সৰুৰে পৰা ফেণ্টাছী জাতীয় বস্তুবোৰে মোক বৰ আকৰ্ষণ কৰে।হয়তো জোখতকৈ অলপ বেছিকৈয়ে কৰে। অন্তৰংগ বহুতে কয় মই হেনো মোতামোতি ফেণ্টাছী ৱৰ্ল্ডতে বাস কৰোঁ। হয়ো, বাস্তৱ জীৱনটোত মোৰ পাৰফৰ্মেন্স বৰ এটা সন্তোষজনক নহয়।সকলো দিশতে টানি আজুৰি কাণে কাণ মাৰি চলি থকা ধৰণৰহে। মোক দূৰৰ পৰা দেখা সকলৰ বাবে এইখিনি কথা অত্যুক্তি যেন লাগিব পাৰে, কিন্তু মোক ওচৰৰ পৰা জনা সকলে জানে। মোক কয়ো- অলপ এইখন পৃথিৱীলে নাম! কিমান বেহুচ হৈ উৰি ফুৰিবি আৰু। মোৰ সিদ্ধান্ত বা কাৰ্যপন্থাবিলাকতো ফেণ্টাছীয়ে গভীৰ প্ৰভাৱ পেলায়। ইণ্টাৰ ডিভিজন টেনিছ বল ক্ৰিকেট মেটচ এখন খেলাৰ আগনিশাও মোৰ ভালকৈ টোপনি নাহে, কোনটো বল কেনেকে মাৰিম, কোনফালে চিক্স মাৰিব পাৰিম, কেনেধৰণৰ বলত ৰিস্ক নলও, কোনজন ফিল্ডাৰৰ ফালে ওপৰলে উঠাই মাৰিব নোৱাৰি- সকলো কথা ভাৱি ভাৱি ‘ফুল টেনচন’ত ৰাতিটো কটাও। মোৰ যুক্তি হ’ল শচীন তেণ্ডুলকাৰেও বোলে টেষ্ট মেটছৰ আগদিনা শুব নোৱাৰে, গতিকে মই কিয় শুম? ফেণ্টাছী ৱৰ্ল্ডত মই নিজকে তেণ্ডুলকাৰৰ ৰূপত কল্পনা কৰি সিফালে ৱাৰ্ণ, মেকগ্ৰা, গিলেপ্সিৰ বলত চেন্সুৰি মৰাৰ পূৰ্ণ পৰিকল্পনা কৰি লও।পিছদিনা যিয়েই নহওক, ফিল্ডত থকা সময়খিনি নিজকে তেণ্ডুলকাৰ (ছেহৱাগ বুলিলে আৰু উপযুক্ত হব) বুলিয়েই ভাৱি থাকো। আৰু তেণ্ডুলকাৰোতো বহুবাৰ শূন্যত আউট হৈছে। মই যেনিবা প্ৰায়ে হও, তাতে কি হ’ল? কিন্ত হঠাৎ কেতিয়াবা আশাকৰাতকৈ বেছি সফলতা পাই যাও- মানে মোৰ নিজৰ লেভেলত(তেণ্ডুলকাৰৰ লেভেলত নহয়)। তিনিটা চিক্স মাৰি খেল জিকাই দিও, পেনাল্টী শ্বুট আউটত বিপক্ষৰ পাঁচটাৰ ভিতৰত তিনিটা শ্বটেই বচাই দিও। আৰু মোক কোনে পায়, ফেণ্টাছী বাস্তৱায়িত হোৱাৰ সুখত মোৰ দুই তিনিটা বছৰ আৰামত কাটি যায়।
অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে মই পলায়নবাদী, বাস্তৱ জীৱনৰ সমস্যাবোৰ মই আওকাণ কৰি চলো। কিন্তু স্বীকাৰ কৰো, পাৰিলে চলিলোহেঁতেন, পলায়ো ফুৰিলোহেতেন। সঁচাকৈয়ে বাস্তৱৰ পৰা পলাই ফুৰিবলৈ পালে মোক আৰু একো নেলাগে। কিন্তু জীৱনে সেইকণ ‘লাক্সাৰী’ নিদিলে। হলেও একমাত্ৰ এৰাব নোৱাৰা কাম কেইটাৰ বাদে বাকীবোৰ সকলো ‘ভগৱান ভৰোচে’- মই মোৰ ফেণ্টাছীত ব্যস্ত।
এই পলায়নবাদক সমৰ্থন দিবৰ বাবে মই নিজাকৈ কিছুমান ‘আদৰ্শ’ আৰু ‘ষ্টেণ্ডাৰ্ড’ তৈয়াৰ কৰি লৈছো, লগতে অলপ অচৰপ তেনেধৰণৰ ‘পাব্লিক ইমেজ’ এটাও। যেনে এই নিজাকৈ ঘৰ এটা, ল’ৰা ছোৱালীৰ ভৱিষ্যত পৰিকল্পনা, অৱসৰ লোৱাৰ পাছত কি কৰিম তাৰ হিচাপ, সেইবোৰ মই মোৰ কাম নহয় বুলিয়েই ধৰি লৈছো- ৰাইজক কৈছোও। কিন্তু প্ৰকৃত কথা এনে নহয় যে মই সন্যাসী টাইপৰ সৰ্বত্যাগী মানুহ। আচলতে সেই সকলোবোৰ মোকো লাগে, পিছে সেইবোৰৰ বাবে মই মোৰ ফেণ্টাছীৰ লগত এৰাধৰা কৰিব নোৱাৰো। ফেণ্টাছীৰ মোহময়ী জগতখনত থাকি মই যি সুখ পাও, সেয়া মোক কি গুৱাহাটীৰ উপকণ্ঠৰ ফাৰ্ম হাউচ এটাই দিব পাৰিব নেকি?
