যিকোনো বিষয়ৰ ওপৰতে বিজ্ঞানসন্মত
আলোচনা বা প্ৰৱন্ধত সকলোতকৈ জৰুৰী বস্তুটো হ'ল ৰেফোৰেন্স বা তথ্যসূত্ৰ। সৰুতে
আমাক শিকাইছিল, ৰচনা লিখোতে যিমানে "উদ্ধৃতি" দিব পাৰিবি সিমানে বেছি
নম্বৰ পাবি। বৰ বেছি প্ৰসংগ সংগতি বিছৰা নাছিলো, কেৱল ৰচনাখনৰ লগত মিলিব পৰা
দুটামান শব্দ উদ্ধৃতিত থাকিলেই হ'ল। হোৱাই নোহোৱাই মূল গধূৰ লেখক এজনৰ দুই এটা
বক্তব্য উৰ্ধকমাৰ মাজত লিখি দিছিলো, লাভ হৈছিল, এক আদ হ'লেও বেছি নম্বৰ আহিছিল।
আজিও কিবা এটা লিখিব খুজিলে লগে লগে ইণ্টাৰনেট চাৰ্চ, এই বিষয়ত কোনে কি কৈছিল? মোৰ
এতিয়াও গুগল চাৰ্চ অব্যহত আছে, চাৰ্চ বাৰত লিখিছো-
" How important is reference to an Article"
লিখা মেলাৰ কথা বাদেই, অফিচৰ
নোটশ্বিটটো কোনোবাই কৰবাত দি যোৱা বক্তব্য, মেনুৱেল বিলাকত লিখা থকা দুটা শাৰী, আগতে
কৰা কামৰ ৰেফাৰেন্স, অথৰিটি মিনিষ্ট্ৰীৰ গাইডলাইন আদি কিবা কিবি লিখিব পাৰিলেই বৈতৰণী
পাৰ বুলি ধৰিব পাৰি। গুগল অহাৰ পৰা অফিচৰ কামত বৰ সুবিধা হৈছে।