Thursday, October 11, 2018

চাইকেল (আগষ্ট-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

প্ৰথমতে অদ্ভুত মেচেজটো দেখি কাৰোবাৰ ধেমালি যেনেই লাগিল,


“Please look out for a half open Post Box.”


কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম  বা নম্বৰ একোৱে দেখা নেযায়।  কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময় নষ্ট কৰিব? আৰু কি অদ্ভূত অনুৰোধ! আজিকালিও আৰু ক’ৰবাত পোষ্ট বক্স আছেনে? মই ওচৰ পাজৰৰ ঠাইবোৰ মনত পেলালোঁ, নাই কোনো পোষ্ট বক্স দেখা মনত পৰা নাই। কি হৈছে এইবোৰ? কাকো ক’বও নোৱাৰোঁ। মই বদনামী মানুহ, এইবোৰ কথা কৈ আৰু এবাৰ বদনাম হ’বলৈ ইচ্ছা নাই মোৰ। মেচেজটোৰ কথা পাহৰিবলৈ চেষ্টা কৰোঁ, কিন্তু মনৰপৰা আঁতৰাব নোৱাৰোঁ, নতুনকৈ ৰঙা ৰং কৰা পোষ্ট বক্স এটা মোৰ চকুত ভাঁহি থাকে।


আজি ৰাতিপুৱা আকৌ একেটাই মেচেজ! কিন্তু মই যে পাগল হোৱা নাই, সেয়া ঠিক। কাৰণ বাকী কামবোৰ মই একেবাৰে ঠিক ঠাক কৈ কৰি আছোঁ। অফিচলৈ গৈছোঁ, বজাৰ কৰিছোঁ, খাইছোঁ, শুইছোঁ। মোৰ পৰিয়াল বা অফিচৰ মানুহবোৰৰপৰা সাধাৰণতে পাই থকা উপেক্ষাখিনিৰ বাদে অদ্ভূত একো হোৱা নাই। তেন্তে এয়া কি? কোনোবাই মোৰ লগত উপহাস কৰিছে নিশ্চয়, কাৰণ বাকী মানুহবোৰৰ মোৰ সৈতে কৰিব লগা সেইটো কামেই বাকী আছেগৈ এতিয়ালৈ।

সফল ব্যৱসায়ী শ্ৰীঅলকেশ ভাগৱতীৰ জীৱনৰ এটা দিন (চেপ্টেম্বৰ-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)

অসমীয়া মানুহে হেনো ব্যৱসায় কৰিব নাজানে, বা জানিলেও নকৰে। সঁচাকৈয়ে চাবলৈ গ’লে ব্যৱসায়ৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। আজিও সাধাৰণ অসমীয়া লোকসকলে নিজৰ সন্তানক ডাঙৰ হৈ ভাল ব্যৱসায়ী হ’ব বুলি আশা নকৰে। ঐতিহাসিক ভাৱে অসমীয়াসকলে ব্যৱসায়ক গুৰুত্ব নিদিয়া বাবে, অসমীয়াই কেতিয়াও ব্যৱসায়িক নেটৱৰ্ক এটা গঢ়ি তুলিব নোৱাৰিলে। আৰু অনভ্যাসৰ বাবেই অসমীয়া লোকৰ ব্যৱসায় বুদ্ধি একেবাৰে সীমিত হৈ থাকি গ’ল বুলি ক’লেও ভুল নহ’ব।

কিন্তু এই প্ৰতিকূল পৰিবে‍শৰ মাজতো, দুই এজন অসমীয়া লোকে ব্যৱসায়ৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰাই নহয়, উদ্ভাৱনীমূলক ব্যৱসায় বুদ্ধিৰে প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ লগত সমানে খোজ দি ধনৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ তেনে এজন উদীয়মান, প্ৰতিভাবান আৰু সফল ব্যৱসায়ী, শ্ৰীঅলকেশ ভাগৱতীৰ সৈতে।


