Friday, May 3, 2019

প্ৰচলিত কৌতুক কেইটামানৰ লিমাৰিক ৰূপ!



(১)

বিচনাৰ পৰা উঠিব নোৱাৰা অসুখত পৰিল তেওৰ পতি,
বিছাৰি খোচাৰি ৰাখিলে ঘৰত প্ৰফেচনেল নাৰ্চ এটি;
লাভ জানো কি হ’ল?
পইচাও এগাল গ’ল ;
নাৰ্চৰ ওপৰত চকু ৰাখিবলেকে শুব নোৱাৰা হ’ল চিৰিমতী।

(২)

চাইনীজ ছোৱালী বিয়া পাতি গপত উফন্দে মনিলাল,
এবছৰ পিছত পানী লগা জ্বৰত কইনাই পালে পৰকাল;
এনে বন্ধু থাকিলে,
শতৰু লাগে কিহলে?
এবছৰ হেনো যথেষ্ট চলিল গেৰাণ্টী নোহোৱা চাইনিজ মাল।


(৩)

দিনে বিছটা বিড়ি খাই বেমাৰী হ’ল গণপতলাল,
(ডাক্তৰে বোলে) খাই উঠি মাত্ৰ এটা বিড়ি, নহ’লে তোমাৰ ইন্তেকাল,  
এমাহমান হ’ল পাৰ,
দেখি অবাক ডাক্তৰ;
দিনে বিছবাৰকে ভাত খাই, তেজে ফুঁটো ফুঁটো কৰে তেৰাৰ গাল।

  
(৪)

৫০০ টকা জৰিমনা হ’ল পকেট কাটি ধৰা পৰি,
কিনাৰামৰ আকৌ পকেটত নাই এটা ফুটা কড়ি; 
(বোলে) দহমিনিট মান এৰক, 
সমাজত ফুৰিব দিয়ক,
পাঁচশ টকা গোটাই দিম বিদ্যাকণ বাৱহাৰ কৰি।

(৫) 

মিউজিয়াম চাবলে গৈ উজুটিত পৰি গ’ল,
প্ৰাচীন কালৰ মূৰ্তি এটা ভাগি চুৰমাৰ হ’ল; 
কিউৰেটৰৰ খঙাল গালি,
হেজাৰ বছৰৰ চিন ভাঙিলি,
তেও বোলে ইমান পুৰণা মাল, এনেয়ো পেলাবৰ হ’ল।


No comments:

Post a Comment