Wednesday, November 22, 2023

গ্ৰন্থ সমালোচনা-অভিজিত কলিতা

 ডিচেম্বৰ সংখ্যা ফটাঢোলত প্ৰকাশত

(স্বনামধন্য ভ্ৰমণকাহিনী লিখক দেৱজিত শৰ্মালৈ কৃতজ্ঞতাৰে) 

আপোনালোকে সকলোৱে জানেই, ফটাঢোল অসমীয়া ভাষা সংস্কৃতি সাহিত্যৰ হৈ নিজ নিজ ফটাঢোল কোবাব খোজা সকলৰ বাবে আজিৰ দিনত একমাত্ৰ বিশ্বাসযোগ্য প্লেটফৰ্ম। ফটাঢোলে অনুভৱ কৰে, অসমীয়া জাতিয়ে হোৱাই নোহোৱাই নিজৰ ফটাঢোল কোবাব নজনা বাবেই আজি ভাৰতভূমিত নিজৰ অস্তিত্বক লৈ সংকটত ভুগিব লগা হৈছে। আমি বুজি উঠিছোঁ যে আমাৰ পৰোচী ৰাজ্যৰ বাসিন্দাসকলৰ দৰে প্ৰচণ্ড আত্মবিশ্বাসেৰে নিজ নিজ ফটাঢোল কোবোৱাৰ প্ৰচেষ্টাইহে আমাক আমাৰ অধিকাৰ আৰু প্ৰতিষ্ঠা দিয়াব পাৰিব। আজিকালি ফটাঢোল কোবোৱাৰ যুগ, যি কোবাব নোৱাৰে সি গোল্লাই যাব।

সি যি কি নহওক, ফটাঢোলে আজিলৈকে ফটাঢোল কোবোৱাৰ নিত্য নতুন প্ৰক্ৰিয়া উদ্ভাৱন কৰি আহিছে, আৰু তাৰে এক নতুন পেটেণ্টেড উপায় হ’ল, সাম্ভাব্য গ্ৰন্থ সমালোচনা। 

সাধাৰণতে সমালোচনা লিখা হয়, গ্ৰন্থ এখন লিখা বা প্ৰকাশ হোৱাৰ পাছত, কিন্তু ফটাঢোলৰ ৰসায়নাগাৰত উদ্ভাৱিত এক নতুন প্ৰযুক্তি মতে এই কামটো কিতাপখন লিখাৰ আগতেই কৰিব পাৰি, আৰু তাৰ ফলাফল নৰ্মেল সমালোচনাৰ দৰেই হ’ব। সেয়ে আজি পৰীক্ষামূলক ভাৱে এখন অলিখিত, অপ্ৰকাশিত গ্ৰন্থৰ সমালোচনা আগবঢ়াবলৈ গৈ আছোঁ। আশাকৰোঁ আপোনালোকে এই সম্পৰীক্ষণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আমাৰ এই ফটাঢোল কোবোৱা প্ৰচেষ্টাৰ নিজ নিজ যোগদান দিব।

তো ভাইয়োঁ ঔৰ উনকী বেহেনোঁ‌- আজি আমি সমালোচনা কৰিবলৈ লোৱা অলিখিত, অসম্পাদিত আৰু অপ্ৰকাশিত গ্ৰন্থখনৰ নাম হ’ল- 

“মেকমোহন লাইন গৰকি ৰঙাচীনত দহদিন”,

 এই অবিশ্বাস্য, তথ্য সমৃদ্ধ ভ্ৰমণ কাহিনীটিৰ লেখক হ’ল- স্বনামধন্য, নগৈ গড়গাঁ‌ৱৰ বাতৰি দিয়া অসমীয়া ভ্ৰমণ সাহিত্যৰ কাণ্ডাৰীখ্যাত চিৰি ল চিৰি যুক্ত দেৱজিত শৰ্মা।

শৰ্মাদেউৰ অসমীয়া সাহিত্যৰ প্ৰতি অৱদান আপোনালোকে সৱেই জানে। তেওঁ‌ আজি ২০ বছৰ ধৰি একাণপতীয়াকৈ অসমীয়া ফেণ্টাছী ভ্ৰমণ কাহিনী লিখি আহিছে আৰু তেওঁৰ সেই তপস্যাত বাধা বিঘিনি হয় বুলি তেওঁ‌ সাংসাৰীক জীৱনৰ মেৰপাকৰ পৰাও নিজকে মুক্ত ৰাখিছে। আজি আলোচিত গ্ৰন্থখনৰ উপৰিও তেওঁ‌ আজিৰ তাৰিখত প্ৰায় ১৫ খন গাজাখুৰী ভ্ৰমণ কাহিনী লিখিছে আৰু ২৫ খন লিখিবলৈ কণ্ট্ৰেক্ট ইতিমধ্যে প্ৰাপ্ত কৰিছে। 

 এইহেন মহান ভ্ৰামণিকৰ অপ্ৰকাশিত অলিখিত গ্ৰন্থ এখনৰ সমালোচনা কৰিবলৈ পাই এই অধম অতিকৈ আনন্দিত।

তো, আমি পাতনি দীঘল নকৰি চিধা মুদ্দে কি বাত কৰোঁ‌-  শৰ্মাদেউৰ এই ভ্ৰমণ হৈছে চীন দেশলৈ আৰু চীন দেশৰ এনে কিছু পৰিস্থিতি বা ঘটনা লিখকে বৰ্ণনা কৰিছে, যি বিশ্বৰ কোনো লেখক সাংবাদিকে আজিলৈকে কৰিব পৰা নাই। শৰ্মাদেৱে জিন পিঙৰ শোৱনী কোঠাৰ যি বাস্তৱ দৃশ্য গ্ৰন্থখনিত তুলি ধৰিছে, সেয়া স্বয়ং চাইনীজ কমিউনিষ্ট পাৰ্টিয়েও কৰিব পাৰিব নে নাই সন্দেহ। 

এতিয়া আপোনাৰ মনত স্বাভাৱিক ভাৱেই প্ৰশ্ন জাগিব, যে শৰ্মাদেউ গ’ল কেনেকৈ তালৈ বা জিন পিঙে সোমাবলৈ কেনেকৈ দিলে তেওঁ‌ৰ  শোৱনী কোঠাত?  এই বিলাক সন্দেহ শৰ্মাদেৱে গ্ৰন্থখনৰ পাতনিতে কিলিয়াৰ কৰি দিছে। 

যি সময়ত মাও জে ডঙে চিয়াং কাই চেকক অপসাৰিত কৰি ৰেড চাইনাৰ কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা কৰিছিল, সেই সময়ত দেৱজিত শৰ্মা ক্লাছ 'টু'ত। সমগ্ৰ বিশ্ব দুভাগ হৈ গৈছিল, এভাগ ছেকৰ লগৰ আনভাগ ডঙৰ লগত। কিন্তু ক্লাছ ৱানৰ ছাত্ৰ হ’লেও শৰ্মাদেৱে বুজি উঠিছিল যে কাৰ পাল্লা ভাৰি হ’বলৈ গৈ আছে। টাইৱান, আমেৰিকা, জাপানে সেই সৰু কথাটোকে আজিও বুজি  নাপাই দক্ষিণ চীন সাগৰলৈ ধৰফৰাই মৰি আছে। সেয়ে শৰ্মাদেৱে ৰে'ড চাইনাৰ সৈতে এটা বুজাপৰা কৰি পেলালে তেতিয়াই, যে মই তোমাক নৱস্বাধীন ভাৰতবৰ্ষত হৈ থকা সকলো খবৰ দি থাকিম, একদম বৈদেশিক, সামৰিক ষ্ট্ৰেটেজীলৈকে সকলো কিন্তু তাৰ বিনিময়ত তুমি মোক এদিন চাইনা ফুৰাবলৈ নিব লাগিব। মই যেতিয়া বিচাৰোঁ তেতিয়াই আৰু মোক চাইনীজ প্ৰিমিয়াৰৰ ঘৰত দুৰাতি থাকিবলৈ দিব লাগিব।

মিছা ক’লে কিডাল হ’ব, দুৰ্ভিক্ষ পীড়িত আৰু নেহেৰুৰ আগ্ৰাসনত শংকিত নৱপ্ৰতিষ্ঠিত চীন চৰকাৰে দ্বিতীয় শ্ৰেণীত পঢ়ি থকা শৰ্মাদেউৰ প্ৰস্তাৱ একে আষাৰে মানি ল’লে।

এতিয়া আপোনাৰ মনত শংকা জাগিছে চাগৈ, যে শৰ্মা আচলতে চাইনাৰ এজেণ্ট। না না না না, শৰ্মাৰ দেশপ্ৰেম প্ৰশ্নৰ উৰ্ধত। তেওঁ আচলতে চাইনাক বুৰ্বকহে বনালে। মাটাহাৰীৰ নাম শুনিছে নহয়, শৰ্মাদেউ আচলতে অসম মুলুকৰ  একমাত্ৰ মাটাহাৰী, ডাবল এজেণ্ট। তেওঁ চাইনাক ইমানখিনি খবৰেই দিলে, যাৰ পৰা ভাৰতৰ একো লোকচান নহয় আৰু সেই খবৰবোৰৰ যোগেৰেই চীন চৰকাৰৰ বিশ্বাস ভাজন হৈ  চীন ভ্ৰমণ কৰি তেওঁ‌ এইখন গ্ৰন্থ লিখিবলৈ সক্ষম হ’ল। 

