মৰমৰ অকণ অকনিহঁত
বহুদিন তোমালোকৰ ওচৰলৈ অহা নাই। চিনেমাও নাইকিয়া হ’ল, তাতে চুজানে কিখন কৰিলে তোমালোকে জানাই। মনৰ দুখত জিম কৰি কৰি নাচি আছিলো, গতিকে আহিব পৰা নাছিলো।
তোমালোকক বহুদিন আগতে ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ নামৰ তামিল পণ্ডিত জনৰ
কথা কৈছিলো নহয়, অসমলৈ আহিয়েই যে ডাকৰ বচনবোৰ নতুনকৈ লিখিছিল। তেও আচলতে
চিৰকুমাৰ ইচ্ছা কৰি হোৱা নাছিল। এক ঐশ্বৰিক শক্তিৰ প্ৰভাৱতহে তেও বিয়া
পাতিব পৰা নাছিল, সেই কাহিনীটোকে আজি তোমালোকক কম।
তেতিয়া তেখেতৰ যৌৱনাৱস্থা, গাত গৰম তেজ, এনিটাইম ‘ফুলটু’ মস্তি কৰি সময় কটোৱাৰ বয়স। এদিন তেও লগৰ বান্ধৱী এগৰাকীৰ বিয়া খাবলৈ গৈছিল। আৰু তোমালোকে জানান বিয়া বুলিলেই তামাম মস্তি..তেও তিনিদিনৰ আগতেই বিয়াঘৰত গৈ থাকি মেলি, কাম-বন কৰি দিয়াৰ ওপৰিও গধূলি গধূলি প্ৰিংটো টানি মহা আনন্দত মগন আছিল।
ছোৱালী উলিয়াই দিয়া সময়ৰ ঘটনা, দৰা পাৰ্টিৰ লগতে তেখেতে টেটু গুৰিলৈকে দিব্যবস্তু কণ টানি নাচি বাগি মতলীয়া হৈ আছিল। তেনেতে আকশত পোহৰ এটা ওলাল আৰু আকাশবাণী হ’ল (ৰেডিঅ নহয় দেই, সেই ৰাসত যে হয় তেনেকুৱা আকাশবাণী)
“হাঃ হাঃ হাঃ, হেৰৌ নন!! মই যোগমায়া...........আৰু শুন !! যি বান্ধৱীৰ বিয়া পাতি মহা সমাৰোহে...... তই আনন্দত মতলীয়া হৈছ..... ....তইতো নেজান.....সেই বান্ধৱীৰ অষ্টম সন্তানৰ লগতেই তোৰ বিবাহ হব..এইয়াই তোৰ নিয়তি.......নাচ...আৰু নাচ... আনন্দ কৰ......হা হা হা হু হু হু................”
এইবুলি কৈ যোগমায়া অদৃশ্য হ’ল।
ননই খঙতে গুজৰি গুমৰি নতুন দৰা কইনা হালক পোতাশালত বন্দী কৰি থলে, আৰু তেওলোকৰ অষ্টম সন্তানৰ জন্ম হোৱালৈ অপেক্ষা কৰি থাকিল।
কিন্তু সেই অষ্টম সন্তানটো কেতিয়াও নাহিল এই পৃথিৱীলৈ। কিয় জানানে? কাৰণ পোতাশালৰ দেৱালত লিখা আছিল।
“হম দো ঔৰ হামাৰে দো- ছোটা পৰিবাৰ সুখী পৰিবাৰ”
আজিলৈ এৰো। তোমালোকে বুজিলা যে দৈৱশক্তিৰ প্ৰভাৱত মানুহৰ জীৱন সলনি হৈ যাব পাৰে, গতিকে তোমালোকে সদায় তাবিজ, মাদলি, গ্ৰহৰত্ন আদি পিন্ধিবা আৰু বাবাজী, ফকীৰ আদিৰ আশীৰ্বাদ লৈ তেওলোকৰ দিহা মতে কাম কৰিবা।
ইতি
তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুড়া।

No comments:
Post a Comment