নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয়
আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে
আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট
হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই
ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা
আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ
টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ
মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ! মই খোদ নিজে সৃষ্টি হৈছোঁ৷
মোক না কোনোবাই সৃষ্টি কৰিব পাৰে, না ধ্বংস৷ মই এই জন্ম, মৃত্যু, সৃষ্টি
ধ্বংসৰ লেভেলৰ মানুহ নহয়েই৷ কথাবোৰ আপোনালোকে যিমান সোনকালে বুজি পাই
সিমানেই মংগল৷
-“ৱেইটাৰ! আঠটা লাৰ্জ পেগ এটা বাল্টিত ঢালি পানী নিদিয়াকৈ লৈ আহা..কুইক! “
অঁ, মই কি কৈ আছিলো, য়েচ… মোৰ কথাই ক’ম অফ ক’ৰ্চ! কিন্তু দুখৰ কথা কি জানে? আপোনালোকে মোক চিনি পাই, ..মানে পাইছে .. কিন্তু আপোনালোকে মোৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু বংশগৌৰৱ- মোৰ পৰিয়ালৰ বিষয়ে একো নেজানে..আৰু জানিবলৈ চেষ্টাও কৰা নাই৷ হোৱাই? কিয়? এইটো কথাতে মোৰ অলপ দুখ লাগে!
কিন্তু আপোনালোকে নিবিচাৰিলে বুলিয়েই মই নক’ম নেকি? ফটাঢোল কোবোৱা মোৰ সাংবিধানিক মৌলিক অধিকাৰ৷ গতিকে মই ক’মেই ক’ম৷ আপোনালোকে পঢ়িলে পঢ়িব, নপঢ়িলে নাই৷ মোৰ কি আহে যায়? কিন্তু মই গেৰাণ্টি দি ক’ব পাৰোঁ, মোৰ আত্মজীৱনী পঢ়িলে আপনালোকৰ বুকু গৰ্বত উফন্দি উঠিব, গৰিলাৰ দৰে বুকুত চপৰিয়াই ক’ব পাৰিব, এয়া চোৱা আমাৰ ফটহু!