Saturday, June 25, 2016

== মই মেট্ৰিকত ষ্টেণ্ড নকৰাৰ কাহিনী ==


(মানুহে মেট্ৰিকত ষ্টেণ্ড কৰিলেহে ভাল লাগে, এইচ. এচ. এল. চি. ত ষ্টেট ৰেংক পোৱাত ইমান বেছি পিক – আপ নাই। কেৱল এইবাৰেই নহয়, ইমান বছৰে স্থান লাভ কৰা সকললৈ শুভেচ্ছা আৰু অলপ ইৰ্ষাৰে .... :-)) 

মই মেট্ৰিকত ষ্টেণ্ড কৰিব পাৰো বুলি কথাটো কেনকৈ কিয় আৰু কোনে ভাবি উলিয়ালে মনত নাই, কিন্তু অষ্টম শ্ৰেণী মানতে কথাটো মানুহে কোৱা-কুই কৰিছিল বুলি মনত আছে। পশ্চাদপটৰ কেইটিমান কাৰণ মই এতিয়া ভাবি উলিয়াইছো

- সপ্তম শ্ৰেণীৰ বৃত্তি পৰীক্ষাত মই যোৰহাট জিলাৰ ভিতৰত কিবা এটা স্থান পালো, সেই তালিকাত সেই বেটচৰ যোৰহাটৰ সকলোতকৈ চোকা ল’ৰা বিজয় শংকৰ বৰুৱাৰ নামো আছিল। গতিকে আমাৰ সৰু ঠাইখনৰ মানুহবোৰে মোক সেই পৰ্যায়ৰ মানুহ বুলিয়েই ভাবি ল’লে। 

- আমাৰ স্কুলখনৰ ৰেকৰ্ড বৰ ভাল নাছিল, স্কুলৰ আৰম্ভনিৰে পৰা মাত্ৰ দুজন ছাত্ৰই মেট্ৰিকত স্থান পাইছিল সেইখন স্কুলৰ পৰা।


- শেহতীয়াকৈ আমাৰ স্কুলৰ ৰিজাল্ট অতু নিম্নগামী হৈ পৰিছিল, পৰীক্ষাৰ পাছত সমূখৰ ফিল্ডখন নকলৰ টুকুৰাৰে বগা হৈ পৰিছিল। ৺ দেৱ শইকীয়া চাৰৰ নেতৃত্ত্বত স্কুলৰ শিক্ষক আৰু সচেতন ৰাইজে স্কুলখনৰ সদনাম ঘুৰাই আনিবলৈ আহোপুৰুষাৰ্থ কৰি আছিল। মই কাকজান মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা ৭ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগে লগে দুজনমান শিক্ষকে আমাৰ ঘৰলৈ গৈ মোক এই স্কুলত ভৰ্তি কৰাবলৈ অনুৰোধ কৰিছিল। 

- ভাল ছাত্ৰসকলে আমাৰ স্কুলত ভৰ্তি হবলৈ মন নকৰিছিল, ইতিমধ্যে স্কুলখন প্ৰায় বেয়া স্কুল বুলিয়েই জনাজাত হৈ পৰিছিল। মেট্ৰিকত প্ৰায়ে এক্সটাৰ্নেল হৈ অহা ৺পৰাগধৰ চলিহা চাৰকো আমাৰ স্কুলৰ দুজনমান ছাত্ৰই বেয়া ব্যৱহাৰ কৰিছিল।
- অসম আন্দোলনৰ ধুমুহাই সাংঘাটিক ভাৱে ক্ষতিগ্ৰস্ত কৰা স্থানীয় শিক্ষা ব্যৱস্থাটোৱে গা টঙাই উঠিবলৈ হ’লে কোনো এজন ছাত্ৰই মেট্ৰিকত স্থান লাভ কৰাৰ দৰে কাম এটা কৰা বৰ প্ৰয়োজন আছিল। 

- মই খুব বেছিকে বাহিৰা কিতাপ পঢ়িছিলো, মুঠতে চপা আখৰ দেখিলেই সকলো পাহৰি তাতে মগ্ন হৈ গৈছিলো। সকলো সময়তে কিতাপত মুৰ গুজি থকা দেখি সকলোৱে ভাবিবলৈ আৰম্ভ কৰিছিল যে মই চোকা ল’ৰা হবই লাগিব। আচলতে মই কি কিতাপ পঢ়ি সময় কটাইছিলো, সেয়া অৱশ্যে মোৰ বাদে কোনেও নেজানিছিল। 

