Wednesday, June 29, 2016

== মই মেইগ' মাৰ্কক ইৰ্ষা কৰো == I Envy Meigo Märk ==

যোৱা সোমবাৰে গধূলি, অফিচত অলপ দেৰিলৈকে আছো। হঠাৎ স্থানীয় সাংবাদিক ৰিজুলৰ ফোন এটা আহিল, এৰাতিৰ বাবে নেপক'ৰ অতিথি শালাত কোঠা এটা পাৰিলে যোগাৰ কৰি দিব লাগে- এজন মানুহ মুম্বাইৰ পৰা খোজ কাঢ়ি আহি আছে, ইউৰোপীয়ান মানুহ, তেও ৰাতিটো থাকিব। উমৰংছুৰ নেপক' অতিথিশালা খালি নেথাকেই, সেইদিনা সোভাগ্যক্ৰমে এটা কোঠা পোৱা গ'ল। ৰিজুলহ'তে বিদেশীজনক উমৰংছুলৈ স্বাগতম জনালে।

খোজ কাঢ়ি? অকলে? ইউৰোপীয়ান? কিহে পালে আকৌ? লগে লগে মানুহজনক লগ কৰিবলৈ ইচ্ছা গ'ল যদিও, সেইদিনা ওলাবই নোৱাৰিলো- ৰাতি ১১ বজাতহে লেঠা ছিগিলগৈ। গতিকে পিছদিনা সপৰিয়ালে তেওৰ সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰা হ'ল।




যোৱাকালি গধূলি তেওৰ কোঠা ওলালোগৈ, মোতকৈয়ো শ্ৰীমতীৰ উৎকণ্ঠা বেছি। কি কাৰণত মানুহে এনেকুৱা কাম কৰিব পাৰে? ঘৰ বাৰী, পইচা পাতি, ফ্লেট, গাৰ্লফ্ৰেণ্ড, ফলাফল ..তেওৰ প্ৰশ্ন এগালমান।

ক্ষীণ, মধ্যমীয়া উচ্চতাৰ মানুহজন, সোণালী চুলি, আশা কৰাতকৈ কম বয়সীয়া। ৰিজুল হঁতে তেওৰ লগত বহি কথা পাতি আছে। আমাক আহি কৰমৰ্দন কৰিলে, কোঠাটো যোগাৰ কৰি দিয়াত সহায় কৰাৰ বাবে মুৰ দোঁৱাই ধন্যবাদ জনালে। নিজে উঠি আমাক বহিবলৈ সুবিধা কৰি দিলে। কোনোপধ্যেই আমি আশা কৰা মতে 'ঢিলা' টাইপৰ মানুহ যেন নেলাগিল। ইউৰোপীয়ান হিচাপে খুব সুন্দৰ ইংৰাজী কয়, দুই এটা হিন্দী শব্দও জানে।

মানুহজনৰ (মই ল'ৰাটোৰ বুলি ক'লেও একো নহয়) নাম মেইগ' মাৰ্ক, ঘৰ ইষ্টোনিয়াত, আগৰ ৰাছিয়ান ইউনিয়নৰ এখন দেশ, স্কাণ্ডিনেভিয়ান দেশবোৰৰ গাতে লাগি থকা। বহি লৈয়েই শ্ৰীমতীয়ে এক জাউৰী প্ৰশ্নবাণ নিক্ষেপ কৰিলে- কিয়, কেতিয়া আৰু কেনেকৈ?

মাৰ্কৰ প্ৰথম উত্তৰটোৱেই মন চুই গ'


-" মই যোৱা তিনি বছৰে এইটো প্ৰশ্নৰ ইমানসোপা বিভিন্ন উত্তৰ দি আহিছো, যে এতিয়া মোৰ ওচৰত নিশ্চিত কোনো শুদ্ধ উত্তৰ নাই।"

