Saturday, June 18, 2016

=বৰপেটা সত্ৰত নাৰীৰ প্ৰবে‍শ=



আমাৰ সমূহীয়া ভিনিদেউ Brahmananda Patiri এ নিজৰ আপডেটত লিখিছে।

# “1590 চনত অসুৰাৰি ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মনে মাধৱ দেৱৰ লগত তৰ্কত পৰাজিত হৈ বিজয়নগৰ বৰ্তমান সৰভোগত শাসনকৰ্তা চিলাৰাই পুত্ৰ ৰঘুদেৱক ক'লে যে " বাউসীত এজন মহাজন আছে । নাম মাধৱ । সোন ৰূপেৰে ঘৰ কৰি যুৱতী স্ত্ৰী নচুৱাই সভাতে সাবটি লয় । ব্ৰাহ্মনক নামানে , ভাগৱত নামানে ..... তোমাৰ দেশত এনে অধৰ্মী অনাচাৰী হ'লে ৰজাৰ চত্ৰভংগ হয় , প্ৰজা ক্ষয় হয় , দুৰ্ভিক্ষ হয় ।


তাৰ পিছত ৰজাই সুৰানন্দ ভাণ্ডাৰী বৰুৱা আৰু ৰূপাবৰ লস্কৰক মাধৱক ধৰিবলৈ পাচিলে । সুৰানন্দই হাজোলৈ যোৱা অজোহাত দেখুৱাই তন্ন তন্ন কৈ সকলো চালে আনকি পুৰুষে নাটৰ বাবে বক্ষ পৰিধাৰন কৰা কাঠৰ বক্ষও টিপি মেলি চাই মাধৱক বন্দী কৰে । যেতিয়াই হাতত গামোছাৰে বান্ধিবলৈ আগবাঢ়ি আহিল তেতিয়া ভকত সকলে কাকুতি মিনতি কৰিলে । সুৰানন্দই হাতকেৰিয়া নলগাবলৈ ৰূপ হাজাৰ টকা বিছাৰিলে । অৱশেষত বিছাৰি খোছাৰি তিনিশ টকা সংগ্ৰহ কৰি সুৰানন্দক যাচি হাতকেৰিয়া লগোৱাৰ পৰা বচাই লৈ ৰজাৰ ওচৰত নিলে । ৰজাই বিচাৰ কৰি মাধৱক নিৰ্দোষী বুলি মানি সসন্মানে এৰি দিলে । সেয়া আছিল 1591 চন । ঘুৰি অহাৰ পিচত মহাপুৰুষ মাধৱদেৱে মনৰ দুখত ন দিন বৰপেটা কীৰ্তন ঘৰত থাকি ভনীয়েকৰ অনুৰোধত সুন্দৰী দিয়া লৈ গুছি আহে তাত কিছু দিন থাকি আকৌ ৰজাক এটা পৱিত্ৰ স্থান বিছাৰি অনুৰোধ কৰিলে । ব্ৰাহ্মন সকলে তেওক গকুলত যাবলৈ কোৱাত তেওঁ পিছত আলোচনা কৰি হাজোলৈ যায় , তাত কিছুদিন থাকি বেহাৰলৈ যায়গৈ ।

তাৰ আগতেও গুৰুজনাই গনককুছিত থাকোতে গুৰুপত্নী কালিন্দী আই পাটবাউসীত থাকোতে মাধৱদেৱে খবৰ খাতি লৈ থকা বাবে বহু ৰটনা ৰটাত মাধৱদেৱে সুন্দৰীদিয়ালৈ গমন কৰিছিল । ইয়াৰ পাছৰে পৰা এনে ৰটনা আঁতৰাবলৈ মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰে” #

এই বিষয়ৰ তেখেতৰ এটা লেখা আগতে পঢ়া মনত আছে। ইয়াৰ পৰা সহজে বুজিব পাৰি যে ই সেই সময়ৰ বাবে এটা কৌশলগত ব্যৱস্থাহে আছিল। মহাপুৰুষীয়া ধৰ্মৰ নীতি বা উদ্দেশ্যৰ ইয়াৰ কোনো সম্পৰ্ক নাই। হয়তো এই ব্যৱস্থাৰ বাবেই বৰপেটা থান ধ্বংসৰ মুখৰ পৰা ৰক্ষা পৰিছিল। 