সাতে সোতৰই, শিক্ষকসকল, মাক-দেউতাক, আত্মীয়-স্বজন আৰু শুভাকাংক্ষীয়ে লগ লাগি ৩৫ কেজি ওজনৰ গছত বগাই, নদীত সাঁতুৰি, ক্ৰিকেট খেলি, চিলা উৰুৱাই ভাল পোৱা চেঙেলীয়া ল’ৰা এটাৰ ওপৰত মেট্ৰিকত ষ্টেণ্ড কৰাৰ মহান দ্বায়িত্ব অৰ্পণ কৰিলে। পৰিয়ালৰ লগতে ঠাইখনৰ নামো উজ্জ্বল কৰিবই লাগিব মই। ইতিমধ্যে এজন লোকেল এম্পায়াৰে মোৰ বল থ্ৰ' হয় বুলি এক অভাৰত ২০ টা মান বল কৰাই মোৰ ক্ৰিকেটিং কেৰিয়াৰৰো সামৰণি মাৰিছিল, গতিকে নতুন কাম এটা পাই ভালেই লাগিল। 

এই গোটেই প্ৰক্ৰিয়াটোত মোৰ অবদান শূণ্য আছিল যদিও, আনৰ মুখত শুনি শুনি মই নিজকে ষ্টেণ্ড কৰাৰ সম্ভাৱনা থকা ছাত্ৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিলো, গৌৰৱো হৈছিল যথেষ্ট- মোক চিনি পোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছিল- বাটে ঘাটে মোক মোৰ এই দ্বায়িত্বৰ কথা সোঁৱৰাই দিয়া মানুহৰ অভাৱ নাছিল। 

ইতিমধ্যে সকলোৱেৰ মোক ষ্টেণ্ড কৰোৱাৰ বাবে প্ৰয়োজনীয় সমল বিলাক যোগাৰ কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত এটা অতি জনপ্ৰিয় ধাৰণা আছিল যে চোকা ল’ৰা ছোৱালীয়ে বিজ্ঞানৰ বিষয়কেইটাহে ভাল পায়, মানে পাবই লাগিব। গতিকে মই এডভান্সড মেথেমেটিকচ লব লগা হ’ল, আৰু অংকত উস্তাদ হোৱাৰ অভিনয় কৰি যাব লগা হ’ল । আচলতে অংক দেখিলেই মোৰ জ্বৰ উঠে, সংখ্যাবোৰে মোক একেবাৰে আকৰ্ষণ নকৰে বুলি মই কাকো কবলৈকে সুবিধা নেপালো।
মোৰ বৰ সকলোতকৈ প্ৰিয় বিষয় আছিল ভূগোল, পিছে ভূগোল ল’লে ষ্টেণ্ড কৰিব নোৱাৰি, গতিকে সংস্কৃত লব লগা হ’ল। সঁচা কথা কও, বছৰেকীয়া ছমহীয়া পৰীক্ষাবোৰত চাৰহঁতে মৰমতে নম্বৰ এসোপা দিছিল যদিও, মই না 'অহম আবাম বয়ম' বুজিছিলো, না পঢ়ি ভাল পাইছিলো। আনকি সংস্কৃতৰ কিতাপখনত থকা কাহিনী বিলাকেও ইতিমধ্যে ‘ অন্তৰীপ’ পঢ়ি অকালপক্ক হোৱা মোৰ মনত আগ্ৰহ জগাব পৰা নাছিল। অষ্টম শ্ৰেণীত এলেহুৱা আৰু বুদ্ধিমান ৰাজহাঁহৰ কাহিনী? তেওলোকে গমেই নেপালে মই তেতিয়ালৈকে চাৰি-পাঁচবাৰ মান প্ৰেমত পৰিলোৱেই। নিষিদ্ধ কিতাপবোৰো নিয়মীয়াকৈ পঢ়িবলৈ ললোৱেই। 

শিক্ষক সকলে নিজাববীয়াকৈ বহুত উদ্যোগ ল’লে- মোক ব্যক্তিগত ভাৱে ঘৰলৈ আহি সোনকালে কৰ্চ শেষ কৰাই দিলে। মোৰ মা ইংৰাজীৰ শিক্ষয়িত্ৰী হোৱাৰ কাৰণেও সুবিধা (নে অসুবিধা) হ’ল। নৱম শ্ৰেণীতে টেষ্ট পেপাৰবোৰ কৰিবলৈ আৰম্ভ কৰিলো। 