বাল্টিক সাগৰৰ পাৰৰ মাত্ৰ ১৩ লাখ জনসংখ্যাৰ ইষ্টোনিয়া নামৰ দেশখনৰ ৰাজধানী টালিনৰ পৰা মাৰ্কে তেওৰ পদযাত্ৰা আৰম্ভ কৰিছিল প্ৰায় তিনিবছৰ আগেয়ে। ইষ্ট'নিয়াৰ পৰা পশ্চিমদিশে ইউৰোপ অতিক্ৰম কৰি তেও তুৰ্কী হৈ এচিয়াত সোমাইছিল। আফগানিস্তান আৰু পাকিস্তান বাদ দি তেও তেহৰাণৰ পৰা মুম্বাইলৈ উৰা মাৰি আহিছিল আজি তিনিমান মানৰ আগতে। তাৰ পাছত পুণৰ পদযাত্ৰা .. অসম সোমাই মেঘালয় হৈ আজি উমৰংছু পাইছেহি। তাৰ পাছত হাফলং ,হাৰাংগাজাও, শিলচৰৰ পথেৰে তেও মণিপুৰৰ ম'ৰেলৈ যাব। তাত তেওৰ বাবে মিয়ানমাৰৰ ভিজাই অপেক্ষা কৰি আছে। ভাৰতীয় ভিজাৰ ম্যাদ শেষ হবলৈ মাত্ৰ এমাহ বাকী। মিয়ানমাৰ, ভিয়েটনাম, কম্বোদিয়াৰ মাজেৰে তেও চীনলৈ যাব, তাৰ পৰা জাহাজেৰে দক্ষিণ কোৰিয়া আৰু জাপান। জাপানৰ পৰা কানাডা সাগৰ পথেৰে, তাৰ পৰা পুণৰ পশ্চিমমূখে গৈ যুক্তৰাষ্ট্ৰ, লেটিন আমেৰিকাৰ দেশবোৰ পাৰ হৈ পেৰু আৰু আৰ্জেণ্টিনালৈ যাব। আৰ্জেণ্টিনাৰ পৰা আটলাণ্টিক মাহাসাগৰ পাৰ হব বিমানেৰে আৰু পাবগৈ দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাৰ পৰা পূৱমূৱাকৈ পদযাত্ৰা কৰি তেও ঘৰ পাবগৈ, আজিৰ পৰা আৰু চাৰি বছৰৰ পাছত। ইতিমধ্যে তেও তিনিবছৰত প্ৰায় ৯০০০ কিমি পথ খোজ কাঢ়িছে। এহেজাৰতকৈয়ো অধিক লোকৰ ঘৰত নিশা কটাইছে। সেয়াই হেনো তেওৰ প্ৰাপ্তি।

সঁচা কথা কবলৈ গ'লে আমাক মাৰ্কৰ যাত্ৰাপথৰ বৰ্ণনাই সিমান আকৰ্ষণ কৰিব পৰা নাছিল, যিমান তেওৰ এই যাত্ৰাৰ প্ৰেৰণাৰ উৎসই কৰিলে। মাৰ্কে শিক্ষালাভ কৰিছিল সংগীতত, তেও এজন প্ৰফেচনেল মিউজিক কম্পজাৰ, পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ সাধক। ভ্ৰমণ তেওৰ পৰিয়ালৰ সামূহিক 'হবী', সৰুৰ পৰাই তেও পৰিয়ালৰ সৈতে প্ৰায় ২০ খন দেশ ভ্ৰমণ কৰিছিল। এদিন তেওৰ আমনি লাগিল। আনতকৈ পৃথক কিবা এটা কৰিবলৈ মন গ'ল। কি কৰিব তাকে ভাৱি গুণি তেও তিনিবছৰ কটালে। হঠাৎ এদিন, তেও এজন মানুহৰ বিষয়ে পঢ়িবলৈ পালে, তেও হেনো পদব্ৰজে পৃথিৱী পৰিভ্ৰমণ কৰিছে, আৰু যাত্ৰাপথত তিনিহেজাৰ মান মানুহৰ ঘৰত নিশা কটাইছে। মাৰ্কৰ মনত 'ইউৰেকা' ফুল ফুলিল। তেওক সকলোতকৈ বেছি আকৰ্ষণ কৰিলে সেই তিনিহেজাৰ ঘৰে, তিনিহেজাৰ পৰিয়ালে, সেই তিনিহেজাৰ অন্তৰংগ মুহুৰ্তই।

