Tuesday, December 18, 2018

#ফটাপ্ৰেম

হোষ্টেলত লাইফ আৰু প্ৰেম অভিন্ন বস্তু, প্ৰেম অবিহনে হোষ্টেলৰ কথাৰ অৰ্থই নাই। সেইকাৰণে আজি মোৰ হোষ্টেলৰ কথ কব খুজি কেৱল প্ৰেমৰ কথাই কও বুলি ভাৱিছো।
হোষ্টেলৰ কথা বাদেই, বুজা হোৱাৰ পৰাই মোৰ বদ্ধমুল ধাৰণা আছিল, এই প্ৰেম বোলা মালটো মোৰ বাবে নহয়। মোৰ নিজৰ চেহেৰা, ঔকাত, বাপকা মালৰ পৰিমাণ আৰু মোৰ স্বভাৱ সম্পৰ্কে অতি স্পষ্ট ধাৰণা আছিল, আজিও আছে; গতিকে কোনো সুন্দৰী আৰু বুদ্ধিমান ছোৱালী যে মুৰত বিকৃতি নঘটালৈকে মোৰ প্ৰেমত নপৰে, সেই বিষয়ে মোৰ কোনো সন্দেহ নাছিল। তাতে মোৰ চকুও আকৌ এনে, ৰূপে গুণে বাচৰো বাচ জনীতহে চকু পৰেগৈ।
গতিকেই, যৌৱনৰ দুৱাৰ দলিত ভৰি দিয়ে ভাৱিলো যে বিফলতা অৱশ্যম্ভাৱী বুলি জানিও শক্তি অপব্যৱ কৰাতকৈ, মনত দুখ পোৱাতকৈ, মই সদায় একপক্ষীয় প্ৰেমেই কৰি যাম, সপোনতে ডেটিং মাৰি যাম। আৰু সঁ‌চা সঁ‌চি প্ৰেম বিয়াৰ পাছত ঘৈণীকে দিম, প্ৰেমেৰে ধুৱাই দিম।

একদম টিকাও ষ্ট্ৰেটেজী আছিল মোৰ।
গতিকে কলেজ পোৱালৈকে এনেকৈয়ে প্ৰেম কৰি থকিলো, কেতিয়াবা নিজতকৈ ১০ বছৰ ডাঙৰ, কোনোবা, কেতিয়াবা চিনেমাৰ হিৰইন, কেতিয়াবা কোনো লেখিকা, মুঠতে যাৰে লগত মন যায় তাৰে লগত। প্ৰপজ কৰা ডেট মৰাৰ জঞ্জাল নাই।
অৱশ্যে ভাগ্য ভাল মোৰ প্ৰেমবোৰ বেছিদিন নিটিকিছিল, চলি থকা জনীতকৈ কাৰোবাক বেছি ভাল লাগিলেই, মই সন্তৰ্পনে সেইগৰাকীৰ ওচৰ পাইছিলোগৈ। মই ৰাম ঠগন দিয়াগৰাকীয়ে একো গম নেপাইছিল অৱশ্যে। পাব কেনেকৈ?
এনেকৈয়ে মোৰ জীৱনটো সুখেৰে চলি আছিল। কিন্তু এদিন এক মাহেন্দ্ৰক্ষণত মই আচাম ইঞ্জিনিয়াৰিং কলেজৰ ছয় নম্বৰ হোষ্টেলৰ খটখটীত ভৰি দিব লগ হল। আৰু সেইদিনাই মোৰ অকলশৰীয়া সুখৰ সংসাৰ ভাঙি থানবান হৈ পৰিল।
×××
যথাৰীতি নূন্যতম বস্ত্ৰৰে শেষ নিশা কঁ‌পি কঁ‌পি থিয় হৈ থাকোতে চিনিয়ৰে আৱশ্যম্ভাৱী প্ৰশ্নটো কৰিলে,
- "গাৰ্লফ্ৰেণ্ড আছেনে নে নাই?"
