Monday, March 23, 2015

বে’ড টাইম ষ্টৰি : (1-15 মাৰ্চ, ২০১৫ সংখ্যা প্ৰান্তিকত প্ৰকাশিত )





-    ‘দেতা, তুমি আজি সাধু কম বুলি কৈছিলা।

-   হাঃ , হয় নেকি?

-   “তুমি সব পাহৰি যোৱা ন’?

-   “কম ৰ’। সাধু মনতেই পৰা নাই নহয়।

-   “ৰবা মই সাধু কিতাপ এখন আনি দিছো, তুমি পঢ়ি দিলেই হব”

*******
-   “কি আনিলি এইখন?  ভক্ত প্ৰহ্লাদ । বঢ়িয়া ।তই প্ৰহ্লাদৰ নাম শুণিছনে নাই ?”

-   “ওঁহো।”


-   “কি ছোৱালী ঔ তই। প্ৰহ্লাদ বৰ ভাল ল’ৰা আছিল। ভগৱানক খুব ভক্তি কৰিছিল । তোৰ নিচিনা নহয়?”

-   “ৰবাচোন ৰবা, প্ৰথমতে এই ছৱিখন বুজাই দিয়া। এই নমো কৰি থকা ল’ৰাতো প্ৰহ্লাদ নেকি?”

-   “অ’”

-   “আৰু এই বাঘতো?”

-   “বাঘ নহয় ঔ সিংহ। সেইয়া ভগৱান । আৰু তলৰ খিনি মানুহৰ নিচিনা দেখিছনে নাই ? ভগৱানে নৰসিংহ ৰূপ ধৰি প্ৰহ্লাদৰ দুষ্ট বাপেকটোক শাস্তি দিছে”

-   “কি এইয়া প্ৰহ্লাদৰ দেউতাক? ভগৱানে প্ৰহ্লাদৰ আগতেই বাপেকৰ পেট ফালি দিছে?? অ’ মা... কিয়?? প্ৰহ্লাদে চাগে দেউতাকক নেমাৰিবলে ভগৱানক নমো কৰিছে, হয়নে দে’তা?? বাচ্ছাটোৰ আগতেই কিয় এনেকুৱা কৰিছে ভগৱানে, দে’তা। মোৰ বৰ বেয়া লাগিছে জানা”

-   “হেই , ৰহ ঔ। প্ৰহ্লাদৰ বাপেকটো বৰ বেয়া মানুহ আছিল। অসুৰ। তেও প্ৰহ্লাদক বৰ কষ্ট দিছিল। আৰু ভগৱানকো নেমানিছিল । সেই কাৰণেহে মাৰিছে”

-   “ভগৱানক নেমানিলে ভগৱানে মাৰি পেলাই নেকি??”

-   “তই বৰ বেছি প্ৰশ্ন কৰ অ’। শুণ, প্ৰহ্লাদ ভগৱানৰ একান্ত ভক্ত, সেইকাৰণে তাক দেউতাকে বহুত  কষ্ট দিছিলে, মাৰিছিলে, পিটিছিলে, কপৌ চেলোৱা দিছিলে, কাণ মুচৰিছিলে, একেবাৰে মাৰি পেলাবও বিছাৰিছিলে”

-   “ইসসসস....তুমি মিছাকে কৈছা ন’.... মই গম পালো। দেউতাকে আৰু নিজৰ ল’ৰাটোক মাৰি পেলাব নেকি? তুমিওটো মোক মাৰা কেতিয়াবা বদমাছি কৰিলে। সেই কাৰণে কি ভগৱানে তোমাক মাৰি পেলাব নেকি?? মই কিন্তু তেতিয়া ভগৱানকে মাৰি দিম লাঠি এডাল লৈ।আৰু দেতা..একান্ত মানে কি?”

-   “হেইট...তই বুজা নাই কথাটো । আজিকালিৰ নিচিনা নহয়, আগতে কথাবোৰ অলপ বেলেগ আছিল। মুঠতে এইটোকে বুজ তই, হিৰণ্যকশিপু, মানে প্ৰহ্লাদৰ বাপেক, অতি বেয়া মানুহ আছিল, মানে ইমানেই বেয়া, তেওক নেমাৰিলে পৃথিৱীখনকে ধ্বংস কৰি দিলেহেঁতেন তেঁও।সেই কাৰণে ভগৱানে তেওক মাৰি পেলালে।”

-   “পুলিচত দি নিদিলে কিয়?”

