Saturday, April 21, 2012

মহৰ জিন(Gene)

           (প্ৰান্তিক, সাহিত্য ডট অৰ্গ আৰু অসমীয়া সাহিত্যৰ e-সঁফুৰাত প্ৰকাশিত)


-          “যাও মাহী । একো নহয়, মই এনেকে ৰাতি গৈয়েই থাকো । একো নাই, মোৰ টোপনিও ধৰা নাই”। ঢেৰ কিবা কিবি এগাল মান কৈ বিয়াঘৰৰ পৰা ওলাই আহিলো । মানুহবোৰেও বিয়া বোৰ যে পাতে, এনে বেয়া সময়ত পাতিব লাগে নে?  মাৰ্চ এণ্ডিং , তাতে আকৌ অ’ডিট, পুৱা দহ বজাতে ‍শগুন কেইটাৰ লগত বহিব লাগে । ইফালে মাহীৰ একমাত্ৰ ছোৱালী জনীৰ বিয়া। অফিচত মৰিবলৈয়ো ছুটি নিদিয়ে। মোৰ ছোৱালীজনীৰো পৰীক্ষা ছলি আছে। গতিকে থিক হ’ল,  মই অফিচ ছুটীৰ পাছত অকলে গৈ মৰাণত বিয়া খাই ঘুৰি আহিম । যিমান পাৰো সোনকালে আহিম। 

           পিছে ক’ত হব। গৈ পোৱাৰ লগে লগে দেখো মাহীৰ মুৰ গৰম হৈ আছে, গাত লাগি কাম কৰি দিয়া মানুহ এটা নাই। দৰা আহিবৰ হ’ল ।  মোক কইনাই ভালকে নেমাতিলেই। না, যি হয় হব , অলপ সহায় কৰি দিও।

            সেই সহায় শেষ হৈছেগৈ এই শেষ নি‍শা।  ঘড়ীলে চালো ৩ বাজিছে ৰাতিপূৱা। এতিয়া আৰম্ভ কৰিলে ৬ বজাত ঘৰ পামগৈ। দুঘণ্টা শুই লব পাৰিম । কোমল বিছনা খন আৰু গাৰুটোলৈ মনত পৰিল। ওলাই আহিলো  ।

-       “ভালকে যাবি দেই”- যাকে লগ পালোঁ সকলোৰে মুখত এটাই কথা। মই আৰু জানি-শুনি বেয়াকে যাম নে??
××××××××××××××××


            ডিব্ৰুগড় পাৰ হলো, গাড়ী বেছি জোৰত চলোৱা নাই। এবাৰ চিৎভোলোঙা খাই পৰি থৈছো, গতিকে সাৱধান । বাটত কুকুৰ এটাও নাই। গান এটাকে ‍শুনো বুলি চালো, ধুৰ, ..চি ডি এখনো আনিবলে পাহৰিলোঁ। লাহোৱাল পাৰ হৈ সেই পথাৰৰ মাজৰ বাটছোৱা দিনতে কিবা কিবি লাগে। এহ, কোনোবা এটা লগত থাকিলে ভাল আছিল লগত, কথা পতাৰ বৰ প্ৰয়োজন অনু্ভৱ কৰিলোঁ। চকু টানি আনিছে, বাদু দুটাৰ ওপৰত যেন দুটা দুমোনীয়া বস্তা। গাড়ী ১০ কিমি গতিত গৈ আছে। নাই ইমান টোপনিত গাড়ী চলোৱা ভাল নহয়। ৰৈ দিলোঁ। চিটতো অকনমান হাওলাই , পিঠিটোকে পোনাই লওঁ । চিগাৰেট এটাকে জ্বলাও নেকি???