মোক ষ্টেণ্ড কৰোৱা ব্যৱস্থাটোৰ লগত জড়িত সকলোৰে বাবে “বেঞ্চ-মাৰ্ক” আছিল বিজয় শংকৰ বৰুৱা। বিজয়ে যিহেতু ষ্টেণ্ড কৰিবই, গতিকে তাৰ সমানে সমানে ফেৰ মাৰিব পাৰিলে মই ষ্টেণ্ড কৰাও নিশ্চিত। আমাৰ ঘৰৰ ওচৰতে বিজয়ে পঢ়া স্কুলখনৰ শিক্ষক দুজনমানো আছিল, তেওলোকে বিজয়ে কি কৰে, কি খাই, কিমান পঢ়ে, কোন বিষয়ত কিমান নম্বৰ পাইছে, কি কি ৰেফাৰেন্স বুক পঢ়িছে, সকলো খবৰ অৰহৰ যোগান ধৰি থাকিল। বিজয়ে গম নোপোৱাকৈয়ে সকলো দাঁৰৰ বাতৰি দাঁৰেৰে পাই থাকিলো, আৰু তাৰ টেকনিক বিলাক নকল কৰি থাকিলো। উদাহৰণ স্বৰূপে, কোনোবাই খবৰ দিলে বিজয়ে সমূখত এলাৰ্ম ঘড়ী এটা লৈ টেষ্ট পেপাৰৰ উত্তৰ কৰে, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ কৰিবলৈ কিমান সময় লাগে সেয়া হিচাপ কৰে। লগে লগে এলাৰ্ম ঘড়ী এটা আহি ঘৰ ওলাল। 

সি যি কি নহওক, মই এই ব্যৱস্থাত সম্পূৰ্ণ সহযোগীতা আগবঢ়ালো, ‘মৌচাক’ত আমাৰ আগৰ বছৰ প্ৰথম স্থান পোৱা অভিজিত বৰুৱাৰ ফটোখনৰ ঠাইত মোৰ নিজৰ ছৱিখন কল্পনা কৰি আপ্লুত হৈ থাকিলো।কোনোবাই কোনোবাই কৌতুকো কৰিলে, বোলে অহাবাৰ আকৌ এইটো প্ৰৱন্ধ নিলিখিলেও হব, প্ৰুফ ৰীডিং কৰি ‘বৰুৱা’ টো ‘কলিতা’ কৰি দিলেই হ’ব।
তিনিটা বছৰ কেনেকৈ পাৰ হৈ গ’ল গম নেপালো বুলিলেও ভুল নহব। এই তিনি বছৰত হোৱা পৰীক্ষাবোৰত, আনকি মেট্ৰিকৰ টেষ্ট পৰীক্ষাটো; মই শিক্ষক সকলৰ বদান্যতাৰ বাবেই হওক, (টেষ্ট পৰীক্ষাত সংস্কৃতত এশৰ ভিতৰত এশ পোৱা বহীখন চাই মোৰ নিজৰে লাজ লাগিছিল, মই নিৰুৎসাহ নহবলৈকে ৺ শইকীয়া চাৰে নিজে শুধৰাই মোক নম্বৰবোৰ দিছিল, মই নিজে চালেও সেইখনত ৫০তকৈ বেছি নেপালোহেঁতেন), বা মোৰ সৌভাগ্যৰ বাবেই হওক, মই বিজয়ৰ ওচৰে পাজৰেই থাকিলো। এসময়ত মই যে ষ্টেণ্ড কৰিম সেই কথাটো প্ৰায় নিশ্চিতেই হ’ল বুলিব পাৰি। কষ্টও নকৰা নহয়, যোৱা দহ বছৰৰ সকলো জিলাৰ টেষ্ট পেপাৰ, মেট্ৰিকৰ প্ৰশ্ন কাকতত মই নোৱাৰা বা নজনা প্ৰশ্ন এটাও নাছিল। দুইঘণ্টাতকৈ কম সময়ৰ ভিতৰত মই তাৰে যিকোনো এখন প্ৰশ্ন কাকত সম্পূৰ্ণকৈ উত্তৰ কৰিব পাৰিছিলো। 

