৰ্ড থাকিবই থাকিব। গতিকে তেও বেংক, চৰকাৰী আঁচনি আদি সকলোতে বিনামূলীয়া সা সুবিধা পাব। ঘুৰাই দিব নলগা বেংকৰ লোণ পাব, ফ্ৰী জীৱন বীমা পাব, ল’-ছালি জন্ম দিলেও পইচা পাব, চিকিৎসা, শিক্ষা সকলো বিনামুলীয়া হব। তিনিটকীয়া চাউল পাব, ৰেচনৰ চেনী, ডাইল, কেৰাচিন পাব। দিনটো কৰিবলৈ কাম নথকাত বৰশী বাই মাছ পুথিও ধৰিব পাৰিব, কেটেপাৰে কপৌ, শৰালি আদি মাৰি মাংসৰ যোগাৰো কৰিব। প্ৰধানমন্ত্ৰী আৱাস
যোজনাত তেওৰ পকা ঘৰ থাকিব, ‘সৌভাগ্য’ ক্ৰমে তেওৰ ঘৰত বিনামূলীয়া বিদ্যুৎ যোগান হব, ফ্ৰী গেছ কানেকচন আছেই।

তাৰ ওপৰতো তেওৰ MGNREGA ৰ জব কাৰ্ড এখন পাবই পাব। তাৰ মানেই তো লাইফ জিংগালালা! বছৰত ৯৯ দিন, মানে প্ৰায় তিনিদিনত এদিনকৈ ১৫০ টকা হাজিৰা পাব! আৰু কামনো কিটো, ৰাজহুৱা পুখুৰীটো পৰিষ্কাৰ কৰাৰ নামত দিনৰ দিনটো দলঘাঁহ এডাল আজুৰি থাকিলেই হ’ল। এদিনৰ হাজিৰাৰে তেওৰ ৩৫ কেজি ৰেচনৰ চাউল আহি যাব! এমাহলে চাউলৰ চিন্তা নাই।

গতিকে মই বুজিলো, তেওৰ জীৱন সকলো ফালৰ পৰাই ভোগালী হব। ল’-ছালিয়ে তো দিনৰ সাঁজ মধ্যাহ্ন ভোজনতে খাই আহিব। 

সহজ কথাত কবলৈ গ’লে, তেও হেঁপাহ পলুৱাই দকচি খাব, দিনে ৰাতিয়ে।

গতিকে স্বাস্থ্য ৰক্ষা কৰিবলৈ হ’লে, ময়ো ৰাতিৰ সাজ দকচি দিব লাগিব। কমেও আধা কেজিমান চাউলৰ ভাত, এপোৱা মান কেঁচা নিমখ, ডাইল, মাছ, মাংস, তেলত ডুবাই কৰা আলু ভাজি, আসস!! লোভনীয়!!

সেয়ে আজি খাদ্য তালিকাখন ফাইনেল কৰিয়ে পেলালো।

এতিয়া এক জানুৱাৰীৰ অপেক্ষাত!!

No comments:

Post a Comment