হমমম…পাৰিব চাগে, কি ঠিক? কিন্তু মোৰ চেষ্টা কৰিবলৈ মন নাই। তাতকৈ মধুবালাৰ কেকোঁৰা চুলিৰ কথাকে ভাৱি থাকোচোন- মধুবালাই মোলৈ চাই গাই আছে- তু যাহাঁ যাঁহা চলেগা, মেৰা ছায়া চাথ হোগা………………..
যিখিনি
ন্যূনতম স্থাৱৰ, অস্থাৱৰ
গোট খাইছে, সেইখিনি
সকলো মোৰ শুভাকাংখী সকলৰ অৱদান। বাধ্যত পৰি বা ‘জেক খাই’ দুই এটা নোগোটোৱা নহয়, কিন্তু সকলো
পৰিকল্পনাহীণ। গতিকে ২০ বছৰ চৰকাৰী চাকৰি কৰাৰ পাছতো মোৰ ‘লায়েবিলিটি’ ‘এছেট’তকৈ বহুগুণ বেছি। পিছে
মোৰ আপত্তি নাই, নিজকে
সান্ত্বনা দিছো… বাদ
দিয়া হে… মই
যিমান লাইফ এনজয় কৰিছো, আনে
কৰিছে নেকি?
এনজয়
কৰিছো হয়, কিন্তু
বাস্তৱত নহয়, ফেণ্টাছীত।
কথাটো হ’ল
এনজয় কৰিব লাগে, ফেণ্টাছী
নে বাস্তৱ তাৰ লগত কি লেনাদেনা আছে?
জীৱনে
পিছে সদায় মানুহৰ লগত আমোদজনক খেল খেলে। মোৰ শিক্ষা আৰু চাকৰি এনে এটা ক্ষেত্ৰত, যত ফেণ্টাছী বা
কল্পনাপ্ৰসূততাৰ কোনো স্থানেই নাই। সদায় ফলাফল লাগে, স্টেণ্ডাৰ্ড প্ৰচিডিয়ৰ
মানি চলা হৈছে নে নাই সেইটো নিশ্চিত কৰিব লাগে, আৰু সাম, দাম, দণ্ড, ভেদ সকলো ব্যৱহাৰ কৰি
মানুহৰ পৰা কাম উলিয়াব লাগে। অৱশ্যে বাধ্যত পৰি কৰা এইটো কামৰ বাবেও মোৰ বৰ বেছি
আপত্তি কৰিব লগা নাই। কাৰণ এক ‘ই মোক সংসাৰখন চলাই যাবলৈ ‘যোগাৰ’ বোৰ দিয়ে’, আৰু দুই ‘এই বৈপৰীত্যই মোৰ মনক
মেচিউৰিটি দিছে’; মই বুজিছো- মই ভাৱিব নোৱাৰা ধৰণৰ পৃথিৱী এখনো আছে, আৰু সেইখনেই আচল পৃথিৱী, মই উৰি ফুৰাখন নহয়।
আগতে এবাৰ কলো যদিও আকৌ কও- ফেণ্টাছীয়ে মোক বহু ক্ষেত্ৰত সহায় নকৰা নহয়। সৰুৰে পৰা মগজটোক ফেণ্টাছীৰ মাজত থাকিবলৈ শিকোৱাৰ বাবে মোৰ দুই এটা সুবিধা হৈছে – মই কিবা এটা সমস্যাৰ ‘ইনভেটিভ’ সমাধান উলিয়াবলৈ সাহস কৰো, আৰু বহুক্ষেত্ৰত সেই সমাধান বোৰে কামো কৰি যায়।কিন্তু সকলোতকৈ বেছি গুৰত্বপূৰ্ণ কথাটো হ’লো- ফেণ্টাছীয়ে মোৰ সাহস বহুত বঢ়াই তোলে। মই একো কথাকে অসম্ভৱ বুলি নেভাবোয়েই। কেপ্টেইন জেক স্পেৰ’ই যদি পৃথিৱীৰ শেষ সীমালৈকে জাহাজ চলাই যাব পাৰে (এইটো মোৰ প্ৰিয় ফেণ্টাছী, পৃথিৱীৰ কৰবাত শেষ সীমা এটা আছে, তাৰ পাছত সকলো শেষ। ভূগোল মাৰো গুলী) মই কি সাধাৰণ স্বৰ্গাৰোহিণী ট্ৰেকটো কৰিব নোৱাৰিম নে?পাৰিম, মানে কৰিলোৱেই। শৰীৰে সকলো ফালৰ পৰা অসহযোগ আন্দোলন কৰা স্বত্তেও ৪৫০০ মিটাৰ উচ্চতাত ৫৬ কিলোমিটাৰ খোজকাঢ়ি আহিলো। শক্তি হিপাপে কেৱল পাণ্ডৱৰ স্বৰ্গাৰোহণৰ পথত ভৰি দিয়াৰ ফেণ্টাছী।