তেতিয়াই সমস্যাটোৰ আৰম্ভনি হ’ল। আগতেই কৈছো, মই নিজে নহ’লেও মোৰ শুভাকাংক্ষীসকল প্ৰায় নিশ্চিত হৈ পৰিল যে মই ষ্টেণ্ড কৰিমেই, গতিকে মোক জনোৱা হ’ল যে কেৱল ষ্টেণ্ড কৰিলেই নহব, প্ৰথম বা দ্বিতীয় স্থান লাভ কৰিব লাগিব, তেহে। শুনামতে মেলে মিটিঙেও হেনো মানুহে মোৰ কথা কবলৈ আৰম্ভ কৰিলে,.... 'বৰ ভাল ল’ৰা এটা আছে, এইবাৰ আমাৰ ঠাইখনৰ নাম উজ্বলাব সি।' এই সমস্যাই চূড়ান্ত ৰূপ পালেগৈ যেতিয়া এদিন মই আন এখন স্কুললৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ নিমন্ত্ৰণ পালো। অৱশ্যে সেই নিমন্ত্ৰণ স্বীকাৰ কৰা ধৰণৰ বুৰ্বকো মই নাছিলো।
মোৰ মনৰ মাজত যুদ্ধ এখন আৰম্ভ হ’ল- এনেকুৱা পৰিস্থিতি এটা সৃষ্টি হ’ল যে, ষ্টেণ্ড নকৰিলে মোৰ জীৱনৰ কোনো মূল্যই নাই। কিছুমান বিষয় যেনে সংস্কৃত, উচ্চ গণিত আদিত মোৰ আত্মবিশ্বাস একেবাৰে কম আছিল, নিজকে যেনে তেনে ‘চোকা’ ল’ৰা সজাইহে আছিলো মই। মোৰ ৰাতি ৰাতি টোপনি নধৰা হ’ল, দুশ্চিন্তাত। মোৰ নিজস্ব ধাৰণা আছিল যে, কপালে সহায় কৰিলে, মোৰ বহীকেইখন মৰমীয়াল শিক্ষকে চালে মই হয়তো ষ্টেণ্ড কৰি যাবও পাৰো, নহ’লেও কেইটামান বিষয়ত লেটাৰ পাম সেয়া নিশ্চিত। সেই ভাৱটো মই কাৰো আগত ব্যক্ত কৰিব নোৱাৰিলো ভয়তে, আনকি নিজৰ আগতো, প্ৰথম বা দ্বিতীয় স্থানৰ বাদে আন একোৱেই মঞ্জুৰ নাছিল মোৰ বাবে। 

আচলতে কাৰো গাত দোষ নাই, মোৰ শুভাকাংক্ষীসকলৰ মেট্ৰিকত স্থান পোৱা ল’ৰা-ছোৱালীবোৰ সম্পৰ্কীয় ধাৰণাটো বাতৰি কাগজত পঢ়াতে সীমাবদ্ধ আছিল, মোৰ শ্ৰদ্ধাৰ শিক্ষক সকলেও কোনো ষ্টেণ্ড কৰা ছাত্ৰক পঢ়াই পোৱা নাছিল, গতিকে সকলোৱে ভাৱিছিল এনেকৈয়ে মানুহে ষ্টেণ্ড কৰে।

তুমুল মানসিক দ্বন্দৰ মাজেৰে পৰীক্ষাত বহিবলৈ সাজু হ’লো- স্বাস্থ্য ভাল কৰিবলৈ ভাইটি- ভণ্টীৰ পৰা চান কাঢ়ি খুওৱা গোট গোট বইল কণীবোৰেও অপকাৰহে কৰিলে। অৱশেষত পৰীক্ষাৰ দিনটো আহি পালেহি। 

প্ৰথম পৰীক্ষা বোধহয় ইংৰাজী আছিল। সেইটো যেনেতেনে গ’ল – মোৰ হাতৰ আখৰ বেয়া, গতিকে ইংৰাজীত বৰ সুবিধা কৰিব নোৱাৰিম বুলি জানিছিলোৱেই, ৰাইজে বুজাইছিল, দুই এটা বিষয়ত অলপ কম নম্বৰ পালেও একো কথা নাই, বাকী কেইটাত মেক আপ কৰি দিলেই হ’ল। ইংৰাজী এনেও মোৰ ষ্ট্ৰং পইণ্ট নাছিল। মোক বিশ্বাস কৰোৱা হৈছিল যে মোৰ ষ্ট্ৰং পইণ্ট আছিল অংক আৰু বিজ্ঞান। এইকেইটাত এশৰ ওচৰে পাজৰে নম্বৰ পাবই লাগিব। 

