Saturday, December 1, 2018

=টইলেট, এক সৃষ্টিশীলতা=

নিজৰ পইচাৰে খাই-বই জীয়াই থকা জীৱনটোতে মই যে দেশ, জাতি, মাটি, ভেঁটি, সাহিত্য, কলা, সংস্কৃতি, আৰু অভাৰ অল মানৱ জাতিৰ কল্যাণৰ অৰ্থে যিমানবোৰ বাম্পাৰ বাম্পাৰ আইডিয়া উলিয়াইছো, সেই আইডিয়াবোৰৰ কেৱল নামবোৰ লিখি গ’লেও এখন মিডিয়াম চাইজৰ মহাকাব্যই হবগৈ।

আজি পূৱাৰ কথাকে কও,

চাহ কাপ খাই উঠাৰ লগে লগে মোৰ বৰ জোৰকৈ লাগে,  দৌৰ মাৰিবলাগে। আকৌ সেইখিনি সময়তে মোৰ সৃষ্টশীলতা, সামাজিক দ্বায়িত্ব আদিও জোৰকৈ 'লাগে'।

আজি তেনে  সময়চোৱাত মোৰ অসমীয়া চিনেমাৰ দূৰ্গতিৰ কথা মনত পৰি বুকু বিষাই উঠিল। নাই এনেকৈ নহব, আনৰ ওপৰত ভৰষা কৰি লাভ নহব। মই নিজেই কিবা এটা কৰিব লাগিব। চিনেমা বনাব লাগিব! প্ৰথমমতেই স্ক্ৰীপ্টখন লিখি লও। এলাপেচা চিনেমা নহয়, অস্কাৰ, কাঁ ৰ তলত নেভাবোয়েই। কাহিনী হব মামনি বাউদেউৰ “উদয়ভানু চৰিত্ৰ”। অসমীয়া মানুহে নেচায়, নেলাগে চাব। মোৰ টাৰ্গেট অডিয়েন্স হব, ইউৰোপ আৰু দক্ষিণ আমেৰিকা, তেওলোকে উদয়ভানুৰ শিল্পীসূলভ ইডিয়’ চিংক্ৰেচী তেওলোকৰ পচণ্ড হব। তাতে উদয়ভানু চিত্ৰকৰ! আস!!! আৰু কি লাগে?
উদয়ভানুৰ ক্ষয়িষ্ণুতা, পাগলামি, নিয়ন্ত্ৰণহীণতা একেবাৰে জল জল পট পটকৈ ওলাব লাগিব, পানী নসৰকা চিত্ৰনাট্য হব লাগিব। দৰ্শকে উশাহ ঘুৰাব নোৱাৰিব, আৰু ঘুৰি যাওতে বুকুত তীব্ৰ বিষ এটা লৈ যাব লাগিব। যিটো বিষ মোৰ উদয়ভানু পঢ়ি হৈছিল। মদ খাই মাতাল হোৱা দৃশ্যবিলাক অতি ইণ্টেন্স কৰিম। কিন্তু মাজে মাজে অলপ হাঁহিও থাকিব, বা ব্যংগ। দুই এটা মুহুৰ্তত দৰ্শকে হাঁহিব। প্ৰেম থাকিব তাত, কিন্তু এলা পেঁচা প্ৰেম নহয়, অহেতুক, অসম্ভৱ প্ৰেম, সেইটোও অতি ইণ্টেন্স হব।

