১৯৯৩ চন মানৰ কথা, আমাৰ কলেজত এখন অসমীয়া চিনেমাৰ শ্বুটিং হৈছিল, নাম আছিল একত্ৰিছ জুন। নায়িকা আছিল মণিতা কাকতি,সেই সময়ৰ আটাইতকৈ সুন্দৰী নায়িকা। গতিকে সেইকেইদিন ক্লাছ, প্ৰেক্টিকেল সমুলঞ্চে পৰিহাৰ কৰি শ্বুটিং পাৰ্টিৰ লগত দিনে নিশাই ঘুৰি ফুৰাই আমাৰ কাম আছিল। আমাৰ ধাণ্ডা আছিল যেনেতেনে এবাৰ কেমেৰাত মুখখন উলিওৱা।
কথাতে কয় নহয়, প্ৰৱল ইচ্ছা থাকিলে ভাগ্যইয়ো সহায় কৰে। আমাৰ এগৰাকী সহপাঠী বান্ধৱী অভিনেতা প্ৰাঞ্জল শইকীয়াৰ ভাগিনী। গতিকে তাইকে আমি সকলোৱে নেৰা নেপেৰাকৈ ধৰিলো, কিবা এটা উপায় কৰা, নহ'লে আমাৰ জীৱনেই বিফল হব। তাই কিবা কিবি কৰিলে হবলা, এদিন দেখোন চিন এটাত আমাক সকলোকে মাতি নি ক্লাছৰূমত বহাই দিলে। মই প্ৰথম বেঞ্চেতে ছিট এটা যোগাৰ কৰিলো। সেইটো এজন প্ৰফেচাৰে ক্লাছ লোৱাৰ দৃশ্য।
তাৰ পাছতে হঠাৎ মোৰ ভাগ্যৰ চকৰি ঘুৰিল, এজন সহ-পৰিচালক মোৰ ওচৰলৈ আহি সুধিলে
-"ডাইলগ এটা কব পাৰিবা?"