Wednesday, June 29, 2016

বিহুৰ বিষয়ে এখন ৰচনা

=প্ৰস্তাৱনা=

বিহু এবিধ বছৰজোৰা উৎসৱ, ভাৰতৰ উত্তৰ পূৱৰ অসম নামৰ ঠাইৰ মানুহবোৰে যেতিয়াই সুবিধা পাই তেতিয়াই এই উৎসৱ পাতে। এই উৎসৱ অসমীয়াৰ প্ৰাণৰ আপোন হোৱাৰ লগতে অন্তহীন আনন্দৰ উৎস। পিছে অসমীয়া কোন সেইটো সথিককৈ নিৰ্ধাৰিত নোহোৱা বাবে, কোনে বিহু পাতিব লাগে, আৰু কোনে নেলাগে সেইটো কথাটো আজিলৈকে নিৰ্ণয় কৰিব পৰা হোৱা নাই। তথাপিও আজিৰ সমাজত বিহুৰ গুৰুত্ব অপৰিসীম

=বিহুৰ প্ৰকাৰ=

বিহু একপ্ৰকাৰেই। বহু যুগৰ আগতে তিনিবিধ বিহু আছিল, খোৱা বিহু, নচা বিহু আৰু কন্দা বিহু, আৰু এইবোৰ বিহু পতাৰো নিৰ্দিষ্ট সময় আছিল। যিহেতু মানৱ জীৱনত কান্দোনে ঋণাত্মক প্ৰভাৱ
পেলাই, গতিকে এই কন্দা বিহুতো আজিকালি আইন কৰি বন্ধ কৰি দিয়া হ’ল, আৰু তাৰ সলনি ভেলেণ্টাইন ডে’, লা টমাটিনা আদিৰ দৰে উৎসৱ আমদানি কৰি পালন কৰাৰ নিয়ম কৰা হ’ল।
বাকীথকা দুটা বিহুক সম্প্ৰতি ‘মিক্সিত’ ভালদৰে মিহলাই সাম্যবাদী ভাৱধাৰাৰে মাত্ৰ এটা ইউনিভাৰ্চেল বিহুৰ ৰূপ দিয়া হ’ল। এই বিহুত খানা, পিনা, ডান্স, মস্তি, ইনকাম, পলিটিকচ সকলো একেলগতে কৰিব পাৰি।

ইয়াক উদ্‌যাপন কৰাৰো কোনো নিৰ্ধাৰিত সময় বা স্থান নাই, নদীৰ পাৰত বনভোজ খোৱাৰ সময়ত, কাৰোবাৰ বিয়াত, ইলেকচনত নিজা পাৰ্টিৰ বিজয়ত, ইংৰাজী নতুন বছৰৰ আৰম্ভনিত, দুৰ্গাপূজাত, একো নেথাকিলে চেনেহী বাইৰ তাত ডিঙিলৈকে গিলি থকাৰ সময়ত, বিহু উদ্‌যাপন কৰিব পাৰি।
কিন্তু সকলোতকৈ ‘ইম্পৰটেণ্ট’ বিহুটো আচলতে মিনিমাম পাঁচলাখ টকাৰে সজা মঞ্চতহে পালন কৰা হয়। সেইকাৰণে এই ৰচনাত মঞ্চত উদ্‌যাপন কৰা বিহুকহে অধিক গুৰুত্বসহকাৰে আলোচনা কৰা হব।

