চাৰি বছৰ মান আগৰ কথা, মই অসমীয়া ৱিকিপেডিয়া বুলি বস্তু এটা আছে বুলি
জনা নাছিলো, বিভিন্ন উপায়েৰে কম্পিউটাৰত অসমীয়া লিখিবলৈ চেষ্টা কৰি থাকোতে
অসমীয়া ৱিকিপিডিয়াত অসমীয়া লিখাৰ সহায় বুলি শিতান এটা পালোঁ গুগলৰ যোগে। বৰ
কামত আহিল, লাহে লাহে তেতিয়া থকা প্ৰৱন্ধ বিলাকত চকু ফুৰালোঁ। সেই সময়ৰ
মাত্ৰ দুই তিনিজন ৱিকিপেডিয়ানে অশেষ পৰিশ্ৰমে ৰে সৰু সৰু প্ৰৱন্ধ লিখি অসমীয়া
ৱিকিপেডিয়া গঢ়ি তুলিবলৈ চেষ্টা কৰি আছিল। কামটো দেখি বৰ ভাল লাগিল, কিন্তু
কিমান প্ৰয়োজনীয় সেইটো কথা অনুভৱ কৰিব নোৱাৰিলোঁ। মোৰ ধাৰণা আছিল, ইংৰাজী
ৱিকিত লিখিব লাগে, যিমান পাৰি, কাৰণ তেতিয়াহে অসমৰ কথাবোৰ ৰাইজে বাহিৰত
জানিব পাৰিব। গতিকে যি পাৰো সহায় কৰোঁ বুলি ৱিকিৰ সদস্য হৈ ললোঁ। লগে লগে
ৱিকিপেডিয়াই মোক আদৰণি জনালে, আৰু সকলোৱে উৎসাহ জনাই ৱিকিত কেনেদৰে কাম
কৰিব লাগে শিকাই দিলে। সম্পাদনা আৰম্ভ কৰিলোঁ, চেগা চোৰোকাকৈ। মাজতে
কিছুদিন বাদ দিলোঁ, ৱিকিপেডিয়াৰ কঠোৰ স্বত্বাধিকাৰ নীতিৰ বাবে মোৰ
কেইবাটাও মেডিয়া ফাইল তেঁওলোকে আঁতৰাই দিলে। চেগা চোৰোকাকৈ সম্পাদনা চলি
থাকিল। কিন্তু আজি এটা কথা কৈ মোৰ ভাল লাগে, দিনটোত এশাৰী হলেও ৱিকিপেডিয়াত
লিখিব নোৱাৰিলে কিবা ডাঙৰ কাম থাকি যোৱা যেন লাগে।
I am Abhijit Kalita, and I am not a regular blogger. These are my candid reactions, mostly born as facebook updates.
Saturday, December 13, 2014
শুদ্ধ অসমীয়া ভাষা (অক্টোবৰ-২০১৪, সাহিত্য ডট অৰ্গ আলোচনীত প্ৰকাশিত)
অকবত নেলাগে বাতৰি কাকত, আলোচনীত প্ৰায়ে শুনিবলৈ/ পঢ়িবলৈ পাঁও আজিকালি
বোলে কোনেও শুদ্ধ অসমীয়া নকয় বা কব নোৱাৰে। সাধাৰণতে সংবাদ মাধ্যম আৰু নৱ
প্ৰজন্মক উদ্দেশ্য কৰিয়েই এনে মন্তব্য বিলাক কৰা হয়। তাকে দেখি শুণি
ভাৱিলোঁ, মই নিজে শুদ্ধ অসমীয়া কও নে নকও?