সেই সময়ত পৰিস্থিতি সাপেক্ষে মহাপুৰুষ সকলে বা থানৰ গুৰি ধৰোঁতা সকলে থানৰ ভিতৰত মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰিছিল, সেই সময়ৰ বাবে হয়তো সেয়া উচিৎ পদক্ষেপেই আছিল। কিন্তু এতিয়া আৰু সেই পৰিস্থিতি নাই, গতিকে এই পৰম্পৰাও মূল্যহীন। আজি কেৱল পৰম্পৰাৰ নামত এটা অবৈজ্ঞানিক আৰু অমানৱীয় ব্যৱস্থা চলি থকা অনুচিত। যিমান পাৰি সোনকালে এই ব্যৱস্থাৰ অৱসান হওক বুলি কামনা কৰোঁ- প্ৰয়োজন হলে আইনৰ সহায়ো লোৱা হওক।
এই বিষয়ৰ আলোচনা বোৰ পঢ়ি থাকোতে কোনো কোনো অদ্ভূত মন্তব্য চকুত পৰিছে, যেনে- অমুক ধৰ্মতো অমুক ঠাইলৈ মহিলাক যাবলে নিদিয়ে, তমুক ধৰ্মতো তমুক হয়, গতিকে এই নিয়মজাষ্টিফাইড

সেইসকললৈ এটাই অনুৰোধ, আন কোনোবাই ভুল কৰিলে বুলিয়েই আমিও কৰিবই লাগিব বুলি কোনো কথা নাই। হিন্দু ধৰ্ম মানৱ সভ্যতাৰ আৰম্ভনিৰে পৰা চলি অহা হেতুকে, মানৱজাতি চিন্তাৰ বিকাশৰ প্ৰত্যেকটো স্তৰৰে প্ৰভাৱ ইয়াত দেখা যায়, গতিকে হিন্দু ধৰ্মক আন ধৰ্মৰ লগত তুলনা কৰি বিছাৰ কৰা অনুচিত। নহলে ৩৩ কোটি দেৱ-দেৱীক উপাসনা কৰা, মূৰ্তি পূজা কৰা হিন্দুধৰ্মই মহাপুৰুষ শংকৰদেৱৰ একশৰণ নামধৰ্মক হিন্দুধৰ্মৰে এটা শাখা বুলি কিয় স্বীকৃতি দিলে? স্বয়ং বেদেই Multiple God ৰ ধাৰণাক মানি লোৱাৰ পাছত কিদৰেকেৱল এজন নিৰাকাৰ ভগৱানক উপাসনা কৰা, পূজা-পাতল আদি বৈদিক, বিধি, বৰ্ণাশ্ৰম আদিক উলংঘা কৰা ধৰ্ম এটা হিন্দু ধৰ্ম কেনেকৈ হ?

ইয়াতেই লুকাই আছে হিন্দু ধৰ্মৰ মুল সংস্কাৰ আৰু আদৰ্শ। হিন্দু ধৰ্মই সকলোৰে নিজস্ব দৃষ্টিভংগী, আত্মোৎকৰ্ষ আদিক মান্যতা দিয়ে, আৰু সংস্কাৰক ইয়াৰ এক এৰিব নোৱাৰা অংগ বুলি গণ্য কৰে। 

গতিকে কিছুমান অদৰকাৰী পৰম্পৰাৰ সমৰ্থন কৰিবলৈ গ'লে সনাতন ধৰ্মৰ মূল আদৰ্শক অৱমাননা কৰা নহবেনে

বি. দ্ৰ.:- নিজে ধৰ্ম কৰ্মৰ ওচৰ পাজৰেও গৈ নোপোৱা মোৰ দৰে লোকে এনে আপডেট দিব নেলাগে আচলতে। কিন্তু সামাজিক দৃষ্টিকোণৰ পৰা সমস্যাটো গুৰুত্বপূৰ্ণ বুলি ভাৱিয়েই এইখিনি লিখিলো।

=সংযোজন=
 
আকৌ কথাবোৰ মই আশা কৰাতকৈ বেলেগ ধৰণৰ হৈ গলগৈ আকৌ নতুনকে চিন্তা কৰিব লগাত পৰিলো। 

সমস্যাটো তিনিধৰণে গৈ শেষ হবগৈ পাৰে..