কথাটো আচৰিত লাগিল, মানে এনেধৰণ 'পাগলামি' কৰা মানুহে তেৱেই প্ৰথম নহয়। মাৰ্কেই আমাক জনালে যে ইতিমধ্যে প্ৰায় ২৫ জন লোকে এই কাম কৰিছে, কোনো কোনোৱে দৌৰি দৌৰিও পৃথিৱী ভ্ৰমণ কৰিছে।
মাৰ্কৰ মতে তেওৰ এই যাত্ৰাৰ সকলোতকৈ ডাঙৰ উপলব্ধি হ'ল প্ৰায় এহেজাৰ ত্ৰিশ পাৰিয়াল, যাৰ ঘৰত তেও ৰাতি থাকিব লগা হৈছে। তেওৰ মতে- মানুহৰ ঘৰটো হ'ল আটাইতকৈ 'প্ৰাইভেট' অনুস্থান, কাৰোবাৰ ঘৰত এৰাতি থকা মানে সেই পৰিয়ালটোক আটাইতকৈ ভালকৈ চিনি পোৱা।

আমাৰ কথাটো আচহুৱা নলগা নহয়।

মাৰ্কৰ বয়স, এতিয়া ২৬, যাত্ৰা আৰম্ভ কৰোতে তেওৰ বয়স আছিল ২৩। ২৩ বছৰীয়া এজন যুৱকে এক অনিশ্চিত আৰু অসম্ভৱ যেন লগা পথত ভৰি দিছে, পিতৃ মাতৃয়ে কথাটো সহজে লৈছে। এগৰাকী গাৰ্লফ্ৰেণ্ড আছিল, মিউচুয়েলী এৰা এৰি হৈছে, কাৰণ এনে যাত্ৰাত পিছফালে এগৰাকী গাৰ্লফ্ৰেণ্ড বা পত্নী ৰখা সুবিধাজনক নহয়, তেওৰ মতে।

আৰু আমি ফ্লেটৰ প্ৰিমিয়াম, এল আই চি, '-চালিৰ কাৰণে ভাল স্কুল, সোণৰ দাম আদিৰ হিচাপ কৰি কৰি মাৰ্কতকৈ প্ৰায় দুগুণ বয়সীয়া হৈছোহি।

"ইউ ৰিমাইণ্ড মি অফ ফৰেষ্ট গাম্প" - পল্লৱীৰ মুখেদি কথাষাৰ ওলাই গ'লে হঠাতে। মাৰ্কে ভাল নেপালে যেন লাগিল। মৃদু - দূৰ্বল প্ৰতিবাদ কৰিলে, - নাই 'ফৰেষ্টে গাম্পে' দৌৰিছিল, মই খোজহে কাঢ়িছো, ইত্যাদি।
তেওৰ পিঠিত এটা 'ট্ৰেকাৰচ বেকপেক', তাতে এটা তম্বুও আছে। সদায় নেপক'ৰ গেষ্ট হাউচ নেপায় নহয়, কেতিয়াবা বাটৰ কাষতে তম্বু তৰিব লগা হয়। খাদ্য আৰু পানী বাদ দি তেওৰ বেগটোৰ ওজন ৮.৫ কেজি। প্ৰথম অৱস্থাত সেইটো প্ৰায় বিশ কেজি মান ওজনৰ আছিল।

যিমানে অভিজ্ঞতা বাঢ়িল, সিমানে তেও উপলব্ধি কৰিলে, আচলতে কিমান বস্তু জীৱনত 'অপ্ৰয়োজনীয়'। গতিকে ক্ৰমান্ৱয়ে 'বেকপেক'ৰ ওজন কমি গৈ থাকিল।


