তুমি কিয় নুবুজা?
মোৰ কুমলীয়া হৃদয়ৰ
অবুজ ভাষা?
পাষাণী তুমি!
নিৰ্দয়ী তুমি,
মোৰ কবিতাক ভুলুণ্ঠিত কৰি
অশ্ৰুৰ সাগৰত মোক ডুবাই দিয়া,
ৰহস্যময়ী হেলেন তুমি!
তোমাৰ বাবেই বাৰে বাৰে
ধ্বংসস্তুপত পৰিণত হয়
মোৰ হৃদয়ৰ ট্ৰয় নগৰী!
মোৰ কুমলীয়া হৃদয়ৰ
অবুজ ভাষা?
পাষাণী তুমি!
নিৰ্দয়ী তুমি,
মোৰ কবিতাক ভুলুণ্ঠিত কৰি
অশ্ৰুৰ সাগৰত মোক ডুবাই দিয়া,
ৰহস্যময়ী হেলেন তুমি!
তোমাৰ বাবেই বাৰে বাৰে
ধ্বংসস্তুপত পৰিণত হয়
মোৰ হৃদয়ৰ ট্ৰয় নগৰী!
(আবে ..এক মিনিট ..শৰত ৰ কথা পাহৰিছিলোৱেই ..)
শৰতৰ শেৱালীৰ শুভ্ৰতা,
দুবৰিৰ দুটোপাল নিয়ৰ!
তাৰো যে সুদীৰ্ঘ জীৱন,
মৃত্যু সদায় মাথো
মোৰ প্ৰেমৰ!!
(হমমম।।আৰু কি বাকী থাকিল..."জোনাক"..চামাইলা..সেইটো নহলে কেনেকে হব? )
জ্যোৎস্না বিধৌত তোমাৰ জীৱন নদীৰ বলুকাত
যুগান্তৰৰ উপহাস হৈ,
এটি প্ৰচ্ছায়া মই......
..
(হব বাকী শাৰী কেইটা পিছত লিখিম, এতিয়া টান টান শব্দ দুটামান ভৰাই লও পটাপট..)
মন্দাক্ৰান্তা/অসূৰ্যস্পৃশ্যা/ ..কোনোবাই অসমীয়া ডিনচনেৰীখন আনচোন ঔ....
(এক মিনিট ..আকৌ এটা মনত পৰিছে...)
মোৰ তেজত টগবগাই উঠিছে,
উদিত সুৰুযৰ শুকুলা ঘোৰা..
দলিয়াই সহস্ৰাব্দৰ গোলামীৰ শিকলি....
>
>
>
আৰু লিখোনে ইয়াতে এৰিম? মোৰ নাম লিষ্টত নহা লৈকে "আমৰণ কবিতা লিখন" কাৰ্যসূচী আৰম্ভ কৰিছো, আমাৰ দাবী মানিবই লাগিব!!
*****************************
এইবাৰ কবিতাপ্ৰেমী ৰাইজলৈ আগবঢ়াইছো- (আমৰণ কবিতা লিখন কাৰ্যসূচীৰ অন্তৰ্গত) মোৰ নৱতম স্বৰচিত কবিতা, ঠিক কবিতা নহয়- মোৰ কলিজাৰ তেজেৰে হেতালি খেলা একাঁজলি শব্দৰ সঁফুৰা!! ইয়াত কবিয়ে, মানে মই মাতৃৰূপী নাৰীৰ সুপ্ত শক্তিক সশ্ৰদ্ধ প্ৰণাম জনাইছো।
কবিতাৰ শিৰোনাম
= বিশ্ববিজয়ীনী ৱণ্ডাৰ ৱমেন=
হে ৱণ্ডাৰ ৱমেন,
শক্তিৰূপিনী তুমি,
আদ্যা শক্তি তুমি,
পুৰুষ শাষিত সমাজত
নাৰীৰ অধিকাৰৰ
ধ্বজাবাহিনী তুমি,
বিশ্ববিজয়িনী তুমি।
যিদিনাই এই পৱিত্ৰভূমিত
জন্ম ল'লে মেক্সৱেল লৰ্ডে,
সিদিনাই আহিল প্লাৱন,
মানৱ জাতিৰ শেষ দিনটোৰ,
হল আগমন।
চুপাৰমেনক উচটাই বেটমেনৰ বিপক্ষে,
যিদিনা লৰ্ডে খেলিলে তেওৰ শেষ পাশা,
গ'থাম চিটিৰ এক অন্ধকাৰ নিশা,
নিৰীহ নাগৰিকে হেৰুৱালে দিশা,
নিৰ্বাপিত হল জীৱনৰ অন্তিম আশা,
বুজাবলৈ হেৰাল মুখৰ ভাষা,
সিদিনাই উজ্বলিলা তুমি!
