ৰশ্মি ত্ৰিৱেদীৰ বহু কবিতা হোৱাটচএপত সন্ধালনিকৈ চলি আছে, লেখকৰ নাম নোলোৱাকৈ। এই লেখাটোও তেওৰ, মোৰ ওচৰলৈয়ো আহিছিল। তেওৰ পৰাই গম পালো এয়া তেওৰ লেখা।
কবিতাৰ ধৰ্ম, গুণ আদিৰ কথা নেজানো, কিনতু কবিতাটোৰ সৰলতাই মোক চুই গ'ল। হয়তো ইয়াত ৰূপকল্প, চিত্ৰকল্প নাই, নাই কঠিন শব্দৰ মায়াময় খেলা, কিন্তু বক্তব্য স্পষ্ট। হয়তো এক ডিকনষ্ট্ৰাকচন। যি হয় হওক বুলি অনুবাদ কৰি দিলো, কি হৈছে নেজানো।
কবিতাৰ কথা বাদ দিও, বক্তব্যৰ বাবেই এইটো লিখা গ্ৰহণযোগ্য হব বুলি ভাৱিছো।
Original By *Rashmi Trivedi *
Author of Woman everything will be fine!
Author of Woman everything will be fine!
মাজনিশা কেতিয়াবা উঠি
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
মই এন্ধাৰতে তাৰ কাষলে যাও,
নাকত হাত দি চাও,
উশাহ লৈছেনে নে নাই সি !
সি এটা নিশ্চিত মৃত্যুপথৰ পথিক,
দিনে, দিনে, ধীৰে, ধীৰে; মৃত্যুয়ে তাক গ্ৰাস কৰি আনে।
দামী ৰেষ্টুৰেণ্টখনৰ এসাজৰ দাম,
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।
মই জানো, মোক ৰেষ্টুৰেণ্টৰ দুৱাৰ খুলি দিয়া
তজবজীয়া ল'ৰাটোৰ এমাহৰ 'ইনকাম'।
মুহুৰ্ততে যেতিয়া মই এই আপদীয়া চিন্তাটো দলিয়াই পেলাও,
সি আৰু অলপ মৰে।