- "নাই।"
- "অঁ‌, আবে চন তোক দেখিলেই গম পাই, তোৰ লগত কোনো নপতে বুলি। ব'ৰ চাল্লা, যা, বিচনাৰ তলত সোমাই মাইকী মহ এজনী ধৰি আন। আজি তোৰ লগত তাইক ফিটিং কৰি দিম।"
লাজ বা দুখ পাব লগা একো নাছিল, মই কথটো জনোৱেই। আনন্দমনেৰে বিচনাৰ তললৈ (হংকং) সোমাই গলো। সেই ৰাতিলৈ বাছিলো। ৰেগিঙৰ সময়ত নিজকে বৰিং মানুহ বুলি প্ৰমান কৰিব পাৰিলে বহু অত্যাচাৰৰ পৰা হাত সাৰিব পাৰি।
মই বাৰু বাছিলো, কিন্তু যিকেইজনে নিজৰ গাৰ্লফ্ৰেণ্ড আছে বুলি কলে, সিহঁ‌তৰ অৱস্থা তথৈবচ হল। গাৰ্লফ্ৰেণ্ডৰ নাম লৈ বেয়া বেয়া কথা কৈ চিঞঁ‌ৰিব লগা হল, দুজনমানে সেই ৰাতিয়েই দলিল পত্ৰ কৰি নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড কেইজনী চিনিয়ৰলৈ হস্তান্তৰ কৰিব লগা হল। আজিৰ পৰা অমুকীৰ ওপৰত মোৰ কোনো দাবী বা অধিকাৰ নেথাকিব বুলি লিখি, সাক্ষীৰ আগত চহী কৰিব লগা হল।
ৰেগিঙৰ দিন কেইটা ভালেই আছিল মোৰ বাবে, কিন্তু ৰেগিং শেষ হৈ লগ বন্ধুৰ লগত অলপ মুকলিমুৰীয়াকৈ কথা পাতিব পৰা হোৱাৰ লগে লগে, মোৰ সমস্যা আৰম্ভ হ'ল। আৰে সকলো দেখোন বেয়া মানুহ, কোনোবা এটাৰ আজি সাত বছৰ ধৰি প্ৰেম, কোনোবা এটা ৰেগিং চলি থকাৰ মাজতে লগৰ এজনী বা হেন্দিকত ফিটিং দিলেই। যাৰ একো হোৱা নাই সিয়ো তিনি চাৰি ঠাইত বৰশী পেলাই থৈছে। মই আকৌ তেতিয়া মাধুৰী দীক্ষিতৰ সপোনেই দেখি আছো, তাকো মাধুৰী আৰু মোৰ হব লগা ল'ৰা-ছোৱালী কেইটাৰ নাম ৰখাই হোৱা নাই তেতিয়ালৈকে। মুঠতে দুৰ্ঘোৰ অস্তিত্ব সংকটত পৰিলো।
আৰু এনে সংকটত মই সাধাৰণতে যি কৰো, তাকে কৰিলো। গোকাট মিছা মাতি দিলো,
- "মোৰ ক্লাছ এইটৰ পৰাই চলি আছে, ঘৰতো মোটামুতি গম পাইছেই, কাৰো বিশেষ আপত্তি নাই। এতিয়া পাছ কৰি চাকৰি এটা লোৱাৰ হে অপেক্ষা। ৰেংগিঙত কোৱা নাছিলো, কাৰণ মই চিয়ানা মাল, চিনিয়ৰে যে উৎপাত কৰিব মই আগৰ পৰাই জানো। এইবাৰ ঘৰলে গলেই তাইৰ আৰু মোৰ জুৰীয়া ফটো আনি সকলোকে দেখুৱাম।"
ছোৱালীজনীৰ নামটোও সাজি দিলো- অৰুণিমা।"