উজনি অসমৰ এখন অখ্যাত ঠাইত জন্ম লাভ কৰা ভাগৱতী পঢ়াত মধ্যমীয়া আছিল যদিও তেখেতৰ তীক্ষ্ণ বুদ্ধিৰ বাবে সৰুকালতেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়চোৱাত তেওঁ উচ্চশিক্ষাৰ বাবে গুৱাহাটীলৈ আহে আৰু নিজৰ অজ্ঞাতসাৰেই ব্যৱসায়ৰ জগতখনত সোমাই পৰে। আৰু কালক্ৰমত তেওঁ ব্যৱসায়ত দোপত দোপে আগুৱাই যায়, আৰু আজি আমি পাঠকক জনাবলৈ পাই সুখী হৈছোঁ যে, আজিৰ তাৰিখত ভাগৱতীৰ নামী বেনামী মিলাই মুঠ সম্পত্তিৰ পৰিমাণ চাৰিশ কোটিতকৈয়ো বেছি।

ভয় (অক্টোবৰ-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)



বিকট শব্দৰে এলাৰ্মটো বাজি উঠাত বিছনাতে জপিয়াই উঠিলো, চেহ! বহুত দেৰি হৈ গ’ল নেকি? এলাৰ্মটো বা কেইবজাত লগোৱা আছিল! পুৱা দহমিনিট পলম হৈ গ’লেই সকলো খেলিমেলি হৈ যায়। ভয় লাগিল। ভয় লগা দিন এটা আকৌ আৰম্ভ হ’ল।

মূৰটো অলপ ঘুৰোৱা যেন লাগিছে। কি হ’ল আকৌ? প্ৰেছাৰটো ঠিকেই আছিল। পিছে এই পুৱাৰ সময়খিনিত প্ৰেছাৰ বাঢ়ি যায়, ষ্ট্ৰ’কবোৰ প্ৰায় এই সময়তে হয়। হে ভগৱান, তেনে কিবা এটা হ’লে কি হ’ব? নমৰিলেও পেৰেলাইছিচ হয়েই দেখোন! মই খোজ কাঢ়িব নোৱাৰা হ’লে, নিজৰ একান্ত ব্যক্তিগত কামকেইটা নিজে কৰিব নোৱাৰা হ’লে মোৰ কি হ’ব? মোৰ পৰিয়ালটোৰ কি হ’ব? ভয়ত বুকু কঁপি উঠিল।

ভয়ে ভয়ে বিছনাৰপৰা নামিলো, ইফালে পাকঘৰত কাম কাজ আৰু মুখ সমানে চলি আছে, বনকৰা মানুহজনী হয়তো অহা নাই আজি। সেয়ে শ্ৰীমতীৰ খঙে মূৰৰ চুলিৰ আগ পাইছেগৈ। এওঁৰ খংটো আজিকালি বৰ বেছি হৈছে, কিবা থাইৰইড-চাইৰইডে পাইছে নেকি? তেওঁৰ তেনে এটা অসুখ হ’লে আমাৰ ঘৰখন কি হ’ব? বৰ ভয়ৰ কথা। আৰু কামকৰা মানুহজনীৰ কি হ’ল? এন আৰ চিত কিবা খেলি মেলি লাগি আছে বুলি শুনিছিলো, ক’ৰবালৈ গুচিয়েই গ’ল নেকি? এস্! তাই নাইকিয়া হ’লে বৰ বিপদৰ কথা হ’ব। আজিকালি কাম কৰা মানুহ পোৱাটো কিমান যে সমস্যা। ভয় লাগিল, যদি তাই জানি শুনিয়েই পলাই গৈছে, তেনে তাইতো ঘৰৰ কিবা বস্তু চুৰি কৰিও নিব পাৰে। আমাৰ ইহঁতসোপা যিয়ে অসাৱধান! ভয় লগা কথা এইবোৰ। আকৌ কাম বন নাইকিয়া হ’লে তাই ডকাইত-চোৰৰো লগ লাগিব পাৰে, তাই আমাৰ ঘৰৰ তলানলা সকলো জানে। ৰাতি যদি বন্দুক লোৱা ডকাইত লৈ আহি যায়, কি হ’ব? মোৰ ভয়তে বুকু কঁপি উঠিল।