একঃ- একো নহল। বহুলোকৰ লগতে থানৰ কতৃপক্ষই অনিচ্ছাৰ বাবে বৰপেটা থানত মহিলাৰ প্ৰবেশ নিষিদ্ধ হৈয়েই থাকি গল। এনে হোৱাৰ বাবে বহুলোক আশাহত হ, মনত শোক পালে আৰু বহুতৰ থানৰ প্ৰতি শ্ৰদ্ধাভাৱ অলপ অচৰপ কমিলহে। 

দুইঃ- জোৰ কৰি, আইনৰ সহায় লৈ এদল লোকে এই পৰম্পৰা ভংগ কৰিলে, নাৰীক থানৰ ভিতৰলৈ সোমাবলৈ দিবলৈ কতৃপক্ষ বাধ্য হল। কিন্তু ইয়াৰ ফলতো এই পৰম্পৰাত বিশ্বাসী এদল লোক অসন্তুষ্ট হল। 

তিনিঃ- এলানি  সফল আলোচনাৰ অন্তত থানৰ কতৃপক্ষ, স্থানীয় লোক আৰু আন শ্ৰদ্ধালুসকলে নিজে আগভাগ লৈ এই অশুভ পৰম্পৰাৰ অৱসান ঘটালে। এগৰাকী সকোলোৰে সন্মানীয়, মাতৃস্থানীয় মহিলাক সত্ৰাধিকাৰে নিজে থানৰ ভিতৰলৈ আগবঢ়াই নি আশীৰ্বাদ দি এই যুগান্তকাৰী ক্ষণত আধিকাৰিক ভাৱে থানলৈ মহিলাৰ প্ৰবেশৰ অনুমতি দিলে। 

মই ব্যক্তিগত ভাৱে তিনি নম্বৰ সমাধানটো বিছাৰো, কিন্তু সেইটো হোৱাৰ সম্ভাৱনা কিমান? আৰু সেইটো কৰাত আগভাগ লব লাগিব কেৱল বৰপেটাবাসী ৰাইজ আৰু থানৰ কতৃপক্ষই। কৰাৰ আশা আছেনে। বা তেনে এটা সম্ভাৱনাৰ কথা আমি ভাৱিছোনে

মই সিমান আশাবাদী নহয়। কেৱল এইটো সমস্যাতে নহয়, আন যিকোনো ক্ষেত্ৰতে আমি এনে এটা সুষম সমাধান ওলাব পাৰে বুলি নেভাবোৱেই। 

বিষয়টোত এতিয়া দুটা স্পষ্ট পক্ষ দেখা গৈছে, দুইখিনি মানুহেই নিজৰ কথাখিনি শুদ্ধ বুলি কৈ আছে, মই নিজেও তাৰে এটা শিবিৰত আছো যু্ধ্বংদেহি হৈ ।
তথাপিও, দুই পক্ষকে অনুৰোধ কৰিছো, অলপ তৃতীয় দিশটোৰ কথাও ভাবি চাব পাৰি নেকি? তৃতীয় সমাধানটো হ'লে সকলোৰে লাভ।

ফেচবুকৰ মন্তব্য সমূহ



বৰপেটা থানত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হোৱাৰ আচল কাৰণটো আজিহে গম পালো । কাৰণ যিয়েই নহওক কিয় এই বিষয়ে বৰ বেছি মন্তব্য দিবলৈ বেয়া কিয়নো কোনো কোনো মানুহৰ হয়তো ধৰ্মীয় অনুভূতি আঘাত লাগিব পাৰে , কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি মহামান্য মুম্বাই উচ্চ ন্যায়লয়ৰ ৰায়দানৰ পাছত ৪০০ বছৰীয়া পৰম্পৰা ভাঙি এই বছৰৰ এপ্ৰিল মাহত মহাৰাষ্ট্ৰৰ বিখ্যাত "শণি শিংনাপুৰ" মন্দিৰত মহিলা সকলে পূজা-অৰ্ছনা আগবঢ়াই । এই বিষয়ে ভূ-মাতা মহিলা ব্ৰিগেদ নামৰ এটা মহিলা সংগঠনে আগভাগ লৈছিল । অসমতো তেনেধৰণৰ সামাজিক আন্দোলন এটা আৰম্ভ কৰিব পাৰে ।