    ×××××××××××××××××

-‘কোন?’
জাপ মাৰি উঠিলোঁ,  কোনে মাতিছে মোক?? ভূত –প্ৰেত নহয়তো, হে ভগৱান , ঠাইখিনি এনেয়ো বেয়া। সাহস গোটাই কলোঁ, 
-      - ‘কোনে, কোন কোন শুধি আছে ??’
-     -  ‘মইহে দাদা’
-      - কোন মই ?? ইফালে সিফালে চালো, কোনো নাই ।এইবাৰ সচাকৈয়ে ভয় লাগিল ।
-       -“ভয় নকৰিব, এই‌ালে চাওক, মইহে”
মাতৰ ‌ফালে চাই দেখো, অকণমানি মহ এটা। ১০০% সিয়েই মাত মাতিছে। জৰুৰ ভূ..ভূ..ত!!
মোৰ মনৰ কথা বুজি পালে চাগে মহটোৱে । 
-      - “ভূত নহয় দিয়ক, মই মহেই ! এডিচ এজিপ্তি”

-     -        “কিন্তু তু..তুত...তুমি কথা কৈছা যে”- মোৰ মাত কঁপিয়েই আছে ।

-       -    ইভলিউচন দাদা, ইভলিউচন । ময়েই নহয়, আজিকালি প্ৰায় আমি চব মহেই কথা কব পাৰোঁ।

অলপ সাহস ঘুৰি আহিল মনলে। কালিলৈ আড্ডাত কথাটো উলিয়াব লাগিব, মহে কথা কব পাৰে। জমিব । হা: হা: ।

-       “হয়নেকি? আমি কোনেও যে গমেই নেপাও কথাটো।“

-         “আমাৰ মাতটো অলপ সৰুযে। আৰু আপোনালোকৰ ঘৰবোৰত যিহে ডাঙৰ ডাঙৰকৈ টিভি চলি থাকে অনবৰত, ক’ত মহৰ মাত শুনিব ।“ –

হয়ো কথাটো, কিমান দিন মহৰ মাত ‍ শুনা নাই । কামোৰ হে খাই আছো। ভালেই হ’ল,  কথা পাতিবলে লগ এটা পালোঁ । মহটো আড্ডাবাজ যেনেই  লাগিছে।

-      -- “হয় দিয়া, থিকেই কৈছা, পিছে এটা কথা কোৱাছোন তুমি মতা নে মাইকী? চেহেৰা দেখি ধৰিবই পৰা নাই নহয় ।“

-      --- “মই মাইকী,  দাদা। আমাৰ মতাবোৰে তেজ নেখাই নহয় । তেজখোৱাতো আমাৰ মাইকীবোৰৰহে জন্মগত অধিকাৰ। “

মনতো আৰু অলপ ভাল লাগি গ’ল। মহ হলে কি হব । সেহ নিশা অপজিত জেণ্ডাৰৰ লগত আড্ডা মৰাৰ মজাই বেলেগ। 

-      -- "পিছে তোমাৰ নামটোনো কি ?"

-      --- “প্লীজ ডণ্ট ট্ৰাই টু গেট টু পাৰ্চনেল”– জকজকাই উঠিল তাই । উফফ।।একেই চব – আনপ্ৰেডিক্টটবল। কিনো কৰিম মই তাইৰ নামটো লৈ??

-       ---“অ’ কে, অ’কে । আচ্ছা,  তাৰমানে তুমি মোৰ তেজ খাবলৈহে আহিছিলা।“ 
   কথা সলাবৰ চেষ্টা কৰিলোঁ। (মানুহজনীয়ে এনেই মোক ফ্লাৰ্টমাষ্টাৰ নাম দিয়া নাই )

-       ---'আৰু কিয় আহিম মই আপোনাৰ ওচৰলে?

-     --    "  পি‍ছে নেখালা যে?"

-       - "নাই আপোনাৰ ব্লাড গ্ৰুপৰ তেজ  মই নেখাও। বৰ বেছি ৰিচ্ছ।"

-       -  "আও , তোমালোকে কোনকোনায়েই ব্লাড গ্ৰুপ গম পাই যোৱা নেকি ??"

অবজ্ঞাৰে হাঁহিলে মহজনীয়ে...
-      -   "ডেটচ্‌ আৱাৰ ব্ৰেড এন বাটাৰ দাদা । জেনেৰেচনচ ধৰি এইটো কামেই কৰি আহিছো, ইমানখিনি এক্সপাৰটাইজ টো আহিবই  ।"
হয় ছাগে। কথাত যুক্তি আছে। ইণ্টাৰেষ্টিং !!! আৰু অলপ কথা উলিওৱা যাওক । 
-      --  “পিছে এটা কথা কোৱাচোন?? তোমালোকে বংশবৃদ্ধি কেনেকৈ কৰা??”