বিশ্ববিজয়িনী ৰূপে,
গল্ডেন এ'জৰ পৰা
চিলভাৰ ব্ৰঞ্জ হৈ,
মডাৰ্ণ যুগলৈকে তুমি
সৰ্বত্ৰ বিৰাজমান।
যুগে যুগে যেতিয়াই হয় দুষ্টৰ শাসন,
উদ্ধাৰিণী ৰূপে তোমাৰ হয় আগমণ।
হে মহিয়সী ৱণ্ডাৰ ৱমেন,
তুমি শক্তি,
তুমি দাত্ৰী,
তুমি মুক্তি,
তুমি ধাত্ৰী,
তুমি এমাজ'নৰ বীৰাংগনা,
তুমিয়েই প্ৰিন্স ডায়েনা।
তোমাৰ চৰণত কৰো কোটি নমষ্কাৰ,
এধানি মাত্ৰ মাগো শক্তি তোমাৰ।
শৰতৰ শেৱালীৰ শুভ্ৰতা,
দুবৰিৰ দুটোপাল নিয়ৰ!
তাৰো যে সুদীৰ্ঘ জীৱন,
মৃত্যু সদায় মাথো
মোৰ প্ৰেমৰ!!
(হমমম।।আৰু কি বাকী থাকিল..."জোনাক"..চামাইলা..সেইটো নহলে কেনেকে হব? )
জ্যোৎস্না বিধৌত তোমাৰ জীৱন নদীৰ বলুকাত
যুগান্তৰৰ উপহাস হৈ,
এটি প্ৰচ্ছায়া মই......
..
(হব বাকী শাৰী কেইটা পিছত লিখিম, এতিয়া টান টান শব্দ দুটামান ভৰাই লও পটাপট..)
মন্দাক্ৰান্তা/অসূৰ্যস্পৃশ্যা/ ..কোনোবাই অসমীয়া ডিনচনেৰীখন আনচোন ঔ....
(এক মিনিট ..আকৌ এটা মনত পৰিছে...)
মোৰ তেজত টগবগাই উঠিছে,
উদিত সুৰুযৰ শুকুলা ঘোৰা..
দলিয়াই সহস্ৰাব্দৰ গোলামীৰ শিকলি....
>
>
>
আৰু লিখোনে ইয়াতে এৰিম? মোৰ নাম লিষ্টত নহা লৈকে "আমৰণ কবিতা লিখন" কাৰ্যসূচী আৰম্ভ কৰিছো, আমাৰ দাবী মানিবই লাগিব!!
*****************************
এইবাৰ কবিতাপ্ৰেমী ৰাইজলৈ আগবঢ়াইছো- (আমৰণ কবিতা লিখন কাৰ্যসূচীৰ অন্তৰ্গত) মোৰ নৱতম স্বৰচিত কবিতা, ঠিক কবিতা নহয়- মোৰ কলিজাৰ তেজেৰে হেতালি খেলা একাঁজলি শব্দৰ সঁফুৰা!! ইয়াত কবিয়ে, মানে মই মাতৃৰূপী নাৰীৰ সুপ্ত শক্তিক সশ্ৰদ্ধ প্ৰণাম জনাইছো।
কবিতাৰ শিৰোনাম
= বিশ্ববিজয়ীনী ৱণ্ডাৰ ৱমেন=
হে ৱণ্ডাৰ ৱমেন,
শক্তিৰূপিনী তুমি,
আদ্যা শক্তি তুমি,
পুৰুষ শাষিত সমাজত
নাৰীৰ অধিকাৰৰ
ধ্বজাবাহিনী তুমি,
বিশ্ববিজয়িনী তুমি।
যিদিনাই এই পৱিত্ৰভূমিত
জন্ম ল'লে মেক্সৱেল লৰ্ডে,
সিদিনাই আহিল প্লাৱন,
মানৱ জাতিৰ শেষ দিনটোৰ,
হল আগমন।
চুপাৰমেনক উচটাই বেটমেনৰ বিপক্ষে,
যিদিনা লৰ্ডে খেলিলে তেওৰ শেষ পাশা,
গ'থাম চিটিৰ এক অন্ধকাৰ নিশা,
নিৰীহ নাগৰিকে হেৰুৱালে দিশা,
নিৰ্বাপিত হল জীৱনৰ অন্তিম আশা,
বুজাবলৈ হেৰাল মুখৰ ভাষা,
সিদিনাই উজ্বলিলা তুমি!
