বহু হাজাৰ মিনিটৰ আগৰ কথা। দিল্লী চহৰৰ এটা ভিতৰুৱা অঞ্চলৰ এটা ঠেক
গলিৰ, এটা তিনিকুঠলীযা ভাৰাঘৰত সুদুৰ ইবিঝাৰ পৰা অহা ছেংমা নামৰ এজন লোকে
ছাংমাই ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছে ৰাজ্য খনত ৰজা ৰাণী যিমান আছিল,
প্ৰজাৰ সংখ্যা তাতোতকৈ কমহে আছিল। ( সঁচা কথা কবলে গ’লে প্ৰজা নাছিলেই,
কেইদিন মানৰ পাছত হবহে)। ছাংমাই সম্ৰাটে সেই ঘৰটোৰ পাকঘৰতে স্থায়ী ৰাজধানী
পাতি, তাৰপৰাই দেশ শাসন কৰিছিল।
এদিন ৰজা ৰাণীৰ মাজত ৰাজ্যৰ পৰৰাষ্ট্ৰ নীতিক লৈ ভীষণ বিবাদ লাগিল। বিবাদ মানে? গৈ থৈ দুৰ্বাদল কাজিয়াত পৰিণত
হ’লগৈ। কুটনীতি আৰু অশ্ৰুবাণেৰে ৰজাক পৰাজিত কৰিব নোৱাৰি শেষত ৰাণীয়ে
বেলনাষ্ট্ৰ, IRKBM ( ইণ্টাৰ ৰূম কাঁহী বাতি মিছাইল),খকৰা মুকুটি,
কপৌচেলোৱা আদি মাৰাত্মক মাৰণাস্ত্ৰ প্ৰয়োগ কৰিলে। ৰজাইয়ো ব্লেকমেইল,
বিছনাতল, আদি প্ৰতিৰক্ষা কৌশল প্ৰয়োগ কৰি যুঁজ দিবলৈ ধৰিলে। ৰানীয়ে পিছদিনা
ৰাতিপূৱাই ওচৰতে থকা বায়েকৰ ঘৰলৈ গুচি যাব বুলিও হুংকাৰ দিলে।ৰজাই বোলে –
“এতিয়াই কিয় নেযোৱা। ভুতৰ ভয়ত?”
মুঠতে কাষৰীয়া ৰাইজে কোৱা মতে –তেনে যুঁজ
এই ভূ ভাৰস্তত কোনেও দেখাও নাই , শুনাও নাই। অৱশেষত যেনিবা ভাগৰ লগাত দুয়ু
শুই পৰিল। সন্ধি পিছে নহ’ল। দুয়ু ৰজা ৰানী বেলেগ বেলেগ ৰূমত অকলে অকলে অকলে
সোমাই পৰৱৰ্তী ৰণনীতি তৈয়াৰ কৰাত লাগিল।
ৰাতিপুৱাল...ৰানীয়ে চকু মেলি দেখে, ৰজাই তেখেতৰ বিচনাৰ কাষত থিয় হৈ
মিচিকিয়াই হাঁহি আছে। হাতত এগিলাচ গৰম গাখীৰ। আত্মতৃপ্তিত ৰানীৰ মন আকুলিত
হৈ পৰিল। লাহকৈ উঠি, গাখীৰ গিলাচ হাতত লৈ, তীৰ্যক চাৱনিৰে ৰজাৰ ফালে চাই
ক’লে
- হুঁহ ..এতিয়া নিজৰ ভুল বুজি পালা তাৰমানে? মই কৈছিলো নহয়, তোমাৰে ভুল বুলি।
>
>
>
- কিহৰ ভুল ? গম নোপোৱা নেকি, আজি নাগ পঞ্চমী, সেই কাৰণেহে কলসাপক গাখীৰ খুৱাইছো..... লে ..পী লে নাগিন ।
পিছত ছেংমা ৰজাক হস্পিটেললৈ লৈ যোৱা সকলে দেখিলে, ছেংমাৰ গালত লাগি আছে---- এটা দগমগীয়া “কটা হাতৰ ৰঙা চাপ” । দাগটো ইমানেই উজ্জল আছিল যে ওপৰৰ সূৰ্যৰ ৰশ্মিও তাৰ ওচৰত ম্লান পৰি গৈছিল।
বি. দ্ৰ. :- তাৰো বহুদিনৰ পাছত ছেংমাই ’মুখ’ৰ সেই দাগটো আঁতৰাবলৈ প্লাষ্টি চাৰ্জাৰীৰ পইচা বিছাৰি চচুৰবাৰীক বাৰে বাৰে ‘আৰ্জি’ দি থকা বাবে দিল্লীৰ সেই অঞ্চলটো ‘ মুখাৰ্জী’ নগৰ বুলি জনাজাত হ’লগৈ।

No comments:
Post a Comment