Saturday, December 1, 2018

=ক্ৰিঞ্জ=

ইংৰাজীত cringe pop বুলি এটা শব্দ আছে। আজিকালি বহুতেই ইয়াক সংগীতৰ এক ধাৰা বা genre বুলি কব খোজে। ৱিকিপেডিয়াত ইয়াৰ অৰ্থটো সৰল ভাৱে এনেকৈ দিয়া আছে- so bad that you cannot stop watching them, অৰ্থাৎ ইমানেই বেয়া, ইমানেই বেয়া যে আপুনি নুশুনি বা নেচায় নোৱাৰো। এইবোৰ গানৰ কথা, সুৰ, তাল মান ভিডিঅ সকলোফালেই তথৈবচ হোৱা প্ৰয়োজনীয়। শুনি আপোনাৰ বমিৰ ভাৱ আহিলেহে সেই গানটোৱে ক্ৰিঞ্জ পপৰ খিতাপ পাবলৈ সক্ষম হয়।

এই ধাৰাৰ সংগীতৰ জন্মদাত্ৰীৰ সন্মান দিয়া হয় আমেৰিকাৰ ৰেবেকা ব্লেক নামৰ এগৰাকী সুন্দৰীক। তেও ২০১১ চনত মুক্তি দিয়া ফ্ৰাইডে নামৰ গানটোৱে মানুহক ইমানেই বিৰক্ত কৰিছিল যে তেওক কেইবাবাৰো হত্যাৰ ধমকি দিয়া হৈছিল। ৰেবেকাৰ পাছত এই ধাৰাটোৰ ধ্বজা বহন কৰি ইয়াক খ্যাতিৰ শিখৰলৈ লৈ যায় পাকিস্তানৰ তাহিৰ শ্বাহ আৰু আমাৰ ভাৰতবৰ্ষৰ জেচিন্থা মৰিচ, ভীম নাৰুলা আদিয়ে। ভাৰতৰ শ্ৰে‍‍ষ্ঠতম আৰু সকলোতকৈ জনপ্ৰিয় ক্ৰিঞ্জ শিল্পী হ'ল আমাৰ অতি আদৰৰ, অতি হেঁপাহৰ গানৰো গানৰ, প্ৰাণৰো প্ৰাণৰ "ধিনচাক পূজা"। আজিৰ দিনত যদি আপুনি ধিনচাক পূজাৰ গান বা নাম শুনা নাই তেনে আপোনাৰ জীৱনেই বৃথা বুলি কব পাৰি। আন কে'চ বিলাকত অসম আনঠাইতকে বিশ বছৰৰ মান পিছুৱাইত থকিলেও, cringe pop ৰ ক্ষেত্ৰ কিন্তু বিশ্বৰ যিকোনো ঠাইৰ লগতে টক্কৰ দিব বহুকেইজন স্বনামধন্য শিল্পী আমিও জন্ম দিব পাৰিছো। গৌৰৱ কৰিবলগীয়া কথা।


আচৰিত ভাৱে, এই cringe pop বোলা বস্তুটো কিন্তু সাংঘাটিক ভাৱে জনপ্ৰিয় হয়, ইউটিউব বা চচিয়েল মেডিয়াত এটা ভাল গানতকে বহু বেছি ভাইৰেল হয় এই গানবোৰ। জাপানৰ ব্যংগ শিল্পী ডাইমাও ক'চাকাৰ ( Daimaou Kosaka)ৰ ২০১৬ চনত ওলোৱা "পেন পাইন এপল এপল পেন" নামৰ গীতটোৱে দিনে প্ৰায় ১.৫ মিলিয়ন ভিউয়েৰে অভিলেখ সৃষ্টি কৰিছিল। ওপৰত কোৱা প্ৰতিজন ক্ৰিঞ্জ পপ সংগীতজ্ঞৰে জনপ্ৰিয়তা ইৰ্ষণীয়। সেয়ে আজিকালি সকলোফালে cringe pop ক গুৰুত্ব সহকাৰে লৈ আলোচনা বিলোচনা কৰি থকা দেখা পাইছো।

