৯।৬।২০১৪। ৯-৪৬। আজি সোমবাৰ
বুলি সোনকালে উঠিলো, অফিচো আছে নহয়। উঠাৰ পৰাই মূৰটো টিঙটিঙাই আছিল। কালি আচলতে
অলপ বেছিয়েই হল। বাৰমান বজাত অফিচলে নেযাও বুলিয়েই ঠিক কৰিলোঁ, বছক ফোন কৰি জনাম
বুলি ভাৱিছিলো, পিছে তেখেতে আজি তিনিমাহ মানৰ পৰা নিজেই অফিচলে অহা নাই, গতিকে বাদ
দিলো। টিভিত “ৰাউডী পুলিচ অফিচাৰ” নামৰ চিনেমা খন চালো। ২ বজাত ভাত খাই উঠি আকৌ ৫
টালৈকে শুলোঁ। সাত মান বজাত ৰামী খেলিবলৈ ওলাই গ’লোঁ, তাতে আকৌ পাৰ্টি হ’ল। ১১
বজাত ভাত খাই অলপ টিভি চাই শুই গলোঁ। আমি শোৱাৰ তিনি ঘণ্টামানৰ পাছতহে আমাৰ সুপুত্ৰ
ঘৰলৈ উভটিল। ৰাতি বাচন বৰ্তন পেলোৱাৰ ঠুং ঠাংৰ লগতে ফুল ভলিউমৰ টিভিৰ শব্দত ভালকৈ টোপনি নাহিল।
১০।৬।২০১৪। ১১-২৫। চেহ আজিও দেৰি হৈ গ’ল। বাহিৰত বৰষুণ, লগে লগে মনটো ভাল
লাগি গ’ল, বৰষুণ মানেই ৰাষ্টাত বানপানী, আৰু অফিচো আন-অফিচিয়েলী বন্ধ। ৰমেন
শইকীয়ালে ফোন কৰিলোঁ, দিনটো কটোৱাৰ কিবা ব্যৱস্থা এটা কৰিবলে। শইকীয়াই জনালে, অমল
মহন্তৰ শ্ৰীমতী ঘৰলে গৈছে, মানে অকলে আছে। প্ৰগ্ৰাম ফাইনেল হ’ল, ২ বজাত তিনি কেজি মূৰ্গীৰ মাংস কিনি মহন্তৰ ঘৰলৈ
গ’লো। মহন্ত, শইকীয়াৰ লগতে দাসবাবু আৰু মোহিনীকান্তও আহিল। মোহিনী আহিলে আমাৰ বৰ
সুবিধা, এগিলাছ মান খাবলে পাম বুলিয়েই সি ৰন্ধা, বাচন ধোৱা আদি সকলো কাম কৰি দিয়ে।
বহি থাকোতে গুৱাহাটিৰ বানপানী আৰু চৰকাৰৰ অকৰ্মণ্যতাৰ ওপৰত গম্ভীৰ আলোচনা হ’ল।