-      --  “WHAT DO  YOU MEAN?? TELL ME, TELL ME, - I KNEW , ALL OF YOU ARE THE SAME”

অ’!!! কি ক’লো মই ,  ...মানুহে কথা ভালকে কব পাৰিব লাগে, নোৱাৰিলে কবই নেলাগে। এইজনী যি এগ্ৰেচিভ দেখিছো, বেয়া কথা কৈছো বুলি পুলিচ তুলিচ মাতি দিব পাৰে , ডাঙৰ কেলেংকাৰী এটা হবগৈ। ডেমেজ কন্ত্ৰল ম’ড’ত  আহি  গলোঁ

-       “নহয় মানে মই জানিব বিছাৰিছো , তোমালোকে আজিকালি ক’ত কণী পাৰা। বেলেগ নেভাবিবা, মানে তোমালোকক কণী পাৰিবলৈ বন্ধ পানী লাগে বুলি শুনিছিলো, মানে কৰবাত পঢ়িছিলো ; সেইটোহে শুধিছো, তুমি আকৌ খং কিয় কৰিছা ??” 

আৰু কি কি কলো থিক নাই । শেষত যেনিবা মানি ললে

-       “অ’ লাগে, তাতে কি হ’ল”-অলপ উষ্মাৰ সুৰ এতিয়াও আছে।

-       “নহয় মানে,  আজিকালি  খাল ডোং , পিতনি, বিল, এইবোৰ নাইকিয়াই হ’ল নহয়। চব পাহাৰৰ মাটি কাটি আনি, পুতি ঘৰ সাজিলে ।  তাৰ ওপৰত তোমাৰ,  মহ মাৰিবলৈ গুড নাইট, কচ্ছুৱা, টেনিচ ৰেকেট , ডি ডি টি , ভট-ভটকৈ ধোঁৱা মাৰি ফুৰা গাড়ীখন । এনে পয়মালৰ মাজতো তোমালোকৰ সংখ্যা কমক চাৰি বাঢ়িছেহে দেখোন । কিনো কিটিপ লগাইছা, কিবা ভেকচিন তেকচিন লৈছা নেকি,  তাকেহে জানিব বিছাৰিছো । বেলেগ একো নহয় ।“
এইবাৰ মহজনীৰ মুখখন কোমল হ’ল। পাতলীয়া হাঁহি এটাও মাৰিলে । (উসস ৰক্ষা...)
-      ---- “আপোনাক আগতেই কৈছো দাদা..ইভলিউচন, আৰু ডাৰৱিনে অকল আপোনালোকৰ বাবেই থিঅ’ৰি উলিয়াই থৈ যোৱা নাই, আমাৰ গাতো খাটে এইবোৰ”

-     ----  “পিছে এটা কথা নহয়। আমি দুইটাই অসমীয়া বুজি পাঁও, তুমি বাৰু  অলপ বেছিকে ইংৰাজী কৈছা নেকি??- মাজতে মাত দিলো । ডাৰৱিন শুনিবৰ মন নাই এই ৰাতি খন।

-      - “চৰি দাদা। মইয়ো অসমীয়া ভালকৈয়ে জানো। আমি নো আৰু ক’ত স্কুলত গৈ পঢ়াশুনা কৰোঁ, আপোনালোকৰ পৰাই শুনি শুনি ‍শিকো আৰু । আপুনিতো জানেই, আমাৰ বিজিনেচ আৱাৰ হয় গধুলি  সময়ত, সেই সময়ত সকলোৱে পঢ়ি থাকে। যোৱা বহু বছৰ ধৰি আমি কোনো ল’ৰা ছোৱালীয়ে অসমীয়া পঢ়া শুনাই নাই । গতিকে আমিও ইংৰাজীকে শিকিছো আৰু কৈছো, অভ্যাস হৈ গ’ল। বেয়া নেপাব।”

-     ---  “বেয়া কিয় পাম। তাতে তোমাৰ দৰে ধুনীয়া মহ এজনীক”- (এইটো টেকনিক কিন্তু সদায় খাটে, ৱিডাউট ফেইল। মহজনীয়েও মচিকিয়াই হাঁহিলে।)

-       --“বাৰু মই কি কৈ আছিলোঁ, ইভলিউচনৰ কথা। অ’ আপোনাৰ প্ৰশ্নটো উত্তৰ দিবলে হ’লে মই অলপ বহলাই কব লাগিব। আপুনি ব’ৰ নহয় তো??”