It is a controversial issue of temple entry by women nowadays . We see our past how gradually decline women condition/status . The period when the Aryans first settled in India is known as the early vedic age(1500Bc to 1000BC) . The chief source of information about this period is the Rig Veda . During that period women had similar education as men and participate with men in philosophical debates . Women studied the vedas and we hear of several women "seers" composing vedic hymns such as Visvavara , Ghosha , Apala etc. During vedic times , women so inclined wore the sacred thread and taught the holy mantras of the veda. Women of the kshayriya (warrior) caste receive martial arts coaching and arms training . The vedas , upanishads and other scriptures give numerous exmpl of women philosopher , politicians , teachers and administrators and saints . The upanishads clearly declare that we individual souls are neither male or female . Hinduism gives no justification for the mistreatment of others , whether on the basis of gander or for any other reason . Many of the vedic rishis were women. The Later Vedic Age (1000- 600BC) the position of women became deteriorated.. A daughter come to be regarded as"a source of misery" . In approximately 500BC , the status of women began to decline . The practice of child marriage is started around 6th century Bc . The Manu Samhita , written long after the vedic period . Its derogatory statements about women have been highly published ..its interesting to note that Manu himself wrote " where women are honored , there the Gods are pleased .where they are not honored , no sacred rite yield rewards ."

আজি বৰপেটাৰ এগৰাকী বান্ধৱীৰ পৰা আন এটা আমোদজনক কথা গম পালো। বৰপেটাৰ বহু স্থানীয় লোকে বিশ্বাস কৰে যে আগতে মহিলাক থানৰ ভিতৰলৈ সোমাবলৈ দিয়া হৈছিল, কিন্তু এগৰাকী মহিলা তানৰ ভিতৰতে ঋতুমতী হোৱাৰ বাবে থানৰ ভিতৰখন লেতেৰা হৈ পৰে, আৰু মহিলাগৰাকীও লজ্জিত হয়, তেতিয়াৰ পৰা হেনো এই পৰম্পৰা আৰম্ভ হয়। সেইসকললৈ কেইটামান প্ৰশ্ন আছে

১) ভাৰতত আৰু বহুত মন্দিৰ, থান, সত্ৰ আদি আছে যত মহিলা সকলৰ প্ৰবেশৰ অনুমতি আছে। সেইবিলাকত তেনে পৰিস্থিতি হোৱা নাই কিয়?

২) নাৰীৰ ঋতুমতী হোৱা সময়চোৱা, যাক সৃষ্টিৰ মুল সময় বুলি কব পাৰি, সেয়া ছুৱা বুলি কবলৈ আমাক কোনে অধিকাৰ দিলে (এইটো বিষয়ত অলপ আলোচনাৰ থল আছে, চুৱা নহয় কিন্তু সেই সময়খিনিত চুৱা বুলি নাৰীগৰাকীক কামকাজৰ পৰা অলপ আহৰি দিয়া এটা ভাল কথা, অৰ্ণৱ গোস্ৱামীয়ে এইটো বিষয়ত এজনক খুন্দি দিছিলে) 

২) আজিকালি চেনিটেৰী নেপকিন বুলি বস্তু এপদ ওলালে :-), গতিকে আগৰ সমস্যা নাই আৰু আজি।