কথাটো লৈ অলপ চিন্তা চৰ্চা আৰম্ভ কৰিলোঁ। মই চাকৰিৰ কাৰণত প্ৰায়ে হিন্দী আৰু ইংৰাজী ভাষা ব্যৱহাৰ কৰিব লগা হয়, এতিয়া মন কৰিছো মই অসমীয়া কওঁতেও মাজত ইংৰাজী হিন্দী শব্দই ভীৰ কৰেহি। দেবেন দত্ত চাৰে কথা কোৱা শুনিলে বুজি পাঁও মইয়ো এই গৰিহণাৰ পাত্ৰ বজৰুৱা অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ, লিখোতেই হওক বা কওঁতেই হওক। গতিকে প্ৰথমতেই নিজকে ৰাইজৰ গৰিহণা পোৱাৰ যোগ্য বুলি ঘোষণা কৰি ললোঁ।

ঋতু (কেইটিমান আধাসিজা হাইকুৰ দৰে অনুভৱ :-))
গ্ৰীষ্ম
আমজোপাৰ তলতে অকণমান শাঁত,
ভাগৰুৱা পখিলা।
আমজোপাৰ তলতে অকণমান শাঁত,
ভাগৰুৱা পখিলা।
বৰ্ষা
গছৰ গাৰে বগাই নামিল বৰষুণ,
খিৰিকীত মুখ।
শৰৎ
গৰ্ভৱতী সেউজী ধাননি পথাৰ,
চাৰিআলিত পূজাৰ আয়োজন।
হেমন্ত
ৰাঙলী আকাশে গিলি থলে বেলি,
ধুলিময় বাট।
শীত
সৰি পৰে গুলচৰ শেষখিলা পাত,
পূৱাৰ কোমল ৰ’দ।
বসন্ত
দুৰণিত কৰবাত ঢোলৰ চেও,
সলাজ উৎকণ্ঠিত হৃদয়।
গছৰ গাৰে বগাই নামিল বৰষুণ,
খিৰিকীত মুখ।
শৰৎ
গৰ্ভৱতী সেউজী ধাননি পথাৰ,
চাৰিআলিত পূজাৰ আয়োজন।
হেমন্ত
ৰাঙলী আকাশে গিলি থলে বেলি,
ধুলিময় বাট।
শীত
সৰি পৰে গুলচৰ শেষখিলা পাত,
পূৱাৰ কোমল ৰ’দ।
বসন্ত
দুৰণিত কৰবাত ঢোলৰ চেও,
সলাজ উৎকণ্ঠিত হৃদয়।
জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী
মৰমৰ ভাষ্কো দাদা,
আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰ পৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদন ক আপুনি হয়তো বাতুলতা বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

দো টকীয়ে কী নৌকৰী
চাইটৰ পৰা লৰালৰিকে ঘৰমূৱা হৈছো, নিশা দহ বাজো বাজো। বাটতে ফোন বাজিল
.. শ্ৰীমতীৰ হিমশীতল কণ্ঠ– “আজি আহিবানে? নে আমি শুই থাকো?” – “ এই
পালোহিয়েই” বুলি কৈছো যদিও মনতে চিন্তা, আজি জাৰ্মানী আৰু পৰ্তুগাল খনৰ
শেষৰ খিনিও যেনেতেনে পালেগৈয়ো হব। দুৱাৰ খোলোতেই গম পালোঁ অহাকালিৰ পৰা
ছোৱালীৰ কিবা টাৰ্ম পৰীক্ষা নে কিবা- কাইলৈ হিন্দী আছে। ছোৱালীও এনে
আকোৰগোজ- টিভি থকা কোঠাটোৰ খোৱা মেজখনতহে পঢ়িব। মাকে আই এ এচ পৰীক্ষাৰ্থীৰ
উদ্বিগ্নতাৰে জীয়েকক পঢ়ুৱাই আছে। [ইসসস্ .. নিজে পঢ়োতে
যদি ইমান চিৰিয়াচ হ’লহেঁতেন, বহুত ডাঙৰ মানুহ হব পাৰিলেহেঁতেন, মই ঢুকিয়েই
নেপালোহেঁতেন – (ৰীড এজ “বাচি গলোহেঁতেন!!!”)]। জীয়েকেও সৰ্বশক্তিৰে
সৰস্বতী মাৰ লগত যুঁজি আছে...লিখাতে সমস্যা..হিন্দী ‘ন’ ৰ লগত অসমীয়া ‘ত’
যোগ কৰি নিত্যনতুন যুক্তাক্ষৰ উদ্ভাৱন কৰি দিয়ে... মাকৰ টেম্পাৰ সপ্তমত
উঠিছেগৈ।
Subscribe to:
Posts (Atom)