ইউনেস্ক’ৰ অনুমান মতে বৰ্তমান প্ৰচলিত ৬০০০ কথিত ভাষাৰ ভিতৰত আধাখিনি এই শতিকাৰ শেষলৈ বিলুপ্ত হ’বগৈ৷ এই ভাষাসমূহৰ বিলুপ্তিৰ লগে লগেই হেৰাই যাব এই ভাষাসমূহৰ মাজত সোমাই থকা অসাধাৰণ বৈশিষ্টমূলক সংস্কৃতিক সম্পদৰ লগতে অমূল্য প্ৰকৃতিপ্ৰদত্ত জ্ঞান৷
পিছে এই বিলুপ্ত হোৱাৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে প্ৰাকৃতিক বুলিয়েই কব পাৰি৷ মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা কিছুমান নতুন ভাষাৰ জন্ম হৈ আহিছে আৰু পৰ্যায়ক্ৰমে কিছুমান ভাষা বিলুপ্তও হৈ গৈ আছে৷ কিন্তু আজিকালি মানৱ সভ্যতাৰ বিকাশে এনে এক পৰ্যায় পাইছেগৈ, এতিয়া আৰু নতুন ভাষাৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে শেষ হৈ আহিছে, আনকি প্ৰচলিত ভাষা সমূহৰ ব্যৱহাৰো কিছু কিছু ক্ষেত্ৰত কম হৈ আহিছে৷ উদহৰণ স্বৰূপে তথ্য প্ৰযুক্তিৰ কথালৈয়ে আঙুলিয়াব পাৰি৷ আজি আমি এৰাব নোৱাৰা হৈ পৰা তথ্য প্ৰযুক্তিৰ বিশাল ক্ষেত্ৰখনত কেৱল ইংৰাজী ভাষাহে এতিয়ালৈকে ব্যৱহাৰ হয়, গতিকে আনবোৰ ভাষাৰ গুৰুত্ব কমি যোৱা স্বাভাৱিক৷ তাতে আকৌ আজিকালি সৰু সৰু স্বতন্তৰীয়া সমাজবোৰ নাইকিয়া হৈ এক বৃহৎ সমাজব্যৱস্থা গঢ়ি উঠাৰ লগে লগে মানুহৰ বাবে নিজৰ থলুৱা ভাষাতকৈ সংযোগী ভাষাবোৰৰহে প্ৰয়োজন বৃদ্ধি পাই আহিছে৷