Wednesday, January 22, 2020

=থলুৱা ব্যৱসায়- প্ৰত্যাহ্বান আৰু কৰণীয়=

এই হাই-কাজিয়া, বিতৰ্ক, অত্যধিক ৰাজনীতি, খিয়লা খিয়ালি, মূল্যববোধৰ পতন আদিৰ মাজতে কিছুমান ভাল লগা খবৰে মন প্ৰাণ ভৰাই তোলে। তেনে এটা ভাল লগা খবৰ হ'ল 'থলগিৰি'। থলগিৰিৰ প্ৰতি ৰাইজৰ উৎসাহ আৰু মনোযোগে মোক আনন্দিত কৰিছে। থলগিৰিৰ খবৰটোৰ সমসাময়িক ভাৱে আৰু এটা খবৰে উৎসাহিত কৰিলে, জিতেন দত্ত ডাঙৰীয়াই, থলুৱা সূতা আৰু শিপিনীৰ যোগে আমাৰ ঘৰুৱা তাঁতশালত অসমীয়া আৰ্হিৰ গামোচা তৈয়াৰ কৰৰা উদ্যোগ কৰিছে, ইতিমধ্যে উৎপাদন আৰম্ভও হৈছে।

আৰু মোৰ মৰমৰ ভাই দেবাংগ পল্লৱে ইতিমধ্যে 'খাৰখোৱা ফুডচ্' ব্ৰেণ্ডেৰে থলুৱা আচাৰৰ ব্যৱসায়টোত প্ৰতিষ্ঠা লাভ কৰিছে। নগাঁৱৰ ভাতৃপ্ৰতীম মৃদু মৌচম বৰাই সাঁচিপাত, হেঙুল হাইতাল তৈয়াৰ কৰা পদ্ধতি পুণৰোদ্ধাৰ কৰি নিয়মীয়া ভাৱে উৎপাদন কৰি আহিছে। বিগত দুই এবছৰ ধৰি আৰু কেইবাজনো লোক বা অনুষ্ঠানে এনেধৰণৰ উদ্যোগ হাতত লোৱা দেখা পাইছো।

অসমীয়া মানুহ ব্যৱসায়ত কেঁচা, ইয়াৰ কাৰণ স্বাভাৱিক। অসম বা উত্তৰ পূৱ ইমানেই সমৃদ্ধ যে এই ঠাইত মানুহে খোৱা বোৱাৰ বাবে কেতিয়াও কষ্ট কৰিব লগা হোৱা নাছিল, যেতিয়ালৈকে পশ্চিমীয়া ভোগবাদৰ সৈতে আমাৰ পৰিচয় নাছিল। ঘৰখনতে ধান চাউল, মাছ- পুঠিৰ পৰা আৰম্ভ কৰি তামোল-পাণলৈকে উভৈনদীকৈ আছিল। লগতে আছিল এক সুসংগঠিত সমাজ ব্যৱস্থা, যাতে কোনো বিপদত নপৰে। "মাজু ছোৱালীজনীৰ বাবে ল'ৰা এটা ওলাইছে, ৰাইজে এতিয়া সেৱকীক উদ্ধাৰ কৰিব লাগে"- বুলি নামঘৰত আঁঠু লৈ দিলেই- বিয়াৰ আধাতকৈয়ো বেছি কাম হৈ গৈছিল। ৰভা পৰলা, চিৰা দৈ, চেলেং চাদৰ, সকলো কেনেবাকৈ যোগাৰ হৈ গৈছিল। সসন্মানে ছোৱালীজনী উলিয়াই দিয়া সমাজখনৰ দ্বায়িত্ব আছিল, কেৱল পিতৃ-মাতৃৰ নহয়।



এই বিষয়ে বহুত কথাই কব পাৰি যদিও, চমুকৈ ইয়াকে বুজিব পাৰি যে, উভৈনদী হৈ থকা সম্পদ আৰু এক অতি বুদ্ধিদ্বীপ্ত সমাজ পৰিচালনা ব্যৱস্থাই অসমৰ ৰাইজক সংস্থান বিছাৰি আন কৰবালৈ যাব নলগাকৈ ৰাখিছিল। ব্যৱসায় কৰাৰ প্ৰয়োজন নাছিল। অৱশ্যে অসমীয়া ৰাইজৰ আকাল নাছিল বাবেই, হয়তো ভঁৰালো নাছিল ।

হঠাৎ পৰিস্থিতি সলনি হ'ল- বৃটিছ আহিল, বৃটিছৰ পাছত অসম বৃহৎ ভাৰতৰ এক অংশ হৈ গ'ল। অবধাৰিত ভাৱেই অসম এক বজাৰ অৰ্থনীতিৰ অংশ হৈ পৰিল। পুৰণি সমাজ ব্যৱস্থা অচল হৈ পৰিল। ভোগবাদ সোমাল। আৰু নিজৰ প্ৰকৃতিপ্ৰদত্ত আলস্য আৰু ব্যৱসায় বুদ্ধিহীনতাৰ বাবে এদিন অসমীয়া মানুহ ১০০% পৰনিৰ্ভৰশীল হৈ পৰিল।