অংকৰ পৰীক্ষাটোৰকথা জল-জল পত-পতকৈ মনত আছে। প্ৰশ্ন কাকত খন চকু ফুৰাই চালো, পাৰিম, সকলো জনা প্ৰশ্নই আহিছে। ইয়াতে মই গড় মাৰি ভাণ্ডাৰ লুটি লব লাগিব। উত্তৰ বহী খন আগতে বহুবাৰ প্ৰেক্টিছ কৰাৰ দৰে ভাঁজ কৰিলো, মাৰ্জিন বিলাকত পোন পোনকৈ আঁচ মাৰিলো, পেনচিলেৰে ‘ৰাফ কেলকুলেচন’ কৰিবৰ বাবে সুকীয়াকৈ ঠাই উলিয়ালো। অংকৰ কাকতখনত মোৰ একমাত্ৰ চিন্তা আছিল ‘হাতৰ আখৰ’, গতিকে লাহে লাহে, ধীৰে সুস্থিৰে প্ৰথমটো অংক কৰিলো। একদম প্ৰথমৰে পৰা একাদিক্ৰমে কৰিব লাগিব, এশৰ ভিতৰত এশ নম্বৰৰ কথা আছে। অংকটো কৰি উঠি এজন চিত্ৰকৰে ছৱি এখন অঁকাৰ পাছত ডাঙি ধৰি চোৱাৰ দৰে একান্তমনে পৰীক্ষা কৰিলো, কৰি মনটো সন্তুষ্ট হ’ল। শুদ্ধটো হৈছেই, লগতে দেখিবলৈয়ো ধুনীয়া হৈছে। অংকৰ শিক্ষক প্ৰাণকৃষ্ণ মহন্ত চাৰেও এবাৰ ভুমুকিয়াই চাই গ’ল। চাৰৰ চকুতো সন্তুষ্টি দেখা যেন লাগিল। 

তাৰ পাছতেই লাগিল লেঠা, .... ২য় অংকটোৰ এটা শাৰী ভুল কৰি পেলালো, মানে শাৰীটো কাটিব লগা হ’ল। হে ভগৱান!!! কি হব এতিয়া? মুৰত আকাশ ভাগি পৰিল, চকুৰে জলক-তবক দেখিলো, কাণ ৰঙা হৈ উঠিল। প্ৰথম পৃষ্ঠাতে কটাকুটা কৰা বহীখনৰ মই এশ কেনেকৈ পাম? এইখনত এশৰ ভিতৰত এশ নেপালে মোৰ ষ্টেণ্ড কৰা কঠিন হৈ পৰিব। আৰু কেনেবাকৈ ষ্টেণ্ড নকৰিলে মই মানুহৰ আগত মুখ কেনেকৈ উলিয়াম? হিংসাকুৰীয়াবোৰে কি ৰটনা কৰিব?

আচৰিত ভাৱে মনলৈ এটা প্ৰশান্তিৰ ভাৱো আহিছিল যেনো লাগে ,সেইটো অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ গুৰু দ্বায়িত্বৰ পৰা অব্যহতি পোৱাৰ প্ৰশান্তিয়েই আছিল হয়তো । 

ইয়াৰ পাছৰ ঘটনাক্ৰম চমু, সময়ৰ অভাৱত অংকৰ প্ৰশ্নকাকত খন শেষ কৰিব নোৱাৰিলো, কথাটো গম পোৱাৰ পাছত ঘৰত মানুহ মৰাৰ দৰে পৰিস্থিতি এটা হ’ল- বাকী বিষয়কেইটাতো বৰ জোৰ দিবলৈ উৎসাহ নেপালো, ষ্টেণ্ড কৰিবৰ বাবে বি‍‍শেষ ভাৱে লোৱা সংস্কৃত আৰু উচ্চ-গণিত একেবাৰে বেয়া হ’ল। দ্বিতীয় অংকটোৰ কটা যোৱা শাৰীটোৱে মোৰ জীৱনটো সলনি কৰি পেলালে। 

কেইমাহমানৰ মুৰত অংক আৰু বিজ্ঞানত লেটাৰসহ ৭২.৪% শতাংশ নম্বৰ লৈ পাছ কৰিলো, কটন কলেজত পঢ়িবলৈ পোৱাৰ আশাও নিৰ্বাপিত হ’ল। আমাৰ স্কুল আৰু ছোৱালী হাইস্কুলৰ কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে মোতকৈ বেছি নম্বৰ পালে আৰু বোধহয় "মোৰ কটা ঘাঁত চেঙা তেল" দিবলৈকে বিজয়ে অসমৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিলে। আৰু মই কাকজান বা যোৰহাটৰ সেই মানুহখিনিৰ পৰা পলাই আহি ডিবুৰু চহৰ পালোহি। 

প্ৰায় এহেজাৰ মান মানুহ আশাহত হোৱা সেই ঘটনাটোৱে কিন্তু মোক বহুত শিক্ষা দিলে, পৰৱৰ্তী পৰীক্ষাবোৰত মই ক্ৰমান্বয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হ’লো। জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাবোৰৰ ভিতৰত মই মেট্ৰিকতে সকলোতকৈ কম নম্বৰ পাইছিলো, সেই কথা ভাবি আজি মোৰ দুখ নেলাগে, বৰঞ্চ নিজলেকে মৰম লাগি যায়। 

