মৰমৰ মইনাহঁত
ফেচবুকৰ ইতিসাহত বহু বীৰ বীৰাংগনাৰ
ত্যাগ আৰু সাহসৰ সোণালী কাহিনী ৰূপালী আখৰেৰে লিখা আছে। আজি যি গৰাকী বীৰাংগনাৰ
কথা মই কবলে ওলাইছো তেওৰ নাম পল্লুগাভৰু।
(গাভৰু শব্দটোৱে ইয়াত নাম হে বুজাইছে, বয়স বুজোৱা
নাই)
ত্ৰয়োদশ শতিকাৰ কথা, দেশৰ আকাশলৈ
নামি আহিল দুৰ্ঘোৰ অমানিশা। 'কুব'লাইখান নামৰ এজন পৰদেশলোভী মহাপৰাক্ৰমী ৰজাই অসম দেশ আক্ৰমণ কৰিলে। আৰু অসমীয়াসকলো
তেওলোকৰ মহান সেনাপতি তালিকধৰ সৰুফুকনৰ নেতৃত্বত শক্তিশালী শত্ৰুৰ বিৰূদ্ধে যুদ্ধ দিবলৈ সাজু হ'ল। সেই সময়ত এটা
নিয়ম আছিল যে, পতি যুদ্ধলৈ গ'লে পত্নীয়ে ৰাতিটোৰ ভিতৰতে সূতা কাটি তাঁত বৈ কৱছ
কাপোৰ তৈয়াৰ কৰি পতিক পিন্ধাই যুদ্ধলৈ পথিয়াব লাগে, নহ'লে অমংগল হয়। পিছে তালিকৰ
পত্নী পল্লুগাভৰুয়ে সূতা/কৱছ এই বিলাক বস্তু চিনি নোপোৱা, আচলতে তাঁত বোলা বস্তুটো
খায়েই নে পিন্ধে, তাক নজনা বাবে, বজাৰৰ পৰা ৪০ টকা দি কিনি অনা বাংলাদেশী সেউজীয়া
হালধীয়া লুঙী এখন পিন্ধায়েই তালিকক যুদ্ধলে পথায়। কিন্তু এই বিশ্বাস সঁচা বুলি
প্ৰমানিত হয়। কুবলাই খানৰ তৰোৱালৰ আঘাতত তালিকৰ লুঙী খুলি যায় আৰু তেও লাজে অপমানে
মৰ্মাহত হৈ হিমালয়ৰ এটা গুহাত আত্মগোপন কৰি হোৱাটচএপ কৰাত মগ্ন হৈ পৰে।
ইফালে মহাবীৰ তালিকৰ অনুপস্থিতিত
অসমত হাহাকাৰ লাগি যায়, আৰু
পল্লুগাভৰুৱে খঙত অগ্নি শৰ্মা হৈ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত কৰে। তেও
পৰপম্পৰাগত সাজ পোচাক যেনে 'জীনচ'-'টপ' আদি পৰিহাৰ
কৰি, চিল্কালয়ৰ পৰা কিনা ডিজাইনাৰ চেট এটা আৰু হাই-হিল পিন্ধি, অট এখনত উঠি
যুদ্ধক্ষেত্ৰ পাইগৈ। কিন্তু যুদ্ধক্ষেত্ৰৰ কাৰবাৰ বিলাক দেখি তেও ভয় খাই যায় আৰু
সুৰসুৰকৈ ঘৰ সোমাইহি। ঘৰ সোমায়েই তেও 'কুব'লাই খানৰ দেচত থকা পত্নীলৈ ফোন লগায় আৰু
দুঘণ্টা ধৰি ফোন কৰি,- ইয়াত কুবলাই খানে যুদ্ধৰ নামত কি লিলিমাই কৰি আছেহি, কোন
কোন গাভৰু ছোৱালী থকা ঘৰত গধূলি গধূলি
চাহ-তামোলৰ শৰাধ কৰিছে, এনেকু্ৱা এহেজাৰ এটা কল্পনাপ্ৰসূত কাহিনী, তথ্য প্ৰমাণ সহকাৰে সবিস্তাৰে জনাই দিয়ে।
বুৰঞ্জীত উল্লেখ থকা মতে পিছদিনাই কুবলাই খানৰ পত্নী আহি যুদ্ধক্ষেত্ৰ পাইহি আৰু
খানক কাণত ধৰি চোঁচোৰাই ঘৰলৈ লৈ যায়। এইদৰেই অসম বিদেশী আক্ৰমণকাৰীৰ হাতৰ পৰা
ৰক্ষা পৰে।
সেই লুঙীখনৰ খনন কাৰ্যত উদ্ধাৰ
হোৱা টুকুৰা এটা আজিও পেৰিছৰ লুঁভে
মিউজিয়ামত 'মনালিছা' ছবিখনৰ ধূলি বালি মোচা
ফটাকানি হিচাপে ব্যৱহাৰ হয়।
মইনাহঁত, তোমালোক কাইলৈ অসম এজন
বিখ্যাত বিজ্ঞানীৰ কথা কম। তোমালোকে
বেছিকৈ পঢ়া শুনা নকৰিবা দেই, একো লাভ নাই।
মৰমেৰে
তোমালোকৰ
No comments:
Post a Comment