বিশ্ববিজয়িনী ৰূপে,
গল্ডেন এ'জৰ পৰা
চিলভাৰ ব্ৰঞ্জ হৈ,
মডাৰ্ণ যুগলৈকে তুমি
সৰ্বত্ৰ বিৰাজমান।
যুগে যুগে যেতিয়াই হয় দুষ্টৰ শাসন,
উদ্ধাৰিণী ৰূপে তোমাৰ হয় আগমণ।
হে মহিয়সী ৱণ্ডাৰ ৱমেন,
তুমি শক্তি,
তুমি দাত্ৰী,
তুমি মুক্তি,
তুমি ধাত্ৰী,
তুমি এমাজ'নৰ বীৰাংগনা,
তুমিয়েই প্ৰিন্স ডায়েনা।
তোমাৰ চৰণত কৰো কোটি নমষ্কাৰ,
এধানি মাত্ৰ মাগো শক্তি তোমাৰ।
মন্দাক্ৰান্তা
বিশ্বজোৰা আৰ্থিক মন্দাৱাস্থাত আক্ৰান্তা,
তুমি মন্দাক্ৰান্তা;
চিলিকন ভেলীৰ নিৰলস ব্যস্ততা,
ৱিকেণ্ডৰ টাইমছ স্কোৱাৰ এৰি,
বাংগালোৰৰ মাৰোৱাৰী কোম্পানীৰ
তুমি এক কৰ্মচাৰী আজি ক্লান্তা!
মন্দাক্ৰান্তা!
বহু দিনৰ পিছত,
আজি খুলি দিছা হৃদয় দূৱাৰ,
প্ৰেম, সমাজ, সন্তান,
এই অৰ্থহীন শব্দবোৰত,
আজি ঘুৰি আহিছে
তোমাৰ আস্থা।
মাইক্ৰ মিনিৰ ঠাইত আজি চেলোৱাৰ;
কেতিয়াও নিবিছৰা পৰিচয় বিছাৰি
আজি কিয় হাহাকাৰ?
মন্দাক্ৰান্তা!
মনত পৰেনে গাঁৱৰ স্কুলৰ
সেই অপু নামৰ গুণ্ডাটোলে?
সদায় ফে'ল কৰা, মাষ্টৰৰ মাৰ খোৱা,
ল'ৰাটোৱে কিবা পাগলামি কৰিছিল,
তোমাক লৈ ছাগে কিবা কিবি ভাৱিছিল।
চান্দ সদাগৰৰ দৰে নিঃশ্ছিদ্ৰ কোঠা সাজি
সি মনতে লুকুৱাইছিল তোমাক!
গুৱাহাটিত দোকান দিয়ে সি,
লৰালৰিৰ মাজতে জীয়াই ৰাখে
তাৰ বিনামূলীয়া সপোন!
কেৰাহি চকুৰে আজিও চাই,
তুমি অহা যোৱা কৰা সেই
দুবৰিৰে ভৰা ধূলিময় ৰাষ্টা!!
বহুত হ'ল আৰু, ঘুৰি আহা;
এৰিবৰ হোৱাই নাইনে তোমাৰ
অস্তিত্ব হেৰোৱা সেই শ্ৰেষ্ঠত্বৰ অভিমান?
মৰমৰ মন্দাক্ৰান্তা???

No comments:
Post a Comment