Tuesday, March 18, 2014

চিকিৎসক আৰু আমি ‍( সাহিত্য ডট অৰ্গত প্ৰকাশিত)

চিকিৎসা বিদ্যা একমাত্ৰ এনে এটা পেছা যি পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনতে কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থাকে, আৰু প্ৰতিজন মানুহৰে চিকিৎসা বা চিকিৎসক সম্পৰ্কীয় কিবা এটা ব্যক্তিগত কবলগীয়া কাহিনী থাকেই। এটা সময়ত বা আজিকালিও চিকিৎসকক ভগৱানৰ লগত তুলনা কৰা হয়, আৰু ই যুক্তিসংগততো। জন্ম, মৃত্যু আৰু জীৱনৰ গুৰুত্ব পূৰ্ণ এনে কিছুমান সন্ধিক্ষণত চিকিৎসকজনেই সকলোতকৈ গুৰুত্বপূৰ্ণ লোক হৈ পৰে। চিকিৎসাৰ সময়ত চিকিৎসক আৰু আমি সাধাৰণ মানুহৰ মাজত এটা অদ্ভূত সম্পৰ্কই গঢ় লৈ উঠে, সেই সম্পৰ্কটোৰ বিষয়ে দুটামান অনুভৱ কব বিছাৰিছো।

Tuesday, March 4, 2014

শগুন

চাৰিওফালে শগুন,
মাজতে মোৰ অৰ্ধগলিত মৃতদেহ

চিনাকী শগুণ, অচিনাকী শগুন,
ধনী ,দুখীয়া,
ক’লা , বগা, তাম বৰণীয়া,
সকলো ধৰণৰ শগুন |

Tuesday, February 18, 2014

ড’ৰেমন আৰু জিয়া (অকবত প্ৰকাশিত)

সেইদিনা স্কুল বন্ধ আঠাইছ নৱেম্বৰ,
ৰেমন পুৱাতে আহি ওলাল আমাৰ ঘৰ;
ফোঁপাই জোপাই ঘট ঘটকে পানী গিলাছ খাই,
সুধিলে সি দেশৰ খবৰ গম পাৱনে নাই?
মই কলো এইকেইদিন ওলোৱা নাই ভাই,
পৰীক্ষা আহি আছে, পঢ়া হোৱা নাই।

Friday, January 11, 2013

প্ৰয়োজন

 প্ৰচণ্ড ভীৰ দোকানখনত, থিয় হোৱাৰ ঠায়েই নাই। প্ৰায়বিলাক গ্ৰাহকেই বিবাহিতা মহিলা, আৰু প্ৰায় সকলোৰে লগতে তেওলোকৰ পতিসকল। শৰ্মাই এবাৰ পুৰুষ কেইজনৰ মুখত চকু ফুৰালে, সকলোৰে মুখৰ ভাৱ ভংগীত কিবা যেন সাদৃশ্য বিছাৰি পাই আমোদ অনুভৱ কৰিলে তেঁও। পূজাৰ বতৰ, তাতে শাৰীৰ দোকান, দোকান নহয় কাপোৰৰ মহাৰণ্য যেন এখন, যেনিয়েই চকু যায় তেনিয়েই শাৰী, ৰং বিৰঙী, বিভিন্ন ডিজাইনৰ শাৰীয়েই শাৰী। একোখন শাৰী বিক্ৰী কৰিবলৈ চেলচমেন কেইজনে কমেও পোন্ধৰখন শাৰী দেখুৱাব লগা হয়, তথাপি তেঁওলোকক বিৰক্ত হোৱা যেন লগা নাই। ৰাতি আকৌ এই গোটেই মেল খাই থকা শাৰীবোৰ জাপিব লাগিব ছাগে তেঁওলোকে..কথাটো ভাবি শৰ্মা মনে মনে অলপ আচৰিত হ’ল। এবাৰ শ্ৰীমতীৰ পিচল শাৰী এখন দুঘণ্টা চেষ্টা কৰিও জাপিব নোৱাৰা কথাটোলে মনত পৰিল।

-“এইখন চোৱাচোন...ডিজাইনটো ইমান আন কমন..ভাল লাগিছে নে ?”

শ্ৰীমতীৰ মাতত শৰ্মা বাস্তবলৈ ঘুৰি আহিল।

Thursday, November 29, 2012

মোৰ প্ৰেমৰ গল্প



আজি লিখিমেই লিখিম, লিখিবই লাগিব, ......পিছে লিখোঁ  কি ? চাল্লা মগজটো গোবৰ হৈ গল নেকি?  যিয়েই লিখো, অলপ জমনি টাইপ হবই লাগিব ..নহলে কোনেও নপঢ়ে... এনেই লাইক মাৰি থৈ দিব...অলপ ফাণ্ডাও ভৰাব লাগিব..এইচি বুলি কলেই হাইফাণ্ডা দুটামান দিব মন যায় চোন..কি কৰিম? বহুদিনীয়া হেবিট!!!! কিন্তু লিখো কি??

 ..........মহ,  মাখি, মজবুত??ধুৰ একেবাৰে ষ্টেৰিঅ'টাইপ হৈ যাব,..... টেঙা আম এবাৰ হে বেছিব পাৰি??

Hmmmmmmmmmm.......
 