লগে লগে লগ বন্ধুৰ মাজত মোৰ ষ্টেটাছ হো হোৱাই উত্তৰণ হৈ আকাশ চুলেগৈ। আনকি গাৰ্লফ্ৰেণ্ড থকা কেইটায়ো মোলৈ ইৰ্ষাৰ দৃষ্টিৰে চালে। সিহঁ‌তৰ প্ৰেম হৈছে যদিও ঘৰত গমেই দিবলৈ সাহস কৰা নাই। মোৰ দৰে প্ৰায় বিয়া ফিটিং হৈ যোৱা পৰ্যায় পাবলৈ এতিয়াও বহুদূৰ। কেইজন মান বিশ্বাস অবিশ্বাসৰ দোমোজাত থাকিলেও, প্ৰায়বোৰ বন্ধুয়ৰ ভাৱিলে,
- ই কম বস্তু নহয় কিন্তু। এই চেহেৰা, এই বডী লৈ ছোৱালী পতাইছে, আনকি ঘৰতো কৈ দিছে।
সকলোৱে সমীহ কৰিব ধৰিলে মোক। তেওলোকৈ মহা উদ্যমৰে নিজ মিছনত লাগিল, ময়ো মাধুৰীৰ পোষ্টাৰ দুখন মান আৰু বেছিকৈ লগাই ললো ৰুমত।
পিছে মোৰ এই অভিনয় বেছিদিন নিটিকিল। ৰাইজে মোক সমীহ কৰিলেও, সন্দেহ কৰিবলৈ এৰা নাছিল।সুধিয়েই থাকে অৰুণিমাৰ চিঠি পঢ়ুৱা, ফটো দেখুৱা। আজিকালিৰ কথা হলে অৱশ্যে মই একেদিনাই ধৰা পৰিলোহেতেন। তাহানিৰ দোন বুলি ছমাহ মান চলি থাকিলো যেনে তেনে। কিন্তু এদিন মুখা খোল খাই গল। নিজেই এদিন অসতৰ্ক মুহুৰ্তত কৈ পেলালো,
- ধেই, পৃথিৱীত কোনো অৰুণিমা ফৰুনিমা নাই। এনেই ধপ দি অছিলো মই। কি কৰিম, তহঁ‌তৰ চবৰে আছে, নেথাকিলেও লাইনত আছে, এদিন হব। মোৰ যে একোৱে নাই, মোৰ ইজ্জত বচাবলেকে মই মিছা কলো। বেয়া নেপাবি।
মোৰ মাতটো হয়তো অলপ থোকাথুকি হৈছিল সেইসময়ত।
কলেজৰ হোষ্টেলত পোৱাৰ দৰে বন্ধু ইচৰৰ চিৰিষ্টি এই চৰাচৰ জগতখনৰ আৰু কতো পোৱা নেযায়। মোৰ অকপট স্বীকাৰোক্তিত কাৰো খং নুঠিল, গালিও নিদিলে। কোনোবাই এবুকু সহমৰ্মীতা হাতৰ তলুৱাত লেপলেপীয়াকৈ সনি ,সেই হাতখন মোৰ পিঠিত ৰাখিলে।
- একো নাই দোস্ত। আচলতে মোৰো ববীৰ কেছটো মিছা। টোটেলেটেৰিয়ান ধপ। হৈ যায় জীৱনত।
সেইটো আমাৰ লগত সকলোতকৈ হেঞ্চু টো। সিয়েই গাৰ্লফ্ৰেণ্ড চিনিয়ৰক দান দিব লগা হৈছিল। ববী মাত্ৰ তাৰ ক্ৰাছ, কৰবাত কেনেবাকে পোৱা ফটো এখন লগত লৈ ফুৰে।
কিন্তু বন্ধুবৰ্গই মোৰ প্ৰতি সহমৰ্মীতা দেখুৱায়ে ক্ষান্ত নহল, মোৰ এই একাকীত্বৰ অন্ত পেলাবলৈয়ো উঠি পৰি লাগিল। এবছৰ চিনিয়ৰ এজনে দোৰোল খোৱা জিভাৰে কলে, এমাহৰ ভিতৰত যদি তেও মোক ফিটিং কৰি দিব নোৱাৰে, তেনে তেও ইঞ্জিনিয়াৰিং পঢ়াই বাদ দিব।
