এয়া আকাশবাণী, আজি 2055 চনৰ ১১ জুন, সোমবাৰ। সন্ধিয়াৰ বাতৰি পঢ়িছোঁ, মই ঘিতালী আৰু প্ৰবাদ-প্ৰতীমে | আকাশবাণীৰ সিন্ধান্ত মৰ্মে আজিৰ পৰা প্ৰধান প্ৰধান বাতৰি কেইটা প্ৰথমতে কৈ দিয়া নহব, কাৰণ শ্ৰোতাই হেডলাইন কেইটা শুণাৰ পাছত সদায় ৰেডিঅ’ বন্ধ কৰি টিভি চাবলে লাগি যায় | গতিকে আমাৰ স্পনচৰ সকলৰ অনুৰোধ সাপেক্ষে আকাশবাণীয়ে এই সিদ্ধান্ত গ্ৰহন কৰিছে| যাৰ শুনিবলে মন আছে সম্পুৰ্ণ বাতৰিটো শুনক, যাৰ নাই একো শুনিব নেলাগে|
এতিয়া আহো
সন্ধিয়াৰ প্ৰথম বাতৰিলৈ| আজি পুৰণি দিল্লীত প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাহুল গান্ধীৰ 15 বছৰীয়া কন্যা
শ্ৰীমতী এনাস্টাজিয়া তাতিয়ানা মাৰিয়া বাৰ্তুলুছি কিনস্কি গান্ধীয়ে দেশৰ সৰ্বকণিষ্ঠ
প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰে| প্ৰধান মন্ত্ৰী ন্যূনতম বয়সৰ সময় সীমা সলনি কৰিবলৈ লোৱা প্ৰস্তাবটো যোৱা কালি সংসদত সৰ্বসন্মতিক্ৰমে গৃহিত হোৱাৰ পাছত , শ্ৰীমতী গান্ধীৰ প্ৰধানমন্ত্ৰী পদৰ ক্ষেত্ৰত থকা শেষ
আন্তৰায়কনো আঁতৰি যায় | শপত গ্ৰহণ
অনুস্থানত বিদায়ী প্ৰধান মন্ত্ৰী শ্ৰী ৰাহুল গান্ধীয়ে দেশৰ ৰাইজক আশ্বাস দি কয় যে, দেশৰ ভাৰ
তেও সবল কান্ধত দি যাবলে পাই তেও সুখী
হৈছে| নিজৰ ভৱিষ্যত পৰিকল্পনা ব্যক্ত কৰি তেও কয় যে, তেখেতে
নিজে বহু সৰু বয়সতে ৰাজনীতিত যোগাদান কৰা বাবে লাইফত ফুৰ্তি ফাৰ্তা কৰিব নোৱাৰিলে, গতিকে
এতিয়া তেও অলপ সেইবিলাক দিশত মনোনিবেশ
কৰিব |
ইটালিয়ান
ভাষাত নিজৰ শপত বাক্য পাঠ কৰি শ্ৰীমতী গান্ধীয়ে কয় যে, তেও
ইণ্ডিয়া খন বৰ ভাল পায়, and it’s a funny place. তেও লগতে কথা দিয়ে যে সময় উলিয়াব পাৰিলে তেঁও বছৰত এবাৰ
মানকৈ ইণ্ডিয়ালৈ আহি থাকিব | প্ৰধানমন্ত্ৰী হিচাপে তেখেতৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে
সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমতী গান্ধীয়ে কয় যে, তেও ডাঙৰ
হ’লে ইণ্ডিয়াৰ হৈ মিচ ৱৰ্ল্ড প্ৰতিযোগীতাত অংশগ্ৰহণ কৰাৰ
পৰিকল্পনা আছে | কংগ্ৰেছৰ বৰিষ্ঠ নেতা শ্ৰীঅচীন পাইলটে, লেডাৰ কেটচু’ট পৰিহিতা প্ৰধানমন্ত্ৰীলৈ চাই অৰ্থপুৰ্ণ মন্তব্য
