এইবাৰৰ
প্ৰান্তিকত মোৰ ফেচবুকৰ বন্ধু তালিকাত থকা কেইবাজনৰো লেখা ওলাইছে। সুখৰ
কথা, ইয়াৰ প্ৰায়সকলেই পোনতে ফেচবুকতে লিখা মেলা কৰিবলৈ আৰম্ভ কৰিছিল।
আজিকালি বিভিন্ন কাকত আলোচনীত মোৰ ফেচবুকৰ বন্ধুসকলৰ নাম দেখিলে বৰ আনন্দিত
হও!
মাধুৰীমাৰ গল্প এটাও প্ৰকাশ হৈছে বুলি গম পাইছিলো। ব্যস্ততাৰ বাবে তেও কিছুদিন ধৰি লিখামেলা অলপ কমাই দিছে যেন লাগিছিল, গতিকেই আজি পায়েই সেই গল্পটোকে প্ৰথম পঢ়িলো। নাম "অ' গৰখীয়া গৰু নৰখ কিয়?"