Tuesday, December 18, 2018

=আত্মধোৱন=

১৯৯৩ চন মানৰ কথা, আমাৰ কলেজত এখন অসমীয়া চিনেমাৰ শ্বুটিং হৈছিল, নাম আছিল একত্ৰিছ জুন। নায়িকা আছিল মণিতা কাকতি,সেই সময়ৰ আটাইতকৈ সুন্দৰী নায়িকা। গতিকে সেইকেইদিন ক্লাছ, প্ৰেক্টিকেল সমুলঞ্চে পৰিহাৰ কৰি শ্বুটিং পাৰ্টিৰ লগত দিনে নিশাই ঘুৰি ফুৰাই আমাৰ কাম আছিল। আমাৰ ধাণ্ডা আছিল যেনেতেনে এবাৰ কেমেৰাত মুখখন উলিওৱা।
কথাতে কয় নহয়, প্ৰৱল ইচ্ছা থাকিলে ভাগ্যইয়ো সহায় কৰে। আমাৰ এগৰাকী সহপাঠী বান্ধৱী অভিনেতা প্ৰাঞ্জল শইকীয়াৰ ভাগিনী। গতিকে তাইকে আমি সকলোৱে নেৰা নেপেৰাকৈ ধৰিলো, কিবা এটা উপায় কৰা, নহ'লে আমাৰ জীৱনেই বিফল হব। তাই কিবা কিবি কৰিলে হবলা, এদিন দেখোন চিন এটাত আমাক সকলোকে মাতি নি ক্লাছৰূমত বহাই দিলে। মই প্ৰথম বেঞ্চেতে ছিট এটা যোগাৰ কৰিলো। সেইটো এজন প্ৰফেচাৰে ক্লাছ লোৱাৰ দৃশ্য।
তাৰ পাছতে হঠাৎ মোৰ ভাগ্যৰ চকৰি ঘুৰিল, এজন সহ-পৰিচালক মোৰ ওচৰলৈ আহি সুধিলে
-"ডাইলগ এটা কব পাৰিবা?"

নেকী ঔৰ ফুচফুচ? এটা কি, গোটেই চিনেমাৰ চব ডাইলগ মাৰি দিম, চান্স এটা দি চাওক কেৱল!!
বাকী বন্ধুসকলৰ ইৰ্ষাযুক্ত অমৰাগুটীয়া চকুৰ জ্বলন্ত দৃষ্টিৰ মাজত মই জীৱনৰ প্ৰথম সংলাপটো ক'লো-ঠিয় হৈ, হাতখন ডাঙি..
-"চাৰ মই বাহিৰলৈ যাব পাৰোনে?"
শ্বট ফাৰ্ষ্ট টে'কতে অ'কে! মই কি এলাপেচা এক্টৰ নেকি? ডাঙৰ ডাঙৰ অভিনেতা কেমেৰাৰ অগত থৰ থৰকৈ কঁপে, আৰু মই! প্ৰতিভা দেখুৱাৰ সুবিধা পোৱা নাই বুলিহে.............

তাৰ পাছত আৰু কেইবাটাও শ্বট লোৱা হ'ল। আমি ছাত্ৰৰ এক্টিং কৰি গ'লো। শেষৰ ফালে হঠাত দেখিলো, চিত্ৰনাট্যখনৰ এটা কপি মোৰ ওচৰতে পৰি আছে। চিনেমাৰ চিত্ৰনাট্য কেনেকুৱা হয় জীৱনত দেখা নাই, গতিকে মনে মনে লুটিয়াই বগৰাই চালো। আৰু দূৰ্ভাগ্যক্ৰমে মোৰ ডাইলগ থকা পৃষ্ঠাটোও বিছাৰি পাই গ'লো।
চিত্ৰনাট্য লিখা মানুহজনৰ হাতৰ আখৰ বৰ ধুনীয়া, গোট গোট পোন পোন আখেৰেৰে লিখি থৈ‍ছে.......

"এজন # ক্ষীণ মিন আপচু# ল'ৰাই ঠিয় হৈ কয়,

-"চাৰ মই বাহিৰলৈ যাব পাৰোনে?"

No comments:

Post a Comment