কৰি কয় যে, শ্ৰীমতী গান্ধী নেতৃত্বত থাকিলে ভাৰতৰ যুব প্ৰজন্ম ৰাজনীতিৰ
প্ৰতি আকৰ্ষিত হব আৰু ,আৰু ই গণতন্ত্ৰৰ
বাবে শুভ লক্ষণ| তেও লগতে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ গৰম সহ্য
কৰিব নোৱাৰা বাবে, তেখেতে হাৱাইৰ এটা ব্যক্তিগত দ্বীপত থকা বাসগৃহৰ পৰাই দেশৰ
কাম কাজ ছলাব | তাকে লৈ কিছু বিৰোধীয়ে ৰৌটোকে ঢৌটো কৰা বুলিও শ্ৰী পাইলটে
কটাক্ষ কৰে| শপত গ্ৰহণ অনুস্থানৰ ঠিক পিছতে প্ৰধানমন্ত্ৰী ব্যক্তিগত পোন্ধৰখন বিমান সহ লাচ –ভেগাছলৈ উৰা মাৰে|
2| আজি লোকপাল বিলৰ সমৰ্থনত জন্তৰ মন্তৰত আজি মুন্না হাজাৰে ৰ
অনশণৰ 2865 তম দিন| প্ৰায়
তিনিজন সমৰ্থকৰ উপস্থিতিত মুন্না হা্জাৰেই দেশৰ জনগনক উদ্দেশ্যি কয় যে, চৰকাৰে
লোকপাল বিধেয়ক গ্ৰহণ নকৰালৈকে তেও অনশণ ছলাই যাব | তেও
পুনৰ্বাৰ দোহাৰে যে তেও পুৰ্বজন্মত আন্না হাজাৰে ৰূপত যি আন্দোলন আৰম্ভ কৰিছিল , সেই
আন্দোলন সফল নোহোৱালৈকে তেও বাৰে বাৰে জন্ম লব | ইতিমধ্যে
চৰকাৰে লোকপাল সম্বন্ধে বিচাৰ কৰিবলৈ 1202 নম্বৰ সংসদীয় সমিতিখন গঠন কৰি দিছে | চৰকাৰৰ
মুখপাত্ৰ শ্ৰী পকিল চিব্বালে কয় যে, এই সমিতিয়ে নিজৰ ৰিপৰ্ট দিয়াৰ পাছতহে চৰকাৰে লোকপাল বিধেয়ক
সম্পৰ্কে নিজৰ মতামত জনাব পাৰিব | তেতিয়ালৈকে শ্ৰী হাজাৰেই ইচ্ছা কৰিলে অনশণ চলাই থাকিব পাৰে
বুলিও তেও সংবাদ মাধ্যমৰ আগত কয়|
3| যোৱাকালি নিশাৰ বাছত গুৱাহাটিৰ পৰা দুমদুমালৈ গৈ থকা
অবস্থাত অসমৰ মুখ্যমন্ত্ৰী কামালুদ্দিন আজমল গণিয়ে আকাশবাণীৰ সাংবাদিকৰ লগত
পোনপটীয়াকৈ কথা পাতে| সাক্ষাৎপ্ৰসংগত শ্ৰী গণিয়ে এনেদৰে কয় “ আমাৰ আৰ বালা লাগছে না, বুঝছনি? আচামেৰ লোকৰা বুঝেনি| চুকাফা না খিটা অনুপ্ৰবেশ কৰে আসাম টা নিয়ে নিল, হেইটা
বালা; আমৰাও হেইমতই অনুপ্ৰবেশ
কৰে আচামটা ছালাইতেছি, এইটা খাৰাব | কিৰখম খতা হ’ল এইটা | খত খাজ
কইৰলাম আমৰা, তাও বুঝেনি | কে একটা চিল্লা চিল্লি কৰে বলতাছে কি আমি বাংলাদেশেৰ নাগৰিক| হা.আমি বলছি হয়.....কি বৰ খতা
হল এইতা| লাস্ট 50 বচ্চৰ আমৰাই এই দেচ তা ছালাইতেছি , চবাই জানে, এখন নাকি
দেচেৰ 95 পাৰচেন্ট লোকৰাই বাংলাদেশেৰ নাগৰিক| তা হলে কি
প্ৰব্লেম হৈতাছে?? আমি আচামীৰাকে সংখ্যালঘুৰ ফেচিলিতি চব দিতাছি কি না? আৰ খত
