Wednesday, January 22, 2020

আপুনি মোৰ ঘৰ লেতেৰা কৰাৰ অধিকাৰ নাই

ধৰি লওক,
আপুনি আৰু মই ভাল বন্ধু, আমাৰ কিছুমান আদৰ্শগত দিশত মতৰ মিল আছে, বহুদিনৰ পৰা আমি ইজনে সিজনক জানো। বিপদৰ সময়ত আমি ইজন সিজনৰ কাষত ঠিয়ও হৈছো আগতে।
আৰু এটা মন কৰিব লগা কথা হ'ল, আমি দুইজনে মদ খাও, একেলগেও খাইছো বহুবাৰ। আমি দুইজনে বিশ্বাস কৰোঁ‌, সীমিত পৰিমাণে মদ খোৱাতো একো বেয়া কথা নহয়। আজিকালি বহুতেই যে খাই, সেইটো কথাও আমি দুইজনে জানো। আমাৰ পৰম্পৰাত থাকক বা নেথাকক আমি মদ খোৱা কথাটো মোতমোটি মানিয়েই লৈছো বুলি কব পাৰি। আমি মাজে মাজে আলোচনাও কৰিছো যে মদ খোৱাতো এক ব্যক্তিগত বিষয়, কোনোবাই ব্যক্তিগত ভাৱে মদ খোৱাতো একো ডাঙৰ সামাজিক সমস্যা নহয়। কোনো এজন প্ৰাপ্তবয়স্ক লোকে ব্যক্তিগত ভাৱে মদ খাব খুজিলে তেওক আইন কানুন, পৰম্পৰাৰ ভয় দেখুৱাই বাধা দিয়াতো যুক্তিসংগত নহয় বুলিও আমি দুইজনে মানি লও।

ধৰি লওক বুলিহে কৈছো দেই, ইয়াক লৈ বিতৰ্ক নকৰিব। মদ খোৱা নোখোৱা এই পোষ্টৰ বিষয় নহয়।

কব খুজিছো যে মদৰ বিষয়ে আপোনাৰ আৰু মোৰ মনোভাৱ প্ৰায় একেই। কিন্তু অলপ পাৰ্থক্যও আছে।



আপোনাৰ ঘৰত মদ খোৱা কথাটো সকলোৱে সহজ ভাৱে লয়, আপোনাৰ পৰিয়ালৰ সকলোৱে মুকলিকৈ একেলগে মদ খাই, আৰু তাৰ বাবে আপোনালোকৰ কোনো সমস্যাও হোৱা নাই।

কিন্তু মোৰ ঘৰত কথাটো ওলোটা। মোৰ মা-দেউতা, পৰিবাৰ,ল'ৰা-ছোৱালীয়ে মদ খোৱা বেয়া কাম বুলি ভাবে। তেওলোকৰ যুক্তিও নোহোৱা নহয়। তেওলোকে মদ খাই উদ্ভত কাম কৰি ফুৰা, লিভাৰ ছিৰচিছ হৈ মৰা, নিজৰ পৰিয়াল ধ্বংস কৰি পেলোৱা বহু মানুহ দেখিছে। তেওলোকে বিশ্বাস কৰে খোলাখুলিকৈ মদ খালে ল'ৰা ছোৱালীয়ে সৰুতেই সেইবোৰ অভ্যাস শিকি নিজকে ধ্বংস কৰাৰ সম্ভাৱনা আছে। মোৰ মা দেউতাই জীৱনত মদ দেখিয়েই পোৱা নাই, গতিকে তেওলোকৰ মনত মদ সম্পৰ্কে একধৰণৰ ভয় বা সংকোচ আছে।

মই তেওলোকৰ আবেগক সন্মান কৰোঁ‌, সেয়ে মই ঘৰত মদ নেখাও। মোৰ বাবে মোৰ পৰিয়ালৰ মানুহবোৰৰ সিদ্ধান্ত বা ধাৰণা মদতকৈ ডাঙৰ বস্তু। তেওলোকে মোৰ মদৰ বিষয়ে ধাৰণা সলাব পৰা নাই যদিও মই তেওলোকৰ মনোভাৱক সন্মান কৰোঁ‌, যিহেতু তেওলোকৰো যুক্তি নথকা নহয়। একেবাৰে অযুক্তিকৰ হ'লে মানি নললোহেতেন। সেয়ে আজিলৈকে মোৰ ঘৰত মদ নিষেধ।