=বিহুৰ খাদ্য=

বিহুত যি মন যায় তাকে খাব পাৰি, কিন্তু বিহুৰ মূল খাদ্য হ’ল বিলাতী পানীকণ। বিহু উদ্‌যাপন কৰাৰ সময়ত বিহু কমিটি, শিল্পী, বাদ্যযন্ত্ৰী, উদ্বোধক, বিশিষ্ট অতিথি, দৰ্শক, কাষৰ পানদোকানী নিৰ্বিশেষে সকলোৱে ডিঙিৰ গুৰিলৈকে এই দিব্যবস্তুবিধ পান কৰি লোৱা প্ৰয়োজন, নহ’লে বিহুত ‘জান’ নেথাকে। বিহুত এই মূল খাদ্যবিধৰ লগত চাকনা হিচাপে তণ্ডুৰী চিকেন, কেঁচা বুট, ফিছ ফ্ৰাই, ছিপচ, কুৰকুৰে আদি হেপাহ পলুৱাই খোৱা হয়। চাউল-গুৰ আদিৰে কৰা সোৱাদহীণ সেৰসেৰীয়া কিছুমান বস্তুও বজাৰৰ পৰা কিনি আনি এক- আদটুকুৰা চাকি চাই, বাকীখিনি ঘৰত কাম কৰা মানুহ বা ভিখাৰীক খুৱাই দিয়াৰো পৰম্পৰা কোনো কোনো ঠাইত দেখা যায়।

=বিহু উদ্‌যাপন =

বিহু উদ্‌যাপন যদিও যেতিয়াই তেতিয়াই কৰিব পাৰি, তথাপি সাধাৰণতে বতৰ ভাল থাকে বাবে জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত যিকোনো সময় বিহুৰ বাবে নিৰ্বাচন কৰা হয়। বিহু কিমানদিন পাতিব লাগে তাৰ কোনো ধৰাবন্ধা নিয়ম নাই, দুৰ্বল পাৰ্টি বিলাকৰ এদিনীয়া বিহুৰ পৰা সৱল পাৰ্টি বিলাকে ৩০ দিনীয়ালৈকে বিহু কৰা দেখা পোৱা যায়।

বিহু উদ্‌যাপনৰ বাবে সৰ্বপ্ৰথম কাম হ’ল এখন কমিটি গঠন কৰা। সাধাৰণতে এই কমিটি বিলাক চিৰস্থায়ী হয়, আৰু তেওলোক কাৰো প্ৰতি উত্তৰদায়ী নহয়।

কেতিয়াবা কমিটিৰ মাজত পইচা-পাতি বা প্ৰেম সম্পৰ্কীয় বিবাদ হ’লে বিসম্বাদ কৰি আকো নতুন এখন কমিটি পাতি ওচৰতে আন এখন বিহু পতাৰ সুবিধা আছে। এই কমিটি বিলাকত সাধাৰণতে পলিটিকেল বেকগ্ৰাউণ্ড থকা বা বগাই-ক’লাই আও ধনী ধৰণৰ মানুহবিলাকক সভাপতি, উপ-সভাপতি, উপদেষ্টা আদিৰ দ্বায়িত্ব দিয়া হয়, তেওলোকে বৰ বিশেষ কাম কৰিব নেলাগে, কেৱল মোটা অংকৰ অনুদান এটা কমিটিলৈ আগবঢ়ালেই তেওলোকৰ দ্বায়িত্ব শেষ হয় বুলি ধৰা হয়। ইয়াৰ লগতে আন কিছুমান অলপ ‘দম’ থকা ধৰণৰ ডেকা চানেকীয়া লোকক সম্পাদক, উপ-সম্পাদক, কালচাৰেল চেক্ৰেটৰী, ধন-ভড়ালী আদি পাতিব লাগে।