-   “হেই..তেতিয়া পুলিচ নাছিল ঔ”

-   “তেতিয়া হ’লে আৰ্মিক মাতি দিব লাগিছিল”

-   “তই সাধু শুণিবি নে ঢকা খাবি, প্ৰথমতে  ঠিক কৰি ল। তাৰ পাছত প্ৰশ্ন সুধিবি”

-   “বাৰু দেতা, বহুত বেয়া মানুহ আছিলে হিৰণ্য দাস,বুজিলো, কিন্তু..”

-   “কি কলি?  হিৰণ্য দাস।  হাঃ হাঃ ।  হিৰণ্য দাস নহয় বুৰ্বক, হিৰণ্যকশিপু”

-   “এহ..মোৰ কথাই নুশুণা তুমি। যিয়েই হওক বাৰু, তেঁও তো প্ৰহ্লাদৰ দেউতাক। দেউতাকক নো বাচ্ছাটোৰ আগতে কিয় মাৰিব লাগে? তুমি দেখোন জেঠাই আইতা ঢুকাওতে  কৈছিলা ভগৱানে তেওক নিজৰ ওচৰলে লৈ গ’ল। তেনেকে যদি নিব পাৰে , তেনেকে  লৈ গ’লেই তো ভাল আছিল ।

-   “ মোৰ টোপনি ধৰিছে দেই,  মই শুলো।  যা....মাৰৰ ওচৰলে যা।

০০০০০০০০০০

-“দে’তা”

-“হোঁ…..

-‘তুমি শুলাই নেকি?”

-‘ওঁ

-“এহ ..তুমি খালি শুয়েই থাকা…নিজৰ জীয়েকজনীলে অকনো মৰম নাই”

- “ন’ ব্লেকমেইলি্ং, কি লাগে ক’

-“দে’তা…মোক এটা কথা কোঁৱাচোন”

-“কি?”

-“মেকুৰীৰ কেচুৱা কেনেকে হয়?”

-“কি? ( হে হৰি), মানুহৰ যেনেকে হয়, তেনেকৈয়ে হয় আৰু। হস্পিটেলৰ পৰা আনে।“

- “ইঃ…মোক বুৰ্বক বনাব নেলাগে, মই জানো নহয় মানুহৰ কেচুৱা  কেনেকে হয়।“

- “কি ?? কি জান তই ? কেনেকৈ হয়্ মানুহৰ কেচুৱা?” (উফফ কি বা শিকিছে)

- “ইহঃ- তুমি নেজানাহে যেনিবা। মোৰ লাজ লাগে কবলে।“ (হে প্ৰভূ !! )

-“ক চোন ক, মই ভালকে নেজানো নহয়। এইবোৰ কথা মাৰেহে জানে।“

- “মাকৰ পেটৰ পৰা হয়, মই ৰীণা মাহীক দেখিছো নহয়, মাইনাটো আগতে পেটত আছিল, এতিয়া বাহিৰলে ওলোৱাৰ পাছত মাহী পেটতো সৰু হৈ গ’ল।“(ৰক্ষা)

-“আৰু এটা কথা জানো। মোক ৰীমাই কৈছে।“

-“কি কথা?”

-“কেচুৱা  হবলে প্ৰথমতে বিয়া হব লাগে, (চকুত দুষ্টামিৰ হাঁহি)”

- “অ..হয় নেকি?”

-“অঁতো। ইহঃ তুমি নজনা ভাঁও ধৰিছা, মই গম পাইছো, তুমি কিবা কেতিয়াবা বিয়া নোহোৱা ছোৱালীৰ কেচুৱা  হোৱা দেখিছা নেকি?”