-" ৱান ডে' , হোৱেন আই এম মেচিয়'ৰড এনাফ, আই ৱিল গেট ৰিড অফ মাই বেকপেক এণ্টায়াৰলী"
পাকিস্তানলৈ কিয় নগ'? মাক দেউতাক আৰু ইষ্টনিয়ান এম্বেছীয়ে 'বধ শপত' দিলে হেনো। ভাৰত কেনেকুৱা লাগিল? মাৰ্কে 'গায়ত্ৰী মন্ত্ৰ'টো গাই শুনালে।ভাৰতৰ কথা যিমা শুনিছিলে- তাতকৈ বেছি বৈচিত্ৰপূৰ্ণ যেন লাগিল তেওৰ। উত্তৰ প্ৰদেশত ডকাইতৰ সন্মূখীন হোৱা কথা এষাৰো প্ৰসংগক্ৰমে ওলাল, আমি লাজ পালো। অসমত সকলোতে খুব আদৰ সম্ভাষণ পাইছে, বহুত গুৰুত্ব দিছে ৰাইজে তেওক। মাৰ্কে আগতে মহাত্মা গান্ধীৰ কথা ভালকৈ নেজানিছিল। পিছে যোৱা তিনিমাহত মহাত্মা গান্ধী হেনো তেওৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ প্ৰদৰ্শক হৈ পৰিছে।

পলম হৈ আহিল, কাইলৈ তেও হাফলঙলৈ যাত্ৰা কৰিব, ১৩০ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ তেওক তিনিদিন লাগিব। হাফলঙত আমাৰ বন্ধু 'জেড নুনিচা' তেওৰ বাবে অপেক্ষা কৰি আছে, গতিকে শিলচৰলৈকে তেওৰ কোনো সমস্যা হব নেলাগে। কিন্তু এই বাটচোৱা? উমৰংছুৰ পৰা হাফলঙলৈকে তেও কোনো থকা খোৱাৰ সুবিধা নেপায়, আমিও একো যোগাৰ কৰি দিব পৰা অৱস্থাত নাই। আমি গুৰুত্বসহকাৰে আলোচনা কৰি আছিলো যদিও, মাৰ্কৰ কোনো উৎকণ্ঠা নাই, হব কিবা ব্যৱস্থা। আমাৰ সহায়ৰ বৰ বেছি প্ৰয়োজন বোধ কৰা যেন নেলাগিল। তেও দিনে ৩০ ৰ পৰা ৫০ কিলোমিটাৰ খোজ কাঢ়ে, যতে ব্যৱস্থা হয়, তাতে ৰৈ দিব।
শেষত মই মোৰ প্ৰিয় বিষয়টো উলিয়ালো। অলপ ইতিহাসৰ কথা চলি আছিল, ৯৮ বছৰৰ আগতে ইষ্ট'নিয়াৰ নিৰ্মাণ, তাৰ পাছত এচোৱা ৰাছিয়াৰ শাসন, ১৯৮৯ চনত লাটভিয়া, লিথুৱানিয়া আৰু ইষ্ট'নিয়াৰ ২০ লাখ লোক লগ মানৱ শৃংখল তৈয়াৰ কৰি স্বাধীন দেশ গঢ়াৰ প্ৰচেষ্টা, ষ্টেপল ফুড হিচাপে ব্লেক ব্ৰে', ইষ্ট'নিয়াৰ গৃহ উৎপাদন আদিৰ কথা পতাৰ পিছত মই শিক্ষা ব্যৱস্থাৰ কথা সুধিলো। এনে এটা জীৱন বাছি লোৱাৰ সাহস দিয়াত তেওৰ আনুস্থানিক আৰু অনানুস্থানিক শিক্ষাৰ প্ৰভাৱ থাকিবই লাগিব।

বাকীবোৰ ইউৰোপীয়ান দেশৰ দৰেই তেওলোকৰ শিক্ষা ব্যৱস্থা, প্ৰায়বোৰ লোকেই 'স্কুল' শেষ কৰি কিবা বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰে। ক্লাছ থ্ৰীৰ পৰা তেওলোকে ইংৰাজী শিকে, কিন্তু 'শিক্ষাৰ মাধ্যম' হিচাপে নহয়, 'বিদেশী ভাষা' হিচাপে। বাকী সকলো শিক্ষা মাতৃভাষাতহে হয়। ইষ্টনিয়ান ভাষাতে তেওলোকে সেই দেশৰ উচ্চতম ডিগ্ৰীটো লাভ কৰিব পাৰে, যিকোনো বিষয়ত। লগতে কব পাৰি সমগ্ৰ পৃথিৱীত ইষ্টিনিয়ান ভাষা কোৱা লোকৰ সংখ্যা মাত্ৰ দহ লাখ, যত অসমীয়া ভাষা প্ৰায় ২ কোটি মান লোকে ব্যৱহাৰ কৰে।