=চান্দা সংগ্ৰহ=

বিহু উদ্‌যাপনৰ আটাইতকৈ প্ৰয়োজনীয় কামটো হ’ল চান্দা সংগ্ৰহ। এইটো কামত সকলোৱে মনপুতি একাগ্ৰতাৰে লাগি যায়। বিহুৰ প্ৰায় তিনিমাহ আগৰে পৰা এই ধন-সংগ্ৰহ কাৰ্যসূচী পালন কৰা হয়। ভালেৰে নোৱাৰিলে, ভয় খুৱাই, গুৰিয়াই, ভুকুৱাই, লঠিয়াই, হ’লেও ধন সংগ্ৰহ কৰা এক অতি সুন্দৰ পৰম্পৰা। এই ধন সংগ্ৰহৰ ক্ষেত্ৰত কোনোবাই আপত্তি বা অনিচ্ছা প্ৰকাশ কৰিলে তেওক ‘ দেশদ্ৰোহী’, ‘ঘৰ বিভীষণ’, ‘কঞ্জুছ’,’সৰ্বহাৰাৰ শত্ৰু’ আদি বিশেষণ দি ৰাজহুৱা ভাৱে অপমানিত কৰিব লাগে। এজন সাধাৰণ লোকে কিমানখন বিহুত চান্দা দিব লাগিব তাৰ কোনো সীমা নাই, প্ৰচলিত নিয়ম মতে সেইখন জিলাত যিমান বিহু পতা হৈছে প্ৰত্যেকখন বিহুত কমিটিয়ে বিছৰা মতে চান্দা দিবলৈ জনতা বাধ্য। আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল, বিহু যদিও কেৱল অসমীয়াৰহে উৎসৱ, কিন্তু সেই ঠাইত থকা অনা-অসমীয়া লোকসকলকো সমানে চান্দা দিবলৈ বাধ্য কৰাৰ নিয়ম আছে। লাগিলে সেইজনে বিহু খাই নে পিন্ধে নেজানকেই।

সাধাৰণতে বিহুখনৰ শিল্পী, পেণ্ডেল, কমিটিৰ খোৱা বোৱা মিলাই যিমান ধনৰ প্ৰয়োজন হয়, তাতকৈ তিনিগুণ মান অধিক ধন-সংগ্ৰহ কৰিব পাৰিলে ভাল। এই ৰাহি ধনৰ পৰাই কমিটিৰ সদস্য সকলে বছৰটোৰ বাবে খাই বৈ, পি, সমাজ সেৱা কৰি থাকিবলৈ পূঁজি গোটাই লব পাৰে, আৰু সেইবাবেই অসমীয়াৰ সংস্কৃতি জীয়াই থাকে।

=বিহুৰ এজেণ্ডা=

বিহু উদ্‌যাপন কৰোতে বাকী যিয়েই নহওক, আচল বস্তু হ’ল এজন প্ৰখ্যাত শিল্পী। কোন কমিটিয়ে কিমানজন বিখ্যাত শিল্পীক কিমান বেছি টকা দি আনিব পাৰিছে, সেই প্ৰতিযোগীতাখনেই বিহুৰ আচল ফুৰ্তি। তাৰোপৰি কোনে কিমান ডাঙৰ মঞ্চ সাঁজিব পাৰে তাৰো প্ৰতিযোগীতা হোৱা দেখা যায়। এই প্ৰতিযোগীতা বিলাক চাই দৰ্শকে মনত বিমল আনন্দ লাভ কৰে।

বিহুৰ দিনা দেৰিকৈ শুই উঠি সকলো কমিটি মেম্বাৰ দিনৰ দুই মান বজাত বিহুতলী পাইগৈ। সেইদিনা দিনৰ কাৰ্যসূচীত নাচ- গান আদিৰ প্ৰতিযোগীতা পতা হয়।

প্ৰতিযোগী আৰু বিচাৰক সকল পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী মতে পূৱা ন বজাৰ পৰা ভোকে পিয়াহে কমিটি মেম্বাৰ সকললৈ বাট চাই থকা নিয়ম আছে। পূৱা নবজাত হব বুলি ঘোষণা কৰা প্ৰতিযোগীতা বিলাক সন্ধিয়া চাৰিমান বজাত আৰম্ভ কৰা হয়।

এই প্ৰতিযোগীতা বিলাকত সাধাৰণতে সমাজৰ প্ৰভাৱশালী ব্যক্তি বা বিচাৰকৰ লগত ‘ফিটিং’ থকা প্ৰতিযোগী সকলকে বিজয়ী ঘোষণা কৰা হয়। ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে এই প্ৰতিযোগীতা বিলাক কেৱল প্ৰতিযোগীৰ পিতৃ-মাতৃ, প্ৰেমিক প্ৰেমিকা আদিয়েহে উপভোগ কৰে, বাকী মঞ্চ সম্পূৰ্ণ খালি থাকে।