মই প্ৰথমে নাই নুই কৰিলো। কলো যে মোৰ লগত কোনো নপতে বুলি মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে, এনেই লাথ খাই বেইজ্জত হবলে মোৰ মন নাই। তাতকৈ এনেকৈয়ে ভাল। এতিয়া প্ৰেম কৰি থকা কেইটাই যে লছ খাব, আৰু মই 'চাকৰি বাকৰি কৰি যেতিয়া "লাইগু তিৰি" (লাইগু= গুল্লাই) এজনী বিয়া পাতি ঘুৰি ফুৰিম, তেতিয়া চাম কোন জিকিল, কোন হাৰিল।
নাই মোৰ ওজৰ আপত্তি নৰজিল। মোক জুৰীয়া শালিকা কৰিব হে এৰিব ৰাইজে। মাজতে দুই এজনে কলে 
- "আব্বে চন, তই ইঞ্জিনিয়াৰ হয় বে, যিকোনো ছোৱালী পতিব তোৰ লগত। ট্ৰাই মাৰি ছা এবাৰ। পতিবই।"
মোৰ সুধিব মন গৈছিল, সেয়ে যদি হয় তেনে আমাৰ কলেজৰ ৯৯% লৰাই বৰলা কিয়? নুসুধিলো, কাৰণ ইতিমধ্যে মোৰ ভীষ্ম প্ৰ্তিজ্ঞা ফাগুনৰ পচোৱাত শুকান পাত উৰাদি উৰি গৈছিল, বহাগৰ নতুন বৰষুণ পোৱা ঘাঁ‌হৰ দৰে আশাই পোখালি মেলিছিল। হোষ্টেল এইট বা হেন্দিক বা কটন গাৰ্লচৰ এগৰাকীৰ হাতত ধৰি খাদী গ্ৰাম্যোদ্যোগ ভৱনৰ বাৰান্দাত বহি থকা এসোপামান টেলেকা চকুৰ আগেৰে ফীডচ বা অশোকালৈ সোমাই যোৱাৰ সপোন এটা জাগি উঠিছিল।
মোৰ নিজৰ ওপৰত থকা বিশ্বাস আৰু বন্ধুবৰ্গৰ 'জেক' বিলাকৰ মাজত তুমুল ৰণ চলি আছিল। আৰু এদিন সেই ৰণত মোৰ আত্মবিশ্বাসে নিচৰ্তে আত্মসমৰ্পন কৰিছিল।
সেইদিনাৰ পৰাই আৰম্ভ হৈছিল মোৰ স্খলন, চৰিত্ৰৰ নহয়, সন্মানৰ। দুবাৰ ডাইৰেক্ট ৰিজেক্ট, তিনিবাৰ ফ্ৰেণ্ডজ'নড, এবাৰ বাধ্যতামূলক চেক্ৰিফাইচ, আৰু এবাৰ " এতিয়া সেইবোৰ মই ভবাই নাই, (মানে পিছত ভাবিব পাৰো, আশা এৰিব নেলাগে) " বুলি শুনি আৰু বিশ্বাস কৰি বছৰ বছৰ ধৰি অপেক্ষা কৰাৰ পাছত তেওৰ বিয়াত বাতি ছে'ট গিফট দিব লগা হ'লে সন্মান বোলা বস্তুটোৰ নোম নেগুৰ কিবা বাকী থাকেগৈ জানো?
ৰব, অলপ বহলাই কও। কাহিনীলৈ ঘুৰি যাও।
মই প্ৰেম কৰিম বুলি গ্ৰীণ চিগ্নেল দিয়াৰ পাছত তপ্ৰথম আৰম্ভ হল পাত্ৰী বিছৰাৰ কাম। মোক সোধা হল মোৰ পচন্দৰ কোনোবা আছে নেকি? প্ৰথমতে এইচিতে বিছৰা ভাল হব, নিজ কলেজতে প্ৰেমিকা থাকিলে swag টো বেছি হয়, খৰছাও কম। আৰু লগতে সেই প্ৰেমিকাৰ যোগে গাৰ্লছ হোষ্টেলৰ দুই এটা ভিতৰুৱা খবৰো বন্ধুবৰ্গই গম পাই থাকে। মই চাৰি পাঁ‌চ গৰাকীৰ নাম ললো। নামকেইটা শুনি বন্ধুবৰ্গই মুখত একো নকলেও চকুৰ চাঁ‌ৱনিৰে বুজাই দিলে,
- "আবে চন, ঔকাতত নেথাক কিয়?"