Friday, May 25, 2018

অসমৰ সংকটাপূৰ্ণ ভাষাসমূহ (সাহিত্য ডট অৰ্গ অক্টোবৰ -২০১৬) প্ৰকাশিত


ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই হেৰাই যাব এই ‍ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্টমূলক সংস্কৃতিক সম্পদৰ লগতে অমূল্য প্ৰকৃতিপ্ৰদত্ত জ্ঞান৷
পিছে এই বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে প্ৰাকৃতিক বুলিয়েই কব পাৰি৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কিছুমান নতুন ভাষাৰ জন্ম হৈ আহিছে আৰু পৰ্যায়ক্ৰমে কিছুমান ভাষা বিলুপ্তও হৈ গৈ আছে৷ কিন্তু আজিকালি মানৱ সভ্যতাৰ বিকাশে এনে এক পৰ্যায় পাইছেগৈ, এতিয়া আৰু নতুন ভাষাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে শেষ হৈ আহিছে, আনকি প্ৰচলিত ভাষা সমূহৰ ব্যৱহাৰো কিছু কিছু ক্ষেত্ৰত কম হৈ আহিছে৷ উদহৰণ স্বৰূপে তথ্য প্ৰযুক্তিৰ কথালৈয়ে আঙুলিয়াব পাৰি৷ আজি আমি এৰাব নোৱাৰা হৈ পৰা তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত কেৱল ইংৰাজী ভাষাহে এতিয়ালৈকে ব্যৱহাৰ হয়, গতিকে আনবোৰ ভাষাৰ গুৰুত্ব কমি যোৱা স্বাভাৱিক৷ তাতে আকৌ আজিকালি সৰু সৰু স্বতন্তৰীয়া সমাজবোৰ নাইকিয়া হৈ এক বৃহৎ সমাজব্যৱস্থা গঢ়ি উঠাৰ লগে লগে মানুহৰ বাবে নিজৰ থলুৱা ভাষাতকৈ সংযোগী ভাষাবোৰৰহে প্ৰয়োজন বৃদ্ধি পাই আহিছে৷

অসমৰ বিদেশী সমস্যাটো: -এটি পুনৰাৱলোকন ( সাহিত্য ডট অৰ্গ নৱেম্বৰ ২০১৫ সংখ্যাত প্ৰকাশিত)


শিৰোনামটো দেখিয়ে পাঠকৰ অলপ ঋণাত্মক ধাৰণা হব, এইবুলিয়েই যে, এইটো হয়তো, অসমীয়াত যোৱা দুটামান দশকৰ আটাইতকৈ বেছিকে ব্যৱহাৰ হোৱা প্ৰৱন্ধৰ শিৰোনাম, অলপ সালসলনিৰে সৈতে৷ এই প্ৰৱন্ধত কোনো নতুন আৱিষ্কাৰ কৰা হোৱা নাই, আচলতে আৱিষ্কাৰ কৰিবলৈয়ো সুৰুঙাও নাই৷ প্ৰৱন্ধৰ উদ্দেশ্য কেৱল ’বেক টু ডা বেছিকচ’ ..মূল ধাৰণাখিনিৰ ওপৰত আকৌ এবাৰ আলোকপাত কৰা৷ আমি প্ৰায়ে কৰা এটা ভুল হ’ল- আমি প্ৰমাণ আৰু তথ্যৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ যাও যে, প্ৰায়ে আমাৰ মূল লক্ষ্য বা কাৰণসমূহ কালক্ৰমত আচুতীয়া হৈ পৰেগৈ৷ দুই তিনিটা মান সৰু ডাঙৰ আন্দোলনত ভাগ লোৱা অভিজ্ঞতাৰ পৰা ইমানখিনি কব পাৰোঁ যে- কোনোবাই যদি সকীয়াই থাকে যে “এইটোহে তোমাৰ কাম, এই কাৰণেহে তুমি যুঁজি আছা“- শুনিবলৈ ভাল নেলাগিলেও, বা আমি চোন জানোৱেই বুলি ভাব হ’লেও- কামটো বৰ অপ্ৰয়োজনীয় নহয়৷ পাঠকসকলৰ লেখাটি সেই দিশৰ পৰাই গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ৷
অসমীয়া কোন, বিদেশী কোন?