Bhal lagil Abhijit Kalita da . Aru Kasturee Lalbegi dore bohutu Voddro Mohilar Monor kothabur ebar aalusona koraru Proujon naibuli bhoba hokole bhool korise buli onubhob koru .
এইবোৰ বিষয়ত মন্তব্য দিবলৈ বেয়া৷ অযথা বিতৰ্ক কিছুমান হয়৷ তাৰ পাছতে পৰাল পৰে৷ 'লেও এটা কথা চিন্তা কৰিব লাগে সমাজে৷ মানুহ চন্দ্ৰ পালেগৈ৷ কল্পনা, সুনিতাহঁতৰ উদাহৰণবোৰ আছে৷ সভ্যতা ক'ত পালেগৈ তাৰ হিচাববোৰো সমাজে ৰাখিব লাগে৷ কিছুমান "অদ্ভুত" নিয়ম-নীতি এৰিবৰ হ'ল৷


মই যিমান জানো-১) বৰপেটাৰ মহিলা সকলেহে নাৰীৰ থানৰ ভিতৰৰ প্রৱেশত বাধা দিয়ে। ২) প্রায়ভাগ বৰপেটাৰ মানুহে আমাৰ ইয়াৰ নিয়ম এনেকুৱাই, তোমালোক কোন মাত মাতিবলৈ ধৰণৰ মানসিকতা লৈ থাকে। ---মূল কথাটো হ'ল কিছুমান সম্পদ কাৰো নিজা হৈ নাথাকে। সেইবিলাক সমগ্র ৰাজ্য বা জাতিটোৰ সম্পদ হয়গৈ। শিৱসাগৰৰ কাৰেং ঘৰ, ৰং ঘৰ আদি শিৱসাগৰীয়াৰ সম্পদ নহয়, কাজিৰঙা নগঞা বা গোলাঘটীয়াৰ সম্পদ নহয়। সমগ্র ৰাজ্যখনৰ সম্পদ। গতিকে বৰপেটাৰ পুৰুষ-নাৰী সকলেহে এই ক্ষেত্রত আগভাগ লৈ কিবা এটা পৰিৱৰ্তন কৰিব বিচাৰিলে পৰিৱৰ্তন হব। অন্যথা তেখেত সকলে নিয়ম, পৰম্পৰা, আচাৰ নীতিৰ দোহাই দি আঁকোৰগোজ হৈ থাকিলে বেলেগে বাহিৰৰ পৰা একো কৰিব নোৱাৰে।
কীৰ্তন ঘৰৰ ঘাই দুৱাৰ মুখৰ (উত্তৰে) প্ৰতিটো থাকতে একোজন বিশিষ্ট পুৰুষ আছে ৷ তেওঁলোক হল - পৃথু ,বলি, সগৰ, ভগীৰথ, ব্ৰহ্মা, মহাদেৱ ৷ প্ৰতিটো থাকত খোজ দি যাওঁতে এওঁলোকক স্মৰণ কৰি দুৱাৰ দলিত মুৰ দোৱাই এই পদটো মাতি সেৱা কৰিব লাগে
পাইলো পাইলো ৰে হৰিপদ পঙ্কজৰ ধুলি
ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি
মহাপুৰুষৰ পদ পঙ্কজৰ ধুলি
অনাদি জন্মৰ সঞ্চিত পাতক
সবে গুচোক মোৰ ধুলাৰ প্ৰসাদত


আৰু এটা তথ্য যোগ দিও, মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা নামঘৰ - তাত এতিয়াও মহাপুৰুষজনাৰ ভৰিৰ খোজ, অক্ষয় বন্তি আছে। বছৰ লাখ লাখ ভক্তই এই থান দৰ্শন কৰে। ঢেকীয়াখোৱাত কিন্তু এনে কোনো পৰম্পৰা নাই।

 বহুত বহুত ধন্যবাদ জনালোঁ Abhijit Kalita ডাঙৰীয়াক মহিলাৰ হকে এগৰাকী পুৰুষে মাত মতাৰ বাবে । আৰু Kankana বাইদেউ এই পোস্টটোত Tag কৰাৰ বাবে অশেষ ধন্যবাদ ।
 মোৰ স্বামীয়ে মোক বৰপেটা কীৰ্তন ঘৰলৈ লৈ নাযায় একমাত্ৰ মহিলা হোৱাৰ বাবেই মোক কীৰ্তন ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব নিদিয়ে বাবে । আৰু মইও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অপমানিত হ'বলৈ জীৱনত বৰপেটা কীৰ্তন ঘৰলৈ নাযাওঁ যদিহে নিয়মৰ পৰিবৰ্তন নহয় । কাৰণ মাজুলীৰ ঐতিহাসিক সত্ৰসমূহত মহিলাৰ প্ৰৱেশত কোনো বাধা নাই ।