(এই তিনিটা শ্ৰেণীত মোক পঢ়োৱা শিক্ষক সকলৰ বিষয়ে এটা কথা নক’লে লিখনিটো আধৰুৱা হব। তেওলোকৰ প্ৰত্যেকজনেই নিজৰ ল’ৰা-ছোৱালীতকৈ মোৰ লগত বেছি কষ্ট কৰিছিল আৰু মোক বেছি মৰম কৰিছিল। তেওলোক মন ভাগি পৰিছিল হয়, কিন্তু মোৰ ওপৰত বিশ্বাস হেৰুৱা নাছিল। ইমান নিষ্ঠাৰে শিক্ষকতা কৰা লোক আজিকালি আছে নে নাই সন্দেহ হয়)

ফেচবুকৰ মন্তব্য
Kalyan Nath  

Your post really reminded me those days n I must say no one could hv put it better than you. I liked that Sanskrit part n am still laughing 😆. Some of my well wishers also had the same kind of opinion abt me, but not so crazy like wat happened in ur case. One such well wisher, who used to be my relative n a Sanskrit teacher convinced me n my parents that Sanskrit is must in such mission n he could prepare me for letter marks just in one month after test exam. I continued with Sanskrit from class VIII n somehow managed upto test exam. After that he took over n after one n half month of his training I secured letter marks in Sanskrit. The result is that I can't even understand a Sanskrit sentence today although I secured letter marks as part of that mission

 Bobita Gogoi  

পৰীক্ষাত প্ৰথম হোৱা আৰু জীৱনত প্ৰথম হোৱাটো একে কথা নিশ্চয় নহয । গল্প যেন লগা আপোনাৰ লেখা টো আমাৰ পৰিয়ালৰ সকলোৱে উপভোগ কৰিলো ।

 Gunadeep Chetia 

অভিজিৎ দা , মজা লাগিল পঢ়ি। মোৰ নিজৰ কাহিনীলৈ মনত পৰিল। টেষ্ট পৰীক্ষাত মোৰ পাৰ্চেণ্টেজ চাই মানুহে সম্বৰ্ধনাই জনাব ওলাইছিল। মই ষ্টেণ্ড নকৰাৰ কাহিনী আৰু সাংঘাতিক। কিন্তু ইমান ধুনীয়াকৈ লিখিব নোৱাৰিম।

 Odyssey Bordoloi 

It reminded me of the same Sanskrit story of my 8th, 9th and 10th standard! 😂 ...and the same pressure I had for getting position, the typical dialogue "stand koribo lagibo" in both H.S.L.C. and H.S. I understand, there are some people who genuinely want us to do well but there are also some who simply say things out of nowhere either to make you feel low or just to bring reputation to their own institute.. I mean getting a position in H.S.L.C. or H.S. is not the final success meter of life...! And our people don't understand this simple thing... I still remember, one great person told me not to show my face if I do not stand in H.S. (and of course, I didn't stand 😂 ) Sometimes people don't realise what kind of impact it creates for a lifetime in the mind a 15-16 years old because of such situations! We really need to stop judging people on the basis of numbers and positions! Lol.. Really liked the way you wrote 

 Amrit Krishna Bora  

Abhijit Kalita U have exactly described the education scene of suburban area of Assam that period. Being 4 year? sr to you from same school I got the same type of care from Pran krishna Mahanta Sir and got letter mark on Adv Math . Nostalgic.......................

At that time from Kakajan ME Four Student ....so called good student was Utpol Boruah, Jyoti Patra Hridyan Hridayan Borthakur and myself.Class 5 -7 First place always occupied by Pahari Chutia, daughter of HM Baap Chutia Sir and second place rotate between Utpol and me. After class seven Utpol and Jyoti left to Govt HS jorhat. Hridayan took it a challange we got First Div in Matric and got admitted in JB college Science stream.


Saugot Chowdhury  

পঢ়ি ভাল লাগিল। বহুত বছৰৰ আগতে এৰি অহা সেই দিন বোৰ মনত পেলাই দিলে। আপোনাৰ দৰে লিখিব নোৱাৰিম যদিও চেষ্টা এটা চলাম বুলি ভাবিছোঁ। চিঠি নোপোৱা দুখবোৰে ওঁক দিয়াৰ আগতে।


 
মোৰ পৰা এনেকুৱা expectation নাছিল কিন্তু ৰিজাল্ট দিয়াৰ দিনা ইংৰাজীৰ চাৰে "মই কিন্তু তুমি ষ্টেণ্ড কৰিবা বুলি আশা কৰিছিলোঁ" কোৱা কথাষাৰে আজিও 'নিজকে মৰম লগাই দিয়ে'
 
 
Soturtho srenir britti porikhyar onkor agdina bhaitir logot khedakhedi korute xi muloi xil eta mari matha phali disil. Tenekoiye pisdina porikhya dilu bandage egal mari. Just salu daag tu etiau ase:)
I think More or less most of us have stories but the way you have written yours is truly reader's delight. Please keep writing.
 