প্ৰতিযোগীতাৰ পাছত কমিটিৰ মেম্বাৰ সকলক অলপ জিৰণি আৰু ৰিফ্ৰে‍ছমেণ্ট কৰাৰ সুবিধা দিবৰ বাবে এজন পণ্ডিত ধৰণৰ ব্যক্তিক ভাষণ দিবলৈ মতা হয়। সেই সময়খিনিত প্ৰতিযোগী, তেওলোকৰ সহকাৰী, দৰ্শক, কমিটি মেম্বাৰ আদি সকলোৱে আঁতৰি গৈ অলপ ফ্ৰেছ হৈ লয়, আৰু প্ৰায়বিলাকেই বিহুৰ মূল খাদ্যবিধ গ্ৰহণ কৰি ৰাতিটোৰ বাবে নিজকে সাজু কৰি লয়। আৰু সেই বিশিষ্ট বক্তাজনেও শূণ্য মঞ্চকে উদ্দেশ্য কৰি দুই তিনি ঘণ্টামান আৱেগিক হৈ ভাষণ দি থাকে।

কোনো কোনো ক্ষেত্ৰত এই ভাষণৰ পিছতে কেইজনমান কেটেঙা- মেটেঙা লোকশিল্পীক মঞ্চৰ ওপৰত বহি কিবা কিবি টুং-টুঙাই, ভুন-ভুনাই থকা দেখা পোৱা যায়। অৱশ্যে এই লোকশিল্পীসকলক কোনো ধৰণৰ মাননি, আন নেলাগে ৰঙা চাহ একাপো যচা বিহুত নিষিদ্ধ। এই লোকশিল্পীসকল ৰাতি প্ৰায় এঘাৰমান বজাত নিজৰ বস্তু বাহানি সামৰি খোজকাঢ়ি ঘৰলৈ যায়গৈ।

ইয়াৰ পাছতহে প্ৰকৃত বিহু আৰম্ভ হয়, অৰ্থাৎ 'ষ্টাৰ' শিল্পীৰ অনুষ্ঠান। এই শিল্পীসকলে এঘাৰমান বজাতে মঞ্চ অধিকাৰ কৰি লয় যদিও ৰাতি দুই বজাৰ আগত কেতিয়াও অনুষ্ঠান পৰিবে‍শন নকৰে, এইখিনি সময় তেওলোকৰ বাদ্যযন্ত্ৰী সকলে অদ্ভুত চেহেৰাৰ যন্ত্ৰ কিছুমানৰ মাত উলিয়াবলৈ চেষ্টা কৰি থাকে।
অৱশ্যে এই সময়খিন অপব্যয় নহয়, কমিটি আৰু দৰ্শক দুই দলেই, দ্বিতীয় বা তৃতীয় ‘কোটা’ দিব্য বস্তু গ্ৰহণ কৰি নিজকে আৰু বেছি বিহুবলীয়া কৰি লবলৈ সুবিধা পায়। কোনো কোনো দৰ্শকে গান বা বাদ্য আৰম্ভ হোৱাৰ আগতেই নাচি নাচি আনন্দত মতলীয়া হোৱা প্ৰায়ে দেখা যায়।

ৰাতি দুইমান বজাৰ পৰা পূৱালৈকে এই শিল্পীসকলৰ সৌজন্যত বিহু উদ্‌যাপন কৰা হয়। শেষৰ ফালে দৰ্শক, কমিটি মেম্বাৰ বা শিল্পী কোনো উলম্ব অৱস্থাত থাকিব নোৱাৰা হ’লে বিহুৰ সামৰণি মৰা হয়।

