Tuesday, December 18, 2018

মৰমৰ হীমা

                                        
  


                                        ॐ শ্ৰীহৰি 
 
 
মৰমৰ হীমা,

মৰম লবি। বহুদিন তোৰ খবৰ বাতৰি পোৱা নাই। এই আপদীয়া মোবাইল নে ফোবাইলটো তোলে লগাই দিবলে মই বাপেৰক কৈ কৈ হাৰি গৈছো। তই হেনো মোবাইলে ঢুকি নেপোৱা ঠাইত আছগৈ, কিবা বিদেশ নে কি? হেৰৌ আজিকালিৰ যুগতো এনেকুৱা পিছপৰা ঠাই আছেনে, যে মোবাইল ফোনো নেবাজে! সেইবোৰ ঘোকোট ঠাইলে কেলেনো যাব লাগে মই তাকে বুজি পোৱা নাই। ইফালে মই মানুহজনীৰ চিন্তাত টোপনি নাই, ভাতমুঠিও পেটলে নোযোৱা হৈছে। সেইকাৰণে হৰেণক কৈ চিঠিখনকে লিখাইছো। চিঠি পালেই উত্তৰ দিবি।
বাৰু সেইবোৰ বাদ, তোৰ ভালেই চাগে। আজি ইমানদিন হ’ল, দং দংকে গাভৰু ছোৱালীজনী ঘৰত নাই, কত কি কৰি আছগৈ মই গম নেপাও, চিন্তা নহবনে মোৰ? পিছে মোৰ কথা শুনে কোনে? মাৰ বাপেৰ কেইটাও সেই- হেৰৌ গাভৰু ছোৱালীজনীক এনেকে অকলে অলৈ তলৈ পঠাই দিব লাগে নে? তেহেলে চৰকাৰেই নকওক কিয়? নাই নুবুজে কোনেও, তয়ো নুবুজ। মই বুঢ়ীজনীয়ে আজিও সকলো ফালে চাব লাগে।

সেইদিনা তোক টিভিত দেখিলো, বৰ জোৰে দৌৰিলি বোলে। তাকে লৈ এইমখাৰ গা সাতখন আঠখন। ইহঁতৰ কাণ্ড দেখি মোৰ খঙে টিঙিচ টিঙিচ মাৰিছে, পিছে কাক কম, কোনে পতিয়াব? হেৰৌ তই ছোৱালী মানুহ হৈ পিথপীৰ মানুহসোপাৰ আগত দৌৰা ঢপলিওৱাখন কৰিব লাগেনে? ইচ ইচ! সৰুৰে পৰা তোক মই কি বুজালো? বাৰু এবললে মানি ললো, দৌৰিবলে মন গ’ল দৌৰিলি। ময়ো গাভৰু কালত ঘাটৰ পৰা পানী আনিবলে যাওতে কেতিয়াবা শিঙাল বলদ গৰুৱে খেদা ধৰিলে লৰ মাৰিছিলো, কবলেকে লাজ লগা কথা হলেও কৈছো। কিন্তু দৌৰোতে তইনো চেঙেলীয়া ল’ৰাৰ নিচিনাকে হাফ পেণ্ট আৰু গেঞ্জী কেলে পিন্ধিব লাগে? তহঁত তেনেই গুছিলি, লাজ মানৰ ভূ নোপোৱা হ’লি। হেৰৌ দৌৰিছ দৌৰ, কিন্তু ভালকৈ, আটিলকৈ মেখেলা ছাদৰ এজোৰ পিন্ধি দৌৰিলে নো কি ভূ-ভাৰস্ত খন তল গ’ল হেতেন? হে? আমাৰ ইচকুলৰ বছৰেকীয়া খেল-ধেমালিত মাষ্টৰনী বাইদেউ হঁতে দেখোন মেখেলা ছাদৰ পিন্ধিয়ে দৌৰ দিয়ে, তই নি চকুৰে দেখা নাইনে? তেনে? গাভৰু ছোৱালী এজনীৰ বদনাম ওলাবলে কেতেপৰ? আৰু তোৰ মোৰ শতৰুৰ জানো অভাৱ? কাইলে কোনোবাই কিবা এষাৰ কব, ঘপকৈ ৰাইজে এঘৰীয়া কৰি দিব, জুই পানী নিষেধ বুলিব, আমি কলৈ যাম? ভাৱিছ নে কেতিয়াবা? আন নেলাগে মই মৰিলে চাঙীখন দাঙিবলে মানুহ চাইটা কত পাম আমি? বছৰেকীয়া সকামটো কোন ভকতে কৰি দিব? নাই তহতে নুবুজ! মোৰ বুঢ়ীজনীৰ মুৰত সংসাৰৰ চিন্তাবোৰ বান্ধি দি তহত গোটেইসোপাই আওলাঙী কৰাত মছগুল।
বাৰু যি হ’ল হ’ল, মোৰে শপত, এইবাৰৰ পৰা দৌৰিবলে মন গ’লে দৌৰিবি, কিন্তু মানুহৰ চকুৰ আঁৰ হৈ, কোনেও নেদেখাকে। আৰু পিন্ধা কাপোৰ সাজলৈ মন কৰিবি। ছোৱালী মানুহৰ লাজেই অলংকাৰ। মেখেলা ছাদৰজোৰ পিন্ধিলে ছোৱালী এজনীক কেনে ধুনীয়া লাগে, কেনে আবুৰ হয়, ৰাইজেও সজ সজ বোলে। এইবোৰ কথালে মন কৰিবৰ হল তোৰ।