 
 Sumanta Sarathi Borthakur · 
 
মোৰো প্ৰায় একে কাহিনীয়েই। স্কুলৰ শিক্ষকৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলটোৰ ৰাইজেই মোৰ ওপৰত আ'শা কৰিছিল। কিন্তু ষ্টেণ্ড কৰিব নোৱাৰিলো। ষ্টেণ্ড কৰা নহ'ল যদিও গণিত আৰু উচ্চ গণিতত ভাল নম্বৰ লাভ কৰিলৈ সক্ষম হ'লো। কিন্তু ষ্টেণ্ড কৰিবলৈ প্ৰায় ৩ বছৰ ধৰি যিমান হেঁচা দি থকা হৈছিল সেইটো জীৱনলৈ মনত থাকিব।
 
 
 
লিখনিত আত্মপ্ৰকাশ কৰা জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় । এনে উপলব্ধি সকলোৰে বাবে প্ৰয়োজন লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও । । কাৰণ শিক্ষা জীৱনটো এটা মাৰাথন দৌৰৰ দৰে । সকলো সময়তে একে ফল আশা কৰাটো অনুচিত । সেই বুলি আমাৰ নিজৰ হাবিয়াহ খিনি লৰা-ছোৱালীৰ ওপৰত জাপি দিয়াটোও অনুচিত । দেখা যায় যে যদি কাৰোবাৰ এটা শুদ্ধ প্ৰতিযোগিতাৰ মন থকা ছাত্ৰ-ছাত্ৰীয়ে ষ্টেণ্ড কৰা সকলতকৈ শুদ্ধ পথে জীৱনটো সাৰ্থক হোৱা দেখা যায় আৰু সেই ধাৰাৰে তেওঁলোকৰ নৱপ্ৰজন্মক সমাজৰ প্ৰয়োজনত অহাকৈ গঢ়ি আহিছে ।
 
 
 কাহিনীটো পঢি তামাম ভাল লাগিল ৷ সকলোয়ে কম বেচি পৰিমানে নিজকে আয়নাত চোৱা যেন পাব ৷ স্মৃতি ৰোমন্থন হৈ গল 
 
 
তোৰ আৰু মোৰ মেট্ৰিকৰ কাহিনী, ৰিজাল্ট ইত্যাদি প্ৰায় একেই৷ "অনুৰাধাৰ দেশ", "অন্তৰীপ", "জুলু", কাঞ্চণ বৰূৱা, নিষিদ্ধ আলোচনীৰ ইত্যাদিৰ পৰা আৰম্ভ কৰি সংস্কৃতত পোৱা 42 নম্বৰৰলৈকে৷ খালি পাৰ্থক্য এয়ে যে মই নিজে কোনোদিন ষ্টেণ্ড কৰাৰ মৰিচীকাত নফছিলো৷ আমাৰ বাৰ উচ্ছ গণীতৰ প্ৰশ্নকাকতে বেয়া বাঁহ দিছিল, নহয় জানো৷ মই আগৰ 20 বছৰৰ টেষ্ট পেপাৰ সৰসৰাই জনাৰ পাছতো অকল 79 নম্বৰ হে এটেম্ট কৰিব পাৰিছিলো৷ তথাপিও 76 তাত পাই, অংক, বিজ্ঞানক লেটাৰ সহ 73.3% কোনোমতে পাইছিলো৷ কটনত দিনৰ ক্লাছ মোতকৈ ১ নম্বৰ আগত শেষ হৈছিল৷ হ'ষ্টেল আৰু অলপ আগতে৷ unexpectedly ইংৰাজীত ভাল নম্বৰ পাইছিলো৷ 2nd পেপাৰত 75ৰ ভিতৰত 65 পাইছিলোঁ ৷ বোধ হয় কোনো উদাৰ পৰীক্ষকৰ কৃপাত৷

বৰ ভাল লাগিল পঢ়ি৷
 
 Doli Bora · 
কাহিনী টো মোৰ লগত মিলিছে।ষ্টেন্ড কৰিম বুলি নিজতকৈ আনেহে বেছি আশা কৰে আৰু ই এক গধুৰ বোজা হৈ পৰে পৰিক্খাৰ্থি জনৰ প্ৰতি
 