কিন্তু মোৰ কথা হ'ল- ক্ৰিঞ্জ অকল সংগীততে কিয় সীমাবদ্ধ হৈ থাকিব লাগে। সকলো দিশতে দেখোন যেনি তেনি ক্ৰিঞ্জ চলি আছে, তেনে সকলো মিলাই Cringe culture বা ক্ৰিঞ্জ সংস্কৃতি বুলি শব্দ এটা কিয় ওলোৱা নাই? আমাৰ ভাৰতীয় মানুহৰ কথা বেলেগ বাৰু, নতুনকৈ কিবা ভৱা বা কৰা আমাৰ কাম নহয়, কিন্তু এই আমৰিকান, ইউৰোপীয়ান, দক্ষিণ আমেৰিকাৰন বিলাকে কি কৰি আছে? ইমান সচেতন মানুহবোৰে দেখা নাই নেকি যে সকলো ফালে ক্ৰিঞ্জময় হৈ পৰিছে!

এক মিনিট ৰবচোন! এনেয়ো তো হব পাৰে, সেই ফালে সংগীতৰ বাদে আন ফিল্ডবিলাকত সেইবোৰ ঠাইত ক্ৰিঞ্জ অহাই নাই। কবিতা, বা আন শিল্পত ক্ৰিঞ্জক সানি পুতুকি লোৱাত তেওলোক আমাৰ সমান আগবাঢ়িব পৰা নাই!!
ইউৰেকা!! ইউৰেকা!! ইউৰেকা!!
এইটোৰেই দেখোন আমি অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰৰ এক নম্বৰ চকীখনত বহুৱাই দিব পাৰো! আজিলেকে কোনেও কিয় কথাটো ভৱা নাই? সকলো কাম কি অকল ময়েই কৰিব লাগিব নেকি? কৰিম দৰকাৰ হ'লে- এনেয়ো মোৰ জীৱন মই ইতিমধ্যে জাতি, মাটি ভেঁটিৰ বাবে উচৰ্গা কৰিলোৱেই। ডাক্তৰে নিৰামিষ খাদ্য খাবলৈ আদেশ দিয়াৰ পাছত মোৰ এই ত্যাগৰ ভাৱটো আৰু বেছি গাঢ় হৈছে! সেইটো বাৰু এটা বেলেগ চেপ্টাৰ!

সেয়ে মই ৰাতি টোপনি খতি কৰি পোন প্ৰথমেই cringe কবিতা লিখাত মনোনিবেশ কৰিলো, আগৰ পৰাই লিখি আছিলো, কিন্তু এইবাৰ 'এজ এ পাৰ্ট অৱ এ মহান মিছন' কামফেৰাত ধৰিলো। এনেয়ো কবিতা লিখাৰ নামত অবাইচামী কৰাৰ অনুশীলন মোৰ আগৰে পৰাই আছিলেই; মোক কলমেৰে সৰসৰীয়াকৈ ক্ৰিঞ্জ কবিতা ওলোৱা আৰম্ভ কৰিলে। ফেচবুকত দিয়াৰ পাছত দেশ ভক্তিৰ লগতে সৃষ্টিৰ আনন্দ আৰু অভুতপূৰ্ব জনপ্ৰিয়তাই মোক আপ্লুত কৰি পেলালে।

বিশ্বাস হোৱা নাই, নিজে প্ৰমাণ চাওক। ভাল কবিতা লিখিবলৈ অহৰহ চেষ্টা কৰি থকা, আৰু বহু পৰিমানে সফলো হোৱা মনোজ, পৰাগ, হিমাংশু বা জয়ন্তৰ কবিতাতকৈয়ো মোৰ ক্ৰিঞ্জ কবিতাত বেছি লাইক আৰু কমেণ্ট পাইছো নে নাই? মোৰ টাইমলাইনত গৈ চাই লওক।