-“এৰা হয়তো, নাইদেখা; তই কঁওতেহে কথাটো মন কৰিলোঁ।“

-“পিছে এখন চিনেমাত হৈছিল, মই দেখিছিলোঁ। ছোৱালীজনীয়ে বৰ কান্দিছিল।কেনেকে হ’ল জানো।“

- “ধুৰ ।।চিনেমাত চৱ মিছা কথা দেখুৱাই।তইনো কাৰ্টুন এৰি সেইবোৰ চিনেমা কিয় চাৱ?”

- “মইনো ক’ত চালোঁ। মায়ে চাই থাকোতেহে দেখি‍ছিলোঁ।“

- “হব দে নেচাবি। চিনেমাত যি টি দেখুৱাই। মানুহ উৰি যায়, একে ঢকাতে  গাড়ী ভাঙি দিয়ে , সেইবোৰ কিবা সঁচানেকি? বিশ্বাস নকৰিবি।“

-“অ হয়। মায়েও কৈছিলে,…”

-“দে’তা, পিছে এটা কথা নহয়, আমাৰ মেকুৰীজনীৰ কেনেকে কেচুৱা হ’ল। তাইৰটো বিয়া হোৱা নাই।......................”

- “হেৰা শুণিছানে। এইক শুৱাই দিয়া হে, কাইলে স্কুল আছে নহয়”।

০০০০০০০০০০

-“অ’ দে’তা, কি পঢ়িছা?”

-“নিউজ পেপাৰ, যা মোক দিগদাৰ নকৰিবি। মাৰৰ ওচৰলে যা।“

-“এহ, মাই তোমাৰ ওচৰলে পঠাব, তুমি মাৰ ওচৰলে পঠাবা, মই কলৈ যাম?
কি লিখা আছেনো নিউজ পেপাৰত। ….চাঁও দিয়াচোন, ময়ো পঢ়ো।“

- “আহিল বৰ নিউজ পেপাৰ পঢ়াজনী। আখৰ কেইটাকে আজিলেকে ভালদৰে চিনি নেপালি, নিউজ পেপাৰ পঢ়ে তাই।“

-“মই চব আখৰ চিনি পাঁও, তেনেকে নকবা।“

-“হুঁহ!.. তই ‘য’ টোকে ‘ম’ বুলি নকৱ?”

-“দুইটা দেখিবলে একে কাৰণেহে কেতিয়াবা ভুল হয়, বাকীবোৰ পাৰো নহয়”,

- “হব বাৰু পাৰ পাৰ। পঢ় এতিয়া এই পৃষ্ঠাটোকে। চুপ চাপ পঢ়ি থাক”

- “দে’তা ইয়াতনো কি লিখা আছে?”

- “ইয়াত পৃথিৱীৰ ক’ত কি হৈছে চব লিখা আছে। এফালৰ পৰা পঢ়ি যা”

- “হুমমম।।।। গম পালোঁ, এই মানহবোৰে আন্দোলন কৰিছে।“

- “আও –তই আন্দোলনো চিনি পাৱ নেকি?”

-“পাঁওটো। টিভিত সদায় দেখুৱাই থাকে, ডাঙৰ ডাঙৰকে চিঞৰিব লাগে। ৰাষ্টাত খোজ কাঢ়িব লাগে, আৰু কেতিয়াবা তেনেকুৱা কৰিলে পুলিচে মাৰে। কিনো ডাঙৰ কথাটো।“

-“হয় হয় দে, তই চৱ বুজিপালি। পঢ় এতিয়া।“  

-“ আন্দোলন ভাল মানুহে কৰে নে বেয়া মানুহে কৰে?”

-“ভাল মানুহে কৰে,   বেয়া কাম দেখিলে প্ৰতিবাদ কৰে।“

-“ তেতিয়া হ’লে আন্দোলন কৰা মানুহক কেতিয়াবা পুলিচে পিটে কিয়? পুলিচে চোৰকহে পিটিব লাগে। তাৰমানে সেইবিলাক বেয়া পুলিচ নেকি?”