প্ৰথম লিষ্টখ্ন পুৰাপুৰিকৈ ৰিজেক্ট হল। কাৰণ দৰ্শোৱা হল, সেই গোটেই কেইজনী কেৱল এনেগেজদেই নহয়, কেনেবাকৈ এতিয়াৰটোৰ লগত ব্ৰেক আপ হলে আৰু দহ পোন্ধৰজনকৈ ৱেইটিং লিষ্টত আছে। সেইকেইজনীলৈ ৰৈ থাকিলে মোৰ ইহজনমত প্ৰেম হোৱাৰ চান্স নাই।
এইচিৰ ল'ৰা আৰু ছোৱালীবোৰৰ মাজত এটাই মুল পাৰ্থক্য , ল'ৰা বোৰে প্ৰেম প্ৰেম বুলি দিনে নিশাই হামৰাও কাঢ়ি থাকে, আৰু ছোৱালীবোৰে প্ৰেম বুলিলেই ফাঁ‌ট মেলা বসুমতী পাতালে লুকাও যেন কৰে।
শেষত এইচিৰ প্ৰেমভাগ অহবছৰ নতুন বেটছ অহালৈকে স্থগিত ৰখা হল। সময় খিনি পাছ কৰিবলৈ হেন্দিক, কটন আৰু আন আন কলেজত খেপ দি থকা হল। অকল গুৱাহাটী গুৱাহাটী কৰি থাকিলে প্ৰবেবিলিটি কমিব বুলি এ দি পি কলেজৰ পৰা হাউলী বি এইচ কলেজলেকে পৰিসৰ বহলোৱা হ'ল। পিছে নেচেল। কোনোপধ্যে নিমিলে, নহয়গৈ। স্থান খালি নাই, পিছত আহিব, চাওচোন বাৰু কি কৰিব পৰো, ইয়াতকৈ আগনেবাঢ়িল।
এইচিত কেইবাটাও নতুন বেটচ আহিল আৰু গল, মই কোনজনী ভাল লাগিছে ঠিক কৰাৰ আগতেই বাচনিত থকা গোটেইকেইজনীয়েই কেণ্টিনত আন কোনোবাৰ লগত বহি চাহ চিঙাৰা খাই থকা দেখা গ'ল। বুকুত শিল থৈ, চকুলো লুকুৱাই, এনগেজমেণ্ট পাৰ্টি খাব লগা হ'ল
এদিন এজন সুহৃদে টানি আঁ‌জুৰি হেন্দিক হোষ্টেল পোৱালেগৈ। সাংঘাটিক ধুনীয়া ছোৱালী এজনীৰ সৈতে চিনাকী কৰি দিলে। তাৰ চিনাকী ছোৱালী, সি চুপাৰিশ কৰি দিলে মোৰ কামটো নোহোৱাৰ কথাই বাই। সঁ‌চা কৈছো, বৰ ধুনীয়া ছোৱালী, তাইক দেখি দিল কি ঘণ্টী এনেকৈ বাজিল যে টিং টিং টিং শব্দটো তাই নেলাগে গোটেই হোষ্টেলেই শুনিলে যেন লাগি গ'ল।
সেই দিনা শেষ নিশালৈ বহু কাজিয়া, য়ুক্তি তৰ্ক আৰু অভিমানৰ অন্তত আমাৰ প্ৰ্থম সন্তান টো ল'ৰা নহয় ছোৱালী হব, সেই সিদ্ধান্ত উপনীত হোৱাৰ পাছত হে টোপনি আহিল।
তাৰ পাছত কি হ'ল বিশেষ নকও, সেই দিনটোৰ এমাহ মানৰ পাছত এদিন মই নিজকে হেন্দিক হোষ্টেলৰ ওচৰত, অকলে, চাহ আৰু খুৰ্মা খাই খাই, তিনি চাৰি ঘণ্টা মান লতাশিল ফিল্ডত ক্ৰিকেট প্ৰেক্টিছ চাই থকা অৱস্থাত অৱিষ্কাৰ কৰিলো। ভিতৰৰ ভিজিটিং ৰুমত মোক ধুনীয়া ছোৱালীজনী পতাই দিবলৈ লৈ যোৱা সুহৃদ বন্ধুজন আৰু তাই। ডেটিং চলি আছে। মই কম্পেনী দিবলে আহিছো। ঘুৰি যাওতে সি মোক ৰেৱতীত চাওমিন খুৱাব।
লতাশিলৰ প্ৰেক্টিছ চাই মই সেইদিনা শিকিলো, ষ্ট্ৰেইট ড্ৰাইভ শ্বটটো আচলতে কেনেকে মাৰিব লাগে।
দোস্তিত এইবোৰ চলেই। একো নাই।
এনেকৈয়ে বৃথা চেষ্টাত তিনিবছৰ গ'ল, চতুৰ্থ বছৰত পঢ়াৰ কাম বাঢ়িল যদিও এক অভূতপুৰ্ব এভিনিউ মুকলি হৈ গল। ইউনিভাৰচিটিত আমাৰ বেটছৰ ছোৱালীবোৰ আহি সোমালহি। ইঞ্জিনিয়াৰিং ৩য় বৰ্ষলৈকে ইউনিভাৰ্চিটিৰ ছোৱালীয়ে পাত্তা নিদিয়ে, বয়সত ভাইটি হয় যে।
ইতিমধ্যে প্ৰায় নিৰ্ৱাপিত হোৱা মোৰ প্ৰেমৰ শলিতাডাল আকৌ ধিমিক কৈ জ্বলি উঠিল। ইউনিভাৰচিটিত ছোৱালীয়েই ছোৱালী, এজনীও মোৰ কাৰণে নোলাব নে? জালুকবাৰীৰ এপাহ কৃষ্ণচূড়াও মোৰ বাবে নুফুলিব নে?
