=পাতনি=
সমগ্ৰ পৃথিৱী
নহয় এই বিশ্ব ব্ৰহ্মাণ্ডতে যত বয় বস্তু বা পদাৰ্থ আছে তাক সামৰি, পঢ়ি,
শুনি, পৰীক্ষা কৰি, তাৰ বিষয়ে কিছুমান দাঁত ভঙা নীতি নিয়ম, সূত্ৰ আদি বনাই
থকা বিজ্ঞান বিধকে পদাৰ্থ বিজ্ঞান বোলে। আমাৰ এই পদাৰ্থবোৰৰপৰাই এল্গিৰপৰা
আৰম্ভ কৰি পথালিচকুৱাকে ধৰি নেবুলা, নিহাৰীকালৈকে সকলোৰে সৃষ্টি। দুনীয়াৰ
পদাৰ্থ বিজ্ঞানীসোপাই এচি ৰূম বা লেবেৰেটৰীত বহি এই পদাৰ্থবোৰক খোঁচা
বিন্ধা কৰি দাঁত ভঙা নীতি প্ৰয়োগ কৰি, এই পদাৰ্থবোৰৰ ধৰ্ম, ব্যৱহাৰ আদিৰ
বিষয়ে নানান তথ্য বিচাৰি উলিয়াই হায়াৰ চেকেণ্ডেৰী পঢ়ি থকা ল’ৰা ছোৱালীবোৰক
হাৰাশাস্তি কৰে যদিও, পদাৰ্থৰ গুৰুত্ব অপৰিসীম। এফাল যদি ঈশ্বৰ কণা, আনফালে
কৃষ্ণ গহ্বৰ, সকলো পদাৰ্থৰে মায়া। সেয়ে পদাৰ্থৰ বিষয়ে জ্ঞান লোৱা অতি
আৱশ্যক, সেয়ে আজি তিনিশ বছৰ ধৰি মানুহে হোৱাই নোহোৱাই পদাৰ্থ বিজ্ঞানৰ ওপৰত
লাখে লাখে কিতাপ লিখিছে। কোনোবাই আকৌ পদাৰ্থৰ জাত শতৰু প্ৰতি-পদাৰ্থও
বিচাৰি উলিয়াইছে। আজি এজনে কিবা এটা হয় বুলি প্ৰমাণ কৰি নোবেল বঁটা লৈছে;
কাইলৈ আকৌ আন এজনে তাকে নহয় বুলি প্ৰমাণ কৰিবলৈ আহোপুৰুষাৰ্থ কৰিছে আৰু
শেষত গৈ সেইজনেও নোবেল বঁটা লৈ গহীনত বহি আছে। মুঠতে পদাৰ্থ বৰ দৰকাৰী
বস্তু আৰু মানুহে তাক যথোপযুক্ত গুৰুত্ব দিয়াতো আজিলৈকে কৃপণালি কৰা নাই।
কিন্তু পদাৰ্থৰ সামনেই আন এটা গুৰুত্বপূৰ্ণ বস্তু আমাৰ চকুৰ আগতে কিলবিলাই
ফুৰিছে, সেই বিষয়ে মানুহৰ কাণষাৰ নাই। এইবিধৰ গুৰুত্বও মানৱ জীৱনত আৰু
সভ্যতাত পদাৰ্থতকৈ কোনো গুণে কম নহয়। কিন্তু দুখৰ বিষয় এই বস্তুটোৰ ওপৰত
আজিলৈকে যথোপযুক্ত গৱেষণা হোৱা নাই। গতিকে অমুকাই, মানৱ জাতিয়ে কৰা এই
মহাভুলৰ প্ৰতিকাৰ কৰোঁ বুলি লৈ, আজিৰপৰা বিজ্ঞান অধ্যয়নৰ এটি নতুন শাখা
আৰম্ভ কৰিছো। শাখাটোৰ নাম –“অপদাৰ্থ বিজ্ঞান”। এই বিজ্ঞানৰ মূল উদ্দেশ্য
হ’ল – আমাৰ আগে পিছে, তলে ওপৰে, সোঁৱে-বাঁৱে যিমানবোৰ অপদাৰ্থ আছে,
সেইবিলাকৰ গুণ, নাম, ধৰ্ম, ব্যৱহাৰ, উৎপত্তিত কাৰণ আদি বিচাৰ, বিশ্লেষণ কৰা
আৰু সেইবিলাকৰ উপকাৰিতা-অপকাৰিতা আৰু ব্যৱহাৰৰ সময়ত ল’ব লগা সাৱধানতাসমূহৰ বিষয়ে মানৱ জাতিক জ্ঞান দিয়া।
=অপদাৰ্থৰ সংজ্ঞা=