সেয়ে পোন প্ৰথমে শৰ্মাদেউৰ চৰণত লাং খাই পৰি তেওঁ‌ৰ প্ৰতি সন্মান জনাবলৈ সকলোকে অনুৰোধ কৰিলোঁ‌।

এই ভ্ৰমণ মহাকাব্যখনৰ আৰম্ভণি  হৈছে শৰ্মাদেউৰ চীন প্ৰৱেশৰ দৃশ্যৰে। যদিও চীন চৰকাৰৰ লগত শৰ্মাৰ একে নলীয়েদি পানী যোৱা সম্পৰ্ক, এডেভেন্সাৰ প্ৰিয় শৰ্মাদেৱে এই ভ্ৰমণ কাহিনীত অলপ স্পাইচ যোগাবৰ বাবে, ইলিগেলী চীনত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰে। পৃথিৱীৰ কোনো ভ্ৰমণ কাহিনীত এনে উদাহৰণ পোৱা নেযায়। বিৰল প্ৰতিভাধাৰী শৰ্মাদেৱে এটি গাধৰ বেশ ধৰি, সীমান্তৰক্ষী ভাৰতীয় আৰু চীনা সেনাক গাধ বনাই নাথুলা পাছৰ মাজেৰে চীনত প্ৰবেশ কৰে। সেই সময়চোৱাৰ বৰ্ণনা গ্ৰন্থখনিত অতি জীৱন্ত ভাবে দিয়া হৈছে। সমস্যা হৈছিল তেওঁ‌ গাধৰ দৰে চাৰিঠেঙীয়া হৈ সেই বৰফাবৃত এশ কিলোমিটাৰ পাৰ হ’ব লগা হৈছিল। লগতে আঁঠু কাঢ়ি দিয়াৰ বাবে তেওঁ‌ৰ উচ্চতা সাধাৰণ গাধতকৈ সন্দেহজনক ভাৱে কম হৈ গৈছিল। তাৰ উপায় মৰ্মে তেওঁ নিজৰ 'চাতিৰ দীমাগ' ব্যৱহাৰ কৰি নিজকে এক বাওনা গাধ বুলি প্ৰতীয়মান কৰি ভাৰত আৰু চীনৰ সেনাৰ চকুত ধূলি দি ৰঙাচীনত প্ৰৱেশ কৰিছিল।

গ্ৰন্থখনত লিখামতে সেই এশ কিলোমিটাৰ আঁঠুকাঢ়ি বাওনা গাধ হৈ পাৰ কৰাৰ পিছতে তেওঁ‌ চীনৰ প্ৰসিদ্ধ ফৰবিডেন চিটিত উপস্থিত হৈছিল। অৱশ্যে এই সমালোচকে অলপ গুগলাই চোৱাত দেখা গৈছিল যে সেই বাটেৰে গ’লে তেওঁ আচলতে তিব্বত হে পাব লাগিছিল, কিন্তু ক্ৰিয়েটিভ ফ্ৰীডমৰ বাবে সেই পইণ্টটো ইগনোৰ কৰা হ’ল। 

সি যি কি নহওক, ফৰবিডেন চিটিত উপস্থিত হোৱাৰ লগে লগে শৰ্মাদেউক শ্বাউলীন টেম্পলৰ মংক সকলে আদৰণি জনায়। অৱশ্যে ফৰবিডেন চিটি আৰু শ্বাওলিন টেম্পলৰ অৱস্থান সম্পৰ্কে শৰ্মাদেউৰ গ্ৰন্থ নিমাত। যিহেতু ফৰবিডেন চিটিলৈ আন কোনো মানুহ যাবই নোৱাৰে, গতিকে শৰ্মাদেউৰ বিৱৰণ মানি লোৱাৰ বাদে এই সমালোচকৰ আন কোনো উপায় নাই। 

গ্ৰন্থখনত এইখিনিতে এটা টুইষ্ট আছে, চীনা চৰকাৰে মুখেৰে যিমান মিঠা কথা নকওক লাগে, তেওঁ‌লোকে শৰ্মাক সম্পূৰ্ণ বিশ্বাসত লোৱা নাছিল। সেয়ে শৰ্মাই এটা পৰীক্ষা দিব লগা হ’ল- তেওঁ‌ শ্বাওলিনৰ সেই ৩৬ টা চেম্বাৰ পাৰ কৰিব লগা হ’ল, এটা এটাকৈ। প্ৰফেচনেল নহ’লেও শৰ্মা ডাঙৰীয়াৰ শ্বাওলিন কুংফুত দক্ষতাৰ কথা সকলোৱে জানেই। সেই স্বভাৱগত প্ৰতিভাৰ বলতে শৰ্মাই প্ৰথম ৩৫ টা চেম্বাৰ সহজেই পাৰ হ’ল। কিন্তু লেঠা লাগিল ৩৬ নম্বৰটোত। তাত তেওঁ সন্মুখীন হ’ব লগা হ’ল কাৰ জানেনে? 

স্বয়ং ব্ৰুছলীৰ! 

ব্ৰুছলী? তেওঁ‌তো কেতিয়াবাই ঢুকাল! সেইটোৱেই প্ৰশ্ন জাগিছে নহয় আপোনাৰ মনত? 

চাওক চীন এখন ৰহস্যময় দেশ, সেই ৰহস্য উদ্ধাৰ কৰিবৰ বাবেই শৰ্মাই নিজৰ জীৱন পণ কৰিছে, ডাবল এজেণ্ট হৈছে। 

এই গ্ৰন্থখন পঢ়িলে আপুনি গম পাব, ব্ৰুছলী আচলতে চীন বা হংকঙৰ সকলোতকৈ গোপন মাৰনাস্ত্ৰ। ব্ৰুছলী আচলতে এজন নহয়, বহুত আছে, এজন ব্ৰুছলী মৰিলে আন এজনে ব্ৰুছলীৰ ঠাই লয়, তেওঁৰ নামো ব্ৰুছলীয়েই হয়। ডালাই লামা টাইপ কেছ, চীনে ইমান বছৰে লুকুৱাই থোৱা ‘ৰাজ’টো শৰ্মাদেৱে নিজৰ গ্ৰন্থত নগ্ন কৰি দিছে। 

সি যি কি নহওক, বৰ্তমান ব্ৰুছলীৰ পদাধিকাৰীজনৰ সৈতে শ্বাওলিনৰ ৩৬ নম্বৰ চেম্বাৰটোত  শৰ্মাৰ তামাম ফাইট হয়, কিন্তু শৰ্মাই শেষত পৰাজয় বৰণ কৰিব লগা হয়। সমালোচকৰ দৃষ্টিৰে চাবলৈ গ’লে এই ফাইটখনত নিজকে হৰুৱাই শৰ্মাই আচলতে এই গ্ৰন্থখনক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। তেওঁ‌ ব্ৰুছলীক কুংফুত হৰুৱাই দিলোঁ বুলি মিথ্যা মাতি নিজকে জাহিৰ কৰিব খোজা নাই, অত্যন্ত আধ্যাত্মিক সততাৰে নিজৰ পৰাজয় স্বীকাৰ কৰিছে। এনে নিৰ্মম, নিৰ্মোহ পৰাজয় স্বীকাৰ অসমীয়া নেলাগে বিশ্বৰ ভ্ৰমণ কাহিনীতে বিৰল, হিউ ৱেন চাং, ইবন বটুতা আদি ঐতিহাসিক ভ্ৰমণ কাহিনী লিখোঁতায়ো নিজেক গ্লৰিফাই কৰাৰ চেষ্টা দেখা পোৱা যায়, কিন্তু শৰ্মাই একান্ত ভাৱে কেৱল সত্যৰ আৰাধনা কৰিছে, আৰু এই সততাই ভ্ৰমণ কাহিনীটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

কিন্তু শ্বাওলিনৰ ৩৬ নম্বৰ চেম্বাৰটোত ব্ৰুছলীৰ লগত পৰাজিত হোৱাৰ পাছতো, মানে চাইনীজ চৰকাৰৰ চূড়ান্ত পৰীক্ষাটোত ফেইল মৰাৰ পাছতো, শৰ্মাক জিন পিঙে কেনেকৈ বিশ্বাসত ল’লে। সেই ৰহস্যৰ পৰ্দা উঠিছে কাহিনীটিৰ পৰৱৰ্তী খণ্ডত।

এই আনহোনী সম্ভৱ হৈছে ব্ৰুছলীৰ বদান্যতাত। ৩৬ নম্বৰ চেম্বাৰৰ যুঁ‌জখন কি হৈছিল ব্ৰুছলী আৰু শৰ্মাৰ বাদে আন কোনেও নেজানে, কিন্তু যুঁ‌জখনৰ জিকাৰ পাছত ব্ৰুছলীয়ে জিন পিঙক ফোন কৰি কোৱা শৰ্মাই নিজে শুনিছিল,