 
এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আমাৰ ঠাইতো আছিল আৰু সেইবোৰৰ মাধমাৰ আমাৰ ওপৰতো পৰিছিল । আপুনি মুকলিকৈ কোৱাৰ বাবে ধন্যবাদ । কিন্তু কেতিয়াবা ওলোটাও হয় । stand কৰিব বুলি আশা নকৰা এজনে যেতিয়া stand কৰাই নহয় প্ৰথম বা দ্বিতীয় স্থান লাভ কৰে কিছুমানে বেয়াও পায় । 😂😂
 
  মোকো ভাবিছিল।কিন্তু ষ্টেণ্ড কৰাহেতেন যিমান বিখ্যাত হ'লোহেতেন, নোহোৱাৰ কাৰণে তাতোকৈ বেছি মোৰ নামটো উজ্বলিল।আজিও মোৰ নামৰ আগত "বেচেৰাটো" শব্দটো লগায় অঞ্চলৰ মানুহে।
 
 যিটো বুজা গল - নম্বৰ ইজ ইম্মেটেৰিএল, মেৰিট ইজ |
 
 
Lively ! Experienced those pleasantly horrendous days once again! Math and Assamese were my strong points !! And solving test papers keeping a time record was a common practice, expected position holders would do! Thanks for bringing back those memories. 😊
Nijor beya result totkoi, priyobondu r bhal result ehe monot besi dukh diye! 😄👍😊😀
 
 
 G Moni Gogoi · 
" A few more marks in an exam can not determine my future...". আন বহুতৰ দৰে মইও এনেকৈয়ে ভাবোঁ ৷ আপুনি ও নিশ্চয় ৷ যি নহওঁক, আপুনি ইমান ভাললগাকৈ কথাখিনি লিখিছে, পঢি আপ্লুত হ'লোঁ ৷
 
 
Bhal lagil porhi.... Xei xomoyot matric tuyei jen jibonor xokolutkoi dangor potikhya tene asil...nombor re asolote xopholota aru bipholota nirdharon nokore... Ajikali xikhya byobostha xolonial hol...xikhok xokolu xoloni hol... Agor aatmiyota aru nai.... Jodiyu ajir byobosthai manuh nobonai buli kobo nuwari.....
 
 
আপোনাৰ লিখনিটো পঢ়ি নিজৰো নানা কথা মনত পৰিল | ... সেই বয়সত সাধাৰণতে ছোৱালীৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰা যায় ... মানে অৱ্যক্ত একপক্ষীয় প্ৰেম !! আৰু এই প্ৰেমৰ প্ৰভাব পঢ়া-শুনাটো পৰে |

আপোনাৰ লিখনিটোত সেই উপকাহিনীটো অনুপস্থিত !!! অৱশ্যে আপোনাৰ এইট, নাইন, টেইনত তেনে মহাঘটনা নঘটিবও পাৰে !!!!?
 
 
একদম বটম অব দা হাৰ্ট কোৱা কথাখিনি সাংঘাটিক ভাল লাগিল ৷ "যি মূলা বাঢ়িব তাৰ দুপাততে চিন" বুলি দিয়া উপমাটো আৰু দেঞ্জাৰাছ ৷ সৰুতেই বৃত্তি দিবলৈ পোৱাটোতে মেট্ৰিকত ষ্টেণ্ড কৰিব বুলি ধৰি লোৱা আৰু মেট্ৰিক পৰীক্ষাৰ আগে আগে পাঠ্যক্ৰমৰ কিতাপ পঢ়িছোঁ বুলি কিতাপৰ তলত বাহিৰা কিতাপ লুকুৱাই পঢ়া কথাবোৰ টো বাদেই দিলোঁ ৷
 
 
likhani parhi mr blg dhranar duta vab hl.. ata hl..manuhr maram akha biswasr sel pate ketiaba imn beake bindhe na ikul na sikul abasthar sristi hai...ajiklio lara ba soalijnir samarthar oprt gurutta ndi bht subhakangkhie anekua utsah die..ii ketiaba vl hai ketiaba beao hai..vl lara sinakta kra upai hisape adv math bikhaytu sakalore mant sipai gaise tak ketia ughalibo pari koa tan....ru ata vab hl apuni stand nakarileo bea satra nasil..kntu aponak g tagida dia hl sei tagidai aponak mathr second que t g ghatana ghatale tar bve jagaria..asalate ai likhanitue sintar khorak jagaise.
 
 
 
 

No comments:

Post a Comment