সেইদিনাৰ পৰা পূৱা গধুলি মই মোৰ দৰে কেইটামান হতাশাগ্ৰস্ত প্ৰাণীৰ সৈতে ইউনিভাৰচিটিৰ ফলে যোৱা আৰম্ভ কৰিলো। ৱাল খনৰ ভিতৰৰ ছোৱালী হোষ্টেল কেইটা যে, আসস!! সৰগৰ পৰীৰ মেলা।
পিছে পৰীবোৰ ভালকে দেখা পোৱা নেযায়, দিনত ক্লাছৰ সময়ত অহাৰ সুবিধা নাই, প্ৰেক্টিকেল বোৰ কৰি সুন্দৰবৰী হৈ ইউনিভাৰচিটি পাও হি মানে পৰীবোৰ গাঁ‌তৰ ভিতৰত সোমাই। তথাপিও সেই ঠাইখিনিতে আমাৰ অতন্দ্ৰ পহৰা অব্যাহত থাকে।
সুবিধা ওলাই ইউনিভাৰচিটিত কিবা ফাংচন হলে।
তাতো খেপ চলে, পিছে ফলাফল একেই, যাৰ দিন পৰিল খালত।
কিয় জানো আমাৰ ভাৱ হৈছিল, ইউনিভাৰচিটিৰ ল'ৰাবোৰ ঠাণ্ডা মুণ্ডা, গতিকে আমি ইঞ্জিনিয়াৰিঙৰ কেইটাই চিঞৰ বাখৰ কৰি, বেয়া মাত মাতি আমাৰ পুৰুষালি দেখুৱাব পাৰিলে ইউনিভাৰ্চিটিৰ ছোৱালীবোৰ আমাৰ ওপৰত ইম্প্ৰেছ হব।
কলেজৰ শেষৰ দিনকেইটাৰ এদিন। ইউনিভাৰ্চিটিত কিবা ফাংচন আছে। আমি ৫০ জন মান সোমালোগৈ ফাংচন চাবলৈ। আমাৰ লগৰ সৰহ ভাগেই দিব্যবস্তু কণ পান কৰি জঁ‌টাধাৰী হৈ আহিছে, বচ একোজনী পাৰ্বতীৰ অপেক্ষা।
আমি চিঞৰ বাখৰ কৰি সোমাই যোৱাৰ লগে লগেই পৰিবেশ টো অলপ সলনি হৈ গল, পৰীবোৰ সন্ত্ৰষ্ট হৈ পৰিল। সদায়েই হয়, সেইদিনাও হল, লগৰ লৰাবোৰে পৰীবোৰক আমাৰ পৰা আঁ‌তৰাই সুৰক্ষা বেষ্টনী গঢ়ি তুলিলে।
সদায়ে হয়।
কিন্তু কলেজৰ শেষৰ দিনকেইটা আছিল বাবেই নেকি, সেইদিনা কথাটো আমাৰ বাৰুকৈয়ে চেণ্টিত লাগিল।
- "আব্বে ভাৰ্চিটিৰ কেইটাই আমাক কি বুলি ভাৱে ৰে? আমি কি হেৰি নেকি? আমি পৰী কেইজনীক জাষ্ট চালোহেতেন আৰু অলপ অচৰপ জোকালোহেতেন। তাতে ইমান হেৰি কিয়। আব্বে আমাক চিনি পোৱা নাই, ভাঙি দিম চাল্লা অডিটৰিয়াম।"
আগৰ চকীত দুই চাৰিটা লাট পৰিল।
-" হয় বে ঘেণ্টা। আমাক কি অভদ্ৰ বুলি ভাৱিছে নেকি। বন্ধ কৰ ফাংচন। আজি ইহতে আমাৰ ওচৰত মাফ খুজিব লাগিব। চিঞৰ বে চিঞৰ। হাল্লা কৰ। ফাংচন বন্ধ কৰি দে।"
"জালুক বাৰীৰ,
- আমিয়ে ৰজা।
শিয়াল কুকুৰ 
আমাৰ প্ৰজা।"
"খিক খিক। মাৰ মাৰ, গোৰ মাৰ চকীত। ভাঙি দে চাল্লা।"
আমাৰ উৎপাত বাঢ়ি যোৱা দেখি সম্পাদক টাইপ দুজনমান আগবাঢ়ি আহি আমাক মনে মনে থাকিবলৈ অনুৰোধ কৰিলে। আমাৰ উৎপাত আৰু বাঢ়িল।
-"আমাক কি বুলি ভাৱিছে আপোনালোকে, ইমান ইনচাল্ট।"
-"কি ইনচাল্ট কৰিলো আমি?"