 আগৰ ৩৫ টা চেম্বাৰত যুঁজি ভাগৰি  নপৰা হ’লে আজি শৰ্মাই ব্ৰুছলীৰ থীমটো ধ্বংস কৰি পেলালেহেঁতেন। এওঁক গ্ৰহণ কৰক, নহ’লে চীনৰ ভৱিষ্যত অন্ধকাৰ।

ইয়াৰ পাছতে চাইনীজ চৰকাৰৰ এসোপা বিষয়ববীয়া আহি শৰ্মাক মাল্য প্ৰদান কৰে আৰু তেওঁ‌ক টিয়ান-এন-মেন স্কোৱাৰ দেখুৱাবলৈ লৈ যায়। এইখিনিতে ভ্ৰমণ কাহিনীটিয়ে অলপ সাম্যবাদী, মানৱাধিকাৰী ৰূপ লয়। শৰ্মাই টিয়ান-এন-মেন স্কোৱাৰৰ এক এন্ধাৰ চুকত চুচু কৰিবলৈ যাওঁতে এজন ভীক্ষাৰীক লগ পায় আৰু লো বিহ’ল্ড, সেইজন ভীক্ষাৰী আচলতে টিয়ান-এন-মেন স্কোৱাৰত হোৱা চৰকাৰী মাচাকাৰৰ প্ৰত্যক্ষদৰ্শী। ভীক্ষাৰীজনৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি শৰ্মাই ভ্ৰমণ কাহিনীটোৰ এই চেপ্টাৰত প্ৰকৃততে তাত কি কি হৈছিল, সেই ঘটনা বৰ্ণনা কৰিছে। কেৱল টিয়েন-এন-মেন স্কোৱাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটেই নহয়, প্ৰতিবাদকাৰী সকলৰ ব্যক্তিগত জীৱনত আলোকপাতো কৰিছে শৰ্মাদেৱে।

চুংয়ুংকেই নামৰ প্ৰেমিকজনে কিদৰে গৰ্ভৱতী য়ুন লেই নামৰ প্ৰতিবাদী প্ৰেমিকাগৰাকীৰ ৰক্ষা কৰিবলৈ গৈ চীনৰ চৰকাৰী টেংকৰ আগত নিজে শুই দিছিল আৰু কিদৰে প্ৰেমিকাৰ হাতত ধৰি জীৱন ত্যাগ কৰিছিল, সেই ঘটনাৰ জীৱন্ত বৰ্ণনাই পাঠকৰ চকুলো বোৱাব। পিছলৈ শৰ্মাই য়ুন লেইক লগ ধৰি ৫০০ টকা এটা দি অহাৰ বাস্তৱ কাহিনীয়ে পাঠকক লিখকৰ মহানুভৱতাৰ কথা সদায় মনত পেলাই থাকিব।

ইয়াৰ পাছত আৰু বহুত কিবা কিবি ঘটনা হয় কিন্তু গ্ৰন্থখনৰ শ্ব’ ষ্টপাৰ হয়গৈ, জিন পিঙৰ সৈতে শৰ্মাৰ সাক্ষাত। যদিও জিন পিঙে শৰ্মাক আগৰ পৰাই জানিছিল, ব্যক্তিগত ভাৱে লগ পোৱাৰ দহ মিনিটৰ ভিতৰতে জিন পিঙে অনুভৱ কৰে যে শৰ্মাৰ দৰে বিশ্বাসী আৰু সমঝদাৰ বন্ধু পোৱা ভাগ্যৰ কথা। সেয়ে জিন পিঙ আৰু শৰ্মাই একেলগে মদ্যপান কৰে, যদিও শৰ্মাই জানে যে মদ্যপান স্বাস্থ্যৰ বাবে অপকাৰী কিন্তু দেশৰ স্বাৰ্থত তেওঁ সেই ৱচুল ত্যাগ কৰে। আৰু সেই মদৰ আড্ডাতে শৰ্মাই বুজি উঠে জিন পিঙৰ নিসংগতাৰ কথা, অসহায়তাৰ কথা। বিশ্বৰ সকলোতকৈ শক্তিশালী দেশ আমেৰিকাৰ চকুত চকু থৈ প্ৰত্যাহ্বান জনোৱা দেশখনৰ মুৰব্বী হ’লেও, জিন পিঙ যে এজন মানুহ, তেওঁ‌ৰো দূৰ্বলতা আছে, তেঁৱো কেতিয়াবা কান্দে কিন্তু তেওঁ‌ৰতো সেইখিনি স্বাধীনতা নাই যে তেওঁ ৰাইজক নিজৰ মৰ্মবেদনা দেখুৱাব, মন খুলি কান্দিব! জিন পিঙ সদায় শক্তিশালী হৈ থাকিব লাগিব, শক্তিশালী হ’বলৈ তেওঁ‌ বাধ্য, দুৰ্বল হোৱাৰ কোনো স্ক’প জিন পিঙৰ জীৱনত নাই। 

হ’লেও মানুহ না, শৰ্মাৰ লগত দুইপেগ মৰাৰ পাছত জিন পিঙে অন্তৰ উজাৰি কোৱা কথাখিনিৰে এই ভ্ৰমণ কাহিনীটিৰ সামৰণি পৰিছে, যি পাঠকক না কেৱল অনন্য তথ্য আৰু দৃশ্যৰে সমৃদ্ধ কৰিব, লগতে জিন পিঙ বা য়ুন লেইৰ মৰ্মস্পৰ্শী কাহিনীৰে আপোনাৰ দুচকু সেমেকাই তুলিব। 

শেষত এনে এটি ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক দিন দুগুণী অঔৰ ৰাত চৌগুনী উন্নত কৰাৰ বাবে দেৱজিত শৰ্মাক আন্তৰিক ধন্যবাদ জনাইছোঁ।

ভুতৰ ভৱিষ্যত-(শিৰোনাম এখন বাংলা চিনেমাৰ পৰা ধাৰ কৰা)

  (অক্টোবৰ ২০২২ সংখ্যা ফটাঢোলত প্ৰকাশিত)

হয়…. হয়, হয়েই! ভুতেই হয় সেইটো, নহ’লে কি হ’ব, এনে সময়ত? হে ভগৱান, কি উকহে খাইছিল মোক এই সন্ধিয়াখন এইফালে আহিবলে….হৰি ঔম! হৰি ঔম!….জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপিচ তিনো লোক উজাগৰ!…. লা ইলাহা ইল্লালাহো মোহাম্মদুৰ ৰছুলুল্লাহি,…. ঔঁম মণি পদ্মে হুঁম…. ইন দ নেম অৱ দ গ’ড এণ্ড দ হলী স্পিৰিট….আমেন….ক’ত যাওঁ ….ক’ত পলাওঁ…. কোন ক’ত আছ….আজি ৰাতিটোও ইমান এন্ধাৰ হ’ব লাগেনে? আৰু এই গেজেপনি মৰা বাঁহনিখন এইফালে আছে বুলি জনাহেঁতেন মই মৰি গ’লেও এইফালে নাহোঁ। কি হ’ব এতিয়া, আজি মই ‍শেষ…. আজি ভুতে মোৰ তেজকণ শুহি খাব, সেইটো…. সেইটো আহিছে মোৰ ফালে….মই দেখোন দৌৰি পলাবও পৰা নাই….আৰে মোৰ ভৰিকেইটা লৰচৰেই নহয়চোন….খতম মই… শেষ….
তেনেকুৱাতে মই সম্বিত হেৰুৱাই বাগৰি পৰিলোঁ…. তাৰ পাছত মোৰ একো মনত নাই। 
*
ভুতৰ প্ৰতি মোৰ ভয়টো এতিয়াৰ নহয়, কাছুটি লোৱা দিনৰে পৰা ভুতে মোক খেদি ফুৰিছে। কিমান ৰাতি মই ভুতৰ ভয়ত নোশোৱাকৈ আছোঁ হিচাপ নাই। ৰাতি শুবলে লওঁ- লাগে যেন কোনোবাই খিৰিকীৰে বা ভেণ্টিলেটৰেৰে মোক চাই আছে। অকলে খোজকাঢ়িলে দিনতে লাগে যেন কোনোবা মোৰ পিছে পিছে আহি আছে….কিমান বাৰ ৰাতি মোক কোনোবাই টেঁটু চেপি ধৰিছে, ধৰফৰাই সাৰ পাইছোঁ…. চিঞৰিছোঁ…. অকলে থাকিলেই অদ্ভূত মাত কিছুমান শুনো। ৰাতি দূৰত লাইট এটা জ্বলা দেখিলেই লাগে যেন সেইটো ধনগুলৈ, মোক খেদি আহিছে। আৰু তাৰো ওৰপৰত এই ভুতৰ চিনেমাবোৰ….”আমি মঞ্জলিকা!!!” মঞ্জলিকাৰ চকুকেইটাই এমাহ মানলৈ মোৰ পিছা কৰি ফুৰে। কিয় বনাই এইবোৰ চিনেমা মই বুজি নেপাওঁ, এনেই ভুতৰ উৎপাতত মোৰ জীৱন নৰক হৈ গৈছে, তাৰ ওপৰত আকৌ নিত্য নতুন ভুতৰ আইডিয়া। কনজিউৰিং, দা নান কত কি? মুঠতে ভুত আৰু ভুতৰ চিনেমাই মিলি মোৰ জীনা হাৰাম কৰি দিছে….সেয়ে মই পৰাপ‍‍ক্ষত ভুতৰ কথা নেপাতোঁ, আৰু ভুতীয়া ঠাইবোৰলৈ নে‍যাওঁ। ৰাতি শোৱা বিছনাখনৰ তলত সৰিয়হ, কেঁচা নহৰু, লোহাৰ কটাৰী সকলো ৰাখোঁ, আৰু সেইবোৰ সাৱটিয়েই শোওঁ।  পগলা বাবাৰ পৰা অনা চাৰিটা ভুত প্ৰতিৰোধী তাবিজ সকলো সময়তে মোৰ গাত থাকেই, নেৰোঁ সেইকেইটা। সেইবোৰ প্ৰটেকচন লোৱাৰ বাবেই হয়তো আজিলৈকে মোক ভুতে ভয় খুওৱাৰ বাদে বিশেষ একো অপকাৰ কৰিব পৰা নাই। পিছে আজি কথাটো পুৰা গৰবৰ হৈ গ’ল।