আৰু বহুত কথা পাতিলো, ৰাছিয়াৰ পৰা মুক্ত হোৱাৰ লগে লগে, ৰাছিয়ান ৰুবল বোৰৰ মূল্য নাইকীয়া হৈ বগা কাগজত ষ্টাম্প মাৰি 'নোট' সাজিব লগা ৰ কথা, ইষ্টনিয়াৰ ই-ৰিভলিউচন, আজিকালি ইষ্টনিয়ান সকলৰ খিছিৰি খাদ্যাভ্যাস, সৰু সৰু উদ্যোগবিলাক, প্ৰত্যেকজন সাধাৰন ইষ্টনিয়ানৰে অসাধাৰাণ কিবা এটা কৰাৰ ইচ্ছা, তেওৰ এই যাত্ৰাক ইষ্টনিয়াৰ নাগৰিকসকলে সমুহীয়া দ্বায়িত্ব বুলি ভাবি লোৱাৰ কথা, . তেওৰ ব্লগৰ অলেখ পাঠক, মহাত্মা গান্ধী...মুঠতে কথাৰ শেষ নাই।
কিন্তু ইতিমধ্যে নিশা হৈ আহিল, দুখন মান ফটো তুলি, তেওক যাত্ৰাৰ বাবে শুভেচ্ছা জনাই আমি ওলাই আহিলো। মাৰ্কে নিজ হাতে মোৰ মোবাইটলোত তেওৰ নাম ঠিকনা টাইপ কৰি দিলে। মাৰ্ক শব্দটোৰ a আখৰটোৰ ওপৰত যত্নসহকাৰে ফুট দুটাও দিলে।

= উপসংহাৰ =

সঁচা কথা কবলে গ'লে, সময়খিনি সপোন এটা দেখি থকা যেন লাগিল। মানুহজনে এনে এটা কাম কৰি আছে, যি আমাৰ বোধশক্তিৰ বাহিৰ। কি সেই শক্তি, কি সেই শিক্ষা, যি এজন মানুহক এনে এটা কাম কৰিবলৈ উৎসাহ দিয়ে। ভাইকিং যুগত ইষ্ট'নিয়াৰ জলদস্যুসকলে বৰ দুঃসাহসিক কাম কৰি ফুৰিছিল, সকলোকে নগুৰ নাকটি কৰিছিল। ডেনমাৰ্ক আৰু চুইডেনে সেই উৎপাতৰ পৰা ৰক্ষা পাবলৈ তেওলোকৰ দেশ অধিকাৰ কৰিব লগা হৈছিল। সেই ভাইকিঙৰ তেজেই এনে কৰিবলে উচটনি দিয়ে নেকি? এনে এটা জীৱনৰ কথা আমি ভাৱিব পাৰিমনে? অহা এহেজাৰ বছৰমানলৈ! কোনোটো পথ শুদ্ধ আৰু সফল? আমাৰ নে তেওৰ?
ফলাফল কি হব, মাৰ্কে নিজেও নেজানে, যাত্ৰাপথত কৰবাত ভয়ংকৰ বিপদ আনকি মৃত্যুও হব পাৰে বুলি তেও নজনা নহয়। তথাপিও এক জীৱন কটাইছে, যাৰ উদ্দেশ্য কেৱল যাত্ৰা, লক্ষ্যস্থান নহয়।
আন যি কি নহওক, কালিৰ পৰা নিজৰ জীৱনটোক অলপ পৃথক দৃষ্টিৰে চাবলৈ চেষ্টা কৰিছো, ফলাফলৰ কথা মনলৈ ননাকৈ।

তেও ফেচবুকত মোৰ বন্ধুত্বৰ অনুৰোধ গ্ৰহণ কৰিলে, তেওৰ 'ৱাল'ত লিখা পালো
Do not complain, do not complain and DO NOT COMPLAIN
বুজিলো এইষাৰ কথাই তেওৰ এই যাত্ৰা বহুপৰিমানে সফল কৰি তুলিছে।

মই এতিয়া মাৰ্কক ইৰ্ষা কৰো ভয়ংকৰ ভাৱে।

No comments:

Post a Comment