আজি আহি এনে এটা পৰিস্থিতি পালেহি যে চাউলগলিৰ পাইকাৰী ব্যৱসায়ী সকলে অসমৰ যিকোনো চৰকাৰক ব্লেকমেইল কৰিব পৰা হ'ল- “আমাৰ কথা শুনা, নহ'লে কাইলে অসমৰ মানুহে খাবলৈ নেপাব।“ আৰু সেই ক্ষমতাখিনি ধৰি ৰাখিবৰ বাবেই নিশ্চয় অসমৰ নিজস্ব উৎপাদন বজাৰলৈ নহাকৈ ৰখাৰ এক পৰিকল্পিত প্ৰচেষ্টাও তলে তলে চলি থাকিল। মোৰাদাবাদী শৰাই, মাদ্ৰাজী গামোচাই থলুৱা কাৰিকৰ শিপিনী সকলক বজাৰৰ পৰা বাহিৰ কৰি দিলে, মেচিনত উৎপাদিত সৈতে অসমৰ হস্ত উৎপাদিত সামগ্ৰীয়ে আন নেলাগে, কেৱল মূল্যৰ ক্ষেত্ৰতে প্ৰতিযোগীতা কৰিব নোৱাৰা হ'ল। আমাৰ বজাৰখন আজিও বহু পৰিমাণে মূল্যৰ দ্বাৰা নিৰ্দেশিত, গুণৰ দ্বাৰা নহয়। এই কথাটো বৰ সোনকালে সলনি হোৱাৰো আশাও নাই।

কথাটো সকলোৱে বুজিলে, চৰকাৰেও বুজিলে; কিছুমান আঁচনি লোৱা হ'ল সংৰক্ষণৰ বাবে। অসমৰ থলুৱা উৎপাদন বিলাক কিছুমান জীয়াই থাকিল। কিন্তু জীয়াই কেৱল হস্তশিল্প হিচাপে, বজাৰৰ পণ্য হিচাপে নহয়। ব্যক্তিগত উদ্যোগতো কিছুমান প্ৰচেষ্টা চলিল, তাৰোব উদ্দেশ্য মূলতঃ একেই, কেৱল সংৰক্ষণ। বজাৰ দখল কৰাৰ উদ্দেশ্য তেওলোকৰ কোনোদিনেই নাছিল।

কিন্তু মই লক্ষ্য কৰা মতে, থলগিৰি বা এনেধৰণৰ উদ্যোগবোৰৰ সৈতে আগৰ প্ৰচেষ্টা বিলাকৰ বহু পাৰ্থক্য আ‍‍‍ছে। আগৰ প্ৰচেষ্টা বিলাক আছিল অসমৰ থলুৱা উৎপাদন সমূহ কৃত্ৰিমভাৱে জীয়াই ৰখাৰ, কিন্তু থলগিৰি বা খাৰখোৱাই সেইটো কৰিব বিছৰা নাই। তেওলোকে সাহস কৰি মুকলি বজাৰলৈ ওলাই আহিছে। প্ৰতিষ্ঠিত ব্যৱসায়ৰ সৈতে মুকলি প্ৰতিদ্বন্দিতাত নামি, মূল্য আৰু গুণ, দুই ধৰণেই বজাৰ দখল কৰিব বিছাৰিছে। পাঞ্জাৱত উৎপাদিত চাউলতকৈ কম মূল্যত থলুৱা চাউল বজাৰত উপলব্ধ কৰিব খুজিছে। আৰ সি যে এক আবেগিক আৰু অবাস্তৱ কথা নহয় তাকো ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে।

এটা জাতিৰ স্বকীয়তা ধৰি ৰাখিবলৈ অৰ্থনৈতিক স্বাৱলম্বীতাৰ বিকল্প নাই। দৈনন্দিন সকলো প্ৰয়োজনৰ বাবে আনৰ মুখলৈ চাই থাকিব লগা জাতিক কোনেও গুৰুত্ব নিদিয়ে। তাৰ বাবেই অসমে ইতিমধ্যে বহু কিছু হেৰুৱাইছে, আৰু এই পৰিস্থিতি অব্যাহত থাকিলে এসময়ত অসমীয়া বুলি চিনাকীটোৱেই সংকটত পৰিবগৈ। আমি বহু পৰিমাণে দিশহাৰা হৈছোৱেই, আমাৰ কিবা অসুবিধা হ'লেই আমি কেৱল আন্দোলন কৰোঁ, তাকো ভালকে কৰিব নাজানো, আৰু এদিন পেনেপেনাই থকা কেঁচুৱাক মাকে থেকেচ মাৰি দিয়াৰ দৰে আমাকো বলে পৰা জনে থেকেচ মাৰি দিয়ে।

অসমৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ প্ৰয়োজন, আৰু ইয়াৰ বাবে আগতে কিমান সচেতন আৰু বিজ্ঞানসন্মত প্ৰচেষ্টা হৈছে, চৰকাৰী বা বেচৰকাৰী ভাৱে, সি এক সন্দেহৰ বিষয়।
কিন্তু ওপৰত উল্লেখ কৰা প্ৰচেষ্টা কেইটাৰ পৰা বুজিব পাৰি যে - ইয়াৰ অন্তৰালৰ সন্দৰ্ভিত ব্যক্তি কেইজনৰ মূল উদ্দেশ্য,

১) অসমৰ আৰ্থনৈতিক স্বাৱলম্বীতা; 

২) অসমৰ উৎপাদনেৰে অসমৰ বজাৰ প্ৰয়োজনখিনি পূৰ্ণ কৰা,


৩) যিমান সম্ভৱ ৰপ্তানিৰ সুযোগ লোৱা। 


৪) অসমৰ থলুৱা উৎপাদন পদ্ধতিৰ সংস্কাৰ সাধন কৰি বজাৰ অৰ্থনীতিৰ উপযুক্ত কৰি তোলা


৫) গ্ৰাহকৰ মনত থলুৱা সামগ্ৰীৰ গুণৱদ্ধতা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা।

হয়তো আজিৰ দিনত অসমীয়া জাতিয়ে কৰিব লগা সকলোতকৈ প্ৰয়োজনীয় কামে সেইকেইটাই। লেখকৰ ব্যক্তিগত অনুভৱ- এই সকলোতে কেইটা প্ৰচেষ্টাতে বজাৰ সম্ভাৱনীয়তা আছে, কাৰণ প্ৰত্যেকটো প্ৰচেষ্টাৰ পিছতে বজাৰ অধ্যয়ন আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ উপস্থিতি অনুভৱ কৰা গৈছে।
****
আৰু সেয়ে অলপ শংকাও হৈছে। কাৰণ আমি সকলোৱে পিচিঅ', এথনিক ৰেষ্টোৰাঁ‌, ক্ষুদ্ৰ চাহবাগিছা আদি ব্যৱসায়ৰ পৰিণাম দেখিছো। অসমীয়া মানুহৰ ব্যৱসায় বুদ্ধি কম বুলি কোৱাৰ সকলোতকৈ ডাঙৰ প্ৰমাণ সেইবোৰেই; কিবা এটা ব্যৱসায় সফল হোৱাৰ লগে লগে সকলোৱে একেটা কামকে আৰম্ভ কৰি দিয়ে, বজাৰৰ প্ৰয়োজন থাককেই বা নেথাকক। ইয়াৰ ফলত দুটা অপকাৰ হয়,


ক) ইজন সিজনৰ ব্যৱসায়িক প্ৰতিদ্বন্দী হৈ উঠে। সেইটো বাৰু বেয়া কথা বুলি একেষাৰে কব নোৱাৰি, বজাৰ অৰ্থনীতি প্ৰতিযোগিতা থাকিবই। কিন্তু সেই প্ৰতিযোগীতা সু্স্থ হোৱপউচিৎ। কিন্তু এই সময়চোৱাত আচলতে বজাৰখন প্ৰতিষ্ঠা কৰাতহে বেছি জোৰ দিয়াৰ প্ৰয়োজন। এতিয়াই এই বজাৰখন প্ৰতিযোগিতাৰ বাবে সাজু হোৱা নাই।

খ) বজাৰত থকা প্ৰয়োজনখিনিৰ যথোপযুক্ত ভাগ লবলৈ কিছুলোকে সততা আৰু গুণমানৰ ক্ষেত্ৰত এৰাধৰা কৰে, ফলত সামগ্ৰিক লক্ষ্যৰ পৰাই বিচ্যুত হোৱা যায়।

এই উদ্যোগবোৰৰ ক্ষেত্ৰতো যদি তেনেকুৱা হয়, তেনে আমি হয়তো আকৌ কেতিয়াও এই পৰমুখাপেক্ষিতাৰ পৰা ওলাই আহিম নোৱাৰিম। সেয়া আমাৰ বাবে কেতিয়াও গ্ৰহণযোগ্য কথা হব নোৱাৰে।