অচিন ঠাই এখনলৈ বিশেষ চিন্তা অনুসন্ধান নকৰাকৈয়ে আহি গ’লোঁ। শুনিছিলোঁ ইয়াত বোলে পগলা বাবাতকৈয়ো শক্তিশালী তান্ত্ৰিক এজন আছে, পগালা বাবাৰ চাৰিটা তাবিজে কৰিব নোৱাৰা কাম, তেওঁৰ এটা তাবিজেই কৰি দিয়ে। গতিকে তেনে চাৰিটা তাবিজ যদি মই পিন্ধি লওঁ, তেনে মোৰ ভুত প্ৰতিৰোধী ব্যৱস্থাটো S-400  মি‍ছাইল ডিফেন্স চিষ্টেমৰ দৰে হৈ যাব। ভুতে মোৰ ফালে মূৰ ডাঙিয়েই চাব নোৱাৰিব। এনে সুবিধা পালে মই এৰি দিয়াত নাই, ভুতে মোক ইতিমধ্যে বহুত জ্বলাকলা দিছে, আৰু নোৱাৰি আৰু, লাগিলে পইচাকে খৰছ হওক। জীৱনতকৈ পইচা ডাঙৰ নহয়।

তাতেই ভুল হৈ গ’ল মোৰ, ‘১২৯ নং মৌলানা পৰমহংস কৃষ্ণ কৰিম প্ৰভূপাদ ঘাণ্টে বাবাৰ’ আশ্ৰম বিচাৰি ফুৰোঁতেই সন্ধিয়া লাগি ভাগিল। যাকে সোধোঁ সিয়ে ভুল ৰাষ্টা দেখুৱাই। আৰু আজি এই ৰাতি আঁঠ বজাত মই গেজেপ মৰা বাঁহনি এখনৰ মাজত, ইফালে অন্ধকাৰ, জনপ্ৰাণী এটা নাই!  তেতিয়াই ঘটানাটো হ’ল…. অচিন অদ্ভূত ছাঁয়া এসোপাই মোক বেৰি ধৰিলে, হাত ভৰি লৰচৰ কৰিব নোৱাৰা হ’লোঁ….আৰু এসময়ত মোৰ কোমল হৃদয়ে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, মই বেহুচ হৈ গ’লোঁ।

কিমান দেৰি অচেতন হৈ আছিলোঁ ক’ব নোৱাৰোঁ- কিন্তু এসময়ত মোৰ জ্ঞান ঘূৰি আহিল….অনুভৱ কৰিলোঁ, মোক ক’ৰবাত আঁটি আঁটি বান্ধি থোৱা আছে, হাত ভৰি লৰাব নোৱাৰোঁ মই। জান নিজান কৈ চকুকেইটা মেলি চালোঁ….আৰে! মোৰ চাৰিওফালেচোন কোনোবা আছে! কোন এইবোৰ, মানুহ যেনেই লাগে, বা নেলাগেও। কোন এইবোৰ? তেনে ক্ষেত্ৰত মই মোৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা বুদ্ধিমত্তা ব্যৱহাৰ কৰিলোঁ- সাৰ সুৰ নোহোৱাকৈ পৰি থাকি, জান নিজান চকু দুটা মেলি কাণ উনাই শুনাৰ চেষ্টা কৰিলোঁ। কিবা মীটিং চিটিং হৈ থকা যেন লাগিল। হয় মীটিঙেই হয়, শুভ্ৰ ধূতি চোলা পিন্ধি, মূৰত প্ৰকাণ্ড ৰাজকীয় পাগ মৰা, হাটত লাখুটি এডাল লৈ থকা মানিহ এজনক কেন্দ্ৰ কৰি বিছ পচিশজন মানুহ!! ৰ’ব। মানুহেই যেন লাগিছে হয়, কিন্তু কিবা আচহুৱা, তাতে আধামেলা চকুৰে ভালকৈ দেখাও নাই। 
: পাতকীটোৰ জ্ঞান আহিল নেকি?

গুৰু গম্ভীৰ স্বৰে পাগ মৰা মানুহজনে সুধিলে। 

: নাই অহা ডাঙৰীয়া, সি এনেই অলপ ধতুৱা মানুহ, আমি ধৰোঁতেই তাৰ চিলিম চিগিব যেন লাগিছিল, পিছে কিবা কৰি বাচিল। হ’ব আমি কথাখিনি পাতি লওঁ, তাৰ পাছত তাক জগাম। মানুহৰ পো হে, পানী এবাল্টি ঢালি দিলেই হুঁচ আহিব যাব তাৰ। 

অ’ হয় যি হয়, মোক ভুতে পালে। আৰু সেই বুঢ়াজন ‘বুঢ়া ডাঙৰীয়া’, আৰু বাকীবোৰো ভুত। আজি মোৰ জীৱনৰ শেষ দিন,  একোটা ভুতেই মোৰ কালিজা বন্ধ কৰোঁ কৰোঁ কে থাকে, আৰু আজি মই ভুত সমাজৰ মীটিঙত সোঁশৰীৰে বহি আছোঁ, তাকো মোৰ হাত ভৰি বন্ধা। ইয়াতকৈ বেয়া অৱস্থা হ’ব পাৰে? মই শেষ। মই কৰিব লগা একো নাই এতিয়া, যি কৰে ভুতেই কৰিব। এল আই চি পলিচিকেইটা মানুহজনীৰ হাতত আছে বাৰু, চলিব পাৰিব যেনে তেনে। পিছে আকৌ ভুতে মাৰিলে এল আই চিয়ে কভাৰ কৰে বা নকৰে, আত্মহত্যা কৰিলে নকৰে যেনেকৈ। হ’ব দে, আজি জীৱনৰ শেষ দিনটোত সেইবোৰ কথা নেভাবোঁ, যাৰ কপালত যি আছে হ’ব। মই মীটিঙলৈ মন দিলোঁ। 
কোনোবা এটাই টেংটেঙীয়া মাতেৰে সভা আৰম্ভ কৰিছে। 

: শ্ৰদ্ধাৰ অসমবাসী খিলঞ্জীয়া ভুত সংস্থাৰ সভাপতি ‘বুঢ়া ডাঙৰীয়া’ ডাঙৰীয়া, ভুত লিবাৰেচন ফ্ৰণ্ট অৱ আছামৰ কমাণ্ডাৰ ইন চিফ ‘কন্ধ মহাশয়’, মহিলা ভুত মুক্তি মৰ্চাৰ সভানেত্ৰী ‘ঘৰ জেউতি’ মহোদয়া, অসমীয়া ভুত যুব মঞ্চৰ সৰ্বাধিনায়ক ‘ম’হ যখ’ ভাইটি, ভুত মৎস উদ্যোগৰ স্বত্বাধিকাৰী বাঁক চন্দ্ৰ আগৰৱালা, আৰু মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ বাকী ভুত সকল! আপোনালোক সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম জনালোঁ। আজিৰ দিনত আমি খিলঞ্জীয়া ভুতসকলৰ আগত আমাৰ অস্তিত্বৰ সংকটৰ প্ৰশ্ন আহি পৰিছে, মানে আজিৰ ভাষাত ক’বলৈ গ’লে কোনেও আমাক পাত্তাই নিদিয়ে। এনে পৰিস্থিতিত কি আমি নিজকে হেৰুৱাই পেলাম, হাজাৰ বছৰীয়া অসমীয়া ভুত পৰম্পৰা কালৰ কুটিল গতিত বিলীন হৈ যাব? ই আজি আমাৰ ভুত সমাজৰ সমুখত সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান। কিয় এনে হ’ল, আৰু এই অৱস্থাৰ পৰিত্ৰাণ কি? এই বিষয়ে বিষদ ভাৱে আলোচনা কৰি তাৰ সমাধান উলিয়াবৰ বাবেই আজিৰ এই সভাখন আহ্বান কৰা হৈছে। সদায় হোৱাৰ দৰেই আজিও আমাৰ সভাৰ সভাপতিত্ব কৰিব আমাৰ মাজত সকলোতেকৈ গুণী জ্ঞানী “বুঢ়া ডাঙৰীয়া” ডাঙৰীয়াই, তেখেতে ইতিমধ্যেই নিজ গুণে সভাপতিৰ আসন গ্ৰহণ কৰিলেই। এতিয়া আমি তেওঁৰ পৰিচালনাত সভাখন আগুৱাই নিম। এইখিনিতে এটা কথা, আজি আমি এটা নৰমনিচৰ পোৱালীও ধৰি আনিছোঁ, বুঢ়া ডাঙৰীয়াৰ পৰামৰ্শ মতে, বৰ্তমান সি অচেতন হৈ আছে। তাৰ প্ৰয়োজন হোৱা সময়ত তাক জগাই দিয়া হ’ব। ধন্যবাদ। 

