Friday, December 14, 2018

=এটা প্ৰশ্ন=

এনেই খোলাখুলিকে সকলোকে,
প্ৰশ্ন এটা সোধো,

মানে,
মোৰ জন্ম অসমৰ এখন গাঁৱত,
তাতে ডাঙৰ দীঘল হলো,
হিন্দী, বাংলা, ইংলিছ মোৰ আয়ে নেজানে,
সেয়ে মই আইয়ে কোৱা ভাষাটোকে শিকিলো,

আন গান শুনিবৰ সুবিধা নাছিল,
সেয়ে জ্যোতি, বিষ্ণু, ভুপেন, ৰূদ্ৰ, জুবিন,
বা বৰগীতকে শুনিলো।

কুঁহিপাঠকে পঢ়িলো,
মোৰ গাঁৱত আন ভাষাৰ কিতাপ পঢ়ুৱাব পৰা
মাষ্টৰেই নাছিল। 


 
যৌৱন কালত ৰঙিলীৰ জীয়েকক
লৈ আনো যেন লগাত,
বিহুকে মাৰিলো।
মাঘবিহুত চুৰ কৰি আনি কোমোৰাৰে ভাজিলো হাঁহ!

আলফা নহ'লো। বহু কাৰণত! নকও আজি
জাতীয়তাবাদো নুবুজিলো চাগৈ।

পিছে, শংকৰদেউ বোলা বুঢ়াটোৱে
কত জানো কেনেকে,
ধৰ্ম প্ৰচাৰৰ নামত,
কেনেকে মানুহ হিচাপে জীয়াই থাকিব লাগে,
তাকে শিকাইছিল যেন লাগিল।
আই বোপায়ে তেওকে ভজিলে,
ময়ো তাকে কৰিলো।
নাজানোহো আৱাহনত, নাজানোহো বিসৰ্জনত
নিজকে বিছাৰি পালো।

মই অসমীয়া নোহোৱাত কোনো সুৰুঙা নাছিল,
বিছৰাও নাছিলো
কিন্তু
১৯৮৩ ত ভাৰতে ক্ৰিকেট বিশ্বকাপ জিকোতে,
১৮৩৬ ৰ আমাক নস্যাৎ কৰি,
সুখী হোৱা মানুহবোৰৰ লগতে
ময়ো সুখী হৈছিলো।
আজি যে ডলাৰৰ তুলনাত,
ৰুপীৰ দাম বাঢ়িছে,
তাতো মই সুখী।

মই এনেকুৱাই,
উপায় নাই।
হাজাৰ টেঙৰামি কৰিও,
বুকুৰ পৰা অসমক গুচাব নোৱাৰো।
হেজাৰ বছৰ ধৰি
চলি থকা কিবা এটাক
মই নিঃকীণে কিদৰে ধূলিস্যাত কৰো।

এতিয়া মোৰ প্ৰশ্নটো।
এই সকলো দূৰ্বলতা থাকিও,
অতীতৰ সকলো মোগল আক্ৰমণ প্ৰতিহত কৰিও,
মই ভাৰতীয় হব খোজো!
মোৰ সেই অধিকাৰ আছেনে?

নাই যদি কওক,
খোলাখোলিকে কওক।
ডিপ্লমেচী নকৰিব।
আপুনি মোক যিমান বুৰ্বক বুলি ভাৱে,
বা সজাব খোজে,
মই ষিমান বুৰ্বকো নহয়।
আপুনি কথাটো জানিলে ভাল।

মোক আচলতে লাগে এজন মানুহ,
যি মোৰ স্বকীয়তাক
শ্ৰদ্ধা কৰিব। নকৰিলেও উপে‍ক্ষা নকৰিব।
কোনোবাইতো মোক
মোৰ মতে জীয়াই থকাত
আপত্তি নকৰিব।
মোক নকব যে তোৰ ঠেঙা চোলা এৰ,
আঠুমূৰীয়া চুৰীয়া এৰ।
সেই আঠুমুৰীয়া চুৰিয়া পিন্ধি এদিন,
তই মোক জোলোকা জোলোকে পানী খুৱাইছিলি,
সেয়ে তোৰ চুৰীয়া ফালি পেলাব লাগিব,
জেলজেলীয়া ধূতি
বা ৰামনামী কাপোৰ পিন্ধি তই মোৰ সমান
বুলি বুজাব লাগিব।

নহ'লে মই তোক আদৰিব নোৱাৰো।
কোনোবাইতো নকব,
তই তোৰ গান নেগাবি, ই বিদ্ৰোহ,
তই তোৰ মাত নেমাতিবি, ই বিদ্ৰোহ,
তই তোৰ ভাত নেখাবি, ই বিদ্ৰোহ,
তই তোৰ আইক নভজিবি, ই বিদ্ৰোহ,
তই তোৰ গুৰুক নেমানিবি, ই বিদ্ৰোহ,
তই তোক চিনি নেপাবি, ই বিদ্ৰোহ,
তই তোক ভাল নেপাবি, ই বিদ্ৰোহ!

আস!!
মই বিদ্ৰোহ কৰিব খোজা নাই,
মই মাত্ৰ মোৰ ভালপোৱা খিনিৰ সৈতে
থাকিব খোজো।
আৰু আপুনি তাত আপত্তি কৰি
মোক কিবাকিবি বুজাই থকা,
মই নিবিছাৰো।

মই সকলোকে ভাল পাও,
মোৰ জীয়ৰীয়ে কথাকলি শিকা বাবে,
মই গৌৰৱ কৰো,

আপোনাক, বা আপোনাৰ সহযোগী কাৰোবাক,
কেতিয়াও অসন্মান, অপমান নকৰো,
আপোনাৰ সুখত সুখীও হম,
দুখত দুখী।
মই তেনেকুৱাই!
মৰম কৰিলে মৰম দিব জানো!
হাজাৰ বছৰ ধৰি তাকে শিকিছো।

মই বুজো আপোনাৰ ঘৰত সমস্যা বহুত।
বিশ্বাস কৰক, মই থাকিম লগত।

এটাই অনুৰোধ,
কেৱল মোৰ মতে মোক থাকিবলৈ দিয়ক।
মোক গৰম ইস্ত্ৰী মাৰি
সকলোৰে সমান কৰিবৰ চেষ্টা নকৰিব।
মই আপোনাৰ হিচাপত যিখিনি,
উখল মাখল,
সেইখিনি মোৰ হৈ থাকিব দিয়ক।

আৰু যদি নিদিয়ে,
আৰু তথাপিও বিছাৰে মই আপোনাৰে হম,
তেতিয়াহে মই আচল বিদ্ৰোহ কৰিম।

আপুনি আজি যাক বিদ্ৰোহ বুলি ভাৱি আছে,
যাক মষিমুৃৰ কৰিবলে চলে বলে লাগি আছে,
সেয়া বিদ্ৰোহ নহয়, এক হুজুগ!
আপুনি বুজা নাই,
আচল বিদ্ৰোহ আপুনি দেখাই নাই।

মোৰ দুভৰিৰে গচকি যদি,
আপুনি মোক আপোনাৰ
সাহযাত্ৰী কৰিব খোজে,
তেনে
মই ওঠৰ নম্বৰ বাৰ যুঁজিম শৰাইঘাটত।
আৰু সেই যুঁজৰ পৰিণতি
কি হব,
আপুনি ইতিহাস পঢ়িলেই গম পাব।

No comments:

Post a Comment