Saturday, December 1, 2018

= এসন্ধিয়া মহাকাব্য=


আজি সন্ধিয়া বজাৰলৈ গ'লো,
ঘৰত কেইটামান বেচিক বস্তুয়েই নাই,
পটেছৰিজনীও গুৱাহাটীত, 
কি কৰি আছে নেজানো পাই!
পকেটো খালি,
নাই মানে, দহ টকাও নাই।
এটিএমত সোমালো,
সেইটোৰ স্ক্ৰীণ দেখোন একেবাৰে ক'লা যি ক'লাই!
আকৌ বেয়া হ'ল হবপায়!
আমাৰ ইয়াত ডিজিটেল ইণ্ডিয়া তামাম হাই ফাই!
এটাই মাথো এ টি এম,
তাৰো ঘেণ্টা সদায় চিগো চিগো চিলাই!
উপায় নাই!
নাৰায়ণেই সাৰথি ভাই।
তাৰ দোকানলৈ গৈ ইম্পৰেছন জমাই ক'লো
- "কস্ত ছ' দাঈ?
হামকো পেইচা ঔৰ চামান দোনো চাহিয়ে?
দেনা হেঁ তো দো,
নহ'লে গিৰিধাৰী হেঁ দুচৰা উপায়"


নেপালী মানুহ সি,
জানে ব্যৱসায়!
বোলে 'দোনো লে যাও ককাই,
পেইচা তো হাত কি মে'ইল,
বিশ্বাচই ছ' অচলি কামাঈ!"
কালি পূৱাতেই কেৱল,
হাতৰ ময়লাখিনি
দিবহি ঘুৰাই।
তাৰ পৰা এহেজাৰ টকা লৈ
তাৰ দোকানতে পাঁছশ সোধাই,
বাকী পাঁচশ লৈ এন্ধাৰ চূকটোলে
চুচুক চামাক কৈ গ'লো আগুৱাই।
সকলো বস্তুতো আৰু বাকীত পোৱা নেযায়!
আৰু মইতো সুজিত গোস্বামী নহয়,
যি এ টি ৰোডৰ
চৌধুৰী হ'লতো
ধাৰত চিনেমাৰ টিকেট পায়।
এনিৱে,
হাতত কে'ছ নেথাকিলেও,
আজিৰ দিনটোৰ কটাবৰ হ'লেই উপায়।
কিন্তু কালি ৰাতিপূৱাই
নাৰায়ণক দিব লাগিব পইচা ঘুৰাই,
এ টি এম ভাল হওক বা নহওক,
ছেক দি হলেও লম উলিয়াই।
Geeta Dutta জানানে?
তোমাৰে মোৰে হয়তো সমস্যা একেটাই,
মনে ভাল পোৱাকৈ
কিবা এটা ৰান্ধোতে বাঢ়োতে,
ফেচবুকৰ প্ৰাইম টাইম পাৰ হৈয়ে যায়!
লাইক কমেণ্ট দিয়া মানুহবোৰ,
শুয়েই যায়।
আজি কি ৰান্ধিলো জানা?
এহ!! নকও দিয়া,
কবিতাটো বেছি দীঘল হবগৈ যেন লাগিছে,
পিছে পৰেও কম,
ওলাব উপায়।
আজি কিছুদিনৰ পৰা,
কবিতা লিখা লাগি আছে,
পিছে নোলায় হে নোলায়!
সেয়ে মহাকাব্যকে লিখো বুলি,
মনত ধিয়াই,
লিখি গ'লো একেৰাহে,
গলাটো তিয়াই!
কিন্তু
মোৰ এইখন মহৎ -মহাকাব্যত যদি কোনোবাই,
ৱাক থু... বুলি খেকাৰ পেলাই,
তাৰো উপায় ৰাইজে ৰাখিছে উলিয়াই,
অট'মেটিজম বুলি শিল্পকলাই,
মোক বছাবলে আছে
বুকু ফিন্দাই।
(এইটো শব্দযে শিকিলো,
থাকিব লাগিব দুদিন মান,
তাৰ ৰস উলিয়াই!
তিতা নোহোৱালৈকে থাকোচোন,
চোবাই চোবাই)
দে তালি! দে তালি দে তালি!
মই শুলো পিছে দেই,
আৰু যে কবিতা মোৰ
কেপাচিটিয়ে নুকুলায়।
আচলতে কি জানা?
মোৰ প্ৰাণপ্ৰিয়া।
এইযে কিছুদিন ধৰি মই,
উলোটা পোলোটা আপডেট এসোপা মাৰি আছো,
মোৰ লাগিছে,
অসমীয়া কবিতাৰ ডি-কনষ্ট্ৰাকচন,
মই অকলেই কৰি পেলালো হবপায়।

No comments:

Post a Comment