=বিহুৰ আনন্দ=

বিহু আনন্দৰ উৎসৱ, ইয়াত নাচি বাগি গান গাই আনন্দ কৰাৰ ওপৰিও আন বহু উপায়েৰে আনন্দ কৰা হয়, বহুতে ইয়াতে নিজৰ ‘পলিটিকেল কেৰিয়াৰৰো’ কঠিয়া পাৰে। ইয়াৰ ভিতৰত এটি অন্যতম জনপ্ৰিয় আনন্দৰ উপায় হ’ল “বিতৰ্ক”। এইটোহে ভুল, সেইটোহে শুদ্ধ, এইটোহে পিন্ধ, সেইটো গান গালে দেশ জহন্নামে যাব আদি কিছুমান বিতৰ্ক উলিয়াই গৰমা গৰম আলোচনা চক্ৰ পতা, বোকা চটিওৱা, গালি পৰা, শাওপাত দিয়া আদি নানান উপায়েৰে বিহুৰ নামত আনন্দ কৰিব পাৰি। দেশৰ ৰাইজো এই বিতৰ্ক বিলাকত উবুৰি খাই পৰি, নিজৰ নিজৰ মতবাদকে শুদ্ধ বুলি চিঞৰি চিঞৰি এক অনিৰ্বচনীয় আনন্দ অনুভৱ কৰে। চচিয়েল/ আন-চচিয়েল মেডিয়া, কেৱল মেডিয়া, নেতা-পালিনেতা, বিশিষ্ট ব্যক্তি, হৰি, ৰাম, যদু, মধু আদি সকলোৱে এই বিতৰ্কত উজান দিয়ে, আৰু গোটেই দেশ আনন্দময় হৈ পৰে।

=সামৰণি=

অসম উৎসৱৰ দেশ, অসমৰ মানুহে আনন্দ কৰিব জানে। তাৰে প্ৰমাণ আমাৰ এই বছৰজোৰা বিহু। ইফালে তলি ফুটি উদং হ’লেও, বহিৰাগতে দেশখন গ্ৰাস কৰিলেও, প্ৰাচীন পৰম্পৰা আৰু গৌৰৱ পাহৰি গ’লেও আজিৰ অসমীয়াই নিজে নিজে শুদ্ধ বুলি ভাৱি লোৱা মতে বিশেষ চিন্তা চৰ্চা নকৰাকৈয়ে বিহু পাতি আহিছে। এই বিহুক আচলতে কালৰ সোঁতে উটুৱাই, ধুৱাই থেকেছি, গুৰি গোষ্ঠীৰ চিন নোহোৱা কৰি পেলাইছে যদিও আমি যেনেকৈ মন যায় তেনেকৈ বছৰত কমেও দহমাহ বিহু পাতি আহিছো, সমগ্ৰ বিশ্বতে এনে উদাহৰণ বিৰল।

(c) অভিজিত কলিতা


ফেচবুকৰ মন্তব্য

Santanu Changmai 

চাব এতিয়া whatsapp, FB চবতে নাম নোহোৱাকৈ বগাই ফুৰিব

Ranju Moni Mahanta 

মই ইমান সুন্দৰ বিহু ৰচনা জীৱনত পঢ়ি পোৱাই নাই । 100 Likes. বিহুৰ বাস্তৱ ছবি খন খুউব সুন্দৰ ভাবে উপস্থাপন কৰিছে । প্ৰশংসা নকৰি নোৱাৰি ।

Dipali Boruah

বিহুৰ প্ৰতি থকা আন্তৰিকতা এচাম লোকৰ বাবে সলনি হ'ব ধৰিছে ! লিখনিৰ চিন্তাৰ লগত ময়ো একমত দেই

Tarini Saikia 

I am flattered......with this piece of satirical piece of prose....Salam...


Joy Deep 

বন্দুক উলিয়াই মন্তব্যৰ বাকচত গুলিয়াম দেই। পৈত্ৰিক সম্পত্তি লৈ এই ধৰণৰ ধেমালী নচলিব 

Hemanga Bora 

Khura tamam dei.... Na2n bihur rosona khan khub kom dinor vitorat patya puthit thai pale val😝😝😝

Junti Das 

অতি সুন্দৰ। মনৰ মাজত থকা ক্ষোভ খং ৰ ছৱিখন ফুটি উঠিছে । উঠাটো স্বাভাৱিক। আজিকালি উত্‍সৱ আনন্দৰে পালন কৰিবলৈ হেপাঁহ নাইকিয়া হল।

Pranjal Saikia 

Salute Abhi da.... As a essay nohoy.... as a jaatiyo xompod r vitorot ai essay khoneu sthaan pabo lage buli daabi korilu....