বাদেই দিও নেকি? বাদ দিলে কিন্তু এই কেইটাই জীনা হাৰাম কৰি দিব...‌ফেচবুকলে অহা বন্ধ কৰি দিব! লেতেৰা গালি কেইটা বাৰু হজম কৰি লম। কিন্তু চেন্তি বোৰ..উসস..অসহ্য!!!! নাই নাই, এইচিয়া ব্লগ, এইচিৰ ইজ্জতৰ কথাও আছে...., লিখিবই লাগিব। কিন্তু??????????

Hmmmmmmmmmmmmm……..


Saturday, April 21, 2012

উত্তৰণ

(ৰঙালী বিহু সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)

“পল্টন বজাৰ , লাষ্ট ষ্টপেজ, লাষ্ট ষ্টপেজ, নামি লওক নামি লওক !”

নাইট চুপাৰৰ হেণ্ডিমেনৰ চিঞৰত খক-মক কৈ সাৰ পাই উঠিলোঁ ৷  ওৰে ৰাতি বাছত টোপনি নধৰিলে, যোৰাবাটৰ পাছত কেতিয়ানো ক’ব নোৱাৰাকে টোপনি আহিল ক’বই নোৱাৰিলোঁ ৷ লৰালৰিকৈ বাংকাৰৰ পৰা বেগটো লৈ নামি আহিলোঁ ৷ হেণ্ডিমেনে অলপ পোন্দোৱাকৈ চোৱা যেনো লাগিল এবাৰ ৷

আজি কিবা নহয় কিবা এটা কৰিমেই বুলি মন বান্ধি আহিছোঁ, কামটোৰ বাবে গুৱাহাটীলৈ এই বছৰ মোৰ চাগে’ নৱম বাৰ আগমন ৷ ইমান বাৰ অহাৰ অভিজ্ঞতাৰ লগতে মোৰ কমনচেন্স বোলা বস্তুটোৰ সংমিশ্ৰণ ঘটাই, সমাধান এটা পাইছোঁ, গতিকে  আজি কৰিমেই ৷ নকৰিলে নহ’ব, ইতিমধ্যে বহু দেৰি হৈ গৈছে৷
পেটটো কৰকৰাই উঠিল;  বন্ধ দোকান এখনৰ সমুখতে এজনে ‘ মোগলাই পৰঠাৰ বেহা মেলিছে, বতাহত ফুৰফুৰীয়া গোন্ধ ৷ তাতে কালি ৰাতি আঠ বজাতে ঘৰত ভাত খোৱা, খায়েই দিওঁ নেকি? পিছে খালে দিনৰ ভাতসাঁজৰ বাবে বাজেট কমি যাব, চাহ আৰু ক্ৰীম ৰ’লেৰে চলাব লাগিব ৷ এহ যি হয় হ’ব যা, পিছত দেখা যাব ৷ মোগলাইৰ আহ্বান অস্বীকাৰ কৰিব পৰা মানসিক প্ৰস্তুতি এতিয়া নাই ৷

মহৰ জিন(Gene)

           (প্ৰান্তিক, সাহিত্য ডট অৰ্গ আৰু অসমীয়া সাহিত্যৰ e-সঁফুৰাত প্ৰকাশিত)


-          যাও মাহী । একো নহয়, মই এনেকে ৰাতি গৈয়েই থাকো । একো নাই, মোৰ টোপনিও ধৰা নাইঢেৰ কিবা কিবি এগাল মান কৈ বিয়াঘৰৰ পৰা ওলাই আহিলো । মানুহবোৰেও বিয়া বোৰ যে পাতে, এনে বেয়া সময়ত পাতিব লাগে নে?  মাৰ্চ এণ্ডিং , তাতে আকৌ অডিট, পুৱা দহ বজাতে ‍শগুন কেইটাৰ লগত বহিব লাগে । ইফালে মাহীৰ একমাত্ৰ ছোৱালী জনীৰ বিয়া। অফিচত মৰিবলৈয়ো ছুটি নিদিয়ে। মোৰ ছোৱালীজনীৰো পৰীক্ষা ছলি আছে। গতিকে থিক হল,  মই অফিচ ছুটীৰ পাছত অকলে গৈ মৰাণত বিয়া খাই ঘুৰি আহিম । যিমান পাৰো সোনকালে আহিম। 

           পিছে কত হব। গৈ পোৱাৰ লগে লগে দেখো মাহীৰ মুৰ গৰম হৈ আছে, গাত লাগি কাম কৰি দিয়া মানুহ এটা নাই। দৰা আহিবৰ হল ।  মোক কইনাই ভালকে নেমাতিলেই। না, যি হয় হব , অলপ সহায় কৰি দিও।

            সেই সহায় শেষ হৈছেগৈ এই শেষ নি‍শা।  ঘড়ীলে চালো ৩ বাজিছে ৰাতিপূৱাএতিয়া আৰম্ভ কৰিলে ৬ বজাত ঘৰ পামগৈ। দুঘণ্টা শুই লব পাৰিম । কোমল বিছনা খন আৰু গাৰুটোলৈ মনত পৰিল। ওলাই আহিলো  ।

-       ভালকে যাবি দেই”- যাকে লগ পালোঁ সকলোৰে মুখত এটাই কথা। মই আৰু জানি-শুনি বেয়াকে যাম নে??
××××××××××××××××