আন্তৰিক ধন্যবাদ আপোনাৰ তথ্য গধুৰ পোষ্টটিৰ বাবে ..
১৫৯০চন আৰু এতিয়া একৈশ শতিকা ।
মন বিবেচনা যুক্তি সমাজ ব্যৱস্থা সকলো বেলেগ ।
বৈজ্ঞানিক তথ্য বা ধৰ্মীয় বাধাক এতিয়াও কোনেও নুই নকৰে ।কিন্তু এইটো সম্পূৰ্ণৰূপে এটা আকোৰগোজ সমাজ ব্যৱস্থা ।

ভাল লাগিল । এই post টোৰ ওপৰত আৰু কবলৈ একোৱেই নাই । সংস্কাৰ হওক । সমাজ প্ৰকৃতাৰ্থত আগবাঢ়ি যাৱক ।

বৰপেটা সত্ৰই একমাত্ৰ সত্ৰ যত সত্ৰাধিকাৰ নিৰ্ব্বাচন হয় নাৰী সকলে ইয়াৰ আৰম্ভনিৰে পৰা সক্ৰিয় সহযোগত আছে । পুৱাৰ প্ৰসংগ আই সকলে কৰে আৰু নাৰীৰ প্ৰবেশ নিৰ্ভৰ কৰিব আই মাতৃ সকলৰ বিবেচনাৰ ওপৰত

প্ৰথম নামঘৰত পুৱাৰ প্ৰসংগ কৰা মহিলা আছিল সুমতি আই আৰু গোবিন্দ আতাৰ মাক । সুমতি আই বুঢ়া আতা বা মথুৰা দাস আতাৰ সহধৰ্মিণী সত্ৰৰ বহু যোগজয়ী সিদ্ধান্তত সুমতি আইৰ হাত আছিল আইৰ পৰামৰ্শ মৰ্মে নাৰীৰ প্ৰবেশ সীমাবদ্ধ হয় গতিকে এই গনতান্ত্ৰিক ব্যৱস্থাত ভাগী সকলৰ মতামত অতি প্ৰয়োজন যি সকলে ছশবছৰ ধৰি বৰপেটাক বচাই ৰাখিছে । 

যোগসুত্ৰে মোৰ পূৰ্ব পুৰুষ পৰমানন্দ আতৈ ওৰফে উৰাই পেগু শংকৰদেৱৰ লগত পাট বাউসীত ওঠৰ বছৰ ছমাহ থাকি বেহাৰলৈ যায় গুৰুজনাৰ তিৰোধানৰ পাছত গাংমৌ থানত থাকে ।


অহা 50 বছৰলৈ এনেকুৱা পৰিস্থিতি নাহে বুলি মই নিশ্চিত হব পাৰো ।। পিছৰ টো নাজানো সময়ে কব ।।

=
আন পোষ্টৰ উদ্ধৃতি=
Mukesh DuttaGoswami:

সকলোকে জনাও যে বৰপেটা সত্ৰত মহিলাৰ প্ৰবেশ বন্ধ। ইয়াৰ সঠিক কাৰণ আপোনাসৱৰ অবিদিত। বৰপেটা সত্ৰ বান্ধৱ গুৰু মাধৱদেৱ প্ৰতিষ্ঠিত। শংকৰদেৱ গুৰুজনাই বৰপেটা সত্ৰ দেখাই নাই। এতিয়া মূল কথালৈ আহো-মাধৱদেৱ গুৰুজনা চিৰকুমাৰ আছিল তেওঁ নাৰী সংস্পৰ্শলৈ নগৈছিল । তেৰাই বৰপেটা সত্ৰ পাতি প্ৰসংগ প্ৰণালী সম্পাদনা কৰি থাকোতে এদিন তেৰাৰ ঠিক পিছফালে তেৰাৰ ভগ্নী আই মনোৰমা বহি প্ৰসংগত যোগ দিলে । ইশ্বৰ অংশী মাধৱ গুৰুজনাই পিছফালে নছোৱাকৈয়ে সেই ঠাইত নাৰীৰ অস্তিত্বৰ উমান পাই লগত প্ৰসংগত যোগ দিয়া ভকত এজনৰ হতুৱাই কোৱাই আই গৰাকীক সেই ঠাইত পৰা অলপ আতৰত বহি প্ৰসংগত যোগ দিবলৈ কলে ।