এই আজি মোক ডাৰৱিন পঢ়াইহে এৰিব যেন পাইছো।

-       “নাই নহও,  নহও, কোৱা তুমি”– মনে মনে ভাবিলো, যি বলক বলকি থাক, মই ঘৰ পালেগৈয়ে হ’ল ।

-      --- “চাওক দাদা । আমি পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকিছো। প্ৰতিকুল পৰিবেশত জীয়াই থাকিবৰ কাৰণে নিজকে শাৰিৰীক আৰু মানসিক ভাৱে সষ্টম কৰি তুলিছোঁ। সেয়েহে আপোনালোকে ইমান চেষ্টা কৰিও আমাৰ সংখ্যা কমাব পৰা নাই ।“

-     ---  “সেইটো বাৰু বুজিলোঁ। কিন্তু এই মহান কামফেৰা কেনেকে কৰিলা, তাকেহে জানিব খুজিছোঁ”

-     ---  “কম, কম , বুজাই কম। আপোনৰ ধৈৰ্য বোলা বস্তুটো একেবাৰে নাই নহয়নে ? তাৰ আগতে মোক কওকচোন, আপোনালোক মানুহবোৰে আমাক মাৰিবলে ইমান কাৰচাজী কিয় কৰি থাকে ?”

-     --  “উৱা, কিয় নকৰিম আকৌ? তোমালোকৰে এনোফিলিচ বোলাজনীয়ে মেলেৰিয়া বিলাই ‌ফুৰে, কত মানুহ মৰে। আমি বচাবই লাগিব নিজকে !”

-      --- “ইহহ! সেইজনীৰ নাম নললে নহয়েই ।( হা হা – জেলাচী!!)  আমিবোৰ যেন একো কামৰে নহয়। সেইকাৰণে আমিও আজিকালি ডেংগু বিয়পাই ফুৰো। তাৰপাচতহে আপোনালোকে আমাক অলপ পাত্তা দিছে। নহেল আগতে চবেই খালি এনোফিলিচ..এনো‌ফিলিচ।“

-     - “অ’ তোমালোকৰ তাৰমানে ৰাহি যোৰা নাহে??”

-      - “নাহিলেহে পাইছে সেইজনীৰ লগত ৰাহিযোৰা। যিহে চং তাইৰ । মহাৰাণীহে একেবাৰে” ( কিমান বাৰ শিকিম আৰু একেটা কথাকে, কোনো নাৰীৰ আগত আন নাৰীৰ প্ৰশংসা, কি নামেই লব নেলাগে, আকৌ ব্লাণ্ডাৰ)

-    - “বাদ দিয়া তাইৰ কথা । তোমাৰ কথা কোৱা, আমি তোমালোকক কিয় মাৰিব নেলাগে??”

-      -“দাদা, আজিকালি মেলেৰিয়াত কিমান মানুহ মৰে আপুনি হিচাপ কৰি চাইচেনে? তাতকৈ দেখোন হাজাৰ গুণ বেছি মানুহ ডায়েবেটিচতে মৰে। আৰু ডি ডি টি অপপ্ৰয়োগৰ কাৰণে কিমান মানুহ মৰে আপুনি জানেনে ??”

-     - “তাৰমানে তুমি কি কব খুজিছা?  আমি মহ মাৰিব নেলাগে ?”