বুঢ়া ডাঙৰীয়াই দুটামান গলখেকাৰি মাৰিলে যেন লাগিল মোৰ, চকু দুটা অলপ বহলকৈ মেলি দেখিলোঁ, তেঁও মাজতে থকা ৰঙা প্লাষ্টিকৰ চকী এখনত বহি লৈছে। হাতত এখন কাগজ! মাতটো কিন্তু কিছু গুৰুগম্ভীৰ।

: মোৰ মৰমৰ অসমীয়া খিলঞ্জীয়া ভুতসকল, উদ্দেশ্য ব্যাখ্যা কৰোঁতা ‘খেতৰ’ মহোদয়ে কথাখিনি আপোনালোকক বুজাই ক’লেই। আমি আজি এনেই চাহ-ভাত খোৱা মীটিং নকৰোঁ৷ আজি বুজিবলৈ চেষ্টা কৰিম, আপোনালোক প্ৰতিজনৰ পৰা, যে কি কাৰণত আজি আমি স্থানচ্যুত হ’লোঁ। আমালৈ কোনেও কিয় ভয় নকৰা হ’ল? আমাৰ অসমৰ ল’ৰা-ছোৱালীয়ে আজি কিয় আমাৰ দৰে ভুতলৈ ভয় নকৰি, ড্ৰাকুলা, নান, ২০১২ আদিৰ দৰে ভুতৰ ভয়ত কঁপি থকা হ’ল? আজি যদি আমি একেলগ হৈ কিবা এটা ব্যৱস্থা নলওঁ তেনে আমি নিশ্চিহ্ন হৈ নেযাম নে? কিয় এনে হ’ল? আজি আমি তাৰ সমাধানৰ পথ বিচাৰিম, মই এজন এজন ভুতক সুধিম, তেওঁৰ সমস্যা কি? চাওক ৰাইজ, ভয়েই ভুত, মানুহে আমালৈ ভয় নকৰিলে আমাৰ অস্তিত্বৰ সংকট আহিবই! আজি ৫০ বছৰ আগতেতো এনেকুৱা নাছিল, আমাৰ ভয়ত অসমীয়া নৰমনিচ সান্ধিয়াৰ পাছত ঘৰৰ পৰা ওলোৱা নাছিল। আমাৰ চকুত পৰে বুলি ন-বোৱাৰীয়ে ৰাতি চৰিয়াত চুচু কৰিছিল, ছোৱালীৰ মাক বাপেকে সেই চৰিয়াটো যৌতুকত দিছিল! তেনে কিয় এনে হ’ল? আজি যে কোনেও আমাক কুত্তা বুলিও নোপোচে? এইবোৰ জ্বলন্ত সমস্যাৰ সমাধান আমি উলিয়াবই লাগিব। তাৰ বাবেই আজিৰ এই মীটিং অতিশয় গুৰুত্বপূৰ্ণ। তাৰ লগতে এটা কথা কওঁ, আমি আজি নৰমনিচৰ পোৱালী এটাও ধৰি আনি থৈছোঁ, তাৰ কি কাম মই পিছত কম। এতিয়া আপোনালোকৰ এজন এজনকৈ সকলোৰে সমস্যাবিলাক শুনিম। গতিকে মই সময় নষ্ট নকৰি আপোনালোকক দিল খুলি নিজ নিজ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ। 

: সভাপতি মহোদয়!

সেয়া কন্ধই হ’ব, চেহেৰাটো দেখিছোঁ মই, ডিঙিৰ ওপৰত মূৰটো নাই, বুকুত দুটা প্ৰকাণ্ড চকু, পেটত মুখ এখন, আৰু একোচা ৰাৱণ টাইপৰ মোচ। মাতটোও কিবা গব্বৰ সিং যেন। 

: কওক কন্ধ মহাশয়৷

ঠিক ধৰিছিলোঁ মই৷

: এইবিলাক মীটিং ফিটিং কৰি লাভ নাই, মোক আপুনি ফ্ৰী হেণ্ড দিয়ক। এই অসমীয়া নৰমনিচসোপাক মই কম্বিং অপাৰেচন কৰি এনেকৈ মোচোৰা মাৰিম নহয়, গম পাই যাব, ড্ৰাকুলা ভয়ংকৰ নে মই। আপুনি সদায় মোক অসমীয়া ভুতৰ ঐতিহ্যৰ কথা কৈ বাধা দি আহিছে, সদায় “ভুত আৰু মানুহৰ সহাৱস্থান” নামৰ এটা অবাস্তৱ আইডিঅ’লজিক প্ৰোৎসাহন দি আজি আমাৰ খিলঞ্জীয়া ভুত সমাজক বিপদৰ মাজলৈ ঠেলি দিছে। লাভ নাই, ডাঙৰীয়া, আপোনাৰ আউটডেটেড চিন্তাৰ কাম নাই আজিকালি। ৰিজাল্ট লাগে আমাক, ফলাফল ফলদাতা বিভূৰ হাতত বুলি শুই থাকি লাভ নাই। মই জানো মোক সমৰ্থন কৰা ভুত এইখন সমাজতে বহুত আছে, আমি মানুহৰ দৰে গণতান্ত্ৰিক প্ৰক্ৰিয়া মানি চলিলে এতিয়াই মই আপোনাক স্থানাচ্যুত কৰি নিজে সভাপতি হ’ব পাৰোঁ। কিন্তু মই মানুহ নহয়, মই ভুত, সেয়ে তেনে বিসম্বাদী কাম মই নকৰোঁ, সেয়ে ডাঙৰীয়া, অনুৰোধ কৰিছোঁ, মোক ফ্ৰী হেণ্ড দিয়ক। অসমীয়া খিলঞ্জীয়া ভুতৰ সামাজিক, অৰ্থনৈতিক স্থিতি মই আকৌ ঘূৰাই আনিম। ডাঙৰীয়া, নামঘৰৰ আগৰ অৰ্জুন গছ জোপাৰ তলত মাজনিশা পাগ মাৰি ঠিয় হৈ থাকিলে আজি আপোনালে কোনেও ভয় নকৰে, নাম্বাৰ ৱান বা আৰু তাৰো ওপৰৰ বিধৰ নিচাত, হেলমেট নিপিন্ধাকৈ তীব্ৰ গতিত বাইক চলাই অহা অসমীয়া ডেকাই নিজে মৰিবলেকে ভয় নকৰে, আপোনাকতো খুন্দিয়াই উৰাই দিব। মোক মোৰ মতে কাম কৰিবলৈ দিয়ক, আহিব লগা বলীউড, হলীউড সকলো ভুতৰ চিনেমাতে, আনকি “ঘোষ্ট অফ মাইখুলি”তো আমিয়েই ওলাম, ড্ৰাকুলা, জম্বি বা সেই ইৰিটেটিং মতা নানজনী নোলায়। এনেকুৱা টেৰ’ৰ সৃষ্টি কৰিম। এয়ে মোৰ শেষ কথা।

: কন্ধ মহাশয়, প্ৰথম কথা, আপুনি মোৰ সৈতে এইটো ‘টিউন’ত কথা পাতিব নোৱাৰে, কাৰণ সভাপতি ময়েই এতিয়াও। আৰু যদি আপুনি এনে ব্যৱহাৰ কৰে, তেনে আমি ভুত সংবিধানৰ ৩৭৫ ধাৰা মৰ্মে আপোনাৰ সাকলো চুপাৰ নেচাৰেল পাৱাৰ কাৰ্টেইল কৰিব পাৰোঁ। হ’লেও মই আপোনাৰ কনচাৰ্ণখিনি বুজি পাইছোঁ- একো উপায় নহ’লে আমি আপুনি কোৱা পথতে যাবলৈ সাজু আছোঁ- কিন্তু তাৰ আগতে আমি প্ৰব্লেম এনালাইছিচখিনি ভালকৈ কৰিব লাগিব, বুজিব লাগিব এপাৰেণ্ট ক’জ আৰু ৰুট ক’জৰ পাৰ্থক্যখিনি। ব্ৰেইন ষ্টৰ্মিং কৰিব লাগিব, চাব লাগিব যে আমি লোৱা পন্থাটোৱে যাতে বেকফায়াৰ নকৰে। বুজিছেতো? গতিকে কিছু সমায় আপুনি মনে মনে থাকক, বাহিৰত গৈ চিগাৰেট এটা টানক। মই সমস্যাটো বুজিবৰ চেষ্টা কৰোঁ- সকলোৰে সৈতে কথা পাতোঁ!

: কিন্তু ডাঙৰীয়া…

: ইউ আৰ ডিছমিছড ফৰ হাফ এন অৱাৰ! প্লীজ লীভ!