- “তই এটা কাম কৰচোন, পটকে দৌৰ মাৰি মাৰক চাহ একাপ দিবলে কগৈচোন”

- “এহ ..তুমি খালি মোক কাম কৰিবলে কৈ থাকা, একো কথা ভালকে বুজাই নিদিয়া।“

০০০০০০০০০০

-“দে’তা”

- “হুঁ”

- “তুমি বোলে সাধু এটা লিখিছা, নিউজ পেপাৰত ওলাইছে হেনো”

- “ধুৰৰ.....সাধু নহয় অ’ ..গল্প বুজিছ’ গল্প,”

- “এহ..গল্প আৰু সাধু একেই, মই জানো নহয়, ডাঙৰ মানুহৰ সাধু বিলাককে গল্প বুলি কয়”

- “ আও তই দেখোন ভাল পণ্ডিতেই হলিগৈ”

-“ কি পণ্ডিত ? মই নহয় দেই সেইবোৰ। এটা কথা কোৱাচোন!!”

-“ কি?”

- “ডাঙৰ মানুহবিলাকে তোমাক সদায় সাধু কোৱা, সাধু কো্ৱা বুলি খাটি থাকে নেকি?”

- “ নেথাকে? কিয় থাকিব?”

- “  তথাপি তুমি ৰাতি ৰাতি ডাঙৰ মানুহৰ কাৰণে সাধু লিখি থাকা, হয় নে নহয়? কিন্তু মই ইমানকে কৈ থাকিলেও  তুমি সৰু সাধু এটাও নোকোৱা- সাধু কবলেনো কিমান সময় লাগে,... মাত্ৰ একমিনিট। আৰু লিখিবলে.... এক ঘণ্টা। তাৰমানে তুমি ডাঙৰ মানুহবিলাকক ভাল পোৱা আৰু মোক  ভাল নোপোৱা,

- “ইসস...যুক্তি শুনা তাইৰ। মুঠতে বুজি ল’;  ডাঙৰ মানুহৰ  কথা আৰু কাম বোৰ তঁহতৰ পেন্দুকণাবোৰৰ  নিচিনা নহয়, পিচত বুজি পাবি। আৰু এটা কথা, সদায় মইয়েই কয় সাধু কব লাগে তোক? আজি তই মোক সাধু কবি, সাধু কোৱাতো এটা ডাঙৰ আৰ্ট, বুজিছ। মানুহে ধুনীয়াকৈ সাধু কবও জানিব লাগে।“

- “এহ মই সাধু নকও, নেজানোৱেই মই সাধু।“

- “চেষ্টা কৰ, কিবা এটা ক’.... নহ’লে তই টিভিত চোৱা কিবা কাহিনী এটা, কিবা সঁচা ঘটনা এটাকে ক’, মুঠতে চেষ্টা কৰ,  চেষ্টা কৰি থাকিলেহে পাৰিবিগৈ।“

- “অঁঅঁঅঁ...অকে, কও বাৰু;  বেয়া হ’লে নেহাঁহিবা কিন্তু ...”

- “নেহাঁহো, নেহাঁহো,... ক এতিয়া।“

- “সঁচা কাহিনী এটা কম”

- “বঢ়িয়া”

- “এঘৰ মানুহৰ ঘৰত এজনী মানুহে কাম কৰিছিলে”

-“ এঘৰ মানুহৰ ঘৰত?” হব বাৰু দে,  ভাল হৈছে... ক’।“

- “মানুহজনীৰ এদিন কিবা কাৰণত বৰ খং উঠিলে- আৰু আৰু ..মানুহঘৰৰ কেচুৱাটো...প্ৰেচাৰ কুকাৰত ভৰাই......”

- “চুপ..চুপ..কি কৈছ এইবোৰ..হে ভগৱান...কোনে কৈছে তোক এইবোৰ?”

- “খং কিয় কৰিছা? এইটো সঁচা কথা একেবাৰে, টিভিত দেখুৱাইছে।“

- “এইবোৰ সঁচা কথা?? কেতিয়া দেখিলি তই এইবোৰ টিভিত?”

- “মই নাই চোৱা, স্কুলত লগৰ ছোৱালী এজনীয়ে কৈছে, টিভিত বোলে কৈছে, একেবাৰে সঁচা ঘটনা। মই কি জানো?”