আইডিয়া!!!!! সঁচা সঁচি ভিভিয়ান লে’ৰ লগত এটা সপোনৰ দৃশ্য লগাই দিলে কেনে হয়, মোৰ উদয়ভানুয়ে লগ পাব তেওক। আজিকালি তেনে কৰা দেখিছো, পৰা যাব। কিন্তু কাহিনী সালসলনি নকৰো, কেৱল মাজে মাজে চিনেমাসূলভকৈ কাহিনী কোৱাৰ শৈলীটো সলনি কৰিম। বাজেট বেছি হব, কব নোৱাৰো কিমান বেছি, কিন্তু বেছি যে হব সেইটো ঠিক। কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো, বাজেটৰ ক্ষেত্ৰতটো একেবাৰেই নকৰো। গতিকে অসমীয়াত নকৰোৱেই নেকি চিনেমাখন? হিন্দীতে ভাল হব। পিছে বলীউডৰ শক্তিশালী অভিনেতাকেইজনৰ মাজত দেখোন উদয়ভানুৰ লগত মিলা চেহেৰাৰ মানুহ নায়েই! নতুন অভিনেতা বিছাৰিব লাগিব। নহ’লে ইংৰাজীতে কৰিলোহেতেন, কিন্তু পশ্চিমীয়া চেহেৰাৰ মানুহ লৈ কৰিলে উদয়ভানু হেৰাই আন কোনোবা হে হবগৈ। ভাৰতীয় চেহেৰাই লাগিব। পইচাৰ কথা পিছত চিন্তা কৰিম, প্ৰথমতে ময়ো তো স্ক্ৰিপ্ট লিখিবলৈ শিকিব লাগিব। চিনেমাৰ ভাষা নজনাকৈ চিনেমা বনোৱা কামটোৰ মই এনেয়ো ঘোৰ বিৰোধী। লগে লগে হাতত থকা মোবাইলটোৰে গুগল চাৰ্চ মাৰিলো, How to write a script! নাই ভাল ৰিজাল্ট অহা নাইচোন। এইবাৰ learn script writing online! মজা, ধুনীয়া চেহেৰাৰ চাইট কেইটামান খোল খালে। পইচা দি সদস্য হব লাগিব। হম দৰকাৰ হ’লে। যি কৰিম প্ৰফেচনেলী কৰিম, এনেই ফুং ফাং কৰি, পাল মাৰি নহয়। স্ক্ৰীপ্ট ৰাইটিং শিকি, স্ক্ৰীপ্ট খন লিখি উলিওৱাৰ পাছত মামনি বাইদেউৰ পৰিয়ালৰ পৰা অনুমতি লব লাগিব। দিব, কিয় নিদিব? মোৰ স্ক্ৰীপ্ট দেখি ইম্প্ৰেছ হৈয়ে অনুমতি দিব তেওলোকে।

ইতিমধ্যে কামফেৰা কৰি হ’ল, অনুভৱ কৰিলো ভোকত পেট কলমলাই উঠিছে। কালি ৰাতি ভালকৈ খোৱাই নহল । ল’ৰা লৰিকৈ গাত এচামুচ মান পানী ঢালি, ঠাকুৰীয়াৰ দোকানলৈ দৌৰ মাৰিলো। গৰম পৰঠা এখন খাই ভাল লাগিব। আগতে চাউল কথা.....
********
চিনেমা বনাই হ’ল বাৰু! দুপৰীয়া মনত পৰিল, এইযে আমাৰ পুৰণি দিনৰ ঘৰবোৰ আছিল, বৰঘৰ, মাৰলঘৰ, চ’ৰাঘৰ!! সেই সজ্জাবোৰ, বা বাঁহ-বেঁত শণখেৰেৰে ঘৰ সজাৰ প্ৰক্ৰিয়াবোৰ, তাত ব্যৱহাৰ হোৱা বিভিন্ন উপকৰণবোৰ, এইবোৰতো এতিয়া নাইকীয়া হ’লগৈ! মানুহে আৰুতো কেতিয়াও তেনেদৰে ঘৰ নেসাজিবগৈ। হেৰাই যাব এটা হাজাৰ বছৰীয়া কলা, ঐতিহ্য। সেইবোৰ কথা লিখি ধুনীয়াকৈ ছৱিসহ এখন কিতাপ উলিয়াব নেলাগে জানো? সংৰক্ষণ কৰিব নেলাগে জানো?

নাই কাৰো কাণষাৰ নাই, যি কৰো ময়ে কৰিব লাগিব! এইবাৰ গাঁৱলৈ গ’লে দুই চাৰিজন বুঢ়া মানুহৰ লগ ধৰিব লাগিব, বুজি বাজি ছৱি আঁকি আনিব লাগিব। এনেকৈ বহি থাকিলে নহব!

সেই কামটোৱো হ’লগৈ যেনেতেনে! এতিয়া ৰাতিলৈ কি আইডিয়া আহে তাৰে অপেক্ষাত!! ৰাতিৰ আইডিয়া বিলাক আকৌ অলপ বেছি সাহসী হয়।

(বি. দ্ৰ.:- আচলতে মই মানুহটো সাংঘাটিক এলেহুৱা, এইবোৰৰ এটা কামো মই নকৰো বুলি মই জানোৱেই! ভৱাৰ আগতেই জানো। সেয়ে অমুক কামটো ভাৱিও কৰা নহ’ল বুলি কেতিয়াও বিবেকৰ দংশন নহয়। এনে সপোন বিলাসী মানুহ মই, সপোন দেখিয়ে বাস্তৱত কৰাৰ আনন্দকন লৈ পেলাও)

No comments:

Post a Comment