Saturday, June 18, 2016

= মধ্যমপন্থা =


আজি অগ্নিভ দত্তৰ এটা আপডেটত দেবকান্ত সন্দিকৈৰ কথা পঢ়ি কিছুমান কথা মনত পৰি গ'ল। আমি উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়ত তেখেতে প্ৰথমতে ৺ পৰাগ দাসৰ 'বুধবাৰ' কাকতত নিয়মীয়াকৈ লিখা আৰম্ভ কৰিছিল, আমি আছিলো তেওৰ অনুৰাগী পাঠক। গৌতম বৰদলৈ,  মহৎ সোণোৱাল আৰু মই মিলি তেওৰ লিখনি বিষয়ে পথোৱা চিঠি এখনো বুধবাৰতে প্ৰকাশ পাইছিল। 


মই নিজকে 'যুক্তিবাদী' মানুহ বুলি ভাৱো, ঈশ্বৰ সম্পৰ্কে এটা নিজস্ব ধাৰণা তৈয়াৰ কৰিছো আৰু মই সেইটোকে মানি চলো, ভুত প্ৰেত, জৰা ফুকা বা কোনো অলৌকিক ক্ৰিয়া কলাপ মই লেশমানো বিশ্বাস নকৰো, ৰু কোনোবাই কিবা কব খুজিলেও 'চেলেঞ্জ' কৰি দিও। আৰু এই যদি ভাল কথা, তেনে তাৰ সিংহভাগ কৃতিত্ত্ব সন্দিকৈদেৱৰ লগতে ড° ভৱেন্দ্ৰ নাথ শইকীয়া চাৰৰ প্ৰাপ্য। তেওৰ যুক্তিপুৰ্ণ লেখনিয়ে আমাৰ মনত সুদুৰপ্ৰসাৰী প্ৰভাব পেলাইছিল, যদিও তেওৰ সকলো কথা আখৰে আখৰে মানি লবলৈ আজিও অসুবিধা পাইছিলো। আজিও পাও। 


বহুদিন তেখেতৰ লেখা পঢ়া নাছিলো, অগ্নিভে ক'লে তেওৰ লেখনিৰ ধাৰা অলপ সলনি হৈছে। বৰ উৎসাহেৰে লেখাটো বিছাৰি উলিয়াই পঢ়িলো। পঢ়ি এটা কথাতে বৰ আনন্দ লাগিল, বিষয়বস্তু যিয়েই নহওক, তেওৰ লেখনিৰ পানী নসৰকা যুক্তি আৰু বাস্তৱসন্মত উদাহৰণৰ সোৱাদ একেই আছে। 


এই লেখাটোৱে আৰু এটা সমস্যা সমাধান কৰিবলৈ মোক সহায় কৰিব যেন লাগিছে। মহাত্মা গান্ধীয়ে কৈছিল "সকলো পন্থাতকৈ মধ্যম পন্থাই উত্তম পন্থা"। মই নিজেও সেইটো বিশ্বাস কৰো, আৰু সেইমতেই মোৰ চিন্তা, মতামত, আৰু সিদ্ধান্ত বিলাক আগবঢ়াইনিবলে চেষ্টা কৰো। মই ভাৱো সমস্যা সমাধান কৰাৰ আটাইতকৈ সুষম উপায় হ'ল মধ্যম পন্থা অৱলম্বন কৰা।ইয়াৰ সুফলো মই নোপোৱা নহয়।


পিছে আজিকালি 'চৰমপন্থা'ৰ যুগ, হয় ৰঙামাটি, নহয় গুৱাহাটিৰ যুগ। গতিকে ৰাইজে আমাৰ দৰে লোকক নিৰ্বিবাদে 'সুবিধাবাদী', 'আপোচকামী', দালাল আদি আখ্যা দিবলৈ পিছ নোহোহোকে। এই লেখনিটোত সন্দিকৈ ডাঙৰীয়াই বৰ ধুনীয়া উদাহৰণ এটা দিছে, ৫০° উত্তৰ আৰু দক্ষিণ অক্ষ্যংশৰ ভিতৰতে পৃথিৱীৰ ৯৫% মানুহেই বসবাস কৰে বুলি কৈ। মই পিছলৈ এইটো উদাহৰণ ব্যৱহাৰ কৰিব লাগিব।


আৰু এটা কথা মনত পৰি গ', কলেজৰ দিনত কিবা কথাত উদ্যম হাজৰিকাই কৈছিল, "পৃথিৱীত দুই ধৰণৰ মানুহেই থাকে, এবিধে সমস্যা সৃষ্টি কৰে বা খুছৰি খুচৰি বিচাৰি উলিয়াই, আৰু আনবিধে সমস্যাবোৰ সমাধান কৰে বা কৰাৰ চেষ্টা কৰে। দ্বিতীয়বিধ মানুহৰ বাবে কামৰ নাটনি কেতিয়াও নহয়, জোখতকৈ বেছি কামহে কৰিব লাগে তেওলোকে।"


প্ৰথমবিধ মানুহৰ সংখ্যা অধিক, সমস্যা সৃষ্টি কৰা বা আঙুলিয়াই দিয়া মানুহ অজস্ৰ আছে পৃথিৱীত। নিজে সমাধান কৰিব লগা সমস্যা হ'লেও কেনেবাকৈ আনলৈ পেলাই দিব পৰাটো এক সুন্দৰ আৰু সফল কলা আজিকালি। বহুতে এনেকৈয়ে সুখেৰে জীয়াই আছে। 


মই নিজকে এই দ্বিতীয়বিধ মানুহৰ শাৰীত ৰাখিবলৈ বহুদিনৰ পৰাই চেষ্টা কৰি আহিছো, দুই এটা সমস্যাৰ সমধান নকৰাও নহয়। এইখিনি অভিজ্ঞতাৰ পৰা এটা কথা বুজি উঠিছো যে কোনো সমস্যাকে, ঘৰুৱাই হওক বা সামাজিকেই হওক; ১০০% সম্পূৰ্ণকৈ সমাধান কৰিব নোৱাৰি। 


আমাৰদৰে মানুহবোৰে মধ্যমপন্থা লবলৈ বাধ্য, তেহেলে চৰমপন্থীসকলে আমাক দালালকে বোলক।

No comments:

Post a Comment