- “নেজান, তই একো নেজান। এইবোৰ কথা জনাৰ পিছত তোৰ আৰু সাধু শুণাৰ দৰকাৰ নাই। যা বুলিছো নহয়, আজিৰ পৰা কোনো সাধু চাধু নাই। আজিৰ পৰা টিভিত মানুহ কটা, ডাইনী হত্যা,বোৱাৰী জ্বলাই দিয়া,  চিপজৰী লোৱা , চুৰি-ডকাইতি,  এইবোৰ চাই টোপনি যাবি । যা বুলিছো নহয়।“

-“ মা.......”
........................
- “হেৰি..কি হ’লনো? কিয় কন্দুৱাইছে ছোৱালীজনীক ৰাতিখন?”

০০০০০০০০০০


লিখনিটোৰ ওপৰত কেইটিমান মন্তব্য, ফেচবুকত !!





১-১৫ মাৰ্চ সংখ্যাৰ প্ৰান্তিকৰ ‘দৈনন্দিন’ শিতানত প্ৰকাশিত অভিজিত কলিতাৰ “বে’ড টাইম ষ্ট’ৰি” পঢ়ি মুগ্ধ হ’লো ৷ এখন সুন্দৰ ব্যংগ-ৰচনা ৷ শিশু মনস্তত্ত্বক গভীৰ ভাৱে উপলব্ধি কৰিব পৰা লেখকৰ পক্ষেহে এনে লেখা সম্ভৱ বুলি ক’ব পাৰি ৷ হাস্যৰসৰ মাধ্যমেৰে লেখাটোৱে সমাজলৈ কেইবাটাও গভীৰ অৰ্থপূৰ্ণ বাৰ্তা কঢ়িয়াইছে ৷ পিতৃ হিৰণ্য কশিপুৰে ভক্ত প্ৰহ্লাদৰ ওপৰত চলোৱা অত্যাচাৰৰ কাহিনীয়ে শিশুৰ মনত কিমান যুক্তিপূৰ্ণ প্ৰশ্নৰ জন্ম দিব পাৰে আৰু সেইবোৰৰ যথোপযুক্ত সঁহাৰি দিবলৈ বা যুক্তিসমূহ খণ্ডন কৰিবলৈ মাক বা দেউতাকে কৰা চেষ্টাৰ বৰ্ণনা লেখাটোত স্পষ্ট ৰূপত প্ৰতিবিম্বিত হৈছে ৷ কেতিয়াবা তেনেবোৰ যুক্তি নাইবা প্ৰশ্নৰ ওচৰত সেও মানি পিতৃ বা মাতৃয়ে পলাবলৈ বাট বিচাৰি হায়ৰাণ হয় ৷ তেনেকুৱা এখন ছবিয়ে আমাৰ সমুখত জিলিকি উঠিল যেতিয়া সন্তানটিয়ে “মেকুৰীৰ জন্ম কেনেকৈ হয়?” শীৰ্ষক প্ৰশ্নটোৰ অৱতাৰণা কৰিলে ৷ টি-আৰ-পি কেন্দ্ৰিক নিউজ চেনেলে বাতৰিৰ নামত সম্প্ৰচাৰ কৰা কেতবোৰ আতংকময়,শিহৰণকাৰী খবৰে শিশুৰ মনত কিদৰে প্ৰভাৱান্বিত কৰিছে,তাৰো এক উজ্জ্বল চিত্ৰ অংকণ কৰিবলৈ লেখক চেষ্টা কৰিলে আৰু সেইক্ষেত্ৰত তেওঁ সফল হৈছে বুলিয়েই ক’ব পাৰি ৷ মোৰ বোধেৰে, অভিজিত কলিতাৰ “বেড টাইম ষ্টৰি” শীৰ্ষক লেখাটোৱে আধুনিক সমাজৰ প্ৰতিগৰাকী সংবেদনশীল অভিভাৱকৰ মনত চিন্তাৰ উদ্ৰেক ঘটাব৷ আধুনিক সমাজৰ ছবি অংকিত এনে ধৰণৰ তীক্ষ্ন হাস্যধৰ্মী লেখা ভৱিষ্যতেও লেখকজনৰ পৰা আশা কৰিলোঁ ৷


No comments:

Post a Comment