এই কামটো কৰিব ওলাইছো, কেৱল এটা কাৰণতে, যে মই জানো, মোৰ এই ‘আইধা’ ‘বাইখা’ পঢ়ি মুৰ গৰম হ’লেও মনোজে কব- ‘দাদা, অশেষ ধন্যবাদ! আগলৈয়ো দিহা পৰামৰ্শ দি থাকিব’! নহ’লে মই সাধাৰণতে এনে হঠকাৰী সিদ্ধান্ত নলও।
কিছুমান কিতাপ কিনিলো বুলিয়েই পঢ়ি পেলাব নোৱাৰি, পঢ়িবলৈ অলপ মানসিক প্ৰস্তুতি গোটাব লাগে। এইখনো তেনে কিতাপ, এইখন কিতাপ হওক বুলি মনে প্ৰাণে আশা কৰিছিলো, সময় লাগিল, কেনেবাকৈ হ’লগৈ। ইমান বেছি আশা থকা বাবেই হয়তো, পোনচাটেই খুলি পঢ়িবলৈ সাহস নকৰিলো। সময় ল’লো। ইয়াৰ কেইবাটাও কবিতা আগতে ফেচবুকত পঢ়িছো, বেছিভাগ ফেচবুকত দিছে যদিও ‘miss’ কৰিছো। কিতাপখনো এফালৰ পৰা পঢ়া নাই, গাৰুৰ কাষত লৈছো, চাইছো, হঠাতে পৃষ্ঠা এটা উলুটিয়াই এটা কবিতা পঢ়িছো, আকৌ জপাই থৈছো, আৰু ভাৱিছো। আজিও পঢ়ি শেষ হোৱা নাই, পঢ়ি হ’লে কিজানি বুকচেল্ফলৈ পঠাব লাগে! সেয়ে অলপ অলপ কৈ খৰছ কৰিছো কিতাপখন, ৰিচাইকল কৰিছো, ৰি –ইউজ কৰিছো, একেটা কবিতাকে।
মনোজৰ কবিতাৰ কথা ভালকৈ বহুত ক’লো আগতে, আজি আৰু সেইখিনি আকৌ নকও। ভাল লাগিছিল বাবে ভালকৈ কৈছিলো, আৰু লগতে এটা স্বাৰ্থও আছিল। কেইজন মান ‘ফেচবুকাৰু’ কবিৰ কবিতাই মোক সাহস দিছিল কবিতাক আকৌ এবাৰ ‘চাখি’ চাবলৈ, আৰু সেই সোৱাদটো বাৰে বাৰে লৈ থাকিবলৈ মন গৈছিল। আজি আমি পাঠক আৰু কবি দুইজনেই সেই ‘লেভেল’টো পাৰ হ’লো, আমাৰ সম্পৰ্কটো আৰু বেছি ‘হেৰি’ হ’ল, সেয়ে আজি অলপ বেলেগকৈ লিখিম।
এজন মূঢ়মতি,অল্পবুদ্ধি আৰু দীৰ্ঘসূত্ৰী হিচাপে মই নেজানো, কবিতা কেনেকৈ লিখিব লাগে তাৰ কিবা মানক আছে নে নাই? কিমান চিত্ৰকল্প ৰূপকল্পৰে ভাল কবিতা হয় তাৰ কিবা IS –code আছে নেকি? বা কি কি উপাদানেৰে কবিতা লিখিলে মানুহ কবি হয়, নহ’লে ‘অকবি’ হৈ পঁচি মৰে, বা মনোজ নেওগৰ কবিতা এই হিচাপবোৰৰ মতে কবিতা হয় নে নহয়! মই নেজানো! জানিবৰ দৰকাৰ বোধ কৰা নাই, কাকো সুধিবৰ ইচ্ছাও নাই। কি দৰকাৰ? যেতিয়া কবিজন আৰু মোৰ মাজত কবিতাৰ মাজেৰে এটা গাঢ় সম্পৰ্ক স্থাপিত হৈছে, মই সুখত আছো, মোক কোনো পণ্ডিতৰ Endorsement কিয় লাগে! মোৰ ভাল লাগিছে, তাতকৈ আৰু কি লাগে?
কিন্তু কথাবোৰ ইমান সহজো নহয়, কাৰণ ভাল লগা আৰু বেয়া লগা আপেক্ষিক আৰু অস্থায়ী বস্তু! সেয়ে আগতে যিমান ভাল লগা কথা লিখিলো, লিখিলো আৰু! আজি দোষ খুঁচৰিম! দুইতালি মাৰি থও, পিছলৈ যিফালে নৈ বয়, ভটিয়নি সোঁতত নাও এৰি দিম। তাতে আকৌ ভুল ধৰিব পাৰিলেহে বোলে ভাল সমালোচক হব পাৰি!
নাটকৰ লগত মনোজৰ ওচৰ সম্পৰ্ক! গতিকে তেওৰ আগতে নপঢ়া কবিতা এটা পঢ়িলেও মই নাটকীয়তাই আশা কৰো, আৰু মনোজে কেতিয়াও নিৰাশ নকৰে সেই ক্ষেত্ৰত। কিন্তু কথা আৰু আছে!
