অকবত নেলাগে বাতৰি কাকত, আলোচনীত প্ৰায়ে শুনিবলৈ/ পঢ়িবলৈ পাঁও আজিকালি
বোলে কোনেও শুদ্ধ অসমীয়া নকয় বা কব নোৱাৰে। সাধাৰণতে সংবাদ মাধ্যম আৰু নৱ
প্ৰজন্মক উদ্দেশ্য কৰিয়েই এনে মন্তব্য বিলাক কৰা হয়। তাকে দেখি শুণি
ভাৱিলোঁ, মই নিজে শুদ্ধ অসমীয়া কও নে নকও?
কথাটো লৈ অলপ চিন্তা চৰ্চা আৰম্ভ কৰিলোঁ। মই চাকৰিৰ কাৰণত প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লগা হয়, এতিয়া মন কৰিছো মই অসমীয়া কওঁতেও মাজত ইংৰাজী হিন্দী শব্দই ভীৰ কৰেহি। দেবেন দত্ত চাৰে কথা কোৱা শুনিলে বুজি পাঁও মইয়ো এই গৰিহণাৰ পাত্ৰ বজৰুৱা অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ, লিখোতেই হওক বা কওঁতেই হওক। গতিকে প্ৰথমতেই নিজকে ৰাইজৰ গৰিহণা পোৱাৰ যোগ্য বুলি ঘোষণা কৰি ললোঁ।