(ৰঙালী বিহু সংখ্যা সাহিত্য ডট অৰ্গত প্ৰকাশিত)
“পল্টন বজাৰ , লাষ্ট ষ্টপেজ, লাষ্ট ষ্টপেজ, নামি লওক নামি লওক !”
নাইট চুপাৰৰ হেণ্ডিমেনৰ চিঞৰত খক-মক কৈ সাৰ পাই উঠিলোঁ ৷ ওৰে ৰাতি বাছত টোপনি নধৰিলে, যোৰাবাটৰ পাছত কেতিয়ানো ক’ব নোৱাৰাকে টোপনি আহিল ক’বই নোৱাৰিলোঁ ৷ লৰালৰিকৈ বাংকাৰৰ পৰা বেগটো লৈ নামি আহিলোঁ ৷ হেণ্ডিমেনে অলপ পোন্দোৱাকৈ চোৱা যেনো লাগিল এবাৰ ৷
আজি কিবা নহয় কিবা এটা কৰিমেই বুলি মন বান্ধি আহিছোঁ, কামটোৰ বাবে গুৱাহাটীলৈ এই বছৰ মোৰ চাগে’ নৱম বাৰ আগমন ৷ ইমান বাৰ অহাৰ অভিজ্ঞতাৰ লগতে মোৰ কমনচেন্স বোলা বস্তুটোৰ সংমিশ্ৰণ ঘটাই, সমাধান এটা পাইছোঁ, গতিকে আজি কৰিমেই ৷ নকৰিলে নহ’ব, ইতিমধ্যে বহু দেৰি হৈ গৈছে৷
পেটটো কৰকৰাই উঠিল; বন্ধ দোকান এখনৰ সমুখতে এজনে ‘ মোগলাই পৰঠাৰ বেহা মেলিছে, বতাহত ফুৰফুৰীয়া গোন্ধ ৷ তাতে কালি ৰাতি আঠ বজাতে ঘৰত ভাত খোৱা, খায়েই দিওঁ নেকি? পিছে খালে দিনৰ ভাতসাঁজৰ বাবে বাজেট কমি যাব, চাহ আৰু ক্ৰীম ৰ’লেৰে চলাব লাগিব ৷ এহ যি হয় হ’ব যা, পিছত দেখা যাব ৷ মোগলাইৰ আহ্বান অস্বীকাৰ কৰিব পৰা মানসিক প্ৰস্তুতি এতিয়া নাই ৷