কথাখিনি শুনি মোৰ ভয়ৰ মাজতো অলপ আশা জাগিল, মানে ইহঁতৰ মাজতো বিসম্বাদ আছে, সেইটো লাইনত খেলিব পৰিলে মই হয়তো বাচিও যাব পাৰোঁ- কন্ধ আৰু বুঢ়া ডাঙৰীয়া দুই পাৰ্টিৰে ভুত সমাজত হ’ল্ড বেয়া নহয়, প্ৰায় সমান পাৱাৰ। আৰু ইটোৱে সিটোক ভালো নেপায়! খেল খেলিব পৰা যাব- মোৰ মনুষ্য মগজটোৱে বাৰে বাৰে ক’লে।

: শুনক ৰাইজ, আমি পোন প্ৰথমেই উগ্ৰপন্থাৰ কথা ভৱা উচিত নহয়! একেবাৰে উপায় নহ’লেহে আমি সেইটো পথ ল’ম। আজি হাজাৰ হাজাৰ বছৰ ধৰি আমি অসম দেশত নৰ মনিচৰ সৈতে একেলগে সমিল-মিলেৰে বাস কৰি আহিছোঁ- যদিও আমি ইটোৱে সিটোক মাৰিবলৈ সদায় উৎসুক। এনে মতবিৰোধৰ মাজতো সহাৱস্থান সম্ভৱ, আমাৰ ঐতিহ্যই তাকে কয়। এতিয়া মই প্ৰতিজন ভুতৰ পৰা জানিব বিছাৰিম, আপোনালোকে কিয় অসমীয়া মানুহক ভয় খুৱাব নোৱাৰা হ’ল? আগতেই কৈছোঁ, ভয়েই ভুত, ভয় নেথাকিলে আমাৰ অস্তিত্ব নাই। কিয় অসমীয়া মানুহৰ মাজত আমাৰ ভয় হৰাই গ’ল? প্ৰথমতে মই “দ’ত”ক নিজৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ!”

: শ্ৰদ্ধাৰ সভাপতি মহোদয়!

কেনকেনীয়া মাতৰ এজন ঠিয় হ’ল! মই আঁৰ চকুৰে চাই দেখিলোঁ- প্ৰায় দহ ফুট মান ওখ, আউল বাউল চুলি আৰু আৰু দীঘল নখৰ এটা ভুত। ৰং ক’লা মানে আলকতৰায়ো লাজ পাব, বাকী কাষৰ বস্তুবিলাক অলপ পোহৰ বুলিহে তেওঁৰ অবয়ব দেখা পোৱা গৈছে। 

: মহোদয়, মই আৰু মোৰ কাজিন ব্ৰাডাৰ ‘বাঁক’, আমি মাছ প্ৰেমী ভুত। আমাৰ মডাছ অপৰেণ্ডি প্ৰায় একেই। আমি মাছ ধৰিবলৈ আৰু খাবলৈ  পাগল হৈ থকা অসমীয়া ৰাইজক টাৰ্গেট কৰোঁ। মাছৰ উজান উঠা নদীত বান বা খোকা, হুকুমা পাতি থৈ অহা মৎস্যপ্ৰমীক আমি বোৱাৰী পূৱাতে কোনো লগ বন্ধুৰ ৰূপে গৈ নদী বা বিলৰ পাৰলৈ লৈ যাওঁ, আৰু তেওঁ মাছৰ লোভত পাগল হৈ থকা সময়ছোৱাতে তেওঁক পাকৰাও কৰোঁ। আমি মাছ খাই ভাল পাওঁ আৰু আমাৰ মাছ ভোজনত হকা বাধা কৰিলে আমি আমাৰ চিকাৰক ডিঙি মোটোকাই মাৰি ওলোটাকৈ পুটি থওঁ। তেনেকৈয়ে আমি হাজাৰ বছৰ ধৰি চলি আহিছোঁ। মাজতে দুই এটা পাহোৱাল নৰ মনিচে আমাৰ কাষলতিৰ তলৰ মোনাটো থপিয়াই নি সৰিয়হৰ ঢুলিত লুকুৱাই আমাৰ হতুৱাই গেবাৰিও খটাইছে, স্বীকাৰ কৰোঁ। আমিও সুবিধা বুজি গিৰিহঁতনীক পতাই মেলি আকৌ মোনাটো লৈ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছোঁ। সেইবোৰ সমস্যা নাছিল আমাৰ। কিন্তু আজিৰ পৰিবেশ সম্পূৰ্ণ পৃথক। আজি কোনো অসমীয়া ডেকাই কালিহি পোহৰত হুকুমাত লগা মাছ চাবলৈ নেযায়। অন্ধ্ৰ আৰু কাণপুৰৰ পৰা অহা চালানী মাছ খায়েই তেওঁলোকে ক্ষুধা নিবাৰণ কৰে, বৰ বেছি বৰপেটা, খাৰুপেটীয়াৰ ইউৰিয়া দিয়া ৰৌ বাহু মাছ খায়। খোকা, হুকুমা, বান বেছি ভাগেই চিনি নেপায়। আৰু কেৱল মাছৰ বাবে, আগদিনা খোৱা বস্তুকণৰ হেং অভাৰৰ সোৱাদ কোনো অসমীয়া ডেকাই নেৰে। এৰিবও নোৱাৰে, হেং অভাৰ কেনে বস্তু আপুনি হয়তো নেজানে। তাৰ ওপৰত আকৌ ৰাতি তিনি বজালৈকে ফোনত বাবু সোণা কৰিবলৈ আছেই। তেনে কওক ডাঙৰীয়া, এজনো অসমীয়া ডেকা যদি ব্ৰহ্ম পূৱাতে মাছ ধৰিবলৈ নেযায়, আমি কৰিম কি? কাক ভয় খুৱাম, কাক ডিঙি মোচোৰা দিম? কাক উলোটাই পুতিম কওকচোন?

: হমমমম! গম্ভীৰ সমস্যা! ‘বাঁকে’ কিবা ক’ব?

: কি ক’ম ডাঙৰীয়া, দ’তৰ সৈতে সহমত। আৰু এটা কথা যোগ দিওঁ, অসমৰ নদী বিলত আজি মাছেই নাই। সৱ বিহ দি, পথাৰত কীটনাশক মাৰি শেষ কৰিলে, অসমৰ ল’ৰাবোৰ যাওঁ বুলিলেও ক’লৈ যাব? এতিয়া আমি পূৱা ৪ বজাত টাটাৰ ছোটা হাতীত চিনটেক্স টেংকত মাছ ভৰাই অনা সন্দেযুক্ত বাংলাদেশী মাছ বেপাৰীকেইটাক হামলা দিলেহে হ’ব? মাছ আজিকালি ফিছাৰীতহে পায়, আমি এটেক কৰিবলৈ সুবিধাই নেপাওঁ! যেনি তেনি লাইট জ্বলি থাকে, পাম্প চলি থাকে, এশমান মানুহে মাছক ইউৰিয়া খুৱাই থাকে, আমাৰো সীমাৱদ্ধতা আছে দিয়কচোন, এশ মানুহৰ মাজত এটাক ধৰিবলৈ গ’লে কোনোবাই যদি দ’ত’ৰ মোনাটোকে কাঢ়ি লয়? সি বেটাতো ডুবিল না, তাকে মাছক ইউৰিয়া খোৱাৰ কামত লগাই দিব। 

: হয়, বুজি পাই‍ছোঁ, মাছ ভিত্তিক ভুতসকলৰ অসমীয়া মানুহৰ মাছ যোগান ব্যৱস্থাটো সলনি হোৱা বাবে এটা মেজৰ চেটবে’ক হৈছে। আমি পিছলৈ এই আলোচনা আগবঢ়াই নিম, তাৰ আগতে মই বাকী ভুতসকলৰ কথাও শুনিব খোজোঁ। হমমম! ঘৰ জেউতী মহোদয়া, আপোনাৰ কামটোতো একেবাৰে চিম্পল আছিল, আপুনি মাত্ৰ মাজনিশা গৈ মতা মানুহ অকলে থকা ঘৰবিলাকত চৰক চৰক শব্দ কৰি ঝাড়ু লৈ সাৰিব লগা আছিল, দুৱাৰ মূখত কোনো মতা মানুহ শুই থাকিলে তেওঁ গাৰ ওপৰেদি মেকুৰী পাৰ হোৱাদি পাৰ হ’ব লাগিছিল। একেবাৰে সহজ কাম, সেইটো কাম কৰাত আপোনাৰ কি অসুবিধা হৈছে?