এই ফেণ্টাছী প্ৰৱণতাই মোক বহুত কিবা কিবি দিছে, কিন্তু তাতকৈ বহু বেছি কাঢ়ি নিছে যেন লাগিছে।নকৰো নকৰো বুলিও, কেতিয়াবা ওচৰ পাজৰৰ (মনৰ) মানুহবোৰৰ লগত তুলনা কৰি পেলাব লগা হয়, আৰু নিজৰ দূৰৱস্থা দেখি হতাশ হও। নিজৰ আৰু পৰিয়ালৰ ভৱিষ্যত ‘যি হয় দেখা যাব’ বুলি সাহস দেখুৱাই থকা মানুহটো প্ৰচণ্ড ইনচিকিউৰিটিত ভোগো। এইখন দেশ আৰু এইখিনি মানুহৰ বাবে কিবা দি যাব নোৱাৰিলে জীৱনেই বৃথা বুলি নিজকে বিশ্বাস দিয়া মইটোয়ে আন ঠাইত কিয় জন্ম নহ’লো বুলি দুখ কৰো। কাকো বেছিকৈ ভাল নেপাও কাৰণে বেয়া পোৱাৰ প্ৰশ্নও নাহে বুলি ৰাজহুৱা ভাৱে ‘চুপাৰ কুল’ হৈ থাকিবলৈ যত্ন কৰি শেষত ঘৰৰ আপোন মানুহকেইটাৰ সৰু দোষতে খঙত ফাটি পৰো।
এইবোৰ বাৰু চলি থাকিব, এৰা ধৰাৰ মাজেৰে। কিন্তু মোৰ দৰে এই ফেণ্টাছী প্ৰৱণ মানুহবোৰে যিটো কথাৰ বাবে সকলোতকৈ বেছি কষ্ট পায় সেইটো হ’ল, Trying to be too good,
বৰ বেছি ভাল হবলৈ কৰা প্ৰচেষ্টা। ফেণ্টাছীৰ জগতত সদায় ভাল মানুহ হে সফল হয়, ইয়াত প্ৰেক্টিকেল আৰু বাস্তৱবাদী মানুহবোৰ সদায় বেয়া, সদায় ভিলেইন। আৰু ইয়াত ভাল মানুহবোৰ ১০০% ভাল, ৯৯% নহয়। বেয়াবোৰ পুৰা বেয়া। যিটো একেবাৰে মিছা কথা।
বৰ বেছি ভাল হবলৈ চেষ্টা কৰাটোৱেই মোৰ জীৱনৰ আটাইতকৈ দূৰ্বল দিশ।কিয় বা কেনেকৈ বৰ বেছি আলোচনা নকৰো, কিন্তু এই ভাৱটোৱেই মোৰ অলপ আগৰ আপডেটটোৰ আঁৰ কাপোৰৰ তলত থকা কথাখিনি।
বি. দ্ৰ. :- নিজৰ কথা বেছিকৈ কোৱা হেনো বুঢ়া হোৱাৰ লক্ষণ, পিছে কিনো হব? বাৰ্ধক্য লৈয়ো মোৰ নানান সুন্দৰ ফেণ্টাছী আছে।মনে মিলা মানুহ পালে কম।
এই লেখাটো কিবা খেলিমেলি, অসংলগ্ন হ’ল বুজিছো। কি কব বিছাৰিছো, পাঠকে বুজিবলৈ চেষ্টা কৰিলে কষ্ট পাব। সাধাৰণতে মই মোৰ লেখা বিলাকৰ বক্তব্য সৰল আৰু স্পষ্টকৈ ৰাখিবলৈ চেষ্টা কৰো। এইবাৰ সেই চেষ্টা কৰা নাই।যি মনলৈ আহিছে তাকে লিখিছো, তাৰ দুই এটা কাৰণো আছে হয়তো। পাঠকৰ ওচৰত ক্ষমা বিছাৰিলো। কেতিয়াবা জুঁকিয়াই ভালকৈ লিখিম।
No comments:
Post a Comment