আই গৰাকী এই কথা শুনিও সেই ঠাইৰ পৰা যাবলৈ অমান্তি হয় ।। আৰু ভকত জনক ওভতাই পঠাই দিলে ।
ভকত জনে আহি গুৰুজনাক আই গৰাকী যাবলৈ অমান্তি হোৱাৰ কথা খিনি কোৱাত শেষত গুৰুজনাই নিজে গৈ দাংকোলাকৈ ভনীয়েক আই গৰাকীক নি সত্ৰৰ দক্ষিণ দিশৰ বাৰাণ্ডাত বহাই দি কৈছিল সকলো নাৰীয়েই সেই ঠাইত বহি প্ৰসংগ কৰিবলে।
সিদিনাৰ পৰাই গুৰুজনাৰ কথাৰ মান ৰাখি আই সকলে দক্ষিণ দিশৰ বাৰাণ্ডাত বহি প্ৰসংগ কৰে সত্ৰৰ ভিতৰত ভকতৰ সংগত প্ৰবেশ নকৰে।। মাত্ৰ শৰণ ভজন লোৱা দিনা সত্ৰত প্ৰবেশ কৰিব পাৰে ভকতে প্ৰসংগ কৰা ঠাই খিনিলৈ লৈ নোযোৱাকৈ।।


গকুল পাঠকৰ বৰপেটা সত্ৰৰ ইতিহাস খনৰ 15 পৃষ্ঠাৰ এটা উদ্ধৃতি দিও ।

মাধৱদেৱে গুৰুজনাই নিতৌ নাম প্ৰসঙ্গৰ ব্যৱস্থা হাতত লোৱাৰ পিছত অনেক লোক আহি একশৰন নাম ধৰ্মক ধৰিলে ।দক্ষিণ কুলৰ গোবিন্দ নামৰ এজন লোকে মাতৃৰ লগত আহি শৰণ ললে । গুৰুজনে গোৱিন্দৰ মাকক বুঢ়া আতাৰ সহধৰ্মিণী সুমতি আইৰ লগত বলাই আতৈৰ সৈতে নিতৌ ৰাতিপুৱা কীৰ্তন ঘৰত প্ৰসঙ্গ কৰিলত মেনাৰ জীকে আদি কৰি আন আন ভকতনী সকলৰ সৈতে প্ৰভাত কালত প্ৰসঙ্গ কৰাৰ ব্যৱস্থা কৰিলে ।সেই নিয়ম অনুসৰি আজিলৈকে বৰপেটা সত্ৰৰ কীৰ্তন ঘৰত ৰাতিপুৱা প্ৰসঙ্গ আই সকলে কৰি আহিছে