খৰমু | বালা লাগছে না , একদম বালা লাগছে না |” কেন্দ্ৰত থকা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে, -আজি যে
অসমৰ এই জয় জয় ময় ময় অবস্থা, কোনো ফালে কোন
নাটনি - অশান্তি নাই , তাৰ মূলতে কিন্তু কেন্দ্ৰ চৰকাৰে অনুপ্ৰবেশকাৰী সকলক
যথাযোগ্য সন্মান দিয়াটোহে বুলি মুখ্যমন্ত্ৰীয়ে ন দি কয়|
4| গুৱাহা্টীৰ লতাশি্ল খেলপথাৰত এইবাৰ মহা সমাৰোহেৰে অসমৰ
জাতীয় উৎসব ‘ভেলেন্টাইন দে’ পতাৰ যো জা চলাই
থকা হৈছে| সেই উপলক্ষ্যে হবলগা আলোচনা চক্ৰত প্ৰখ্যাত পুৰাতত্ববিদ
শ্ৰী বিকি ডাৰ্টিলাভে অসমৰ প্ৰাচীন বিহু সম্পৰ্কে তেও উদ্ধাৰ কৰা কিছুমান
গুৰত্বপুৰ্ণ তথ্য ৰাজহুৱা কৰিব বুলি উদ্যোক্তা সকলৰ ফালৰ পৰা জনাইছে | সাংবাদিকে
শ্ৰী বিকিক এই বিষয়ে প্ৰশ্নকৰাত তেখেতে
বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে যদিও – ইমানকে জানিবলৈ দিয়ে যে তেওৰ অনুসন্ধান মতে বিহুও
ভেলেন্টাইন দে’ৰ দৰে ‘ লাভ’ কৰা বিলাকৰে উৎসব আছিল, তাকে
যেনিবা আনচিভিলাইজড আৰু প্ৰিমিটিভ আছিল |
5| যোৱা শণিবাৰে ঢাকা
চহৰত , বাংলা ভাষাত উল্লেখযোগ্য
সাহিত্যকৃতিৰ বাবে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধবদেৱ আৰু মাধৱ কন্দলী নামৰ তিনিজন লোকক মৰণোত্তৰ
ভাবে ‘বাংলাদেশ ৰত্ন’ উপাধি প্ৰদান কৰা হয়| পুৰস্কাৰ প্ৰদান কৰি বাংলাদেশ চৰকাৰৰ এজন মুখপাত্ৰই কয় যে, পোন্ধৰশ
শতিকাতে, এইকেইজন লোকে বাংলা ভাষাত বহুতো পুথি ৰছনা কৰি এই ভাষাক এক
সুকীয়া মৰ্য্যদা প্ৰদান কৰিছিল | তেও আৰু কয় যে যদিও কালৰ সোঁতত তেওলোকৰ সাহিত্য কৰ্মবিলাক
হেৰাই গ’ল , তথাপিও সমগ্ৰ বাংলাভাষীয়ে তেওলোকৰ অবদান স্বীকাৰ কৰা উচিত|
বাতৰিৰ পৰবৰ্তী অংশ ক্ষন্তেক
পাছতে হব লগা বাণিজ্যিক বিৰতিৰ পাছত শুনা পাব |
‘ নুতন বাজাজ আ্যদভেনচাৰ,......... এবাৰ
চালাই চাব – আপোনাৰ পাম ফাটাই দিব – 1200 চি চি
ইঞ্জিনৰ পাৱাৰ মেহচুচ কৰক .........নুতন বাজাজ আ্যদভেনচাৰ,|
আপনাৰ তপা মুৰে ছুলি গজাবাৰ
কাৰনে ইউজ কৰক- “শান্তি কেশক্যালা;
-মনে ৰাখিব- কেৱল
মাত্ৰ ট্ৰেডমাৰ্ক থাকা- ‘ শান্তি কেশক্যালা’ – সস্তা বিজ্ঞাপন দেকি যে
ভোল নাজায় তাক চাব |