এদিন আপুনি মোৰ ঘৰলৈ ৰাতি থকাকৈ আহিল। ময়ো যথাসাধ্যে আপোনাক শুশ্ৰুষা কৰিলোঁ‌। পিছে লেঠা লাগিল সন্ধিয়া, সন্ধিয়া আপোনাক মোৰ ঘৰৰ ভাতৰ টেবুলত বহি সকলোৰে আগত মদ খাবলৈ লাগে। ইফালে মই আপোনাৰ কোঠাত সৰুকৈ অলপ যোগাৰ কৰি থৈছিলোৱেই, কিন্তু মোৰ পৰিয়ালৰ মনোভাৱৰ কথা ভাৱি মই আপোনাক মোৰ ডাইনিং টেবুলত বহি মদ খাবলৈ বাধা দিলোঁ‌।
কিন্তু আপুনি নেমানিলে, মই মদ সম্পৰ্কে আগতে কোৱা কথাবোৰ সোঁ‌ৱৰাই আপুনি মোৰ ডাইনিং টেবুলতে মদ খালে। মই আৰু মোৰ পৰিয়ালে ভদ্ৰতাৰ খাতিৰত একো আপত্তি নকৰিলে যদিও, মই বৰ লাজ পালোঁ‌। আপুনি যোৱাৰ পিছদিনা মই স্বাভাৱিক ভাবেই ঘৰত বহু ককৰ্থনাৰ সন্মুখীন হ'লো।

মোৰ এতিয়া খং উঠিছে আপোনাৰ ওপৰত। মোৰ বিশ্বাস আৰু জ্ঞান মতে, সেইদিনা আপুনি মদ খাব নেলাগিছিল আৰু যদি নেখালেই নহয়, তেনে আপোনাৰ কোঠাত বহি অকলে মদ খাব লাগিছিল, মুকলিকৈ নহয়। মোৰ পৰিয়ালৰো সেইটোৱেই বক্তব্য।

হয়, সেইদিনা আপুনি মোৰ ঘৰখন লেতেৰা কৰিলে। মই সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈছো, আপুনি মোৰ ঘৰ লেতেৰা কৰিলে, আপোনাৰ সেই অধিকাৰ নাছিল।

মোৰ বিপৰীতে আপোনাৰ যি যুক্তি আছে দি থাকক, মোৰ একো নাহে নেযায়। যিকোনো সংবেদনশীল মানুহেই মোৰ ক্ষোভ বুজি পাব।

আৰু অলপ কথা যোগ দিও। আকৌ ধৰি লওক,আপুনি আৰু আপোনাৰ পৰিয়ালে মোক আৰু মোৰ পৰিবাৰক ভালদৰে জানে বহু বছৰৰ পৰা।

লগতে আমি সকলোৱেই জানো যে দুজন প্ৰাপ্তবয়স্ক মানুহৰ মাজত বৈবাহিক সম্বন্ধ নেথাকিলেও যৌন সম্পৰ্ক ঘটা স্বাভাৱিক আৰু বৰ্তমান ই আইনসংগত।

সেই বুলি মই কালিলৈ আপোনাৰ ঘৰলৈ এগৰাকী অচিনাকী মহিলাক লগত লৈ গৈ, ৰাতি আপোনাৰ পিতৃ মাতৃৰ আগতে একেটা কোঠাতে থাকিবলৈ দিবলৈ দাবী কৰিলে আপোনাৰ পৰিয়ালে গ্ৰহণ কৰিবনে? তেওলোকে মই আপোনাৰ ঘৰখন লেতেৰা কৰা বুলি নকবনে? আপুনি নকবনে? নিজকে প্ৰশ্নটো এবাৰ সোধক, যদি আপুনি বুদ্ধিমান হয়।

সমাজখনত বহু বেয়া বস্তু আছে, ময়ো বিশ্বাস কৰোঁ‌। সমাজ খনৰ কিছু নীতি নিয়ম অহেতুক আৰু ব্যক্তি স্বাধীনতাৰ পৰিপন্থী যেন লাগে। সেইবোৰ সলাব লাগে, তাকে সময় লৈ আৰু পৰিকল্পিত ভাৱে। একেদিনাই হাতুৰী মাৰি সকলো ভাঙি পেলাম বুলি ভৱা সকলক মই বিশ্বাস নকৰো। তেওলোকৰ থিয়'ৰি শুনিবলৈ ভাল, কিন্তু সেইবোৰ কিমান কাৰ্যকৰী,সেইবোৰে সামগ্ৰিক ভাৱে সমাজখনলৈ কিমান প্ৰগতি আনিব; সেয়া এতিয়াও প্ৰতিষ্ঠিত হোৱা নাই।

বাকী লুটুৰা স্বভাৱৰ সকল এই আলোচনাৰ বাহিৰত। আপোনালোকক কোনেও সুধৰাব নোৱাৰে, নিজৰ লুটুৰা স্বভাৱক আপোনালোকে সদায়েই কিবা কিবি আদৰ্শৰ মুখা পিন্ধাই যাব, আৰু এখিনি মানুহে আপোনালোকক মানিও থাকিব। :-)

No comments:

Post a Comment