আৰু বহু আছে যাক আমি নজনাকৈ লিংগ বৈষম্য বুলি বেলেগ মন্দিৰৰ লগত তুলনা কৰিব নোৱাৰো।


 = ব্ৰহ্মানন্দ পাটিৰিদেৱৰ মুল পোষ্ট==

 বৰপেটা কীৰ্তন ঘৰ স্থাপন কৰে 1585 চনত । ইয়াৰ আগতে বৰপেটাৰ নাম আছিল তাতি কুছি । মহাপুৰুষ মাধৱদেৱে গনক কুছিৰ পৰা শংকৰদেৱ বেহাৰলৈ যোৱাৰ পাছত সুন্দৰীদিয়ালৈ যায় তাৰ পাছত তাতি কুছিলৈ আহি ৰাম লাডুৱা বুঢ়াৰ চোমনি খনতেই বৰপেটাৰ কীৰ্তন ঘৰৰ আৰম্ভণি কৰে । 1587 চনত ৰাঙলিয়াল ঘৰ নিৰ্মাণ কৰাই ভাওনা ঝুমুৰা চালি নৃত্য আদিৰ বিকাশ ঘটাই । 1590 চনত অসুৰাৰি ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মনে মাধৱ দেৱৰ লগত তৰ্কত পৰাজিত হৈ বিজয়নগৰ বৰ্তমান সৰভোগত শাসনকৰ্তা চিলাৰাই পুত্ৰ ৰঘুদেৱক 'লে যে " বাউসীত এজন মহাজন আছে । নাম মাধৱ । সোন ৰূপেৰে ঘৰ কৰি যুৱতী স্ত্ৰী নচুৱাই সভাতে সাবটি লয় । ব্ৰাহ্মনক নামানে , ভাগৱত নামানে ..... তোমাৰ দেশত এনে অধৰ্মী অনাচাৰী হ'লে ৰজাৰ চত্ৰভংগ হয় , প্ৰজা ক্ষয় হয় , দুৰ্ভিক্ষ হয়

তাৰ পিছত ৰজাই সুৰানন্দ ভাণ্ডাৰী বৰুৱা আৰু ৰূপাবৰ লস্কৰক মাধৱক ধৰিবলৈ পাচিলে । সুৰানন্দই হাজোলৈ যোৱা অজোহাত দেখুৱাই তন্ন তন্ন কৈ সকলো চালে আনকি পুৰুষে নাটৰ বাবে বক্ষ পৰিধাৰন কৰা কাঠৰ বক্ষও টিপি মেলি চাই মাধৱক বন্দী কৰে । যেতিয়াই হাতত গামোছাৰে বান্ধিবলৈ আগবাঢ়ি আহিল তেতিয়া ভকত সকলে কাকুতি মিনতি কৰিলে । সুৰানন্দই হাতকেৰিয়া নলগাবলৈ ৰূপ হাজাৰ টকা বিছাৰিলে । অৱশেষত বিছাৰি খোছাৰি তিনিশ টকা সংগ্ৰহ কৰি সুৰানন্দক যাচি হাতকেৰিয়া লগোৱাৰ পৰা বচাই লৈ ৰজাৰ ওচৰত নিলে । ৰজাই বিচাৰ কৰি মাধৱক নিৰ্দোষী বুলি মানি সসন্মানে এৰি দিলে । সেয়া আছিল 1591 চন । ঘুৰি অহাৰ পিচত মহাপুৰুষ মাধৱদেৱে মনৰ দুখত ন দিন বৰপেটা কীৰ্তন ঘৰত থাকি ভনীয়েকৰ অনুৰোধত সুন্দৰী দিয়া লৈ গুছি আহে তাত কিছু দিন থাকি আকৌ ৰজাক এটা পৱিত্ৰ স্থান বিছাৰি অনুৰোধ কৰিলে । ব্ৰাহ্মন সকলে তেওক গকুলত যাবলৈ কোৱাত তেওঁ পিছত আলোচনা কৰি হাজোলৈ যায় , তাত কিছুদিন থাকি বেহাৰলৈ যায়গৈ

তাৰ আগতেও গুৰুজনাই গনককুছিত থাকোতে গুৰুপত্নী কালিন্দী আই পাটবাউসীত থাকোতে মাধৱদেৱে খবৰ খাতি লৈ থকা বাবে বহু ৰটনা ৰটাত মাধৱদেৱে সুন্দৰীদিয়ালৈ গমন কৰিছিল ইয়াৰ পাছৰে পৰা এনে ৰটনা আঁতৰাবলৈ মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰে , ই কোনো লিংগ বৈষম্য নহয় , কাৰন গুৰুজনাই কৈছে " পুৰুষ প্ৰকৃতি হৈব একমতি , তেবেহে ৰহিব হৰিত ভকতি।" দ্ৰষ্টব্য এই যে কীৰ্তন ঘৰৰ আয়তন বৃন্দাবনী বস্ত্ৰৰ সমান , দীঘলে এশ বিশ হাত পুতলে ষাঠি হাত ।

No comments:

Post a Comment