মনোজ অস্থিৰ মানুহ, সেয়ে তেওৰ কবিতাবোৰো দৌৰি ফুৰা যেন লাগে! মোৰ ভাৱ হয়, কবিতা এটা লিখি থকা সময়চোৱাত তেও আৰু বেছি অস্থিৰ হয়। এই আইফেল টাৱাৰ, এই আফ্ৰিকাৰ জংঘল!! এই মহাকাশ বিচৰণ, এই কংসবধ ভাওনাৰ বচন। কিতাপখনৰ কেইটামান কবিতাত এই অস্থিৰতা ওলাই পৰিছে। consistency সলনি হৈছে। পিছে তাক বেয়া বুলিলে সমুদ্ৰ কাজল শইকীয়াই কব-“কত লিখা আছে কন্সিষ্টেন্চি নেথাকিলে ভাল কবিতা নহয় বুলি? লিখা থাকিলেই যেনিবা, সেইবোৰ মানিবই লাগিব বুলি কি কথা আছে?” হয়তো নহয়- কাৰণ মোৰ ভাল লাগিছে! পাঠক হিচাপে এই ইনকনচিচষ্টেন্সীয়ে মোৰ আকৰ্ষিত হে কৰিছে।
‘এজন ৰঙৰ মিস্ত্ৰি’ত মনোজে বৰ বেছি de-construction কৰাৰ চেষ্টা কৰা নাই। নিয়ম ভঙা নাই, কেৱল মাজে মানে নিয়ম মনা হে নাই। কেতিয়াবা চাৰিয়েলিজম, ৰোমাণ্টিচিজম আদি নানান ইজমৰ মাজত পেণ্ডুলাম হৈছে, দুলি আছে। মোৰ ভাৱবোৰ পাক খাইছে। হঠাৎ ভাৱিছো, আমিতো সকলোৱেই পেণ্ডুলাম। নিৰন্তৰ ভোগী হৈ মাজে মাজে নিজৰ ‘ইণ্টেল’ দেখুৱাই থকা আমিবোৰ দেখোন একো একোটা পেণ্ডুলামেই।মনোজৰ কি দোষ?
মনোজ নিয়মৰ মাজতেই আছে, ফৰ্মেচনত বৰ বেছি একো পৰীক্ষা নীৰিক্ষা কৰা নাই। মনোজে জোৰ দিছে বক্তব্যত।শব্দ আৰু বিন্যাসৰ সুকৌশলী প্ৰয়োগত মনোজ সিদ্ধহস্ত!
তাৰ পাছত আহিল শ্ৰেণী সংগ্ৰামৰ কথা। মনোজৰ কবিতাৰ Driving force হ’ল, শ্ৰেণী সংগ্ৰাম। মোৰ আকৌ এই বস্তুটো অলপ আমনি লাগে। মোৰ বোধেৰে শ্ৰেণী সংগ্ৰামে আৰ্টৰ ক্ষেত্ৰখনতহে সৰ্বোৎকৃষ্ট ফচল দিছে, আনবোৰত মোটামোটি ফ্লপ শ্ব’য়েই বুলিব পাৰি। অৱশ্যে শ্ৰেণী সংগ্ৰামৰ বজাৰ ভাল, এই অসম, বেংগল এই ফালে আৰু বেছি ভাল!
এই কিন্তু শ্ৰেণী সংগ্ৰাম অবাস্তৱো নহয়, মনোজে সেই বস্তুটো কেম’ফ্লেজ কৰা নাই, কৰিবৰ চেষ্টাই কৰা নাই। সেয়ে তেওৰ কবিতাৰ শ্ৰেণী সংগ্ৰাম বাস্তৱ আৰু সৎ। তেও যি দেখিছে, শুনিছে, বুজিছে, তাকে লিখিছে। তেওৰ সততা তেও পাঠকৰ মাজলৈ লৈ যাব পাৰিছে, আৰু মই নিশ্চিত এইখনি সচেতনতাৰ বাবেই ‘এজন ৰঙৰ মিস্ত্ৰি’ জনপ্ৰিয় কবিতাৰ কিতাপ হব।
শেষত কম, মনোজৰ প্ৰত্যেকটো কবিতা প্ৰথমতে একোটা নিটোল গল্প, তাৰ পাছত এখন নাটক, তাৰ পাছতহে কবিতা। তেও তেওৰ বক্তব্যত কবিতাৰ সাজ পিন্ধাইছে কেৱল। সাহিত্যৰ এই ভিন ভিন ধাৰাবোৰৰ মাজত মনোজে লুকা ভাকু খেল এখন পাতিছে। লগতে আছে শব্দৰ সুকৌশলী আৰু নাটকীয় অভিযোজনা। মুঠতে এটা কমপ্লিট পেকেজ!
মোৰ অনুভৱ, অসমৰ প্ৰতিজন চিৰিয়াচ কাব্যপ্ৰেমী ৰাইজেই “এজন ৰঙৰ মিস্ত্ৰি” পঢ়া উচিত! চেটিচফেকচন গেৰাণ্টেড!
পৰিশিষ্টত কও ‘এজন ৰঙৰ মিস্ত্ৰি’ৰ পাতনি লিখিছে সমুদ্ৰ কাজল শইকীয়াই। বহু কম সময়ত এনেকুৱা হয় যে, মই কিতাপখন পঢ়াৰ আগতেই পাতনি আতিগুৰি মাৰি পঢ়িছো! এন অনন্য অভিজ্ঞতা।
টেকনিকেলী সমুদ্ৰ কাজল শইকীয়াই এইখন কিতাপৰ পাতনি লিখিব নেলাগিছিল, মানে সাধাৰণতে এনে কাম দেখা নেযায়, কাৰণ একে সময়তে তেওৰ নিজৰ "ডিচপ'জেবল সূৰ্য" নামৰ কিতাপ দুখনো বজাৰলৈ আহিছে! গতিকে মনোজ তেওৰ ব্যৱসায়িক প্ৰতিদ্বন্দি বুলিয়ে কব পাৰি। আৰু সেইটোৱেই মোৰ সকলোতকৈ ভাল লগা কথা।
No comments:
Post a Comment