Wednesday, January 22, 2020

আহক, লেঠা লগাও

ৰাইজে অলপ অচৰপ বুজি উঠিছেই হয়তো, কণপাই ধৰ্মী সকলৰ মূল কাম হ'ল- সকলোতে লেঠা লগোৱা। লেঠা লগাই ফুৰাই এই ধৰ্মৰ মূলমন্ত্ৰ। ধৰক কোনোবাই ক'লে- "বাটে ঘাটে মুত্ৰ বিসৰ্জন নকৰিব" - বচ আৰু কি লাগে? কণপাই সকল জঁপিয়াই পৰিব তাত। কিয় নকৰিম? এয়া এক প্ৰাকৃতিক আহ্বান! চৰকাৰে তেনে দহফুটৰ মুৰে মুৰে টইলেট সাঁজি দিয়া নাই কিয়? চৰকাৰ হায় হায়! মু্ত্ৰ বিসৰ্জন আমাৰ অধিকাৰ, সংবিধান সংশোধন কৰি মুত্ৰ বিসৰ্জনৰ অধিকাৰক মৌলিক অধিকাৰ কৰিব লাগে। হেনহে তেনহে!

এইবিলাক বিতৰ্কৰে আচল সমস্যাবোৰৰ পৰা মনোযোগ আঁতৰাই ৰখাৰ লগতে ৰাইজৰ মনোৰঞ্জনো কৰি থকা কণপাইজমৰ অন্যতম বৈশিষ্ট।



সকলো কথা খুলি কব নোৱাৰি, তথাপি, অলপতে এজন নি‍ষ্ঠাবান কণপায়ে এটা বঢ়িয়া ঝেং লগালে। ঘটনাটো লিখিলো এইকাৰণেই যাতে আপোনালোকেও তেওৰ পদাংক অনুসৰণ কৰি, বিশ্বত কণপাইজম প্ৰতিষ্ঠা কৰাত সহযোগ কৰিব পাৰে।

আমাৰ এই কণপাইজনে এদিন এই নিঅ' হিন্দুইজমৰ গুৰিধৰোতা এজনক লগ পাই এটা ঘাটক প্ৰশ্ন সুধি দিলে-

-"ঠিক আছে বাৰু কওকচোন, এইযে আপোনালোকৰ ইলেকচন এজেণ্ডাত আছিল, ভাৰত সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ বাবে Natural বাসভূমি হব, মানে যিকোনো ঠাইৰ হিন্দু হ'লেই তেও অটোমেটিকেলী ভাৰতৰ নাগৰিকত্ব পাই যাব। হয়নে নহয়? নে মই ভুল বুজিছো?"

- " নাই বুজা, একদম ঠিক কৈছে। যিকোনো হিন্দু ধৰ্মীৰ বাবেই ভাৰত স্বদেশ। সকলো অধিকাৰেৰে তেওলোক ইয়াত থাকিব পাৰিব, মহাসমাৰোহে"

- "অ'কে, বুজিলো! তেনে ভাৰতীয় মুছলমান, বা আন ধৰ্মালম্বী সকলৰ কি হব? তেওলোকো ভাৰতীয় হৈ থাকিবনে? এই ধৰক, যিসকল লোকে হিন্দুৰ বাদে আন ধৰ্মী হৈয়ো ভাৰতক নিজৰ দেশ বুলি ভাৱে, শ্ৰদ্ধা কৰে, গৌৰৱ কৰে, পাকিস্তানৰ বিৰূদ্ধে যুঁজত প্ৰাণ আহুতি দিয়ে, দেশে বিদেশে ভাৰতৰ নাম উজ্বলাই, এতিয়াৰ হিচাপত যিসকল ১১০% বৈধ ভাৰতীয়....সেইসকলৰ কি হব? "

সিজনাই বোলে অলপ কেৰঘেহাঁলে, আমাৰ কণপায়ে সুবিধা পাই আকৌ পাক মাৰি ধৰিলে-

-"একদম স্পষ্ট ভাৱে কওক, তেওলোকৰ বিষয়ে আপোনালোকৰ স্থিতি কি? তেওলোক আপোনালোকৰ ভাৰতত সসন্মানে থাকিব পাৰিবনে? সকলো অধিকাৰ লৈ? মানে ধৰক আজিৰ সংবিধানে যিখিনি দিছে, সেইখিন লৈ?"

সিজনাই অলপ সৰু মাতেৰে শেষত ক'লেগৈ,

-"পাৰিব তেওলোক থাকিব!! ‍যদিহে তেওলোক সন্ত্ৰাসবাদী নহয়, বা............ হেৰি মানে....."

-"ৰব! মই বুজিলো যে, সেই হিন্দু ভাৰততো আন ধৰ্মী সকল থাকিব পাৰিব, সসন্মানে। অনাহিন্দু বৈধ ভাৰতীয়সকলৰ বিৰূদ্ধে আপোনালোকৰ কোনো এজেণ্ডা নাই। হয়নে?"

-"হয় বুলিয়ে ধৰকচোন এতিয়ালৈকে"

- "OK! থেংক ইউ চ' মাচ্ছ ফ'ৰ য়ৰ টাইম। এণ্ড অল দা বেষ্ট"
এইবুলি কণপাই তাৰ পৰা সুৰসুৰাই পলাল, তেওৰ কাম হৈ গ'ল। ঝেং লগাবলৈ ইছু পাই গ'ল।

এতিয়া কণপায়ে কি কৰি আছে জানেনে- তেও অসম মুলুকত থকা অ-হিন্দু, বিশে‍কৈ মুছলমান অবৈধ বাংলাদেশী সকলক এটা বুদ্ধি দি আছে। তেও বুজাইছে

- "ভাইহঁত তোমালোকে, ষ্ট্ৰেটেজিকেলী, মনত ৰাখিবা দেই এক ষ্ট্ৰেটেজী হিচাপেহে- কিছুদিনৰ কাৰণে হিন্দু ধৰ্ম গ্ৰহণ কৰা। ঘৰত যি কৰা কৰি থাকিবা, কিন্তু অফিচিয়েলি হিন্দু ধৰ্ম গ্ৰহণ কৰা বুলি ৰাইজক দেখুৱা। বচ!! তাৰ পাছত তোমালোক নেচাৰেলী ভাৰতৰ বাসিন্দা হৈ যাবা। আৰ এসময়ত যেতিয়া , মাটিৰ পট্টা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এন আৰ চি, পাছপৰ্ট আদি সকলো কাগজ পত্ৰ পাক্কা হৈ যাব, আকৌ নিজ নিজ ধৰ্মলৈ ঘুৰি যাবা। ঘৰ ৱাপচী টাইপ। কাম হৈ গ'ল।"

শুনামতে দুই চাৰিজন অবৈধ বাংলাদেশীয়ে তেওৰ প্ৰপ'জেলটো গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে।

আজি আমি সেইজন কণপাইক লৈ গৌৰৱান্বিত। আপোনালোক সকলোৱেও এইদৰে মহৎ পৰিকল্পনা বিলাকত ঝেং লগাই কণপাইজম বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিলো
#কণপাইজম

No comments:

Post a Comment