মই আকৌ এবাৰ চকু মেলিলোঁ! আঃ !  এইজনীয়েই ঘৰ জেউতী, মধ্য বয়সৰ এগৰাকী সুন্দৰী মহিলা, চুলিখিনি কিন্তু পুৰা বগা, গাৰ ৰঙো বগা। একদম শ্লীম ফিগাৰ, মেখেলা চাদৰ জোৰো শুৱাই পৰিছে, চিম্পল বাট এলিগেণ্ট। মিহি মাত এটাৰে তেওঁ কবলৈ ধৰিলে, 

: ডাঙৰীয়া, মোৰ কামটো আপুনি কোৱাৰ দৰে ইমান সহজ নহয়। মোৰ ইউ এচ পি আছিল ঘৰ সৰাৰ শব্দটো। মতা মানুহে ঘৰ সাৰি বেয়া পাই, সেয়ে ঘৰ সৰাৰ শব্দত তেওঁলোকে ভয় খায়। কিন্তু আজিকালি কোনেও ঘৰ নেসাৰে ডাঙৰীয়া, সকলোৱে ভেকুৱাম ক্লীনাৰ ব্যৱহাৰ কৰে। ভেকুৱাম ক্লীনাৰৰ শব্দটো চৰক চৰক নহয়, কোওওওওও ধৰণৰ হয়। মানুহবোৰ ঘৰ পৰিষ্কাৰ কৰাৰ নামত সেইটো শব্দতহে অভ্যস্ত! চৰক চৰকটো তেওঁলোকে কাষৰ ফ্লেটত হৈ থকা টাইলচ কাটিঙৰ শব্দ বুলি ভাৱি লয়। মোৰ পুৰা কামটো সেই শব্দটোৰ সৈতেই জড়িত আছিল, আজিকালি সেইটো শব্দৰ ভেলুৱেই নাইকিয়া হৈ গ’ল। মই কি কৰিম, যিমান চৰক চৰক নকৰোঁ লাগে, মতাকেইটাৰ টোপনিয়ে নেভাগে। তাতে অকলশৰীয়া মতাবোৰে পুৰা মাল টানি লৈ শোৱে নহয়, গাত পানী ঢালি দিলেও গম নেপায়। মই উপায়বিহীন ডাঙৰীয়া, স্বেচ্ছা অৱসৰৰ বাদে মোৰ আন কোনো উপায় মই দেখা নাই।

: অহ! মই জনা নাছিলোঁ ইমানখিনি। আপোনাৰ মূল সমলটোতে যদি আঘাত হয়, তেনে আপুনি তিস্থি থাকিব কেনেকৈ, বুজি পাইছোঁ মই! কিবা এটা উপায় কৰিব লাগিব, তাৰ আগতে বাকীসকলৰ কথা শুনোচোন। ম’হ যখ ভাইটি, তোমাৰ কাম আছিল, ম’হৰ জাকৰ মাজত, ম’হৰ ৰূপ লৈ থাকি সুবিধা পালেই গোৱালক শিঙেৰে খুচি দুফাল কৰা। তোমাকতো আজিকালি দেখাই নেপাওঁ, যোৱা দহ বছৰত কোনো ম’হ গোৱাল ‘ম’হ যখ’ৰ খোচত মৰা নাই, মোৰ ওচৰত ডকুমেণ্ট আছে! কি কৰি আছা তুমি?

: ছাৰ মোক সেইবিলাক কথা কৈ লাভ নাই।

চেঙেলীয়া মাতেৰে তজবজীয়া ভুত এটাই কৈ উঠিল। 

: ছাৰ? মোক ছাৰ নক’বা, ডাঙৰীয়া বুলি কোৱা। তোমালোকে ইংলিছ মিডিয়ামত পঢ়াবোৰে কাক কি সম্বোধন কৰিব লাগে সেইটোও পাহৰি গৈছা।  

: অ’কে অ’কে, ডাঙৰীয়া ছাৰ। শুনক, মই ইংলিছ মিডিয়ামত পঢ়া কাৰণেই আজি এই বাকী ভুত বোৰৰ দৰে বেকৱাৰ্ড হৈ থাকিব লগা হোৱা নাই! মোৰ কাম কি মই জানো, কিন্তু অসমত আজিৰ ডেটত ম’হ গোৱাল নায়েই, মই কাক খুঁচি মাৰিম?  সেয়ে মই আজি ৫ বছৰ আগত গুজৰাট এক্সপ্ৰেছত উঠি আনন্দ গুচি গ’লোঁ, আনন্দ চিনি পাইতো? আমুল ফেক্টৰী আছে যে, তাত ম’হেই ম’হ। মই চাৰভাইভ কৰিবৰ বাবে ম’হৰ মাজত থাকিব লাগিব, সেয়ে মই অসম এৰি দিলোঁ- যেনে তেনে চলি আছোঁ গুজৰাটত। কিন্তু ন’ কমপ্লেইন। ইনকাম কম হ’লেও ভুখা মৰিব নেলাগে, আপুনি ছাৰ, আই মীন ডাঙৰীয়া, ইয়াত ম’হৰ মহল বঢ়াই দিয়াক, গাখীৰৰ বিজিনেছ বনাই দিয়ক, মই আধা দৰমহা, মানে আধা মানুহ খুঁচি ইয়াতে থাকিম। কিন্তু পাৰিব জানো? নোৱাৰে ছাৰ। চ’ লীভ মী এল’ন!

: ম’হ জখ ভাইটি, মই তোমাৰ সমস্যাটো বুজিছোঁ, কিন্তু তুমি যি ভাষা ব্যৱহাৰ কৰিছা, কথাখিনি কওঁতে, তাক লৈ মোৰ আপত্তি আছে। অসমীয়া কেৱল অসমৰ নৰ-মনিচৰে ভাষা নহয়, আমি খিলঞ্জীয়া ভুতবিলাকৰো ভাষা, এনেকৈ ভাষাটো নষ্ট কৰিব নোৱাৰা তুমি। অলপ বহা, মই আকৌ তোমাৰ সৈতে কথা পাতিম। মই এতিয়া ‘পৰুৱা’ৰ পৰা দুই এটা কথা শুনিব বিছাৰিম। ভুত সংবিধান মতে, পৰুৱাৰ কাম এটাই, পৰুৱাই পোৱা, মানে বাট হেৰুৱা। তুমি অকলশৰে যোৱা পথিকক মাত্ৰ পথভ্ৰষ্ট কৰি ভয় খুৱাব লাগিছিল, তোমাৰ সেইটো কাম কৰাত কি অসুবিধা হৈছে, মোক বুজাই কোৱা?

: মিছা নকওঁ ডাঙৰীয়া, আপুনি একদম বেকৱাৰ্ড মানুহ। স্মাৰ্ট ফোনৰ নাম আপুনি শুনাই নাই চাগে। তেনে স্মাৰ্ট ফোনত গুগল মেপ বুলি এপ এটা আছে, সেইটোৰ নাম কেনেকৈ শুনিব? সেইটো লগাই দিলেই ছোৱালী এজনীয়ে  মানুহক গন্তব্য স্থানৰ এশ মিটাৰ ওচৰ পোৱায়ে দিয়ে।  তাৰ পাছত তেওঁক গুমৰাহ কৰা কি কঠিন আপুনি কি বুজিব? তথাপিও মই গুগলৰ চাৰ্ভাৰ হে’ক কৰি শেষ এশ মিটাৰত মানুহক ৰাষ্টা পাহৰাই আছোঁ, এই হাই টেক যুগতো মই নিজৰ কাম কৰি আছোঁ- সুন্দৰ পিছায়ে দিন ৰাত ক‍ষ্ট কৰিও গুগল মেপক মোৰ কবলৰ পৰা উদ্ধাৰ কৰিব পৰা নাই। বিশ্বাস হোৱা নাই যদি যিকোনো গুগল মেপ ইউজাৰক সুধি লওক, শেষ মুহূৰ্তত তেওঁলোকক সদায় পৰুৱাই পাই নে নেপায়? মই মোৰ কাম কৰি আছোঁ ডাঙৰীয়া, আপুনি বাকীবোৰক সোধক।

: হমম! হয়! মোৰ ইনফৰমেচন মতেও তুমি গুগল মেপক এতিয়াও নিজৰ বশত ৰাখিছা, আমি সকলোৱে তোমাৰ পৰা শিক্ষা লোৱা উচিত। এই হাইটেক যুগত জীয়াই থাকিবলৈ হ’লে আমিও হাইটেক হ’ব লাগিব। বাকী এই পাতকীটোক জগাব লাগিছিল, মোৰ এটা পৰিকল্পনা আছে ইয়াক লৈ। 
**
পাঠকসকল, এইখিনিলৈকে মই মীটিংখন শুনি আছিলোঁ! মোৰ চেন্সো আহি গৈছিল, চকু মুদি পৰি থাকোঁতেই মই হঠাৎ অনুভৱ কৰিলোঁ- কোনোবাই মনে মনে মোৰ হাত ভৰিৰ বান্ধবোৰ খুলি দিছে। মই কিন্তু কাকো দেখা নাছিলোঁ, কিন্তু মই নিশ্চিত যে মোক সহায় কৰাকেইটা ভুতেই আছিল। 

তাৰ পাছত মই পলালোঁ- পগলা বাবাৰ তাবিজকেইটা বুকুত মুঠি মাৰি ধৰি ওচাইন বল্টতকৈয়ো বেগত দৌৰি মই পলালোঁ। ইফালে পূৱ দিশ উজ্বলিও উঠিছিল। বেছি দূৰ যাব লগা নহ’লেই, মানুহ লগ পালোঁ মই।  তেওঁলোকে ৰাতি হাবিত গছ কাটি আছিল, হাতত বন্দুক বাৰুদ, জেচিবি, চেইন শ্ব’ সকলো আছিল। মই উধাতু খাই দৌৰি যোৱা দেখি মোক ধৰি পেলালে তেওঁলোকে। মুখত পানীও চটিয়ালে। মানুহ লগ পাই মই বৰ সকাহ পালোঁ, মৃত্যুৰ মুখৰ পৰা বাচি আহিলোঁ আজি। 
*
এতিয়া মোক আকৌ বান্ধি থোৱা হৈছে, মাটিৰ গাত এটাত। মই বুজা মতে মই হেনো কিবা বস্তু দেখিলোঁ, যিবোৰ মই বাহিৰত কৈ দিলে, চৰকাৰ গিৰি যাব পাৰে। সেয়ে মই ইয়াৰ পৰা ওলাই যাব নোৱাৰোঁ। খানা পীনা দি আছে অৱশ্যে, মোবাইলটোও চলি আছে। হয়তো গছ কটা পাৰ্টিয়ে গম পোৱা নাই। 
*
আশা কৰি আছোঁ, কালিলৈ আকৌ ৰাতি হ’লে আকৌ ভুতবোৰে মোক কিডনেপ কৰেই নেকি? মোক লৈ কিবা প্লেন আছিল সিহঁতৰ। যদি প্লেনটো আজিও আছে, ভুতবোৰে বাদ দিয়া নাই, তেনে, 

মই বাচি যাবও পাৰোঁ!