বাপেৰে মোক ক’লে বোলে তই ফিৰিঙি সোপাৰ দেশত আছগৈ, হে মোৰ গোঁসাই! সেই জাত পাত, খোৱা বোৱাৰ বিছাৰ নোহোৱা সেই অধইছ সোপাৰ মাজত তোৰ কি কাম? তাকো সিহঁতৰ আগত গা ঘেলাই দৌৰি ঢাপলি ফুৰিছ? দেশ খনত কি ধৰ্ম কৰ্ম বুলি বস্তুটো নোহোৱা হ’ল নেকি? মই শুনিছো সেইসোপাই বোলে গৰু গাহৰি সৱ খাই। আৰু তই তাতে মাহ মাহ ধৰি আছগৈ! মোক নো ইয়াকে চাবলৈ জীয়াই ৰাখিছে নে পৰভূৱে? হে হৰি, হে হৰি! এইবাৰ আহিলে পোনে পোনে মোৰ ওচৰলে আহিবি। মই গোঁসাই পৰভূৰ পৰা গংগাজল অকণ আনি থম, তাৰে গা পা ধুই, গোঁসাই সেৱা কৰিহে ঘৰ সোমাবি। নহ’লে মোৰ মৰা মুখ দেখিবি, কৈ দিলো।
বাৰু এতিয়া সেইবোৰ বাদ, তোলৈ চিঠি লিখাৰ কাৰণটো বেলেগ। তোৰ মাৰ বাপেৰে সেইবোৰ বুজি নেপায়, গতিকে মই নক’লে কোনে কব, কোনে বুজাব? এই দৌৰা ঢপলিওৱা বহুত হ’ল, অজান ছোৱালী, নেজানি যি কৰিলি কৰিলি। এতিয়া মোৰ কথা শুনিব লাগিব তই। আজিৰ পৰা এইবোৰ বাদ, সমূখত মেট্ৰিক পৰীক্ষাটো আছে, আজিৰ পৰা পঢ়াত লাগ। যেনে তেনে মেট্ৰিকটো পাছ কৰিবই লাগিব। সময়ত চাকৰি কৰা ল’ৰা এটালে তোক গটাব পাৰিলেই মই শান্তিৰে মৰিব পাৰো। কিন্তু তই যদি মেট্ৰিকটোকে পাছ নকৰ, কোন চাকৰি কৰা ল’ৰাই তোক নিব? কচোন ক? ভাবিছনে এবাৰ? এতিয়া এইবোৰ ল’ৰা ধেমালি এৰি পঢ়াত মন দে, কথাতে কয় বোলে পঢ়ে, পঢ়াই ৰোৱে পাণ! জ্ঞানীলোকে এনেই এইবোৰ কথা কৈ যোৱা নাই, তহতে বুজিলেহে! চৰকাৰী চাকৰি থকা ল’ৰা এটালে সোমাব পাৰিলে তই আৰু মোৰ দৰে গেবাৰি খাটি জীৱন পাত কৰিব নেলাগে, মোৰ এতিয়া সেইটোহে চিন্তা।

আজিলে এৰো। মোৰ কথাবোৰ এবাৰ ভাৱি চাবি, বুজি পালে তোৰে মংগল। ৰ, আৰু এটা কথা, কালি কোনে ক’লে জানো, তই বোলে এতিয়া প্ৰাগ’ত আছ। মই বৰ ভাল পালো শুনি। প্ৰাগজ্যোতিষপুৰ একেবাৰে মহাভাৰতৰ দিনৰে ঠাই, বশি‍ষ্ঠ মুণিয়ে তপস্যা কৰা ঠাই। সেইবোৰ ঠাইত ঈচৰৰ কৃপা আছে। মঠ মন্দিৰেৰে ভৰি আছে। সদায় এবাৰকৈ মন্দিৰলৈ যাবি। তেৰাক খাটিবি, যাতে তোলৈ চকু মেলি চায়, এইবোৰ ধিতিঙালি এৰিবলৈ তোক সুমতি দিয়ে।

শেষত মৰম আৰু আশীৰ্বাদ লবি। বুঢ়ী মাৰক নেপাহৰিবি!
ইতি
তোৰ আইতাৰ

No comments:

Post a Comment