-      - “অফ ক’ৰ্চ । ইকলজিকেল  বেলেন্স বোলা বস্তুটোৰ কথা  আপোনালোকেই চিঞৰি ফুৰে দেখোন, মহৰো দৰকাৰ আছে। কিন্তু তথাপি কিয় আপোনালোকে মহ মাৰিবলৈ ইমান বুদ্ধি পাঙি থাকে? আৰু আমাক যে মাৰি শেষ কৰিব নোৱাৰে তাৰ প্ৰমাণ দেখোন পাইছেই আপোনালোকে।  পিছে আপোনাক কোনে বুজায়  । যি মন যায় কৰি থাকক। আমাৰ ভালেই হৈছে – আপোনলোকৰ এই কামবোৰৰ কাৰণে । আমি ভাল জিন বিলাক উলিয়াই আনিব পাৰিছো, সেই কাৰণে দিনক দিনে শক্তিশালী হৈ গৈ আছোঁ”

-     -“কি কব খুজিছা বুজাই কোৱা”

-     -“চাওক দাদা, আমি এবাৰত এক লাখ মান কণী পাৰো এজনীয়ে। তাৰ ভিতৰত ১০% মান পোৱালী জগে। তাৰ ভিতৰত গৈ থৈ আপোনালোকৰ কৃপাত কেৱল ১০০ টা মানহে বাচেগৈ । আমি তাত দুখ নকৰো। কাৰণ ই মোৰ বা মোৰ পৰিয়ালৰ নহয়, সমগ্ৰ মহ জাতিৰ ভৱিষ্যতৰ কথা।  যিকেইটা এই পৰিস্থিতৰ মাজতো বাচি আহে, একেবাৰে ষ্ট্ৰং জিনৰ কেইটাহে আহে । এনেদৰে জেনেৰেচনৰ পাছত জেনেৰেচন বেয়া জিনবিলাক আমাৰ গাৰ পৰা ওলাই গৈ আছে, আৰু আমি শক্তিশালী হৈ গৈ আছো। এতিয়া আমাৰ জিন আমাৰ পুৰ্বপুৰুষৰ জিনতকৈ বহুত ৰিফাইনদ।”

-    - “অ’...তোমাৰ কথাত যুক্তি আছে যেন লাগিছে হে”

-   - “আৰু আপোনালোক মানুহবোৰে কৰিছে কি ? আগৰ দিনত আপোনালোকে আমাৰ ফৰমুলাই ব্যৱহাৰ কৰিছিল । মানুহৰ ২০ টা মান ল’ৰা ছোৱালী হয়। দুৰ্বল জিন কেইটা সৰুতেই চেতেপ। একেবাৰে নিঘুণীয়া জিনৰ কেইটাহে পুৰ্ণ বয়স পায়গৈ। দিচ ইজ নেচাৰ’চ ৱে’ অফ এলিমিনেটিং জেনেটিক দেফিচিয়েন্সিজ, এণ্ড কন্ত্ৰলিং পপুলেচন অলচ’। কিন্তু আজকালি হয় কি। পোৱালী হয় এটা বা দুটা , লাগিলে সি যেনেকুৱাই নহওক, ডাক্তৰ, কবিৰাজ, চেলাইন, এণ্টিবায়টিক, কমপ্লান চব ফালৰ পৰা ঢোকা লগাই ৰাখি থয় তাকে। উপয়ো নাই । আপোনালোক মানুহ যে, মানৱীয় অনুভূতি আছে। গতিকে এতিয়া মানুহৰ কোৱানটিটি বাঢ়িছে, কিন্তু জেনেটিক কোৱালিটি বেয়া হৈ গৈ আছে”

-    -“হেৰা,  তুমি কি বকিছা? মই কি এক লাখ পোৱালী জন্ম দি পিতনিত এৰি দিব লাগে নেকি এতিয়া??”

-       না দাদা! মানুহে সেইটো কৰিব নোৱাৰে বুলি মোৰ শুং নগজা তিনিদিনীয়া পোৱালীটোৱেও জানে । কিন্তু দাদা, এই গতিত চলি থাকিলে এসময়ত কি হবগৈ আপুনি অনুমান কৰিছে নে?? 

আপোনালোকৰ জিন ক্ৰমাগত ভাৱে দুৰ্বল হৈ গৈ থকিব আৰু আমাৰ শক্তিশালী হৈ গৈ থাকিব। আপোনালোক ইতিমধ্যে জোখতকৈ বেছি ডিপেনডেণ্ট হৈ পৰিছেই।”

-     -“কি ডিপেনডেণ্ট হৈছো ?”

