শত্ৰুঘ্ন সিনহা কোনো কালে মোৰ প্ৰিয় অভিনেতা নাছিল, তেওৰ ‘খামোছ’ নামৰ
বিখ্যাত ডাইলগটোৱেও কোনোদিনে মোক প্ৰভাৱিত কৰা নাছিল। তেওৰ চিনেমাবোৰো বৰ
বেছি ভাল নেপাইছিলো। তাৰ বিপৰীতে লেখক বা বক্তা শত্ৰুঘ্ন জন আকৌ মোৰ বৰ
প্ৰিয় আছিল। তেওৰ অগতনানুগতিক কথন ভংগী আৰু প্ৰত্যেকটো বাক্যৰ পাছত লুকাই
থকা প্ৰচণ্ড আত্ম বিশ্বাসে মোক সদায় আকৰ্ষিত কৰি আহিছিল। লেখক হিচাপে
বোধকৰো তেওক প্ৰথম লগ পাইছিলো 'ফিল্মফেয়াৰ' নামৰ
আলোচনীখনৰ এটা প্ৰশ্নোত্তৰ শিতানত। সেইসময়ৰ সকলোতকৈ বুদ্ধিদীপ্ত আৰু
হাস্যৰসযুক্ত প্ৰশ্নোত্তৰ শিতান আছিল সেইটো।
এইবাৰ ব্ৰহ্মপুত্ৰ
সাহিত্য উৎসৱত তেওক নিমন্ত্ৰণ কৰালৈ বহু তৰ্ক বিতৰ্ক চলি আছে, সেইবোৰত মাত
মাতিবলৈ নেযাও, কিন্তু ব্যক্তিগত ভাৱে তেওৰ কথা শুনিবলৈ পোৱাতো মোৰ বাবে বৰ
সৌভাগ্যৰ কথা হ’ল।
যদিও অভিনেতাৰূপেহে তেও বেছি প্ৰখ্যাত, কিন্তু
তেওক এই উৎসৱলৈ নিমন্ত্ৰণ কৰা হৈছিল তেওৰ সদ্য প্ৰকাশিত জীৱনী “এনিথিং বাট
খামোচ” ৰ বিষয়ে কথা পাতিবলৈ হে। তেওৰ সৈতে আছিল জীৱনীখনৰ লেখিকা ভাৰতী এচ
প্ৰধান আৰু তাৰ সম্পাদক জন (নামটো পাহৰিলো)।
কিতাপখনৰ কথা কিছুদিনৰ
পৰা অলপ অচৰপ শুনি আছিলো, পঢ়িবলৈ পোৱা নাই এতিয়ালৈকে। কোৱা শুনিছিলো
কিতাপখন ব্যৱসায়িক ভাৱে সফলতা হোৱাৰ লগতে লগতে ই হেনো ভাৰতীয় জীৱনীমূলক
সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰিছে, জীৱনী সাহিত্যৰ নতুন
মানক(ষ্টেণ্ডাৰ্ড) স্থিৰ কৰিছে, ইত্যাদি। গতিকে স্বাভাৱিক ভাৱেই উৎসুকতা
আছিল।
প্ৰায় এঘণ্টা জোৰা সাক্ষাৎকাৰটো ভিৰৰ মাজত থিয় হৈ হৈ চালো,
শুনিলো। স্বীকাৰ কৰো, এই এঘণ্টাই মোক বহুত কিবা কিবি দিলে। পোন প্ৰথমে কব
লাগিব, এখন জীৱনী লিখাৰ কঠিন প্ৰক্ৰিয়াটো বিষয়ে মোৰ বিশেষ জনা নাছিল,
তাতে আকৌ শত্ৰুঘ্ন সিনহাৰ দৰে এজন লোক- যাৰ বহু মন্তব্যই বিজ্ঞমহলত
প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, তেও কাৰো বিষয়ে ভালে বেয়াই কবলৈ পিছ নোহোহোকে।
অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি লালকৃষ্ণ আদৱানি আনকি নিজৰ ককাই-ভাই সম্পৰ্কীয়
সকলো তেওৰ শ্বটগানৰ পৰা ৰক্ষা নপৰে। এই কথাখিনি জীৱনীত অন্তৰ্ভুক্ত
নকৰিলেও জীৱনীখন সম্পূৰ্ণ নহয়, আকৌ কৰিলেও আইনী মেৰপেঁচত পৰাৰ ভয়। গতিকে
লেখিকা ভাৰতীয়ে তথা সম্পুৰ্ণ সম্পাদনা গোষ্ঠীটোৱে সকলোকে লগ ধৰিব লগা
হৈছিল, সুধিব লগা হৈছিল, যে শত্ৰুঘ্নই আপোনাৰ বিষয়ে এইখিনি কথা কৈছে, আমি
তাক ৰাজহুৱা কৰিব পাৰোনে? কোনোৱে সন্মতি দিছিল, কোনোৱে দিয়া নাছিল। সকলোৰে