সেইবোৰ বাদ, এতিয়া মোৰ পৰিকল্পনা শুনক! এইবাৰ পৰা মই যি কৰিম, বেয়া হওক বুলি কৰিম, ইচ্ছাকৃত ভাৱে। অতি অবাইচ মোৰ নিজৰে দেখি কেচেমা কেচেম লগা ছৱি আঁকিম, কলিতা উপাধিক বদনাম কৰি দিব পৰাকৈ ভেকুলিকবিতা লিখিম, হেৰি, হেৰি, হেৰিখনৰ দৰে গান লিখিম, আৰু ফুল এণ্ড ফাইনেলী এখন চিনেমা বনাম।

মোৰ চিনেমা কৰাৰ উদ্দেশ্য হব কেৱল মানুহক বিৰক্ত কৰা। বিৰক্ত কৰিম বুলিয়েই চিনেমা নিৰ্মাণৰ নতুন ধাৰা এটা মই প্ৰতিষ্ঠা কৰিম।
 এটা অতি ফাল্টুৰো ফাল্টু কাহিনী লম। তাৰ বাবে মই দৰকাৰ হ'লে "বছৰৰ শ্ৰেষ্ঠ গল্প" বুলি প্ৰতিযোগীতা এখনো পাতিম, সেই প্ৰতিযোগীতাত আটাইতকৈ শেষ স্থান পোৱা গল্পটোৰে মই নিজে চিত্ৰনাট্য লিখিম। ইয়াৰ একমাত্ৰ কাৰণ হ'ল মই চিত্ৰনাট্য কেনেকে লিখিব লাগে একেবাৰে নেজানো আৰু শিকিবলৈয়ো মোৰ কোনো আগ্ৰহ নাই।

তাৰ পাছত থ্ৰী ইডিয়টচ চোৱাৰ পাছৰ DSLR কিনা এজন ইঞ্জিনিয়াৰক চিনেমাটোগ্ৰাফী কৰিবলৈ দিম। যিকোনো 'ইঞ্জিনিয়াৰ কাম ফটোগ্ৰাফাৰ' হ'লে নহব দেই, তেওৰ ফেবুত দিয়া ষ্টীল ফটো দেখিয়েই মোৰ ভাৱ হব লাগিব- 'বেটা! বাপেৰৰ পইচা আছে কাৰণে DSLR কিনিলি বাৰু, কিন্তু শ্বাটাৰখন ক'ত টিপিব সেইটো তো চাই তো ল"। সেইটো হব মোৰ চিনেমাটোগ্ৰাফাৰৰ ৱান এণ্ড অনলি চিলেকচন ক্ৰাইটেৰিয়া।

বাকী থাকিল সংগীত!! সেইটোত মই বৰ বেছি মাথা নেমাৰিলেও হব যেন লাগিছে। আপোনালোকৰো লাগিছে চাগে নহয়?

অহ, ৰব! অভিনেতা অভিনেত্ৰী! হেহ হেহ!! সেইটো মই নভৱাকৈ আছো নেকি? মোৰ বংশ পৰিয়ালতে নাই বুলিও দুই তিনিশ মানুহ আছে। তথাপিও নুজুৰিলে ৰিণ্টু আছে, ৰামানূজ আছে, হেমন্ত দা আছে! মুঠতে এহেজাৰ মান অভিনয় 'নজনা' মানুহ মই এদিনত খাড়া কৰি দিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। তাকো নোৱাৰিলে মই আৰু মোৰ মানুহজনীয়ে গাই পতি ছল্লিশটামান ৰোল নিজেই কৰিম।

চিনেমা বনোৱাৰ আৰু আন কিবা কিবি দিশো আছে যদি মই নেজানো, কিয়নো জানিব লাগে? জানিলে মোৰ ক্ৰিঞ্জত্বডাল ক'ত থাকিব। মই ক্ৰিঞ্জ চিনেমা হে বনাম।