চিৰ চেনেহী মোৰ ভাষা জননী


চিৰ চেনেহী মোৰ ভাষা জননী হৈছে অসম সাহিত্য সভাৰ আদৰণি গীত। ইয়াৰ ৰচক হ' সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া সাহিত্যিক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত যোৰহাটৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাই এই গীতৰ স্বৰলিপি সৃষ্টি কৰিছিল। অসম সাহিত্য সভাৰ অধিবেশনৰ সকলো অনুষ্ঠানৰ আৰম্ভণিতে এই গীত পৰিবেশন কৰা হয়।

চিৰ চেনেহী মোৰ ভাষা জননী।
ধন্যে পুণ্যে হৃত-পাৱনী, আই॥

প্ৰকৃতি পৰশ-ৰসে অমল কমল
চঞ্চল হৃদি জলে ঢালে পৰিমল,
কোমল চম্পাৰ কলি,
ঢৌৱে ঢৌৱে ঢৌৱে তুলি,
ৰিণিকি ৰিণিকি কোনে তোলে ৰাগিণী॥

সংসাৰ গুৰুভাৰে অৱশ পৰাণ,
হিয়াত বিলীন হয় হিয়াভৰা গান,
কাৰ নিচুকনি সনা,
শুনি বাণী ব্যথা পমা,
চকুতে চকুৰ নীৰে লয় জিৰণি॥

জীৱনে মৰণে ৰণে লহৰী সুধাৰ
বসনা শিতানে বহি সিঁচা শতধাৰ,
হে' মোৰ মধুৰাননা মাগিছোঁ মাধুৰী কণা,
দিয়া দিয়া দিয়া আই, মধু-ভাষিণী॥






Summary in English

“Siro Senehi" is a poignant poem composed by the eminent Assamese poet Mitradev Mahanta and embraced by Axom Sahitya Xabha as its theme song.

 

The poem tenderly portrays the mother tongue as a cherished and eternal maternal figure. Mitradev Mahanta extols the virtues of the mother tongue, describing it as affluent, tranquil, and as pure as fire. The act of speaking or listening to one's mother tongue is depicted as a transformative experience, filling the heart with a sense of fullness and contentment, akin to the way pristine flowers in nature fill the air with their fragrant essence. The poem beautifully captures the deep emotional connection between the poet and his native language, celebrating the profound impact of linguistic heritage on the human soul.

 

The poet inquires about the source of solace and relief amidst the wearisome daily chores of life. When fatigue sets in and the burdens become heavy, the poet reflects on who provides comfort, consoles the soul, and offers respite, allowing a moment to gaze deeply into the eyes of beloved ones. The answer, according to the poet, is found in one's mother tongue. It is the familiar language, rich with cultural and emotional resonance, that becomes a soothing balm for the weary heart, offering a sanctuary in the midst of life's challenges.

 

The poem concludes with a poignant request, as the poet implores the beautiful and melodious mother tongue to shower upon them countless waves of nectar in every aspect of life — in moments of joy, in times of sorrow, and even during struggles. This plea suggests a desire for the continued enrichment and sustenance that the mother tongue provides, not just in the poet's personal journey but also in the collective experiences of life, death, and the inevitable battles one faces. The language, portrayed as a source of nourishment and sweetness, is sought to be an enduring companion through all facets of existence.

 

সাৰাংশ (অসমীয়া)

 

" চিৰ চেনেহী " হৈছে বিশিষ্ট অসমীয়া কবি মিত্ৰদেৱ মহন্ত বিৰচিত মৰ্মস্পৰ্শী কবিতা আৰু ইয়াক অসম সাহিত্য সভাৰ ভাৱগীত হিচাপে গৃহিত।

কবিতাটোত মাতৃভাষাক এক প্ৰিয় আৰু চিৰন্তন মাতৃৰূপ হিচাপে চিত্ৰিত কৰা হৈছে। মহন্তদেৱে মাতৃভাষাৰ গুণাগুণৰ প্ৰশংসা কৰি ইয়াক সমৃদ্ধ, শান্ত আৰু জুইৰ দৰে পৱিত্ৰ বুলি বৰ্ণনা কৰিছে। নিজৰ মাতৃভাষাত কথা কোৱা বা শুনাক এক বিবৰ্তনকাৰী অভিজ্ঞতা হিচাপে চিত্ৰিত কৰা হৈছে, যি হৃদয়ক পূৰ্ণতা আৰু সন্তুষ্টিৰ ভাৱনাৰে পৰিপূৰ্ণ কৰি তোলে, প্ৰকৃতিৰ আদিম ফুলবোৰে নিজৰ সুগন্ধিৰে চাৰিওদিশ ভৰাই দিয়াৰ দৰে। কবিতাটোৱে কবিগৰাকী আৰু তেওঁৰ স্থানীয় ভাষাৰ মাজৰ গভীৰ আৱেগিক সম্পৰ্কক সুন্দৰভাৱে প্ৰতিফলিত কৰে, মানৱ আত্মাৰ ওপৰত নিজ ভাষিক ঐতিহ্যৰ গভীৰ প্ৰভাৱ চিহ্নিত কৰে। 

 

কবিয়ে জীৱনৰ দৈনন্দিন ব্যস্ততাৰ মাজত সান্ত্বনা আৰু প্ৰশান্তিৰ উৎসৰ বিষয়ে এক অভিজ্ঞান কাৰিব খোজেজীৱন বাটত বাটকুৰি বাই বাই আমি যেতিয়া সম্পূৰ্ণ ক্লান্ত হৈ পৰো, জীৱনৰ বোজা অসহনীয় ভাৱে গধুৰ হৈ পৰে, তেতিয়া কোনে আমাক সান্ত্বনা দিয়ে? কোনে এপলক বিশ্ৰাম প্ৰদান কৰে? এক মুহূৰ্ত প্ৰিয়জনৰ চকুত গভীৰভাৱে চকু ফুৰাবলৈ অনুমতি দিয়ে? কবিগৰাকীৰ মতে ইয়াৰ উত্তৰ নিজ মাতৃভাষাত পোৱা যায়। সাংস্কৃতিক আৰু আৱেগিক প্ৰতিধ্বনিৰে সমৃদ্ধ এই পৰিচিত ভাষাই ক্লান্ত হৃদয়ৰ বাবে এক শান্তিদায়ক মলম হৈ পৰে, যি জীৱনৰ অহৰহ প্ৰত্যাহ্বানবিলাকৰ মাজতো এক প্ৰশান্তিৰ মৰুদ্যান ৰূপে ধৰা দিয়ে।

 

কবিতাটি এক আন্তৰিক অনুৰোধেৰে সমাপ্ত হৈছে। কবিগৰাকীয়ে  সুন্দৰ আৰু সুৰীয়া মাতৃভাষাৰূপী আইক জীৱনৰ প্ৰতিটো দিশত; -আনন্দৰ মুহূৰ্তত, দুখৰ সময়ত, আনকি সংগ্ৰামৰ সময়তও তেওঁলোকৰ ওপৰত অমৃতৰ অগণন ঢৌ বৰ্ষণ কৰিবলৈ অনুৰোধ কৰে। এই আৱেদনটোৱে কেৱল কবিগৰাকীৰ ব্যক্তিগত যাত্ৰাত নহয়, জীৱন, মৃত্যু আৰু এজন ব্যক্তিয়ে সন্মুখীন হোৱা অনিবাৰ্য যুদ্ধৰ সামূহিক অভিজ্ঞতাত মাতৃভাষাই প্ৰদান কৰা নিৰন্তৰ সমৃদ্ধি আৰু প্ৰশান্তিৰ ইংগিত দিয়ে। আত্মিক সন্তুষ্টি আৰু মাধুৰ্যৰ উৎস হিচাপে চিত্ৰিত মাতৃভাষা মানৱ  অস্তিত্বৰ সকলো দিশতে চিৰসঙ্গী হোৱা উচিত।