পৰা লিখিত অনুমতি লব লগা হৈছিল। অমিতাভ বচ্চনৰ বিষয়ে কোৱা এটা বিতৰ্কিত
মন্তব্যৰ বিষয়ে সুধিবলৈ যাওতে তেও অনুমতি দি কৈছিল
-“লিখক। এইখিনি কথা নিলিখিলে মানুহে দেখোন শত্ৰুঘ্নক বুজিয়ে নেপাব।“
জীৱনী লিখোতাই প্ৰায়ে নায়কক গ্লৰিফাই কৰাৰ চেষ্টা কৰে, বা তেও কৰা ভুলবোৰৰ
স্পষ্টীকৰণ দিয়াৰ চেষ্টা কৰে। আত্মজীৱনীতো প্ৰায় তেনে হোৱা দেখা যায়।
লেখিকা আৰু শত্ৰুঘ্ন সিনহাই জনোৱা মতে- তেওলোকে এই দুৰ্বলতাৰ পৰা হাত
সাৰিবলৈ যৎপোৰনাস্তি চেষ্টা চলাইছে। কিমান সফল হৈছে সময়ে কব। আকৌ তেওৰ
জীৱনলৈ অহা ‘বাহৰৱালী’ দুই এগৰাকীৰ কথাও লিখিব লগা হৈছে, কাৰণ তেওৰ জীৱনত
তেওলোকৰ গুৰুত্ব আছে। সেয়া কৰিবলৈ যাওতে যাতে পাত্ৰীসকল বৈবাহিক বা সামাজিক
জীৱনত একো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লগা হৈছে।
এই খিনি
সমস্যা হয়তো সকলো জীৱনী লিখোতাই সন্মুখীন হব লগাত পৰে। কিন্তু মোৰ সকলোতকৈ
ভাল লাগিল শত্ৰুঘ্ন আৰু লেখক তথা সম্পাদনা গোটটোৰ বুজাবুজি আৰু সহযোগীতাৰ
কথাটো। এই বিষয়টোহে জীৱনীৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ বুলি তেওলোকে মত
পোষণ কৰিলে। লগতে শত্ৰুঘ্নৰ চৰিত্ৰৰ কিছুমান লুকাই থকা দিশৰ প্ৰতিও লেখিকা
আৰু সম্পাদকে দৃষ্টি আকৰ্ষণ কৰিলে। শেষত নিজৰ নামৰ বিভ্ৰান্তিক লৈ এক
কৌতুকপূৰ্ণ বক্তব্যৰে তেওলোকে অনুষ্ঠান সামৰিলে।
অসমীয়া জীৱনীমূলক
সাহিত্য এতিয়াও বহু পিছপৰি আছে বুলি ধাৰণা হয়। এই দুৰ্বলতাৰ বাবেই অসমৰ
পৰা সমাজলৈ দৃষ্টান্তমূলক অৱদান দি যোৱা লোকসকলৰ কথা বহিৰ্বিশ্বই নেজানে।
এই ক্ষেত্ৰখনত বহুত কৰিব লগীয়া আছে।
সকলো কথা লিখা সম্ভৱ নহয় যদিও –
এই অনুষ্ঠানটোৰ পৰা জীৱনী সাহিত্যিক সকল উপকৃত হব বুলি ধাৰণা হ’ল।তেওলোকে
এই কামটো ইমান বেছি ‘প্ৰফেচনেলী’ কৰিছে যে, এই কিতাপখন সফল হবই বুলি
নিশ্চিত হব পাৰি। সততাৰ লগতে ব্যৱসায়িক সফলতা আৰু বহুল প্ৰচাৰ তেওলোকৰ
উদ্দেশ্য বুলি আগতীয়াকৈ ধৰি লৈ তেওলোকে সেইমতে কাম কৰিছে।
শত্ৰুঘ্ন
সিনহাক সাহিত্য উৎসৱলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে কিবা দৈবাসন তল গ’ল যদিও
নেজানো- মোৰ কিন্তু বহুত উপকাৰ হ’ল। উপভোগো কৰিলো, শিকিলোও বহুত। কাৰণ ময়ো
কেতিয়াবা দুজনমান লোকৰ পূৰ্ণাংগ জীৱনী লিখাৰ আশা এটা মনে মনে পুহি ৰাখিছো।
কেতিয়াবা কৰিব পাৰিলে কামটো এওলোকে কৰাৰ দৰে কৰিম- ১০০% প্ৰফেচনেলী। নহ’লে
কৰি বৰ বিশেষ লাভ নহব।
No comments:
Post a Comment