ইয়াৰ বাদেও এই উদ্যোগসমূহ আন এটা প্ৰত্যাহ্বানৰ সন্মূখীন হব বুলি অনুমান কৰিব পাৰি, সেই প্ৰত্যাহ্বান আহিব বৰ্তমান প্ৰতিষ্ঠিত ব্যৱসায় প্ৰক্ৰিয়াটোৰ পৰা। এই উদ্যোগটো সফল হৈ উঠিলে, নিশ্চিত ভাৱে বৰ্তমানৰ ব্যৱসায় প্ৰণালীটো ক্ষতিগ্ৰস্ত হব, আৰু তেতিয়া তেওলোকে হাত সাৱটি বহি থাকিব বুলি ভবা ভুল হব। নৈতিক বা অনৈতিক দুই প্ৰকাৰেই তেওলোকে এই থলুৱা উদ্যোগবোৰক বাধা দিয়াৰ চেষ্টা কৰিব। তেওলোকৰ হাতত ক্ষমতা আৰু ধন দুইটাই আছে, গতিকে তেওলোকে ইচ্ছা কৰিলে চৰকাৰী নিৰ্দেশনা বা নীতি বিলাকতো হস্তক্ষেপ কৰিব পাৰিব বুলি অনুমান কৰিব পাৰি।
গতিকেই মোৰ বোধৰে, এই সকলোবোৰ থলুৱা উদ্যোগ এখন অৰাজনৈতিক বেনাৰত একত্ৰিত হোৱা উচিৎ।

অৰ্থাৎ এখন সমান্তাৰাল চেম্বাৰ্চ অৱ কমাৰ্চৰ দৰে সমিটিৰ কথা কোৱা হৈছে। এই সমিতিখনে গাইগুটীয়াকৈ বাৱসায় বিলাকত হস্তক্ষেপ নকৰে, কিন্তু সামগ্ৰিক ভাৱে ব্যৱসায়টোলৈ আহিব পৰা সংকট বিলাকৰ ওপৰত চকু ৰাখিব আৰু প্ৰয়োজন অনুসৰি বিহীত ব্যৱস্থা লব।

প্ৰস্তাৱিত সমিতিখনৰ মূল উদ্দেশ্যবিলাক এনেধৰণৰ হব পাৰে, -

১) ব্যক্তিগত উদ্যোগত গঢ়ি উঠা এই থলুৱা ব্যৱসায়বিলাকক এক স্বাধীন সমূহীয়া মঞ্চ প্ৰদান কৰা; 

২) থলুৱা ব্যৱসায়টোৰ সামগ্ৰিক গতিবিধিৰ ওপৰত চকু ৰখা, যাতে সকলো ব্যৱসায়েই অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ মূল লক্ষ্যৰ পৰা বিচলিত নহয়। 


৩) অহেতুক প্ৰতিদ্বন্দিতা বন্ধ কৰা; 


৪) নতুন নতুন ব্যৱসায় ক্ষেত্ৰৰ সন্ধান কৰা, আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা; 


৫) চৰকাৰী নীতি নিৰ্ধাৰক সকলৰ সৈতে সমন্বয় ৰক্ষা কৰা আৰু প্ৰয়োজন সাপেক্ষে হস্তক্ষেপ কৰা; 

 
৬) বিতৰণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন ব্যৱসায়ীসকলক সহযোগীতা আৰু পথ প্ৰদৰ্শণ কৰা


৭) উৎপাদনৰ গুণৱদ্ধতাৰ বাবে মানক নিৰ্ণয় কৰা


৮) গাই গুটীয়া ব্যৱসায় সমূহে ইটোৱে সিটোক বাধা দিয়াৰ পৰিৱৰ্তে, ইটো সিটোৰ সহযোগী কৰি তুলিব পৰাকৈ নীতি নিৰ্ধাৰণ কৰা। 


ইত্যাদি,


এই সমিটিখনৰ মূল নীতি হব – “থলুৱা সম্পদেৰে, থলুৱা প্ৰযুক্তিৰে, থলুৱা কৰ্মশক্তিৰে, (থলুৱা) বজাৰ দখল কৰি অসমৰ অৰ্থনৈতিক স্বাৱলম্বিতা সুনিশ্চিত কৰা।“

বৰ্তমান পৰিস্থিতিত এনে এখন সমিটিৰ অতীৱ প্ৰয়োজন আহি পৰিছে যেন অনুমান হয়। এই সমিতিখন বেচৰকাৰী হ’লেও তাক পাৰস্পৰিক বুজা পৰাৰ মাজেৰে কিছু ক্ষমতা প্ৰদান কৰা উচিৎ হব। কেৱল এটা কথা, এই সমিতিখনে এশ শতাংশ সততাৰে কাম কৰিব বুলি সকলো নিশ্চিত হব লাগিব। সমিতিত থকা লোকসকলে ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰাৰ ক্ষমতা ৰাখিব লাগিব। লগতে সমিতিখনৰ হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা তৈয়াৰ কৰা আৰু সেইবোৰ কাৰ্যত পৰিণত কৰাৰ অভিজ্ঞতা থকা উচিৎ হব।

No comments:

Post a Comment