Friday, May 11, 2018

ড° বিকাশ বৰুৱা চাৰ সমীপেষু (এপ্ৰিল-২০১৮ সংখ্যা 'ফটাঢোল'ত প্ৰকাশিত)




(অসমীয়া অনলাইন ব্যংগ আলোচনী 'ফটাঢোল'ৰ এপ্ৰিল-২০১৮ সংখ্যাত প্ৰকাশিত)
চাৰ, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সৰুকালৰপৰাই আপোনাৰ লেখা পঢ়িছো, যিকেইজন লেখকৰ লেখনী পঢ়ি নিজে কিবা এটা কৰি চাওঁ বুলি চেষ্টা কৰিছিলো, তাৰ ভিতৰত আপুনিও অন্যতম। আপুনি অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক সকলৰ এজন বুলি স্বীকাৰ নকৰি নোৱাৰো। কেতিয়াবা ব্যংগ লিখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনীৰ প্ৰভাৱ নপৰাকৈ এশাৰীও লিখিব নোৱাৰো। কোনোবা আলোচনীত কেনেবাকে আপোনাৰ নামটো দেখিলে প্ৰথম আপোনাৰ লেখাটোৱেই পঢ়া একধৰণৰ নিয়ম হৈ পৰিছে। মস্তভস্কি, ক্ষুদ্ৰপভ, বমফোচ দা ব্লাফমাষ্টাৰ জাতীয় চৰিত্ৰবোৰৰ নাম; – “হেৰি নহয় বিশ্ব! শুনাচোন! বৰ বিপদ এটা হ’ল হে! মোক আৰ্জেণ্টলি বডী এটা লাগিছিল” – বুলি যমে বিশ্বকৰ্মালৈ কৰা ফোন (এই সংলাপটো আপুনি লিখা বুলি মই নেজানো, ক’ৰবাত পাইছিলো, কিন্তু এইকেইটা শাৰী আপোনাৰ বাদে কোনেও লিখিব নোৱাৰে বুলি মোৰ বিশ্বাস) এইবোৰ পাহৰিব নোৱাৰো। মানি লৈছো। কিন্তু সেইবুলি আপোনাৰ ভুল ধাৰণা, ভুল দিক-দৰ্শন, নৱ প্ৰজন্মলৈ ভুল বাৰ্তা, এইবোৰৰ প্ৰতিবাদ নকৰিলে উচিৎ হ’ব জানো? আপুনিয়েই কওকচোন চাৰ!

মই আজি আপোনাৰ কেইটামান ভুল ধাৰণা ভাঙিম। ‘যাই লাং থাকে লাং’ বুলি কলমত চিঞাহী ভৰাই জুইত সেকি গৰম কৰি লৈছো। বিহুলৈয়ো বেছি দিন নাই, কৌটিকলীয়া সংস্কৃতিটো ৰক্ষা কৰাৰ কামত লগাৰ আগতে এই দৰকাৰী কামটো কৰি লওঁ বুলি ভাৱিছো।

অহহ! ছাৰ আপুনি চাগে মোক চিনিয়ে পোৱা নাই নহয়। চৰি, আই মীন, আগতেই কৈ ল’ব লাগিছিল। বেয়া নেপাব, যিহেতু মোক প্ৰায় সকলোৱেই চিনি পায়, সমীহ কৰে, গতিকে আপুনিও পাব বুলি ধৰি ল’লো! মাই মিচটেক! আই এম চৰি!

বুৰঞ্জীৰ প্ৰশ্নকাকত ফাদিল (মে' ২০১৮ সংখ্য 'ফটাঢোল'ত প্ৰকাশিত_


(অসমীয়া অনলাইন হাস্য-ব্যংগ আলোচনী 'ফটাঢোল'ৰ মে'-২০১৮ সংখ্যাত প্ৰকাশিত) 

সংশ্লিষ্ট সকলোকে জনোৱা হয় যে,বহু কষ্টৰ মূৰত আমি ২২১৩ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া বুৰঞ্জীৰ প্ৰশ্নকাকতখন ফাদিল কৰিবলৈ সক্ষম হৈছোঁ,লগত উত্তৰবিলাকো লিখি উলিয়াইছোঁ ৷ আমাৰ এই প্ৰচেষ্টাই পৰীক্ষাৰ্থীসকলক সহায় কৰিব বুলি আমি নিশ্চিত ৷ কেৱল কথাটো লুকুৱাই ৰখা হয় যেন৷ পুলিচ,চিআইডিয়ে গম পালে আমাৰ এই মহান উদ্দেশ্য বিফল হ’ব৷

বিষয়ঃ- বুৰঞ্জী আৰু সাধাৰণ জ্ঞান

প্ৰশ্ন ১:- ১৯৫০ চনৰ পৰা ২০৫০ চনলৈ এই শতিকাটো অসম বুৰঞ্জীত কি বুলি কোৱা হয়, আৰু কিয়? বহলাই লিখা।