-" ইনচাল্ট নাই কৰা আৰু কি? আমি অহাৰ লগে লগে . . . . ,"
কবলৈ গৈ আমি ৰৈ গলো,
যিমানেই তুংগত নেথাকো কিয়,
-" আমি আপোনালোকৰ ভাৰ্চিটিৰ ছোৱালীবোৰ চাব আহিছিলো, পাৰিলে অকনমান চেনী, আৰু সঁ‌চকৈয়ে সকলো মিলি গলে এবুকুকৈ নিস্কলুষ প্ৰেম দিম বুলি আহিছিলো, কিন্তু আপোনালোকে ছোৱালীবোৰ আঁ‌তৰাই লৈ গ'ল।"
বুলি কোৱাৰ সাহস আমাৰ নাছিল। সেয়ে এনেই চালে বেৰে কোবাই আমি আৰু উৎপাত কৰিবলৈ ধৰিলো। কোনোবাই আমাৰ গাত হাত দিয়কচোন চাও, জুই লগাই দিম ইউনিভাৰচিটি।
অলপ পাছত সম্পাদক যেন লগা ল'ৰাকেইজন গলগৈ, পলাল আমাৰ ভয়ত। আমাৰ মস্তি চলি থাকিল, দুৰত থকা ছোৱালীবোৰলৈয়ো আমি দুই এটা তিতকাৰী এৰি দিলো। চিনি পোৱা নাই আমাক?
অলপ সময় গল, এইবাৰ দেখোন এসোপা মান ল'ৰা আমাৰ ফালে আগুৱাই আহিল। সংখ্যাত আমাৰ দুগুণ হব। সম্পাদকে নিশ্চয় হোষ্টেলত খবৰ দিলেগৈ।
এজন তাৰে মাজৰ এজন হটঙা লৰা আমাৰ ওচৰলৈ আগবাঢ়ি আহিল।
- "ঐ, চুপ চাপ ওলাই যাবি নে মাৰ খাবি ক?"
তেওৰ চেহেৰা আমাৰ একোটাৰ তিনিগুণ মান। আমাৰ উৎসাহত ভাঁ‌টা আহিল। মানে লগে লগে ভদ্ৰ ল'ৰাই হৈ গ'লো।
- "নাই মানে আমি এনেই . . . . অলপ . . . ."
- " কি এনেই অলপ? মই নেজানো নেকি? সদায় ইউনিভাৰ্চিটিত আহি তোমালোকে হুলস্থুল কৰি থাকাহি। মই তোমাক (মোলৈ টোঁ‌ৱাই) আগতেও বহু বাৰ দেখিছো। যোৱা, এতিয়াই ইয়াৰ পৰা যোৱা। নহলে কথা বেয়া হব। যোৱা বুলিছো নহয়, গোটেই কেইটা যোৱা। পোৱালী ল'ৰা, উৎপাত কৰিব ঠাই পোৱা নাই?"
আমি সুৰসুৰকৈ ওলাই আহিলো। লাজ অপমানত ইমান কষ্ট পোৱা নাছিলো, যিমান আমাক আমাৰ সপোন পৰীকেইজনীৰ আগত 'পোৱালী ল'ৰা' বুলি কোৱাত পালো।
কাণ চুই কৈছো, সেইদিনাৰ পৰা আজিলৈকে গুৱাহাটী ইউনিভাৰৰ্চিটিৰ চোতালত ভৰি দি পোৱা নাই, কনভ'কেচনতো নগ'লো, পাৰমানেন্ট চাৰ্টিফিকেটো নানিলোগৈ। আজিলেকে প্ৰ্ভিজনেল খনেৰেই চলি আছে।
(ওপৰত লিখা এটা শব্দও সঁ‌চা নহয়)

No comments:

Post a Comment