মোৰ চিনেমাখন কৰাৰ উদ্দেশ্য হব, যাতে সেইখন সৰ্বকালৰ, সকলোদিশৰ পৰাই ফ্লপেষ্ট চিনেমা হয়। মানুহে পৰ্দালৈ গেলাকণী দলিয়াওক, বমি কৰি মাল্টিপ্লেক্সৰ মজিয়া উটাই দিয়ক। চিত্ৰ সমালোচকে মোক সমাজৰ শত্ৰু বুলি কওক, বুদ্ধিজীৱি সকলে মই অকলেই অসমৰ সংস্কৃতি জহন্নামে পঠালো বুলি মোক গালি‍ দিয়ক। সচেতন মহলে মোৰ খেৰৰ জুমুঠিক ফাঁচী দিয়ক, জ্বলাওক, সমজুৱা ভাৱে লাঠি গোৰ মাৰক। চচিয়েল মেডিয়াত মানুহে মোক ট্ৰ'ল কৰি পাগল কৰি দিয়ক। প্ৰাগ চিনে এৱাৰ্ডৰ অফিচৰ জপনাৰ পৰাই মোক এলচেচিয়ান কুকুৰ লগাই খেদাওক।

তেহে সৃষ্টি হব আচল ক্ৰিঞ্জ!

মুঠতে ক্ৰিঞ্জ সংস্কৃতিত অসমৰ নাম "নাম্বাৰ ৱান" পজিচনলৈ আনিবলৈ মই সংকল্পবদ্ধ। কৰবাত তো অসম দুনীয়াৰ 'নাম্বাৰ ৱান' হওক। আমাৰ ওচৰত শক্তি, সামৰ্থ্য প্ৰতিভা সকলো আছে, পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰিলেই হ'ল।

পৰিশিষ্টঃ-

এই ক্ৰিঞ্জ ধাৰাৰ উপাসক সকলে মোৰ মতে এটা ভুল কাম কৰি আছে। তেওলোকে নিজৰ কেপাচিটিৰে চেষ্টা কৰি আছে, যাতে তেওলোকৰ 'প্ৰডাক্ট' বিলাক ভাল হওক; মানে মানুহে চাই, শুনি ভাল পাওক, আমোদ পাওক। মানুহ বিৰক্ত হোৱা বুলি বুজিও তেওলোকে আকৌ সৃষ্টি কৰে, আগতকৈ ভাল হওক বুলি। এইবাৰ মানুহে নেহাঁহিব বুলি! মোৰ বোধেৰে ডাইমাও ক'চাকাৰ ( Daimaou Kosaka)ৰ বাদে সকলো ক্ৰিঞ্জশিল্পৌয়েই সেই কামটো কৰি আছে। ক'চাকাই ফ্লপ আৰু বেয়া হওক বুলি, ৰাইজৰ কামোৰো বুলি, 'পেন পাইনএপল এপল পেন' বনাইছিল যেন লাগে।

মোৰ তাতে আপত্তি। ভাল, উন্নত সৃষ্টি কৰিব লাগিব বুলি কত লিখা আছে? কামটো ওলোটাকৈ কৰকচোন! বেয়া হওক বুলি কৰকচোন, ইচ্ছা কৃত ভাৱে বেয়া হওক বুলি কৰকচোন। ময়ো তাকে কৰিব খুজিছো।

=চাইনিং এৱে থ'ট=

- ৰাকুদাই যদি, যাঃ এইবাৰ ফ্লপ চিনেমা এখমনেই বনাই দিও আৰু, কিমাননো চুপাৰ হীট দি থাকিম বুলি, ইচ্ছা কৰি তেওৰ হিচাপত বেয়া চিনেমা এখন বনাই
বা,
কলিতানীয়েও যদি আজি অলপ বেয়া কবিতা এটাকে লিখোঁ, যি হ'ল হ'ল, বুলি কলমত ভৰ্তিকৈ চিঞাহী ভৰাই টেবুলত বহে?

মোৰ হিচাপত সাংঘা সাংঘা আৰু ইণ্টাৰে‍ষ্টিং প্ৰডাক্ট ওলাব কিন্তু।

(মই যে কেতিয়াবা কিবা এটা লিখো, সেইটো ভাল হওক, উচ্চ মানৰ হওক বুলি এটা সচেতন প্ৰচেষ্টা সদায় কৰি থাকো। এই প্ৰচেষ্টাটোৱে মোৰ সৃষ্টিশীলতাক বাধা দিছে যেন লাগিছে)

No comments:

Post a Comment