Ziaul Islam · Friends with Joy Deep and 14 others

তাৰিফে কাবিল ৰচনা , মই ইয়াৰ বাবে ১৫ ৰ ভিতৰত ২০ নম্বৰ দিলো ৫ নম্বৰ বনাচ

Tahidur Rahman · 2 mutual friends

Ziyai nohouk,aapuni bashtobot hoi thoka etaa xoshaa protishsobi daangi dhorise.xoittyo xodai kothin.


গোসাই ঘৰত কল খোৱা কেইজনে নিজেই মাত দিব, অলপ ধৈর্য ধৰক।পিচে কলখোৱা কেইজনক ৰাইজে এনেই চিনি পায। অসমীযা লোকসকল শান্তিপ্রিয(নে, সাহ-পিতহীন!) হোৱাৰ বাবে এইসকলৰ প্রতি হিংস্র মনোভাৱ পোষন কৰা দেখা নেযায !



লিখক মহোদয়লৈ প্ৰশ্ন - এনে ৰচনা লিখোতে ধুতি আৰু মাদ্ৰাজী গামোচা পিন্ধিহে লিখা বুলি প্ৰমাণ দিবলৈ বাপতিসাহোন চেলফি এখন লগত কিয়দিয়া নাই?
হেহেই হেয়া চাইকেলৰ কেৰিয়া!


বাপতিসাহোন বিহুটিৰ ওপৰত ব্যংগ, সহ্য নহয় । কাকজানৰ পৰা শহুৰৰ ঘৰলৈ কেনেকৈ যাব, চাই ল'ম । জেঙনিকটিয়া তিনিআলিতে যদি কাণৰ তলত ৯মিমি নলগাও, ময়ো অসমীয়া ডেকা নহয় । ইমান স্পৰ্ধা ।

বাই দ্য ৱে, ঝাকাচ লিখিছে ককাই । দুদিনমান পিছত য'তে ত'তে এই ৰচনাখন পাম, মাখনলাল চাৰৰ গৰুৰ ৰচনাখনৰ দৰে, সেয়া ধুৰুপ ।

অ' আৰু এটা কথা, কাকজানৰ পৰা ডিব্ৰুগড়লৈ যাওতে হটকেচ এটাতে বৌয়ে বনোৱা ছাগলী মাংস অকণমান লৈ আনিবচোন, মই জেঙনিকটিয়া তিনিআলিতে ৰৈ থাকিম । বৌয়ে ছাগলী মাংস বৰ ভাল বনাই বুলি শুনিছো । অলপ ড্ৰাই কৰিবলৈ ক'ব, বিলাতী পানীকণৰ লগত চাকনা কৰি খাব পৰাকৈ

Banajit Pathak

বিশ্বদৰবাৰলৈ (এইখন ক'ত আছে ময়ো নাজানোঁ) পঠিয়াব পৰা এখন গৱেষণা পত্ৰ ৷  

Rupam Mahanta 

অগতানুগতিক, সুন্দৰ লেখা৷ উপযুক্ত পাত্ৰ পাত্ৰীৰ চকুত পৰিলে, অলপ বিচাৰ কৰিলেও অসম উপকৃত হ'ব৷

Mridupawan Kakoty

অসমীয়াত perfect শব্দটোৰ সঠিক প্ৰতিশব্দটো কি হয় বাৰু? সেইটোয়ে লিখিছে দাদা আপুনি। আজিৰ দিনৰ বিহুৰ সংজ্ঞা। অবশ্যে বিহুৰ এই নতুন ৰূপটোত আমাৰো অৰিহনা নথকা নহয়। জয়তু বিহু।।

No comments:

Post a Comment