-       “দাদা, আপুনোলোকক জীয়াই থাকিবলে দিনক দিনে বেছি চফিষ্টিকেটেড চাপৰ্ট চিষ্টেমৰ প্ৰয়োজন হৈ গৈ আছে। হাই ড’জ মেডিচিন লাগে , গাড়ী নহলে এখোজো যাব নোৱাৰে, এ চি হলে শুব নোৱাৰে, অকণমান ধুলি লাগিলেই তিনিদিন জ্বৰ, কামকৰা ছোৱালী জনী নহলে পানী খোৱা গিলাচটোৱো ধুই লব নোৱাৰে।মুঠতে এটা বৃহৎ চিষ্টেম। আৰু এই চিষ্টেমটো অকনমান হেৰফেৰ হলেই আপোনালোক অথৰ্ব হৈ পৰে। হয়নে নহয় ?”
ম  মই একো নেমাতিলোঁ যদিও  অলপ  চেণ্টমেণ্টত লাগিল। মহ হৈ তাই মানুহৰ   বিষয়ে ইমান বেয়াকৈ কয়।  তাই কৈ গ’ল ..

-      ------ “আৰু আমি দিনক দিনে বুদ্ধিমান আৰু লগতে শক্তিশালী হে গৈ আছো, থেংকচ টু আৱাৰ বেটাৰ জিন। এনে এটা দিন আহিব আমি আপোনালোকতকৈ সকলো ফালে আগবাঢ়ি যাম”

-      ----- “কি ?? তুমি কি কব খুজিছা, ভৱিষ্যতে মানুহ তোমালোকৰ তলতীয়া হৈ যাব ??”

-     ------  “দেটচ মাই হ’ল ব্লাডী পইন্ট,  দাদা”

আৰু নোৱাৰি.....মুৰটো গৰম হৈ গ’ল । আও ! এইজনীৰ কথা শুনা। মনে মনে আছো বুলি যি মন যায় তাকে কৈ গৈছে। ৰহ বেটি, তই কিমান পানীৰ মাছ মইও দেখুৱাই দিম । দুইখন হাতেৰে এবাৰ ক্লেপ!!! তোৰ 'বেটাৰ জিন' মুখেৰে বাহিৰ হৈ যাব । ৰহ!! দুইখন হাত চাপৰ মাৰিবলৈ উদ্যত কৰি তাইৰ ফালে আগুৱাই নিলো। আৰে,  এই জনীয়ে দেখোন মিচিক মাচাক হাঁহিবলেহে ধৰিছে !! মাৰিবই লাগিব এইক যেনে তেনে, মানৱ জাতিৰ ইজ্জতৰ প্ৰশ্ন।  ...পালো পালো, আহি গৈছে জেগাত...... .....  সাৱধানে হাত দুখন টোঁৱাই ললোঁ ........এক ...দুই...............

কে ৰে..ৰে...ৰে..চ...চ....চচচচচ!!!!!!!পেঁ পে পে............ট....টটট...............পেঁ...টটটট.........

গাড়ীৰ ব্ৰেক আৰু হৰ্ণৰ সন্মিলীত কৰ্কষ মাতত খপজপাই উঠিলোঁ....

----  “কি বে ( *#*#*****# ) পাগল নেকি ?? মৰিবি গম পোৱা নাই 
.......দাদা কি হ’ল ?? ..ৰাতিপুৱাই ফিটিং নেকি??” ডিব্ৰুগড়ত লাইন ধৰিবলৈ যোৱা ৱিংগাৰৰ ড্ৰাইভাৰ, হেন্দিমেনৰ যুগলবন্দী ‍শুণিহে বুজি পালো, ৰাষ্টাৰ  মাজতে  গাড়ী ৰখাই ‍শুই আছিলো । কেতিয়ানো টোপনি আহিলে গমেই নেপালোঁ ।

            ঘড়ীলে চালো, ৫:৩০ । মহজনী বিছাৰিলো, আছে,  এতিয়াও আছে। নিমাখিত চেহেৰা এটা ধৰি ডেচবৰ্ডৰ ওপৰতে বহি আছে। মাৰিবলে মন নগল । আকৌ গাড়ীখন স্টাৰ্ট কৰিলোঁ । চাহৰ দোকানবোৰ খুলিলে নে বাৰু এতিয়ালৈ??

                                                ××××××××××××××××××××××××

                                                                                                                 

No comments:

Post a Comment